যোগাযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়
টেলিকমিউনিকেচন বিভাগে আইএমইআই টেম্পাৰিং আৰু টেলিকমিউনিকেচন আইডেন্টিফায়াৰৰ অপব্যৱহাৰ সন্দৰ্ভত নাগৰিকলৈ সতৰ্কতা জাৰি কৰিছে
আইএমইআই টেম্পাৰিং আৰু টেলিকম আইডেন্টিফায়াৰৰ অপব্যৱহাৰৰ পৰিণতিত তিনি বছৰ পৰ্য্যন্ত কাৰাদণ্ড আৰু ৫০ লাখ টকাৰ জৰিমনা বিহা হ’ব
নাগৰিকক সঞ্চাৰ সাথী পৰ্টেল আৰু ম’বাইল এপ ব্যৱহাৰ কৰি নিজৰ ম’বাইল সংযোগ আৰু হেণ্ডছেট পৰীক্ষা আৰু সুৰক্ষিত কৰিবলৈ পৰামৰ্শ প্ৰদান
পোষ্ট কৰা হৈছে:
31 AUG 2026 8:06PM by PIB Guwahati
সমগ্ৰ ভাৰতত ম’বাইল সংযোগ আৰু ডিজিটেল সেৱাৰ দ্ৰুত সম্প্ৰসাৰণৰ লগে-লগে ম’বাইল ডিভাইচৰ আন্তঃৰাষ্ট্ৰীয় ম’বাইল সঁজুলি পৰিচয় (IMEI) নম্বৰকে প্ৰমুখ্য কৰি টেলিকমিউনিকেচন আইডেন্টিফায়াৰৰ অপব্যৱহাৰে এক গুৰুতৰ উদ্বেগৰ বিষয় হিচাপে আত্মপ্ৰকাশ কৰিছে। এনে অপব্যৱহাৰে নাগৰিকৰ সুৰক্ষাৰ লগত আপোচ কৰিব পাৰে আৰু টেলিকমিউনিকেচন নেটৱৰ্কৰ সুৰক্ষা তথা অখণ্ডতাৰ প্ৰতি বিপদাশংকাৰ সৃষ্টি কৰিব পাৰে। ভাৰত চৰকাৰে একক টেলিকমিউনিকেচন আইডেন্টিফায়াৰৰ সৈতে টেম্পাৰিং আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কঠোৰ আইনী বিধান প্ৰৱৰ্তন কৰিছে।
টেলিকমিউনিকেচন বিভাগে (DoT) পুনৰ কয় যে আইএমইআই নম্বৰৰ সৈতে টেম্পাৰিং কৰা বা অকৰ্তৃত্বশীলভাৱে ডিভাইচ ব্যৱহাৰ কৰা বা টেম্পাৰ কৰা টেলিকমিউনিকেচন আইডেন্টিফায়াৰ ব্যৱহাৰ কৰাটো টেলিকমিউনিকেচন আইন, ২০২৩ আৰু ইয়াৰ অধীনত নিৰ্ধাৰণ কৰা নিয়মৰ অধীনত শাস্তিযোগ্য অপৰাধ।
মূল আইনী বিধানসমূহ
- টেলিকমিউনিকেচন আইন, ২০২৩-ত ম’বাইল হেণ্ডছেট আৰু আন-আন টেলিকমিউনিকেচন ডিভাইচৰ আইএমইআই নম্বৰকে প্ৰমুখ্য কৰি টেলিকমিউনিকেচন আইডেন্টিফায়াৰৰ সৈতে টেম্পাৰিং কৰাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ বিধান প্ৰৱৰ্তন কৰা হৈছে।
- ধাৰা ৪২(৩)(গ) অনুসৰি টেলিকমিউনিকেচন আইডেন্টিফায়াৰৰ সৈতে টেম্পাৰিং কৰাটো নিষিদ্ধ কৰা হৈছে। ধাৰা ৪২(৩)(ঙ) অনুসৰি প্ৰৱঞ্চনা, প্ৰতাৰণা বা ছদ্মবেশৰ জৰিয়তে গ্ৰাহক পৰিচয় মডিউল (SIM) বা টেলিকমিউনিকেচন আইডেন্টিফায়াৰ লাভ কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।
- উলংঘাৰ ক্ষেত্ৰত তিনি বছৰ পৰ্য্যন্ত কাৰাদণ্ড, ৫০ লাখ টকা পৰ্য্যন্ত জৰিমনা বা উভয়ে বিহা হ’ব পাৰে। এনে অপৰাধ আইনৰ ধাৰা ৪২(৭)-ৰ অধীনত চিনাক্তকৰণযোগ্য আৰু জামিন-বিহীন। ধাৰা ৪২(৬)-ৰ অধীনত এনে অপৰাধ সংঘটিত কৰাত সহায় বা প্ৰচাৰ কৰা ব্যক্তিসকলেও একে শাস্তি লাভ কৰিব লাগিব।
নাগৰিক সকলে কি-কি কাম পৰিহাৰ কৰিব লাগে
বিভাগে নাগৰিক সকলক নিম্ন-উল্লেখিত পৰামৰ্শসমূহ আগবঢ়াইছেঃ
- ডিভাইচসমূহ যেনেঃ মডেম, মডিউল, চিম বক্স বা আন-আন সঁজুলিসমূহ কনফিগাৰযোগ্য বা টেম্পাৰ কৰা আইএমইআই-সমূহৰ সৈতে ব্যৱহাৰ কৰা, ক্ৰয় কৰা বা একত্ৰিত কৰা;
- ভুৱা নথি-পত্ৰ, প্ৰৱঞ্চনা, প্ৰতাৰণা বা ছদ্মবেশৰ জৰিয়তে চিম কাৰ্ড ক্ৰয় কৰা;
- তেওঁলোকৰ নামত লাভ কৰা চিম কাৰ্ডসমূহ অপব্যৱহাৰ কৰিব পৰা অন্যক চিম কাৰ্ড স্থানান্তৰ কৰা, বিক্ৰী কৰা বা গতাই দিয়া; আৰু
- কলিং লাইন পৰিচয় (CLI) বা আন-আন টেলিকমিউনিকেচন আইডেন্টিফায়াৰ সমূহ পৰিৱৰ্তন কৰিবলৈ ম’বাইল এপ্লিকেচন, ৱেবছাইট বা অন্য কোনো উপায় ব্যৱহাৰ কৰা।
নাগৰিক সকলে এইটোও মন কৰিব লাগে যে নিজৰ নামত চিম কাৰ্ড ক্ৰয় কৰি পৰৱৰ্তী সময়ত চাইবাৰ জালিয়াতি বা আন কোনো অবৈধ কাৰ্য্যকলাপত অপব্যৱহাৰৰ ক্ষেত্ৰত চিম লোনিং, ৰেন্টিং বা মুলিং কৰিলে মূল গ্ৰাহকৰ বাবে আইনী দায়বদ্ধতা আহিব পাৰে।
আইএমইআই নম্বৰৰ সৈতে টেম্পাৰিং কৰা ডিভাইচ ব্যৱহাৰ কৰা, প্ৰৱঞ্চনামূলক উপায়েৰে চিম কাৰ্ড লাভ কৰা বা অপব্যৱহাৰ কৰা ব্যক্তিলৈ চিম কাৰ্ড স্থানান্তৰ কৰা কাৰ্য্যই গুৰুতৰ আইনী পৰিণতিৰ সৃষ্টি কৰিব পাৰে..
সঞ্চাৰ সাথীৰ জৰিয়তে পৰীক্ষণ আৰু ৰিপ’ৰ্টিং
নাগৰিকসকলক সজাগ হৈ থাকিবলৈ আৰু সঞ্চাৰ সাথী পদক্ষেপৰ জৰিয়তে উপলব্ধ ডিজিটেল সঁজুলিসমূহৰ ব্যৱহাৰ কৰি নিজৰ ম’বাইল হেণ্ডছেটসমূহ পৰীক্ষা আৰু সুৰক্ষিত কৰিবলৈ উৎসাহিত কৰা হৈছে।
সঞ্চাৰ সাথী প্লেটফৰ্মৰ জৰিয়তে এটা ম’বাইল হেণ্ডছেটৰ আইএমইআই সবিশেষ পৰীক্ষা কৰিব পাৰিব। এই সেৱাই নাগৰিকসকলক ডিভাইচটোৰ সৈতে জড়িত ব্ৰেণ্ড নাম, মডেলৰ নাম আৰু নিৰ্মাতাৰ তথ্যৰ দৰে সবিশেষ পৰীক্ষা কৰিবলৈ সক্ষম কৰে।
টেলিকমিউনিকেচন সম্পদৰ অপব্যৱহাৰ ৰোধ কৰাৰ লগতে ভাৰতৰ টেলিকমিউনিকেচন বাতাবৰণৰ সুৰক্ষা আৰু নিৰাপত্তাক শক্তিশালী কৰাৰ বাবে চৰকাৰে শক্তিশালী ব্যৱস্থা গ্ৰহণ কৰিছে। সঞ্চাৰ সাথী পদক্ষেপৰ অধীনত নাগৰিকে তেওঁলোকৰ ম’বাইল সংযোগ আৰু ডিভাইচসমূহক পৰীক্ষা ইয়াৰ আৰু সুৰক্ষাৰ বাবে উপলব্ধ ভিন্ন সেৱা লাভ কৰিব পাৰিব।
টেলিকমিউনিকেচন আইন, ২০২৩-ৰ বিধান আৰু ইয়াৰ অধীনত প্ৰৱৰ্তন কৰা নিয়মসমূহ মানি চলাটো টেলিকম সম্পৰ্কীয় জালিয়াতি প্ৰতিৰোধ, নাগৰিকক সুৰক্ষা প্ৰদান আৰু নিৰাপদ, সুৰক্ষিত তথা বিশ্বাসযোগ্য টেলিকমিউনিকেচন বাতাবৰণ নিশ্চিত কৰাৰ বাবে অতি প্ৰয়োজনীয়।
এই প্লেটফৰ্মত উপলব্ধ ভিন্ন নাগৰিক-কেন্দ্ৰিক সেৱাসমূহ লাভ কৰিবলৈ নাগৰিকসকলক www.sancharsaathi.gov.in-ত সঞ্চাৰ সাথী পৰ্টেললৈ গৈ বা সঞ্চাৰ সাথী ম’বাইল এপ ডাউনল’ড কৰিবলৈ উৎসাহিত কৰা হৈছে।
এণ্ড্ৰইডৰ বাবেঃ https://play.google.com/store/apps/details?id=com.dot.app.sancharsaathi
iOS-ৰ বাবেঃ https://apps.apple.com/app/sancharsaathi/id6739700695
*****
NJ/AR/SB
(ৰিলিজ আই ডি : 2305551)
অতিথি কক্ষ : 8