মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়
ৰাষ্ট্ৰপতি ভৱনত দেশৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে ৰক্ষাবন্ধন উদযাপন কৰিলে ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে
এই বিশেষ উদযাপনত ১৭ খন ৰাজ্য, এখন কেন্দ্ৰীয় শাসিত অঞ্চল, কেন্দ্ৰীয় বিদ্যালয় সংগঠন আৰু নৱোদয় বিদ্যালয় সমিতিৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে
শিক্ষামূলক অভিজ্ঞতাৰ অংশ হিচাপে ছাত্ৰ-ছাত্ৰীসকলে প্ৰধানমন্ত্ৰী সংগ্ৰহালয়, ৰাষ্ট্ৰপতি ভৱন আৰু অমৃত উদ্যান ভ্ৰমণ কৰে
পোষ্ট কৰা হৈছে:
28 AUG 2026 5:01PM by PIB Guwahati
ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক ৰক্ষা বন্ধনৰ মূল মূল্যবোধ অৰ্থাৎ প্ৰেম, যত্ন আৰু সুৰক্ষাক পৰিৱেশলৈ সম্প্ৰসাৰণ কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে কয় যে এই উৎসৱ এনে এক প্ৰেমৰ বান্ধোনৰ প্ৰতীক যিটো পৰিয়ালৰ সদস্য, বন্ধু-বান্ধৱী আনকি গছ-গছনিকে ধৰি যিকোনো ব্যক্তিৰ সৈতে ভাগ কৰিব পৰা যায়। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে আজি দেশৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে ৰাষ্ট্ৰপতি ভৱনত ৰক্ষা বন্ধন উদযাপন কৰে।
পৰিৱেশৰ ভাৰসাম্যতাত অৱনতি ঘটাৰ বিষয়ত উদ্বেগ প্ৰকাশ কৰি ৰাষ্ট্ৰপতিয়ে ছাত্ৰ-ছাত্ৰীসকলক জীয়াই থকাৰ বাবে প্ৰয়োজনীয় ভাৰসাম্য ৰক্ষাৰ অৰ্থে গছ-গছনিত ৰাখী বান্ধিবলৈ কয়। ছাত্ৰ-ছাত্ৰীসকল দেশৰ ভৱিষ্যত বুলি উল্লেখ কৰি গছপুলি ৰোপণ আৰু সেইবোৰৰ লালন-পালনৰ বাবে লোৱা সংকল্প আজীৱন প্ৰতিশ্ৰুতি হ'ব লাগে বুলিও তেওঁ কয়।


এই বিশেষ উদযাপনত ৮৯ গৰাকী ছাত্ৰ-ছাত্ৰী আৰু ৩২ গৰাকী শিক্ষককে ধৰি মুঠ ১২২ গৰাকী অংশগ্ৰহণকাৰীয়ে অংশগ্ৰহণ কৰে। ১৭খন ৰাজ্য, এখন কেন্দ্ৰীয় শাসিত অঞ্চল, কেন্দ্ৰীয় বিদ্যালয় সংগঠন (কেভিএছ) আৰু নবোদয় বিদ্যালয় সমিতি (এনভিএছ)ৰ পৰা নিৰ্বাচিত প্ৰতিনিধিসকলৰ ভিতৰত ১৩গৰাকী বিশেষভাৱে সক্ষম শিশুও আছিল।


ৰাষ্ট্ৰীয় ৰাজধানী ভ্ৰমণৰ অংশ হিচাপে যোৱা ২৭ আগষ্ট, ২০২৬ত ছাত্ৰ-ছাত্ৰীসকলে প্ৰধানমন্ত্ৰী সংগ্ৰহালয় পৰিদৰ্শন কৰে।আজি ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত কাৰ্যসূচীৰ পিছতে ছাত্ৰ-ছাত্ৰীসকলে ৰাষ্ট্ৰপতি ভৱন আৰু অমৃত উদ্যানো ভ্ৰমণ কৰে।তেওঁলোকে ৰায়পিথোৰা সাংস্কৃতিক কমপ্লেক্সত আয়োজন কৰা "দ্য লাইট এণ্ড দ্য লোটাছ: ৰেলিকছ অৱ দ্য এৱেকেনড ৱান" প্ৰদৰ্শনীও পৰিদৰ্শন কৰি তাত প্ৰদৰ্শিত পবিত্ৰ বুদ্ধৰ ধ্বংসাৱশেষসমূহ দৰ্শন কৰিব । ২০২৬ চনৰ ২৯ আগষ্টত তেওঁলোকে শৈক্ষিক ভ্ৰমণৰ অংশ হিচাপে ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰ, ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক আৰু ইণ্ডিয়া গেট দৰ্শন কৰিব।
******
RRTN/DM
(ৰিলিজ আই ডি : 2304486)
অতিথি কক্ষ : 12