ব্যক্তি, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়
ভাৰত বিশ্বজুৰি প্ৰাসংগিক হৈ থাকিবলৈ দক্ষতাৰ সমান্তৰালভাৱে মনৰ সামৰ্থ্য বিকাশ সমানেই অপৰিহাৰ্য্য, কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে কয়
উদীয়মান প্ৰত্যাহ্বানসমূহেৰে ক্ষীপ্ৰতাৰে মোকাবিলা কৰিবলৈ সামৰ্থ্য বিকাশ সামূহিক, সমগ্ৰ-সমাজ পন্থালৈ বিকশিত হ’ব লাগিবঃ ডাঃ জিতেন্দ্ৰ সিং
ৰাষ্ট্ৰীয় সামৰ্থ্য গঢ়ি তুলিবলৈ চৰকাৰ, ব্যক্তিগত খণ্ড আৰু সমাজে একেলগে কাম কৰিব লাগিবঃ ডাঃ জিতেন্দ্ৰ সিং
ভাৰতত গৱেষণা আৰু উদ্ভাৱনৰ বাবে দানশীলতাৰ সংস্কৃতি গঢ়ি তোলাটো প্ৰয়োজনীয়ঃ ডাঃ জিতেন্দ্ৰ সিং
পোষ্ট কৰা হৈছে:
26 AUG 2026 4:12PM by PIB Guwahati
ভাৰত বিশ্বজুৰি প্ৰাসংগিক হৈ থাকিবলৈ দক্ষতাৰ সমান্তৰালভাৱে মনৰ সামৰ্থ্য বিকাশ সমানেই অপৰিহাৰ্য্য, কেন্দ্ৰীয় বিজ্ঞান-প্ৰযুক্তি তথা ধৰিত্ৰী বিজ্ঞান দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব) আৰু পিএমঅ’, কৰ্মচাৰী, ৰাজহুৱা অভিযোগ, পেঞ্চন, পাৰমাণৱিক শক্তি তথা মহাকাশ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ডাঃ জিতেন্দ্ৰ সিঙে আজি এইদৰে কয়।
মন্ত্ৰীজনে লগতে কয় যে দ্ৰুত পৰিৱৰ্তিত প্ৰযুক্তিগত আৰু বিশ্ব পৰিবেশৰ সৈতে ফলপ্ৰসূভাৱে মোকাবিলা কৰিবলৈ সামৰ্থ্য বিকাশক ব্যক্তিগত, দক্ষতা-ভিত্তিক পন্থাৰ পৰা সামূহিক, সমগ্ৰ-সমাজ পন্থালৈ বিকশিত কৰিব লাগিব।
সামৰ্থ্য বিকাশ বিষয়ক এখনি ৰাউণ্ডটেবুলত ভাষণ প্ৰদানেৰে ডাঃ জিতেন্দ্ৰ সিঙে কয় যে প্ৰযুক্তিগত আৰু সমাজৰ বিৱৰ্তনৰ গতি ব্যাপকভাৱে বৃদ্ধি পাইছে, এনে প্ৰেক্ষাপটত নিৰন্তৰ শিক্ষণ অপৰিহাৰ্য্য হৈ পৰিছে। তেওঁ কয় যে আজি যিখিনি শিকা হয় সেইখিনি হয়তো কাইলৈ পুৰণি হৈ যাব পাৰে আৰু সেয়েহে ব্যক্তি তথা প্ৰতিষ্ঠানসমূহে শিকাৰু হৈ থকাৰ ক্ষমতা গঢ়ি তুলিব লাগিব আৰু অহৰহ নিজকে অভিযোজিত কৰিব লাগিব।
উদীয়মান প্ৰত্যাহ্বানসমূহেৰে মোকাবিলা কৰিবলৈ সামূহিক সামৰ্থ্য বিকাশৰ গুৰুত্ব ক্ৰমান্বয়ে বৃদ্ধি পাইছে বুলি মন্ত্ৰীগৰাকীয়ে আলোকপাত কৰে। তেওঁ কয় যে প্ৰতিষ্ঠানসমূহে সংহতভাৱে কাম কৰিবলৈ শিকিব লাগিব আৰু সমন্বয় সাধন কৰি নতুন প্ৰত্যাহ্বানৰ প্ৰতি দ্ৰুত সঁহাৰি জনাব লাগিব। একেদৰে নীতিসমূহক ফলপ্ৰসূ ৰূপায়ণলৈ ৰূপান্তৰিত কৰিব লাগিব। তেওঁ কয় যে ভাৰতে এনে এক পন্থা গ্ৰহণ কৰিব লাগিব যিয়ে প্ৰতিষ্ঠানিক সমন্বয়ক সমগ্ৰ-সমাজ দৃষ্টিভংগীৰ সৈতে সংযুক্ত কৰিব।
ডাঃ জিতেন্দ্ৰ সিঙে কয় যে সামৰ্থ্য বিকাশ কেৱল দক্ষতা বিকাশ বা নিৰ্ধাৰিত কাম সম্পাদন কৰিবলৈ ব্যক্তিক সাজু কৰি তোলাতে সীমাবদ্ধ থাকিব নালাগে। তেওঁ “মনৰ সামৰ্থ্য বিকাশ”ৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি কয় যে ব্যক্তি আৰু প্ৰতিষ্ঠানসমূহে নিজকে খাপ খুৱাবলৈ, উদ্ভাৱন কৰিবলৈ আৰু প্ৰাসংগিক হৈ থাকিবলৈ সঠিক মানসিকতা গঢ়ি তোলাটো অতিশয় গুৰুত্বপূৰ্ণ। তেওঁ কয় যে ভাৰত বিশ্বজুৰি প্ৰাসংগিক হৈ থাকিবলৈ হ’লে বিশ্বব্যাপী মাপকাঠি আৰু বিশ্বব্যাপী কৌশল অনুসৰণ কৰিব লাগিব।
মন্ত্ৰীগৰাকীয়ে আন-আন অংশীদাৰসকলৰ অধিক অংশগ্ৰহণৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। মহাকাশ আৰু পাৰমাণৱিক শক্তিৰ দৰে খণ্ডসমূহ ব্যক্তিগত অংশগ্ৰহণৰ বাবে মুকলি কৰাৰ ভাৰতৰ অভিজ্ঞতাৰ কথা উল্লেখ কৰি তেওঁ কয় যে দেশখনে খণ্ডসমূহৰ মাজত কাম কৰিবলৈ শিকিব লাগিব আৰু এনে এক বাতাবৰণ গঢ়ি তুলিব লাগিব য’ত ভিন্ন অংশীদাৰসকলে এক উমৈহতীয়া ৰাষ্ট্ৰীয় লক্ষ্যত অৰিহণা যোগায়।
ডাঃ জিতেন্দ্ৰ সিঙে শাসন ব্যৱস্থাত প্ৰয়োগবাদৰ (pragmatism) গুৰুত্বৰ ওপৰত আলোকপাত কৰি কয় যে বিষয়াসকলে নিজৰ দায়িত্ব পালন কৰি ৰুল বুকত আবদ্ধ হৈ থকাৰ বাহিৰেও আগবাঢ়ি যাবলৈ প্ৰচেষ্টা গ্ৰহণ কৰিব লাগিব। তেওঁ কয় যে ফলপ্ৰসূভাৱে কাম কৰিবলৈ উপযুক্ত মাত্ৰাৰ প্ৰয়োগবাদৰ প্ৰয়োজন আৰু ইয়াৰ বাবে পাছলৈ মানসিকতাৰ পৰিৱৰ্তনৰ প্ৰয়োজন।
মন্ত্ৰীগৰাকীয়ে সামৰ্থ্য বিকাশৰ ক্ষেত্ৰত ধাৰাবাহিক শিক্ষণ মঞ্চৰ ক্ৰমবৰ্ধমান ভূমিকাৰ ওপৰতো আলোকপাত কৰে। তেওঁ জনোৱা মতে, আইগট (iGOT) প্লেটফৰ্মত ৪০ লাখৰো অধিক পঞ্জীয়নভুক্ত ব্যক্তি আছে। এই মঞ্চই চৰকাৰী বিষয়াসকলৰ বাবে এক নিৰন্তৰ শিক্ষণ মাধ্যম প্ৰশস্ত কৰিছে। তেওঁ ৰাষ্ট্ৰীয় সুশাসন কেন্দ্ৰ আৰু ভাৰতীয় ৰাজহুৱা প্ৰশাসন প্ৰতিষ্ঠানক শাসন আৰু সামৰ্থ্য বিকাশৰ ক্ষেত্ৰত কাম কৰা প্ৰতিষ্ঠানসমূহৰ বৃহত্তৰ বাতাবৰণৰ অংশ বুলি অভিহিত কৰে।
ডাঃ জিতেন্দ্ৰ সিঙে সামৰ্থ্য বিকাশৰ ক্ষেত্ৰত কাম কৰা ভিন্ন প্ৰতিষ্ঠান সমূহক বৃহত্তৰ বাতাবৰণৰ সৈতে সংযোগ কৰিব পৰা যায় বুলি উল্লেখ কৰি ভাৰতৰ ঐতিহাসিক আৰু পৰম্পৰাগত জ্ঞানক সমসাময়িক ৰাজ্যিক সামৰ্থ্যৰ সৈতে সেতুবন্ধন কৰিব পৰাকৈ কৌটিল্য কেন্দ্ৰৰ সম্ভাৱনাৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে এনে পন্থাই বিস্তৃত গ্ল’বেল চাউথতো সামৰ্থ্য বিকাশৰ বাবে এখনি মঞ্চ প্ৰদান কৰিব পাৰে।
গৱেষণা আৰু উদ্ভাৱনৰ ক্ষেত্ৰত বেচৰকাৰী খণ্ডৰ অধিক অংশগ্ৰহণৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি মন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় গৱেষণা ফাউণ্ডেচন (NRF) আৰু ১ লাখ কোটি টকাৰ আৰডিআই পুঁজি পদক্ষেপৰ কথা উল্লেখ কৰে। তেওঁ কয় যে এই পদক্ষেপসমূহে এনে এক বাতাবৰণ সৃষ্টিৰ অৰ্থে গ্ৰহণ কৰা প্ৰচেষ্টাক প্ৰতিফলিত কৰে য’ত ব্যক্তিগত অংশগ্ৰহণ আৰু সম্পদে গৱেষণা আৰু উদ্ভাৱনৰ ক্ষেত্ৰত অধিক ভূমিকা পালন কৰিব পাৰে।
ডাঃ জিতেন্দ্ৰ সিঙে ভাৰতত গৱেষণাৰ বাবে দানশীলতাৰ এক গভীৰ সংস্কৃতি গঢ়ি তোলাৰো আহ্বান জনায়। তেওঁ কয় যে ইতিমধ্যে কেইবাটাও সামাজিক আৰু মানৱীয় কৰ্মৰ বাবে দান-বৰঙণি গ্ৰহণ কৰা হৈছে যদিও পৰম্পৰাগতভাৱে গৱেষণাই একেধৰণৰ গুৰুত্ব লাভ কৰা নাই। তেওঁ গুৰুত্ব আৰোপ কৰে যে মানৱতাৰ মংগলৰ বাবে গৱেষণাক সমৰ্থন কৰাটোও সমাজৰ প্ৰতি সেৱা আৰু অৱদানৰ এক প্ৰকাৰ হিচাপে চাব লাগে।
মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতত প্ৰয়োজনীয় বাতাবৰণ গঢ়ি তুলিবলৈ সকলো উৎসৰ পৰা বৃহৎ বিনিয়োগৰ প্ৰয়োজন। তেওঁ কয় যে দেশৰ যুৱ উদ্যোগীসকলে প্ৰতিভাৰ সৈতে উদ্যমিতাৰ সংমিশ্ৰণ ঘটাইছে আৰু তেওঁলোকৰ বাবে উপযুক্ত পৰিবেশ সৃষ্টি কৰিলে উদ্ভাৱনক ত্বৰান্বিত কৰাত সহায়ক হ’ব পাৰে আৰু উদীয়মান খণ্ডসমূহৰ মাজত শক্তিশালী সামৰ্থ্য গঢ়ি তোলাত সহায়ক হ’ব পাৰে।
ডাঃ জিতেন্দ্ৰ সিঙে লগতে সামৰ্থ্য বিকাশ আৰু জ্ঞানৰ আদান-প্ৰদানৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। গ্ল’বেল চাউথৰ দেশসমূহৰ ক্ৰমবৰ্ধমান অংশগ্ৰহণৰ কথা উল্লেখ কৰি তেওঁ আত্মবিশ্বাস প্ৰকাশ কৰে যে এনে পদক্ষেপে অধিক দেশক একত্ৰিত কৰিব পাৰে আৰু জ্ঞান, অভিজ্ঞতা তথা সামৰ্থ্য বিকাশৰ পদ্ধতিসমূহৰ বিনিময়ৰ বাবে এক বিস্তৃত নেটৱৰ্ক গঢ়ি তুলিব পাৰে।
মন্ত্ৰীগৰাকীয়ে সামৰণিত কয় যে ব্যক্তি, প্ৰতিষ্ঠান, চৰকাৰ, উদ্যোগ আৰু সমাজে ভাৰতৰ প্ৰগতি আৰু বিশ্বব্যাপী প্ৰাসংগিকতাৰ দিশত ফলপ্ৰসূভাৱে অৰিহণা যোগোৱা কাৰ্য্য সামৰ্থ্য বিকাশৰ উমৈহতীয়া উদ্দেশ্য হ’ব লাগে।

ফটোঃ বুধবাৰে নতুন দিল্লীৰ ইণ্ডিয়া হেবিটেট চেন্টাৰত নালন্দা বিশ্ববিদ্যালয়ৰ উদ্যোগত আয়োজিত “সামৰ্থ্য বিকাশ বিষয়ক ৰাউণ্ডটেবুল”ত ভাষণ প্ৰদানৰ মুহূৰ্তত কেন্দ্ৰীয় মন্ত্ৰী ডাঃ জিতেন্দ্ৰ সিং।



****
NKR/AK/AV/SB
(ৰিলিজ আই ডি : 2304196)
অতিথি কক্ষ : 7