পৰিৱেশ, বন আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰালয়
ভাৰতে মংগোলিয়াৰ উলানবাটৰত আয়োজিত ইউএনচিচিডি চিঅ’পি১৭-ত চাৰণভূমিৰ সমাজ-নেতৃত্বাধীন পুনৰুদ্ধাৰৰ আহ্বান জনায়
ভাৰতৰ পদ্ধতিয়ে সমাজৰ অংশগ্ৰহণক মূলতে ৰাখি লেণ্ডস্কেপ ব্যৱস্থাপনা আৰু জীৱিকা সমৰ্থনক একত্ৰিত কৰেঃ শ্ৰী ভূপেন্দ্ৰ যাদৱ
পশুপালকসকল কেৱল হিতাধিকাৰীৰ পৰিৱৰ্তে ৰক্ষক হ’লেহে সফল পুনৰুদ্ধাৰ সম্ভৱঃ কেন্দ্ৰীয় পৰিবেশ মন্ত্ৰী
পোষ্ট কৰা হৈছে:
26 AUG 2026 8:51AM by PIB Guwahati
ভাৰতে পশুপালনকাৰী সমাজক বৰ্তাই ৰখা, জৈৱ-বৈচিত্ৰ্যৰ সংৰক্ষণ তথা জল আৰু কাৰ্বন চক্ৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত চাৰণভূমিৰ (rangeland) ভূমিকাত গুৰুত্ব আৰোপ কৰিছে। একে সময়তে বিজ্ঞান, সুৰক্ষিত কাৰ্য্যকাল আৰু সমাজৰ নেতৃত্বৰে বদ্ধমূল পুনৰুদ্ধাৰ পদ্ধতিৰ আহ্বান জনাইছে। ৰাষ্ট্ৰসংঘৰ মৰুকৰণেৰে মোকাবিলা সন্মিলনৰ (UNCCD) ১৭ সংখ্যক পক্ষ সন্মিলনত (CoP17) “চাৰণভূমিৰ পুনৰুদ্ধাৰ আৰু পশুপালনকাৰী সমাজৰ মংগল” বিষয়ক মন্ত্ৰী পৰ্য্যায়ৰ আলোচনাত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন দপ্তৰৰ মন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ যাদৱে বৈজ্ঞানিক পৰিকল্পনা আৰু সমাজৰ অংশগ্ৰহণৰ সংমিশ্ৰণেৰে তৃণভূমি আৰু চাৰণভূমি পুনৰুদ্ধাৰৰ ক্ষেত্ৰত ভাৰতৰ অভিজ্ঞতাৰ ওপৰত আলোকপাত কৰে।

পশুপালকসকলে পালন কৰা কেন্দ্ৰীয় ভূমিকাত গুৰুত্ব আৰোপ কৰি শ্ৰী যাদৱে কয়, “পশুপালকসকল কেৱল হিতাধিকাৰীৰ পৰিৱৰ্তে ৰক্ষক হ’লেহে সফল পুনৰুদ্ধাৰ সম্ভৱ”। তেওঁ উল্লেখ কৰে যে আধুনিক বিজ্ঞানৰ সৈতে পৰম্পৰাগত জ্ঞানৰ সংমিশ্ৰণে পাৰিপাৰ্শ্বিকভাৱে সুস্থ, অৰ্থনৈতিকভাৱে কাৰ্য্যক্ষম আৰু সামাজিকভাৱে অন্তৰ্ভুক্ত পুনৰুদ্ধাৰ প্ৰক্ৰিয়া প্ৰশস্ত কৰিব পাৰে। তেওঁ অৱগত কৰে যে ভাৰতৰ চাৰণভূমিসমূহ হিমালয়ৰ চৰণীয়া পথাৰ আৰু মধ্য ভাৰতীয় ছাভানাৰ পৰা আৰম্ভ কৰি শুষ্ক থৰ, কচ্চ অঞ্চল আৰু দক্ষিণৰ শ্বোলালৈকে ভিন্ন ভূ-প্ৰকৃতিৰ মাজেৰে বিস্তৃত। এইসমূহে দেশৰ বিশাল পশুধন আৰু জনসমষ্টিক বৰ্তাই ৰাখিছে। মন্ত্ৰীগৰাকীয়ে আৰু উল্লেখ কৰে যে উপগ্ৰহ-ভিত্তিক মৰুকৰণ আৰু ভূমিৰ অৱক্ষয় এটলাছে তৃণভূমিৰ মেপিং আৰু পুনৰুদ্ধাৰ পৰিকল্পনাৰ বৈজ্ঞানিক ভিত্তি প্ৰদান কৰে। একেদৰে গ্ৰেজিং অধিকাৰ আৰু সামূহিক বনজ সম্পদৰ অধিকাৰৰ স্বীকৃতিয়ে বহনক্ষম ব্যৱস্থাপনাত স্থানীয় সমাজসমূহৰ ভূমিকাক সুদৃঢ় কৰে।
ভাৰতৰ পৰম্পৰাগত সামূহিক সংৰক্ষণ ব্যৱস্থাৰ ওপৰত আলোকপাত কৰি শ্ৰী যাদৱে ৰাজস্থানৰ ওৰাণৰ উদাহৰণ দাঙি ধৰে। এই পবিত্ৰ কুঞ্জ (groves) সমূহ স্থানীয় সমাজসমূহে স্বকীয় সাংস্কৃতিক আৰু পাৰিপাৰ্শ্বিক তাৎপৰ্য্যৰ বাবে শ্ৰদ্ধা আৰু সুৰক্ষিত কৰে। তেওঁ জনোৱা মতে, সমগ্ৰ দেশতে প্ৰায় ০.৬ নিযুত হেক্টৰ ভূমি সামৰি লোৱা প্ৰায় ২৫,০০০ এনে সমাজৰ দ্বাৰা সুৰক্ষিত পবিত্ৰ কুঞ্জই সমাজৰ নেতৃত্ব প্ৰদানৰ উদাহৰণ দাঙি ধৰে আৰু লগতে পশুপালন ভূমিৰ অধিকাৰ সুৰক্ষিত কৰে তথা গ্ৰেট ইণ্ডিয়ান বাষ্টাৰ্ডকে প্ৰমুখ্য কৰি জটিল বাসস্থান সমূহক সংৰক্ষিত কৰে। এই পবিত্ৰ কুঞ্জ সমূহৰ একাধিক বিধিগত বিধানৰ অধীনত সুৰক্ষিত বুলি শ্ৰী যাদৱে লগতে কয়। মন্ত্ৰীগৰাকীয়ে আৰু মুকলি বনাঞ্চল আৰু তৃণভূমি বাতাবৰণৰ পুনৰুদ্ধাৰৰ বাবে ভাৰতৰ প্ৰচেষ্টাৰ ওপৰত আলোকপাত কৰে। ইয়াত চিতাৰ পুনৰ প্ৰৱৰ্তন আৰু গুজৰাটৰ বান্নীৰ দৰে তৃণভূমিলৈ ইয়াৰ প্ৰস্তাৱিত সম্প্ৰসাৰণৰ কথা উল্লেখ কৰে। তেওঁ কয় যে গভীৰ-বদ্ধমূল তৃণে ভূমি কাৰ্বন সংৰক্ষণত অৰিহণা যোগায়, জলপ্ৰৱেশ বৃদ্ধি কৰে আৰু সমগ্ৰ ভাৰতৰ প্ৰায় ১০ নিযুত হেক্টৰ স্থায়ী চৰণীয়া পথাৰ তথা গ্ৰেজিং ভূমিত গ্ৰাউণ্ডৱাটাৰ ৰিচাৰ্জক সমৰ্থন কৰে।

শ্ৰী যাদৱে তেওঁৰ ভাষণৰ সামৰণিত উল্লেখ কৰে যে ভাৰতৰ এই পদ্ধতিয়ে ভূ-প্ৰকৃতি ব্যৱস্থাপনা, জলভাগৰ উন্নয়ন সাধন, বহনক্ষম গ্ৰেজিং, খাদ্য উন্নয়ন আৰু জীৱিকাৰ সহায়ক একত্ৰিত কৰিছে। সমাজৰ অংশগ্ৰহণ ইয়াৰ মূলতে আছে। উন্নয়নশীল দেশসমূহ ভূমি অৱক্ষয় নিৰপেক্ষতাৰ দিশত আগবাঢ়ি যোৱাৰ লগে-লগে তেওঁ বিত্ত, প্ৰযুক্তি আৰু জ্ঞানৰ বৰ্ধিত প্ৰৱেশৰ আহ্বান জনাই লগতে কয় যে “ভাৰতে চাৰণভূমিৰ পুনৰুদ্ধাৰৰ বাবে সমৰ্পিত, সুলভ বিত্তীয় সাহায্যক আদৰণি জনাইছে তথা দক্ষিণ-দক্ষিণ সহযোগিতাৰ জৰিয়তে স্বকীয় অভিজ্ঞতা আৰু সমাধানসমূহৰ আদান-প্ৰদান কৰিবলৈ সাজু আছে।”
*****
VM/SB
(ৰিলিজ আই ডি : 2303770)
অতিথি কক্ষ : 31