স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী শ্ৰী জে. পি. নাড্ডাই H1N1 ইনফ্লুৱেঞ্জা প্ৰস্তুতিৰ পৰ্যালোচনা কৰে; সতৰ্কতা আৰু সুদৃঢ় নিৰীক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰে
प्रविष्टि तिथि:
21 AUG 2026 4:10PM by PIB Guwahati
কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী শ্ৰী জে. পি. নাড্ডাই আজি ৰাষ্ট্ৰীয় ৰাজধানীৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি দেশত H1N1 ইনফ্লুৱেঞ্জাৰ বৰ্তমানৰ পৰিস্থিতি আৰু প্ৰস্তুতিৰ পৰ্যালোচনা কৰে। এই বৈঠকত দিল্লীৰ স্বাস্থ্য মন্ত্ৰী ড° পংকজ কুমাৰ সিঙো উপস্থিত আছিল।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় নিৰীক্ষণ আৰু মহামাৰীজনিত পৰিস্থিতি, ইনফ্লুৱেঞ্জা-সদৃশ ৰোগ আৰু গুৰুতৰ তীব্ৰ শ্বাস-প্ৰশ্বাসজনিত সংক্ৰমণৰ প্ৰৱণতা, পৰীক্ষণ আৰু পৰীক্ষাগাৰ নিৰীক্ষণ, আৰু ঋতুভিত্তিক ইনফ্লুৱেঞ্জাৰ ৰোগীসকলক পৰিচালনা কৰিবলৈ স্বাস্থ্যসেৱা প্ৰতিষ্ঠানসমূহৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰে। শ্ৰী নাড্ডাই ইনফ্লুৱেঞ্জাৰ প্ৰৱণতাৰ সূক্ষ্ম নিৰীক্ষণ আৰু আক্ৰান্তৰ যিকোনো অস্বাভাৱিক বৃদ্ধিৰ সময়োচিত চিনাক্তকৰণ তথা পৰিচালনাৰ লগতে নিৰন্তৰ সতৰ্কতা, সুদৃঢ় নিৰীক্ষণ আৰু সক্ৰিয় প্ৰস্তুতিৰ প্ৰয়োজনীয়তাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে।
দিল্লীৰ স্বাস্থ্যসেৱা প্ৰতিষ্ঠানসমূহৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰা হয়, যাৰ ভিতৰত চিকিৎসালয়ৰ বিচনা, ক্ৰিটিকেল কেয়াৰ সুবিধা, অক্সিজেনযুক্ত বিচনা, ভেণ্টিলেটৰ, অত্যাৱশ্যকীয় ঔষধ, ৰোগ নিৰ্ণয়ৰ সঁজুলি আৰু অন্যান্য জৰুৰী সামগ্ৰীৰ উপলব্ধতাৰ বিষয়টোও অন্তৰ্ভুক্ত আছিল। মন্ত্ৰীগৰাকীয়ে বিশেষকৈ বিশেষ বা গুৰুতৰ চিকিৎসাৰ প্ৰয়োজন হোৱা ৰোগীসকলৰ বাবে ৰোগীৰ সংখ্যা হঠাতে বৃদ্ধি পালে তাক চম্ভালিব পৰা পৰ্যাপ্ত সামৰ্থ্য আৰু সুচাৰু ৰেফাৰেল ব্যৱস্থাৰ গুৰুত্বৰ ওপৰত জোৰ দিয়ে।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে বৰ্তমানৰ নিৰীক্ষণ আৰু পৰীক্ষাগাৰৰ নেটৱৰ্কৰ ফলপ্ৰসূ ব্যৱহাৰৰ লগতে ইনফ্লুৱেঞ্জা ৰোগৰ আগতীয়া চিনাক্তকৰণ, সময়োচিত পৰীক্ষণ আৰু উপযুক্ত চিকিৎসীয় ব্যৱস্থাপনা নিৰন্তৰ শক্তিশালী কৰাৰ প্ৰতি আহ্বান জনায়।

ইয়াৰ পূৰ্বে, ২০২৬ চনৰ ১০ জুলাইত, কেন্দ্ৰীয় স্বাস্থ্য সচিবগৰাকীয়ে সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চললৈ তীব্ৰ শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ বাবে প্ৰস্তুতি আৰু নিৰীক্ষণ শক্তিশালী কৰিবলৈ আৰু স্বাস্থ্যসেৱা প্ৰতিষ্ঠানসমূহ পৰ্যাপ্তভাৱে সাজু হৈ থকাটো নিশ্চিত কৰিবলৈ পৰামৰ্শ দি পত্ৰ প্ৰেৰণ কৰিছিল।
শ্ৰী নাড্ডাই শ্বাস-প্ৰশ্বাস আৰু হাতৰ পৰিচ্ছন্নতাকে ধৰি জনসচেতনতা আৰু প্ৰতিৰোধমূলক স্বাস্থ্য অনুশীলনৰ ওপৰতো গুৰুত্ব আৰোপ কৰে আৰু নেৰানেপেৰা বা গুৰুতৰ শ্বাস-প্ৰশ্বাসজনিত লক্ষণ, উশাহ-নিশাহত কষ্ট পোৱা বা অন্যান্য সতৰ্কতামূলক লক্ষণ থকা ব্যক্তিসকলক তৎকালীনভাৱে চিকিৎসীয় পৰামৰ্শ ল'বলৈ আহ্বান জনায়।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে পুনৰ দোঁহাৰে যে পৰিস্থিতি নিবিড় আৰু নিৰন্তৰভাৱে নিৰীক্ষণ কৰি থকা হৈছে, লগতে ডেংগু আৰু মেলেৰিয়াকে ধৰি ঋতুভিত্তিক ৰোগসমূহৰ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ বাবে ধাৰাবাহিক আৰু সমন্বিত প্ৰচেষ্টাৰ প্ৰয়োজনীয়তাৰ ওপৰতো তেওঁ গুৰুত্ব আৰোপ কৰে। শ্ৰী নাড্ডাই ঋতুভিত্তিক ৰোগৰ প্ৰতিৰোধ, প্ৰসাৰ আৰু নিয়ন্ত্ৰণৰ সন্দৰ্ভত সমাজৰ মাজত সজাগতা সৃষ্টি কৰাৰ বাবে পৌৰ কাউঞ্চিলৰ আৰু অন্যান্য স্থানীয় নিকায়সমূহৰ সক্ৰিয় অংশগ্ৰহণেৰে ৰাজ্য চৰকাৰসমূহক এক সক্ৰিয় আৰু প্ৰস্তুতি-নিৰ্ভৰ দৃষ্টিভংগী গ্ৰহণ কৰিবলৈ আহ্বান জনায়।
স্থানীয় নিকায়সমূহৰ সক্ৰিয় অংশগ্ৰহণ আৰু সামগ্ৰিক চৰকাৰী দৃষ্টিভংগীৰ জৰিয়তে ৰাষ্ট্ৰীয় ৰাজধানীত যক্ষ্মা (TB) ৰোগ চিনাক্তকৰণৰ বৃদ্ধিৰ দিশটো আলোকপাত কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সত্য আৰু প্ৰমাণ-ভিত্তিক তথ্য প্ৰচাৰ কৰা তথা সামাজিক অংশগ্ৰহণ শক্তিশালী কৰাৰ ক্ষেত্ৰত সকলো পৰ্যায়ৰ জনপ্ৰতিনিধিৰ সক্ৰিয় অংশগ্ৰহণৰ গুৰুত্বৰ ওপৰত জোৰ দিয়ে।
H1N1-কে ধৰি ঋতুভিত্তিক ইনফ্লুৱেঞ্জাৰ বাবে ফলপ্ৰসূ নিৰীক্ষণ, আগতীয়া চিনাক্তকৰণ, সময়োচিত চিকিৎসীয় ব্যৱস্থাপনা আৰু সক্ৰিয় প্ৰস্তুতি নিশ্চিত কৰিবলৈ মন্ত্ৰালয়ে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ, চিকিৎসালয়, পৰীক্ষাগাৰ আৰু অন্যান্য অংশীদাৰসকলৰ সৈতে নিবিড় সমন্বয় ৰক্ষা কৰি আহিছে।
এই বৈঠকত কেন্দ্ৰীয় স্বাস্থ্য সচিব শ্ৰীমতী পুণ্য সলিলা শ্ৰীবাস্তৱ, অতিৰিক্ত সচিব (জনস্বাস্থ্য) ড° ৰাকেশ গুপ্তা, দিল্লী ৰাজ্যিক স্বাস্থ্য সচিব শ্ৰী ৰূপেশ কুমাৰ ঠাকুৰ আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকলো উপস্থিত আছিল।
*****
SR/RD
(रिलीज़ आईडी: 2302585)
आगंतुक पटल : 13