গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

শিলিগুৰি কৰিডৰৰ সুৰক্ষা পৰ্যালোচনা কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ

শিলিগুৰি কৰিডৰৰ সুৰক্ষাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ সকলো আন্তঃগাঁথনিমূলক প্ৰকল্পৰ স্থিতি পৰ্যালোচনা গৃহমন্ত্ৰীৰ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত চৰকাৰ শিলিগুৰি কৰিডৰৰ সুৰক্ষাক অভেদ্য কৰি তুলিবলৈ প্ৰতিশ্ৰুতিবদ্ধ

পিআইঅ’ কাৰ্যকলাপ, জনসাংখ্যিক পৰিৱৰ্তন, অবৈধ অনুপ্ৰৱেশ আৰু সীমান্ত সংক্ৰান্তীয় বিষয়সমূহো আলোচনা

সীমান্ত সুৰক্ষাৰ চতুৰ্ভুজ দৃষ্টিভংগীৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগতে সকলো সংস্থাক ইয়াক সম্পূৰ্ণ নিষ্ঠাৰে ৰূপায়ণ কৰিবলৈ নিৰ্দেশ শ্ৰী অমিত শ্বাহৰ

উপস্থিত সকলো সংস্থাক কৰিডৰটোত নিজৰ অধিক প্ৰতিষ্ঠান স্থাপন কৰি উপস্থিতি সম্প্ৰসাৰিত কৰিবলৈ নিৰ্দেশ কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ

শিলিগুৰি কৰিডৰক অবৈধ দখলৰ পৰা মুক্ত ৰাখিবলৈ নিৰ্দেশ জাৰি

শিলিগুৰি কৰিডৰত অবৈধ অনুপ্ৰৱেশ ৰোধ কৰিবলৈ সকলো পদক্ষেপ গ্ৰহণৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব শ্ৰী অমিত শ্বাহৰ

प्रविष्टि तिथि: 22 AUG 2026 8:30PM by PIB Guwahati

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে শিলিগুৰি কৰিডৰৰ সুৰক্ষাৰ এক পৰ্যালোচনা কৰে। এই বৈঠকত গৃহ মন্ত্ৰালয়, পথ পৰিবহণ আৰু ৰাজপথ মন্ত্ৰালয়, ভাৰতীয় সেনাবাহিনী, বিএছএফ, এছএছবি আৰু আৰপিএফৰ লগতে পশ্চিমবংগৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানকে ধৰি কেন্দ্ৰীয় আৰু ৰাজ্যিক মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। পশ্চিমবংগৰ মুখ্যমন্ত্ৰীও উপস্থিত থকা এই বৈঠকত ‘মাল্টি এজেঞ্চী চেণ্টাৰ’ৰ শিলিগুৰি কৰিডৰ সম্পৰ্কীয় স্থায়ী ফ’কাছ গ্ৰুপে (SFG-SC) বৰ্তমানলৈকে হোৱা অগ্ৰগতি আৰু শিলিগুৰি কৰিডৰৰ সুৰক্ষা অধিক শক্তিশালী কৰাৰ বাবে নিজৰ পৰামৰ্শৱালী প্ৰস্তুত কৰে।

CR5_2397.JPG.jpeg

বৈঠকত কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে শিলিগুৰি কৰিডৰত চলি থকা সকলো আন্তঃগাঁথনি প্ৰকল্পৰ স্থিতি পুনৰ পৰ্যালোচনা কৰে, যিবোৰ ইয়াৰ সুৰক্ষাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। তেওঁ পিআইঅ’ কাৰ্যকলাপ, জনসাংখ্যিক পৰিৱৰ্তন, অবৈধ অনুপ্ৰৱেশ আৰু সীমান্ত বিষয়সমূহৰ ওপৰতো আলোচনা কৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত চৰকাৰ শিলিগুৰি কৰিডৰৰ সুৰক্ষাক অভেদ্য কৰি তুলিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।

 

বৈঠকত কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে সীমান্ত সুৰক্ষাৰ চতুৰ্ভুজ দৃষ্টিভংগীৰ ধাৰণাটোৰ ওপৰত জোৰ দিয়াৰ লগতে সকলো সংস্থাক ইয়াক সম্পূৰ্ণ নিষ্ঠাৰে ৰূপায়ণ কৰিবলৈ নিৰ্দেশ দিয়ে। কৰিডৰটোত আন্তঃগাঁথনিমূলক প্ৰকল্পসমূহৰ গুৰুত্বৰ কথা উল্লেখ কৰি শ্ৰী শ্বাহে উপস্থিত সকলো সংস্থাক সকলো বাকী থকা কাম সময়সীমাৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে।

 

কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে উপস্থিত সকলো সংস্থাক কৰিডৰটোত নিজৰ অধিক প্ৰতিষ্ঠান স্থাপন কৰি উপস্থিতি বৃদ্ধি কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁ কৰিডৰটোত থকা সকলো গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান/স্থাপত্যৰ সুৰক্ষাৰো পৰ্যালোচনা কৰে আৰু সেইবোৰ সুৰক্ষিত কৰিবলৈ সকলো প্ৰয়োজনীয় পদক্ষেপ ল’বলৈ নিৰ্দেশ দিয়ে। তদুপৰি তেওঁ শিলিগুৰি কৰিডৰক অবৈধ দখলৰ পৰা মুক্ত ৰাখিবলৈ নিৰ্দেশ দিয়ে। তেওঁ শিলিগুৰি কৰিডৰত অবৈধ অনুপ্ৰৱেশ ৰোধ কৰিবলৈ সকলো পদক্ষেপ গ্ৰহণৰ প্ৰয়োজনীয়তাৰ ওপৰত জোৰ দিয়ে।

HMA03255.JPG.jpeg

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে পশ্চিমবংগৰ মুখ্যমন্ত্ৰীক উত্তৰ বংগত আৰু অধিক সৈনিক স্কুল খোলাৰ সম্ভাৱনীয়তা পৰীক্ষা কৰিবলৈ পৰামৰ্শ দিয়ে। তেওঁ মুখ্যমন্ত্ৰীক উত্তৰ বংগত জ্যেষ্ঠ এনচিচি কেডেটৰ সংখ্যা বৃদ্ধিৰ দিশতো কাম কৰিবলৈ কয়। লগতে, তেওঁ শিলিগুৰি কৰিডৰত অসামৰিক প্ৰতিৰক্ষা আৰু হোম গাৰ্ডৰ প্ৰতিষ্ঠান শক্তিশালী কৰিবলৈ ৰাজ্য চৰকাৰক আহ্বান জনায়।

***

RK / RR / PR / PS/DB


(रिलीज़ आईडी: 2302424) आगंतुक पटल : 9
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Gujarati , Odia