গৃহ মন্ত্ৰালয়
কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে শিলিগুৰিত এছ এছ বিৰ বিভিন্ন প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰাৰ লগতে জোৱানসকলৰ সৈতে মত বিনিময় কৰে
আঠখন ৰাজ্য আৰু তিনিখন দেশক সংযোগ কৰা শিলিগুৰি কৰিডৰটো ৰাষ্ট্ৰীয় নিৰাপত্তাৰ সৈতে পোনপটীয়াকৈ জড়িত, সেয়েহে মোদী চৰকাৰে ইয়াক ত্ৰিকোণীয় নিৰাপত্তা ব্যৱস্থাৰে অভেদ্য কৰি তুলিছে
"এটা সীমান্ত, এটা বাহিনী"ৰ অধীনত এছ এছ বিক আটাইতকৈ প্ৰত্যাহ্বানজনক দায়িত্ব অৰ্পণ কৰা হৈছে- নেপাল আৰু ভূটানৰ সৈতে বেৰবিহীন মুকলি সীমান্ত সুৰক্ষিত কৰা। এই সৈনিকসকলৰ দায়বদ্ধতা আৰু বন্ধুত্বপূৰ্ণ আচৰণে চুবুৰীয়া দেশৰ সৈতে তেওঁলোকৰ সাংস্কৃতিক আত্মীয়তাক সমগ্ৰ ৰাষ্ট্ৰই সন্মান কৰে।
স্বাধীনতাৰ ৮০ বছৰ পিছত লালকিল্লাৰ পৰাই গোৱা হৈছিল সম্পূৰ্ণ "বন্দে মাতৰম"। এই অমৰ সৃষ্টিৰ জৰিয়তে বংকিম বাবুৱে সাংস্কৃতিক জাতীয়তাবাদক আঁকোৱালি লৈহে স্বাধীন ভাৰতে আগুৱাই যাব বুলি প্ৰমাণ কৰিলে।
মোদী চৰকাৰে সংসদত এখন বিধেয়ক গৃহীত কৰি সম্পূৰ্ণ "বন্দে মাতৰম"ক সাংস্কৃতিক কাৰ্যসূচীৰ অংশ হিচাপে উপস্থাপন কৰিলে। ইয়াৰ দ্বাৰা শিশু আৰু যুৱক-যুৱতীসকললৈ বংকিম বাবুৰ দেশপ্ৰেমৰ বাৰ্তা বিয়পি গৈছে
অনুপ্ৰৱেশ ৰোধ কৰি পশ্চিমবংগ আৰু দেশক সুৰক্ষিত কৰাটো আমাৰ সংকল্প আৰু ইয়াৰ বাবে বেৰ দিয়াটোৱেই আটাইতকৈ শক্তিশালী পদক্ষেপ। মাত্ৰ ৪৫ দিনতে শ্ৰী শুবেন্দুজীয়ে বি এছ এফ আৰু এছ এছ বিক ১১৩৯ একৰ মাটি হস্তান্তৰ কৰিলে
পশ্চিম বংগৰ পূৰ্বৰ মুখ্যমন্ত্ৰীয়ে কেতিয়াও এছ এছ বি আৰু বি এছ এফৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰা নাছিল, এছ এছ বি, বি এছ এফ আৰু আই টি বি পি কোনো ৰাজনৈতিক দল বা চৰকাৰৰ এজেন্সী নহয়; তেওঁলোক সীমান্ত ৰক্ষা কৰা শক্তি, সকলো ৰাজনৈতিক দলে এই কৰ্মীসকলৰ সৈতে থিয় দিব লাগে
২০২৬-২৭ চনৰ বাজেটত অনুমোদিত ৭টা তীব্ৰবেগী ৰে’ল কৰিডৰৰ ভিতৰত দিল্লী-শিলিগুৰি কৰিডৰ অন্যতম, ইয়াৰ ফলত ২-৩ বছৰৰ ভিতৰত মাত্ৰ কেইঘণ্টামানৰ ভিতৰতে দিল্লীৰ পৰা শিলিগুৰিলৈ যাত্ৰা সম্ভৱ হব
অমৃত ভাৰত আঁচনিৰ জৰিয়তে আমি শিলিগুৰি আৰু জলপাইগুৰি ষ্টেচনক নতুন ৰূপ দিছো আৰু ভাইব্ৰেণ্ট গাঁও কাৰ্যসূচীৰ অধীনত সীমান্ত গাঁওসমূহক সংযোগ কৰি আমি এক নিৰাপদ, সুৰক্ষিত আৰু সজীৱ স্থল সীমান্তৰ ধাৰণাটো আগুৱাই লৈ গৈছো
পোষ্ট কৰা হৈছে:
21 AUG 2026 6:14PM by PIB Guwahati
কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি পশ্চিমবংগৰ শিলিগুৰিত সশস্ত্ৰ সীমা বল(এছ এছ বি)ৰ বিভিন্ন প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰাৰ লগতে জোৱানসকলৰ সৈতে মত বিনিময় কৰে। এই উপলক্ষে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শ্ৰী শুভেন্দু অধিকাৰী, দাৰ্জিলিং লোকসভাৰ সাংসদ শ্ৰী ৰাজু বিস্তা, কেন্দ্ৰীয় গৃহ সচিব শ্ৰী গোবিন্দ মোহন, চোৰাংচোৱা ব্যুৰো (আই বি)ৰ সঞ্চালক শ্ৰী মহেশ দীক্ষিত, সীমান্ত ব্যৱস্থাপনাৰ সচিব ড° ৰাজেন্দ্ৰ কুমাৰ আৰু এছ এছ বিৰ সঞ্চালকপ্ৰধান শ্ৰী সঞ্জয় সিংঘলৰ লগতে কেইবাজনো উচ্চপদস্থ বিষয়া উপস্থিত থাকে।

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে যোৱা ১৫ আগষ্টত দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱস আছিল অতি বিশেষ অনুষ্ঠান। তেওঁ কয় যে ৰাষ্ট্ৰীয় গীত ‘বন্দে মাতৰম’ৰ ৰচনাৰ ১৫০ বছৰ সম্পূৰ্ণ হোৱাৰ পিছত আৰু দেশৰ স্বাধীনতাৰ ৮০ বছৰ সম্পূৰ্ণ হোৱাৰ লগে লগে প্ৰথমবাৰৰ বাবে দেশবাসীকে ধৰি সমগ্ৰ বিশ্বই লালকিল্লাৰ পৰা সম্পূৰ্ণ ‘বন্দে মাতৰম’ গীতটো শুনিবলৈ পাইছিল। তেওঁ কয় যে বংকিম চন্দ্ৰ চেটাৰ্জীৰ অমৰ সৃষ্টি "বন্দে মাতৰম"-এ আমাৰ স্বাধীনতা আন্দোলনক উজ্জীৱিত কৰাই নহয়, স্বাধীন ভাৰত কেনেকুৱা হ'ব সেই দৃষ্টিভংগীও প্ৰদান কৰিছিল। শ্ৰী শ্বাহে কয় যে বংকিম চন্দ্ৰ চেটাৰ্জীৰ কামে স্বাধীন ভাৰতে সাংস্কৃতিক জাতীয়তাবাদক আঁকোৱালি লৈ আগবাঢ়ি যোৱাটো নিশ্চিত কৰিছিল। গৃহমন্ত্ৰীগৰাকীয়ে লগতে কয় যে স্বাধীনতাৰ সময়ত দেশ বিভাজন হোৱাৰ পিছতো মূল বিৰোধী দলটোৱে কেতিয়াও "বন্দে মাতৰম" সম্পূৰ্ণ আন্তৰিকতাৰে মানি লোৱা নাছিল। জনসাধাৰণৰ অনুভূতিৰ লগত খাপ খুৱাই সংসদত "বন্দে মাতৰম" গোৱা হ'ল আৰু সকলোৱে থিয় দিলে, কিন্তু "বন্দে মাতৰম" সম্পূৰ্ণকৈ গোৱা নহ'ল কাৰণে দুখ লাগিল। তেওঁ কয় যে শেহতীয়াকৈ গৃহ মন্ত্ৰণালয়ে সংসদত এখন বিধেয়ক গৃহীত কৰি "বন্দে মাতৰম" সম্পূৰ্ণকৈ গোৱাটো চৰকাৰী কাৰ্যসূচীৰ অংশ হিচাপে লোৱাৰ সিদ্ধান্ত লৈছে, যিটো এক ঐতিহাসিক পদক্ষেপ। ইয়াৰ দ্বাৰা আমাৰ ল’ৰা-ছোৱালী আৰু যুৱক-যুৱতীকে ধৰি ভৱিষ্যত প্ৰজন্মই বংকিম চন্দ্ৰ চেটাৰ্জীৰ অমৰ বাৰ্তা লাভ কৰাটো নিশ্চিত হ’ব। তেওঁ কয় যে প্ৰতিদিনে যদি বিদ্যালয়ত "বন্দে মাতৰম" সম্পূৰ্ণ গীতটো গোৱা হয় তেন্তে ই শিশুসকলক নিশ্চয় দেশপ্ৰেমৰ ভাৱনাৰে উদ্বুদ্ধ কৰিব।
শ্ৰী অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশক শক্তিশালী কৰা "সপ্তধাৰা" (সাতটা ধাৰা) ঘোষণা কৰিছে। তেওঁ কয় যে প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশৰ যুৱক-যুৱতীসকলক উৎপাদন শক্তি, প্ৰতিৰক্ষা শক্তি, কৃষি আৰু খাদ্য প্ৰক্ৰিয়াকৰণ, সেউজ আৰু নীল অৰ্থনীতি, প্ৰযুক্তি আৰু উদ্ভাৱন, আন্তঃগাঁথনি, ভাৰতৰ মসৃণ শক্তিৰ সাতটা ধাৰাৰ সৈতে সংযোগ স্থাপন কৰি ৰাষ্ট্ৰ নিৰ্মাণত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। তদুপৰি প্ৰধানমন্ত্ৰী মোদীয়ে ২০৪৭ চনৰ ভিতৰত ১০০ গিগাৱাট (জি ডব্লিউ) পাৰমাণৱিক শক্তি ক্ষমতা লাভ কৰাৰ লগতে অহা তিনি বছৰত ৮টা নতুন অৰ্ধপৰিবাহী প্ৰকল্প আৰম্ভ কৰাৰ প্ৰতিশ্ৰুতি দিছে। তেওঁ কয় যে এই সাতটা ধাৰাৰ ভিত্তিত যেতিয়া ভাৰতৰ স্বাধীনতাৰ শতবাৰ্ষিকী উদযাপন কৰা হ’ব তেতিয়া ভাৰত বিশ্বৰ প্ৰতিটো ক্ষেত্ৰতে এক নম্বৰ স্থানত উপনীত হব।
কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে পশ্চিমবংগৰ পূৰ্বৰ মুখ্যমন্ত্ৰীয়ে এছ এছ বি আৰু বি এছ এফৰ কোনো অনুষ্ঠানত অংশগ্ৰহণ কৰা নাছিল। তেওঁ কয় যে এছ এছ বি, বি এছ এফ, আই টি বি পি কোনো ৰাজনৈতিক দল বা চৰকাৰৰ সংস্থা নহয়, বৰঞ্চ সীমান্ত নিৰাপত্তা বাহিনী আৰু সকলো ৰাজনৈতিক দলেই এই জোৱানসকলৰ সৈতে থিয় দিব লাগে। শ্ৰী শ্বাহে কয় যে অনুপ্ৰৱেশ বন্ধ কৰি পশ্চিমবংগ আৰু দেশক সুৰক্ষিত কৰাটো আমাৰ সংকল্প আৰু ইয়াৰ আটাইতকৈ শক্তিশালী সমাধান হৈছে বেৰ নিৰ্মাণ কৰা। তেওঁ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শ্ৰী শুভেন্দু অধিকাৰীক প্ৰশংসা কৰি কয় যে তেওঁ কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছৰে পৰা সীমান্ত সুৰক্ষাৰ বাবে আমি তাৎক্ষণিক সমৰ্থন লাভ কৰিছোঁ। শ্ৰী শ্বাহে কয় যে পশ্চিমবংগত চৰকাৰ গঠনৰ ৪৫ দিনৰ ভিতৰত ভাৰত চৰকাৰে বি এছ এফ আৰু এছ এছ বিৰ বাবে ১১৩৯ একৰ ভূমি হস্তান্তৰ কৰিছিল। ২০১৪ চনৰ পৰা ভাৰত চৰকাৰে দাবী কৰি অহা এই ভূমি কিন্তু পূৰ্বৰ পশ্চিমবংগ চৰকাৰে নিদিলে বুলিও তেওঁ কয়। তেওঁ লগতে কয় যে পশ্চিমবংগৰ জনসাধাৰণে ৰাষ্ট্ৰীয় নিৰাপত্তাক অগ্ৰাধিকাৰ দিয়া চৰকাৰ নিৰ্বাচন কৰিছে।
শ্ৰী অমিত শ্বাহে কয় যে আজি শিলিগুৰিত এছ এছ বিৰ সীমান্ত মুখ্য কাৰ্যালয়ৰ প্ৰশাসনিক ভৱনৰ আধাৰশিলা স্থাপন কৰা হয়, যিটো ৮০ একৰ মাটিত নিৰ্মাণ হ’ব। তেওঁ জনোৱা মতে, আজি ১৯নং বেটেলিয়ন ঠাকুৰগঞ্জৰ আধাৰশিলা স্থাপন, কিষাণগঞ্জত দ্বাদশ বেটেলিয়নৰ ই-আধাৰশিলা, নিউ জলপাইগুৰিৰ ট্ৰেনজিট কেম্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানো অনুষ্ঠিত হয়। শ্ৰী শ্বাহে কয় যে এছ এছ বি কৰ্মীসকলৰ প্ৰশাসনিক আৰু আৱাসিক সুবিধাসমূহৰ বাবে আজি ইয়াত মুঠ ১৮৯ কোটি টকাৰ নতুন প্ৰকল্প আৰম্ভ কৰা হৈছে। শ্ৰী শ্বাহে লগতে কয় যে তেওঁ গৃহমন্ত্ৰী হোৱাৰ পিছৰে পৰা নিৰাপত্তা বাহিনীৰ প্ৰয়োজনীয়তা, সেয়া এছ এছ বিয়ে হওক, বি এছ এফে হওক বা অসম ৰাইফলছেই হওক, গৃহ মন্ত্ৰালয়ৰ শীৰ্ষ অগ্ৰাধিকাৰ তালিকাত আছে।

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে এছ এছ বিৰ এক গৌৰৱময় ইতিহাস আছে। ১৯৬৫ চনত মণিপুৰ, জম্মু-কাশ্মীৰ আৰু ত্ৰিপুৰা, ১৯৭৫ চনত মেঘালয়, ১৯৭৬ চনত ছিকিম, ১৯৮৫ চনত ৰাজস্থান আৰু গুজৰাট, ১৯৮৯ চনত নাগালেণ্ড, মিজোৰাম, দক্ষিণ বংগলৈ এছ এছ বিৰ সম্প্ৰসাৰণ হয়। কিন্তু কাৰ্গিলৰ পিছত যেতিয়া "এটা সীমান্ত, এটা বাহিনী" নীতি গ্ৰহণ কৰা হ'ল, তেতিয়া এছ এছ বিক নেপাল, ভূটানৰ দৰে বন্ধুত্বপূৰ্ণ দেশৰ মুকলি সীমান্তত নিয়োজিত হোৱাৰ আটাইতকৈ কঠিন কামটো দিয়া হ'ল। ২০০১ চনৰ পৰা ১৭৫১ কিলোমিটাৰ দৈৰ্ঘ্যৰ ভাৰত-নেপাল সীমান্তত আৰু ২০০৪ চনৰ পৰা প্ৰায় ৭০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ ভাৰত-ভূটান সীমান্তত এছ এছ বি মোতায়েন কৰা হৈছে। তেওঁ কয় যে যেতিয়া কোনো সীমান্তত বেৰ দিয়া হয় তেতিয়া ইয়াক ৰক্ষা কৰা বাহিনীৰ দায়িত্ব কিছু সহজ হৈ পৰে। কিন্তু এছ এছ বিক বেৰবিহীন সীমান্ত নিৰীক্ষণৰ দায়িত্ব দিয়া হৈছে, যিটো আটাইতকৈ কঠিন। তেওঁ কয় যে মুকলি সীমান্তত নিয়োজিত হোৱাৰ বাবে এছ এছ বি জোৱানসকলৰ কাম আটাইতকৈ কঠিন। শ্ৰী শ্বাহে কয় যে সমগ্ৰ ৰাষ্ট্ৰই এছ এছ বি জোৱানসকলৰ সমন্বয়, নিৰাপত্তাৰ প্ৰতি তেওঁলোকৰ সমৰ্পণ আৰু দুয়োখন বন্ধুত্বপূৰ্ণ দেশৰ সৈতে আমাৰ সাংস্কৃতিক সম্পৰ্ক বৃদ্ধিৰ ক্ষেত্ৰত তেওঁলোকৰ অৱদানক সন্মান কৰে।
শ্ৰী অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ দৃষ্টিকোণৰ পৰা শিলিগুৰি কৰিডৰৰ গুৰুত্ব সম্পূৰ্ণৰূপে স্বীকাৰ কৰিছে। এইটো আঠখন ৰাজ্যক সংযোগ কৰা এক অতি স্পৰ্শকাতৰ আৰু গুৰুত্বপূৰ্ণ কৰিডৰ। এই শিলিগুৰি কৰিডৰৰ কাষে কাষে তিনিটা আন্তঃৰাষ্ট্ৰীয় সীমান্ত– নেপাল, ভূটান, আৰু বাংলাদেশ আছে আৰু ইয়াৰ নিৰাপত্তা ৰাষ্ট্ৰৰ নিৰাপত্তাৰ সৈতে জড়িত। গৃহমন্ত্ৰীগৰাকীয়ে কয় যে মোদী চৰকাৰে ত্ৰিকোণীয় নিৰাপত্তা ব্যৱস্থাৰ জৰিয়তে শিলিগুৰি কৰিডৰ সুৰক্ষিত কৰি ৰাষ্ট্ৰীয় নিৰাপত্তা অধিক শক্তিশালী কৰিছে। তেওঁ কয় যে আমি এই ঘন জনবসতিপূৰ্ণ কৰিড’ৰত সজাগতা আৰু উপস্থিতি বৃদ্ধি কৰাৰ লগতে আমাৰ আধিপত্যও বিস্তাৰ কৰিছোঁ। আমি সময়ে সময়ে বিভিন্ন অভিযান আৰু অনুশীলনত অংশ লৈছোঁ যদিও এটা সুৰুঙা ৰৈ গৈছিল। তেওঁ উল্লেখ কৰে যে শিলিগুৰি কৰিড’ৰ সম্পূৰ্ণৰূপে শক্তিশালী আৰু সুৰক্ষিত কৰিবলৈ ভাৰত চৰকাৰী সংস্থাসমূহক ৫৬০ একৰ মাটিৰ প্ৰয়োজন, যিটো পূৰ্বৰ পশ্চিমবংগ চৰকাৰে প্ৰদান কৰা নাছিল। তেওঁ কয়, "আমি ৫৬০ একৰ মাটি আবণ্টনৰ বাবে নীতিগত অনুমোদন দিয়াৰ বাবে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শ্ৰী শুভেন্দু অধিকাৰীক অভিনন্দন জনাইছোঁ।"

গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে উল্লেখ কৰে যে কেৱল নিৰাপত্তা বাহিনীয়ে কোনো অঞ্চল সুৰক্ষিত কৰিব নোৱাৰে। তেওঁ লগতে কয় যে জনসংখ্যা বৃদ্ধি, প্ৰব্ৰজন আৰু পৰ্যটনে এটা অঞ্চলত আমাৰ উপস্থিতি বৃদ্ধি কৰে। তেওঁ উল্লেখ কৰে যে ২০২৬-২৭ চনৰ বাজেটত অনুমোদিত সাতটা তীব্ৰবেগী ৰে’ল কৰিডৰৰ ভিতৰত দিল্লী-শিলিগুৰি কৰিডৰ অন্যতম, যাৰ ফলত ২-৩ বছৰৰ ভিতৰত মাত্ৰ কেইঘণ্টামানৰ ভিতৰতে দিল্লীৰ পৰা শিলিগুৰিলৈ যাব পৰা যাব। তেওঁ লগতে কয় যে আমি অমৃত ভাৰত যোজনাৰ অধীনত শিলিগুৰি আৰু জলপাইগুৰি ষ্টেচনৰ সংস্কাৰ কৰিছোঁ।
শ্ৰী অমিত শ্বাহে কয় যে ভাইব্ৰেণ্ট গাঁও কাৰ্যসূচীৰ জৰিয়তে আমি কেৱল গাঁওবোৰক সংযোগ কৰাই নহয় গাঁৱত বসবাস কৰা ভাৰতীয়সকলৰ হৃদয়ো সংযোগ কৰিছোঁ। তেওঁ কয় যে এই ৬৮৩৯ কোটি টকাৰ আঁচনি বাংলাদেশ আৰু ভূটান সীমান্তৰ বাবে অতি গুৰুত্বপূৰ্ণ। তেওঁ কয় যে আমি আমাৰ নিৰাপদ, সুৰক্ষিত আৰু সজীৱ স্থল সীমান্তৰ ধাৰণাটোক আগুৱাই নিম। তেওঁ কয় যে আজি আমাৰ জোৱানসকলৰ সুবিধাৰ্থে ১৯০ কোটি টকা বিনিয়োগ কৰি দেশ ৰক্ষাৰ সামৰ্থ্য বৃদ্ধি কৰা হৈছে। ইয়াৰ দ্বাৰা সৈনিকসকলৰ মন, শৰীৰ, আত্মাই সকাহ পাব আৰু তেওঁলোকৰ কৰ্মৰ ক্ষেত্ৰত এটা ভাল পৰিৱেশৰ সৃষ্টি হ’ব।

ভাষণ প্ৰসংগত গৃহমন্ত্ৰীগৰাকীয়ে চেহনাইৰ প্ৰখ্যাত শিল্পী ওস্তাদ বিছমিল্লা খান আৰু উত্তৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কল্যাণ সিঙক মৃত্যুবাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ কয় যে ওস্তাদ বিছমিল্লা খানে ভাৰতীয় সংগীতক বিশ্বমঞ্চলৈ নিছিল। তেওঁ ৰাগ-ৰাগিণী আৰু আমাৰ বিশুদ্ধ শাস্ত্ৰীয় সংগীতৰ প্ৰচাৰ-প্ৰসাৰ কৰিছিল। উত্তৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কল্যাণ সিংজী সন্দৰ্ভত গৃহমন্ত্ৰীগৰাকীয়ে কয় যে উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী হৈ থকাৰ সময়তে তেওঁ প্ৰথমবাৰৰ বাবে ৰাজ্যখনক প্ৰশাসনিকভাৱে পুনৰ সংগঠিত কৰাৰ চেষ্টা কৰিছিল আৰু ৰাম জন্মভূমি আন্দোলনত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল।
*****
RK/RR/PR/PS/KD
(ৰিলিজ আই ডি : 2302235)
অতিথি কক্ষ : 21