গৃহ মন্ত্ৰালয়
ডেৰাডুনত ১৪সংখ্যক ভাৰত-নেপাল যুটীয়া কাৰ্যকৰী গোটৰ বৈঠক অনুষ্ঠিত
प्रविष्टि तिथि:
21 AUG 2026 6:48PM by PIB Guwahati
ভাৰত-নেপাল যুটীয়া কাৰ্যকৰী গোটৰ চতুৰ্দশ বৈঠক ২০–২১ আগষ্ট, ২০২৬ তাৰিখে ডেৰাডুনত অনুষ্ঠিত হয়।
ভাৰত চৰকাৰৰ গৃহ পৰিক্ৰমা মন্ত্ৰণালয়ৰ যুটীয়া সচিব (বিএম-আই) শ্ৰীমতী পৌচুমী বসুৰ নেতৃত্বত ভাৰতীয় প্ৰতিনিধি দলটো উপস্থিত থাকে। নেপাল চৰকাৰৰ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ যুটীয়া সচিব শ্ৰী আনন্দ কাফ্লেৰ নেতৃত্বত অংশগ্ৰহণ কৰে নেপালী প্ৰতিনিধি দলটোৱে।
দুয়োপক্ষই সীমান্ত ব্যৱস্থাপনা আৰু নিৰাপত্তাৰ ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতাৰ সকলো দিশ পৰ্যালোচনা কৰে আৰু এই ক্ষেত্ৰসমূহত সহযোগিতা আৰু অধিক শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতি পুনৰ উল্লেখ কৰে।

উক্ত বৈঠকত সীমা অতিক্ৰম কৰা অপৰাধ আৰু অপৰাধমূলক কাৰ্যকলাপৰ সৈতে মোকাবিলা কৰা; সীমান্ত আন্তঃগাঁথনি বিশেষকৈ সংহত চেক পোষ্ট (আইচিপি), পথ আৰু ৰেলৱে নেটৱৰ্ক শক্তিশালী কৰা আৰু ইয়াৰ ফলপ্ৰসূ ব্যৱহাৰ তথা বেদখল আঁতৰোৱা আৰু সীমাৰ স্তম্ভ ৰক্ষণাবেক্ষণ কৰাৰ বিষয়ে আলোচনা কৰা হয়।
দুয়োপক্ষই বিভিন্ন ক্ষেত্ৰত প্ৰতিষ্ঠানিক সমন্বয় আৰু সামৰ্থ্য বিকাশ শক্তিশালী কৰাৰ ক্ষেত্ৰতো মত বিনিময় কৰে আৰু এই ক্ষেত্ৰসমূহত অবিৰত সহযোগিতা বৰ্তাই ৰাখিবলৈ সন্মত হয়।
যুটীয়া কাৰ্যকৰী গোটৰ পৰৱৰ্তী বৈঠক পাৰস্পৰিক সুবিধাজনক তাৰিখত নেপালত অনুষ্ঠিত হ’ব বুলি সহমতত উপনীত হয়।
FNM0.jpeg)
***
RK/RR/PR/PS/KD
(रिलीज़ आईडी: 2302203)
आगंतुक पटल : 7