প্ৰতিৰক্ষা মন্ত্ৰালয়
azadi ka amrit mahotsav

এনচিচিৰ সৰ্বভাৰতীয় ছোৱালীৰ উচ্চ উচ্চতাৰ লং ট্ৰেক ‘অপৰাজিতা - পাৰাং লা ২০২৬’ মুকলি কৰিলে প্ৰতিৰক্ষা মন্ত্ৰীয়ে

তিনিওটা সেৱাৰ মহিলা বিষয়া, ২৮ গৰাকী ছোৱালী কেডেটৰ নেতৃত্বত ভাৰতৰ অন্যতম প্ৰত্যাহ্বানমূলক উচ্চ উচ্চতাৰ পথ অতিক্ৰম কৰি ৩০ দিনত ২৫০ কিলোমিটাৰ, ট্ৰেকিং কৰিব

দেশৰ ‘নাৰী শক্তি’, শ্ৰী ৰাজনাথ সিঙৰ সাহস, দৃঢ়তা আৰু ক্ৰমবৰ্ধমান সামৰ্থ্যৰ এক শক্তিশালী সাক্ষী হৈ পৰিছে এই অভিযান

प्रविष्टि तिथि: 18 AUG 2026 12:55PM by PIB Guwahati

প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙে ২০২৬ চনৰ ১৮ আগষ্টত নতুন দিল্লীত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত নেশ্যনেল কেডেট কৰ্পছৰ (এনচিচি) ফ্লেগশ্বিপ এডভেঞ্চাৰ এক্টিভিটি ‘অপৰাজিতা - পাৰাং লা ২০২৬’,  অল ইণ্ডিয়া গাৰ্লছ হাই এলটিটুড লং ট্ৰেক ‘অপৰাজিতা - পাৰাং লা ২০২৬’ৰ ফ্লেগ-মুকলি  কৰে। এই অভিযানক  হিমাচল প্ৰদেশৰ লাডাখৰ চাংথাং অঞ্চলৰ আৰু  দেশৰ অন্যতম প্ৰত্যাহ্বানমূলক উচ্চ উচ্চতাৰ ট্ৰেকিং পথ হিচাপে গণ্য কৰা হয়।

https://static.pib.gov.in/WriteReadData/userfiles/image/image001GUAR.jpg

দলটোৰ নেতৃত্বত থাকিব তিনিওটা  সেৱাক প্ৰতিনিধিত্ব কৰা তিনিগৰাকী মহিলা বিষয়া। ২৮ গৰাকী ছোৱালী  কেডেটে এই অভিযানত অংশগ্ৰহণ কৰিছে,তেওঁলোকৰ গড় বয়স ১৯ বছৰ, আটাইতকৈ কম বয়সীয়া অংশগ্ৰহণকাৰীগৰাকীৰ বয়স মাত্ৰ ১৬ বছৰ। ভাষণ প্ৰসংগত  প্ৰতিৰক্ষা মন্ত্ৰীয়ে এনে প্ৰত্যাহ্বানমূলক উচ্চ উচ্চতাৰ অভিযানত কণমানি ছোৱালীৰ অংশগ্ৰহণক দেশৰ মহিলাসকলৰ সাহস, দৃঢ়তা আৰু ক্ৰমবৰ্ধমান সামৰ্থ্যৰ এক শক্তিশালী প্ৰমাণ বুলি অভিহিত কৰে।

বিষয়া, চিকিৎসা কৰ্মী, প্ৰশিক্ষক আৰু সহায়ক কৰ্মীৰ সৈতে অভিযানকাৰী দলটোৱে হিমালয়ৰ কিছুমান অতি দুৰ্গম আৰু প্ৰত্যাহ্বানমূলক ভূখণ্ডৰ মাজেৰে ৩০ দিনৰ ভিতৰত প্ৰায় ২৫০ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই যাত্ৰা কৰিব। এই অভিযানৰ পথত কিবাৰ, ডুমলা, থালটাক, বংগ্ৰ’জেন, পাৰাং লা পাছ, ডাক কাৰ্জং, নৰ্বু চুমডো, কিয়াংডম আৰু কৰ্জ’ক আদিয়ে উচ্চ উচ্চতাৰ মৰুভূমি, হিমবাহ, বৰফেৰে ঢাকি ৰখা পথ আৰু নদীৰ উপত্যকা অতিক্ৰম কৰিব ।

https://static.pib.gov.in/WriteReadData/userfiles/image/image002ED77.jpg

দলটোক নিৰাপদ আৰু সফল ভ্ৰমণৰ বাবে শুভেচ্ছা জ্ঞাপন কৰি শ্ৰী ৰাজনাথ সিঙে কয় যে এনে অভিযানে যুৱ প্ৰজন্মৰ মাজত নেতৃত্বৰ গুণ, মানসিক স্থিতিস্থাপকতা, অনুশাসন আৰু আত্মবিশ্বাস গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তেওঁ নিৰ্বাচিত কেডেটসকলক তেওঁলোকৰ শাৰীৰিক আৰু মানসিক প্ৰস্তুতিৰ বাবে প্ৰশংসা কৰি এই কথাত গুৰুত্ব আৰোপ কৰে যে এই ট্ৰেকিং তেওঁলোকৰ বাবে স্থিতিস্থাপকতা, আত্মবিশ্বাস আৰু আত্ম-আৱিষ্কাৰৰ লগতে  জীৱনৰ শিক্ষা হ’ব। “কেডেটসকলে পাৰাং লাৰ পৰা কেৱল স্মৰণীয় অভিজ্ঞতাই নহয়, নিজৰ আভ্যন্তৰীণ শক্তিৰ বিষয়েও গভীৰভাবে  বুজি  লৈ উভতি আহিব,” তেওঁ এনেদৰে  আশা প্ৰকাশ কৰে।

প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে দলৰ সদস্যসকলক সমগ্ৰ অভিযানটোত ‘নিৰাপত্তা’, ‘পৰিৱেশ’ আৰু ‘স্থানীয় জনগোষ্ঠীৰ সৈতে পাৰস্পৰিক ক্ৰিয়া-কলাপ’ক অগ্ৰাধিকাৰৰ বিষয়  হিচাপে ৰাখিবলৈ আহ্বান জনায়। 'প্ৰশিক্ষকৰ নিৰ্দেশনা কঠোৰভাৱে অনুসৰণ কৰক, অপ্ৰয়োজনীয় বিপদ এৰাই চলক আৰু হিমালয়ৰ পৰিৱেশ বিজ্ঞান সুৰক্ষিত কৰিবলৈ শূন্য আৱৰ্জনা পদ্ধতি গ্ৰহণ কৰক। স্থানীয় জনগোষ্ঠীৰ সৈতে সন্মানজনকভাৱে জড়িত হওক, তেওঁলোকৰ সংস্কৃতি আৰু পৰম্পৰা বুজি লওক  আৰু তেওঁলোকৰ অভিজ্ঞতাৰ পৰা শিকিবলৈ চেষ্টা কৰক-প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে এই আহ্বান জনায়। স্থল, পানী আৰু আকাশত দুঃসাহসিক কাৰ্য্যকলাপত এনচিচিৰ কেডেটসকলৰ ক্ৰমবৰ্ধমান সফলতাৰ বিষয়ত আলোকপাত কৰি শ্ৰী ৰাজনাথ সিঙে সন্মুখৰ পৰা নেতৃত্ব দি ‘নাৰী শক্তি’ৰ মনোভাৱ প্ৰদৰ্শন কৰাৰ বাবে কন্যা কেডেটসকলক প্ৰশংসা কৰে। সৰ্বভাৰতীয় এনচিচি সঞ্চালকালয়ৰ কেডেটসকলৰ অংশগ্ৰহণৰ সন্দৰ্ভত তেওঁ দৃঢ়তাৰে কয় যে তেওঁলোকৰ বৈচিত্ৰ্যময় ভাষা, সংস্কৃতি আৰু পটভূমি, এক উমৈহতীয়া অভিযানৰ দ্বাৰা একত্ৰিত, ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ৰ মনোভাৱৰ উদাহৰণ।

 

 

https://static.pib.gov.in/WriteReadData/userfiles/image/image004KYJ5.jpg

এই উপলক্ষ্যে আয়োজিত অনুষ্ঠানত এনচিচিৰ সঞ্চালক প্ৰধান লেফটেনেণ্ট জেনেৰেল বীৰেন্দ্ৰ ভাটছ, আৰু এনচিচি আৰু প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।এইঅভিযান  দুটা পৰ্যায়ত এই অভিযান চলাই থকা হৈছে। ভাবা-পিন উপত্যকা খণ্ডত প্ৰস্তুতিমূলক আৰু অভ্যস্ততামূলক যাত্ৰা আৰম্ভ কৰা হয়, তাৰ পিছত এনচিচিৰ  ছোৱালী কেডেটৰ চূড়ান্ত দলটো মেধা অনুসৰি নিৰ্বাচিত কৰা হয়। এন চি চিৰ গাৰ্ল কেডেটৰ মাজত নাৰী শক্তি, নেতৃত্ব, আত্মবিশ্বাস, দলীয় কাম-কাজ, সহনশীলতা আৰু ৰাষ্ট্ৰীয় সংহতিৰ প্ৰসাৰৰ বাবে এই অভিযানৰ আৰম্ভ কৰা হৈছে।

 

*******

VK/Savvy/DM


(रिलीज़ आईडी: 2301846) आगंतुक पटल : 8
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Bengali , Bengali-TR , Punjabi , Gujarati , Tamil , Telugu , Malayalam