ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ
azadi ka amrit mahotsav

দিল্লীৰ মুনিৰ্কা অঞ্চলত মণিপুৰৰ দুজন লোকক শাৰীৰিকভাবে আক্ৰমণৰ বাতৰিক লৈ ভাৰতৰ এন এইচ আৰ চি-ৰ নিজাববীয়া গোচৰ

বাতৰি অনুসৰি, মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত এজন ভুক্তভোগীক চিকিৎসালয়ত ভেণ্টিলেটৰত ৰখা হৈছে

আয়োগে দিল্লী আৰক্ষী আয়ুক্তলৈ এক জাননী জাৰি কৰি দুসপ্তাহৰ ভিতৰত বিষয়টো সন্দৰ্ভত এক বিশদ প্ৰতিবেদন বিচাৰিছে

प्रविष्टि तिथि: 19 AUG 2026 12:41PM by PIB Guwahati

ভাৰতৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে (এন এইচ আৰ চি) দিল্লীৰ মুনিৰ্কা অঞ্চলত মণিপুৰৰ দুজন ব্যক্তিক দুজন লোকে আক্ৰমণ কৰা সন্দৰ্ভত সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিৰ ওপৰত ভিত্তি কৰি নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছে। বাতৰি অনুসৰি, ভুক্তভোগীসকলৰ এজনে মূৰত গুৰুতৰ আঘাত পাইছে আৰু তেওঁক চিকিৎসালয়ত ভেণ্টিলেটৰত ৰখা হৈছে।

আয়োগে মন্তব্য কৰিছে যে বাতৰিত প্ৰকাশিত তথ্য যদি সঁচা, তেন্তে ই মানৱ অধিকাৰৰ গুৰুতৰ উলংঘন। সেয়েহে, ই দিল্লী আৰক্ষী আয়ুক্তলৈ জাননী জাৰি কৰি দুসপ্তাহৰ ভিতৰত বিষয়টোৰ সম্পৰ্কত এক বিশদ প্ৰতিবেদন বিচাৰিছে। প্ৰতিবেদনত তদন্ত আৰু আহতসকলৰ স্বাস্থ্যৰ অৱস্থা অন্তৰ্ভুক্ত হ’ব বুলি আশা কৰা হৈছে।

২০২৬ চনৰ ১৪ আগষ্টত সংবাদ মাধ্যমত প্ৰচাৰিত বাতৰি অনুসৰি, এটা সৰু বিষয়ক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিবাদত ভুক্তভোগীসকলৰ ওপৰত আক্ৰমণ সংঘটিত হৈছিল।

***

NSK/HS


(रिलीज़ आईडी: 2301213) आगंतुक पटल : 4
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Gujarati , Urdu , हिन्दी , Bengali-TR , Tamil , Telugu