প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

পশ্চিম বংগৰ বীৰভূমত সংঘটিত দুৰ্ঘটনাৰ ভুক্তভোগীসকলৰ বাবে পিএমএনআৰএফৰ পৰা এককালীন সাহায্য ঘোষণা প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 17 AUG 2026 3:14PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজি (পিএমএনআৰএফ) ৰ পৰা পশ্চিম বংগৰ বীৰভূমত সংঘটিত দুৰ্ঘটনাত নিহতসকলৰ পৰিয়ালবৰ্গলৈ ২  লাখ টকাকৈ আৰু আহতসকলৰ প্ৰতিগৰাকীৰ  বাবে ৫০,০০০ টকাকৈ এককালীন সাহায্য ঘোষণা কৰিছে।

   এক্স-ত এটা পোষ্টত প্ৰধানমন্ত্ৰীৰ কাৰ্য্যলয়ে শ্বেয়াৰ কৰিছেঃ

"পশ্চিম বংগৰ বীৰভূমত সংঘটিত দুৰ্ঘটনাৰ পৰিপ্ৰেক্ষিতত, প্ৰধানমন্ত্ৰীয়ে প্ৰতিগৰাকী মৃতকৰ নিকট আত্মীয়ৰ বাবে পিএমএনআৰএফৰ পৰা ২ লাখ টকাকৈ আৰু আহতসকলৰ বাবে ৫০,০০০  টকাকৈ ঘোষণা কৰিছে।"

***

MJPS/SS/PRK/DD


(ৰিলিজ আই ডি : 2300450) অতিথি কক্ষ : 51