প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

পশ্চিম বংগৰ বীৰভূমত সংঘটিত অগ্নিকাণ্ডত প্ৰাণ হেৰুওৱা লোকসকলৰ বাবে প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

प्रविष्टि तिथि: 17 AUG 2026 1:32PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পশ্চিম বংগৰ বীৰভূমত সংঘটিত এক অগ্নিকাণ্ডত প্ৰাণ হেৰুওৱা লোকসকলৰ বাবে গভীৰ শোক প্ৰকাশ কৰিছে।

প্ৰধানমন্ত্ৰীয়ে প্ৰিয়জনক হেৰুওৱা লোকসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰে। তেওঁ লগতে কয় যে স্থানীয় প্ৰশাসনে দুৰ্ঘটনাগ্ৰস্ত লোকসকলক সক্ৰিয়ভাৱে সহায় কৰি আছে।

এক্স-ৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে শ্বেয়াৰ কৰিছেঃ

"পশ্চিম বংগৰ বীৰভূমত সংঘটিত অগ্নিকাণ্ডত কেইবাগৰাকীও লোকে প্ৰাণ হেৰুওৱাৰ খবৰ শুনি দুখ পাইছো। প্ৰিয়জনক হেৰুওৱা লোকসকলৰ প্ৰতি মই সমবেদনা জ্ঞাপন কৰিছো। আহতসকলৰ আশু আৰোগ্য কামনা কৰিছো। স্থানীয় প্ৰশাসনে দুৰ্ঘটনাত ক্ষতিগ্ৰস্ত লোকসকলক সহায় কৰি আছেঃপিএম @narendramodi "



***

 

MJPS/SS/PRK/DD


(रिलीज़ आईडी: 2300415) आगंतुक पटल : 5
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Telugu , Kannada , Malayalam