প্ৰতিৰক্ষা মন্ত্ৰালয়
২০২৬ চনৰ স্বাধীনতা দিৱসৰ ভাষণত ‘ৰক্ষা শক্তি’ক বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ মূল চাবিকাঠি আখ্যা প্ৰধানমন্ত্ৰীৰ
পৰৱৰ্তী প্ৰজন্মৰ প্ৰতিৰক্ষা প্ৰযুক্তিৰ আন্তৰ্জাতিক যোগানকাৰী হ’ব লাগিব ভাৰতঃ শ্ৰী নৰেন্দ্ৰ মোদী
বৰ্তমানৰ পৰিৱৰ্তিত পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত থলুৱা প্ৰতিৰক্ষা সঁজুলি আৰু সামৰিক সামৰ্থ্য বৃদ্ধিৰ ওপৰত অধিক গুৰুত্বৰ প্ৰয়োজনঃ প্ৰধানমন্ত্ৰী
দ্ৰুতগতিত অগ্ৰসৰ হৈছে মিছন সুদৰ্শন চক্ৰৰ কামঃ প্ৰধানমন্ত্ৰী
আধুনিক প্ৰত্যাহ্বানসমূহ অতিক্ৰম কৰিবলৈ গঠন কৰা হ’ব অসামৰিক প্ৰতিৰক্ষাৰ বৃহৎ স্বেচ্ছাসেৱী বাহিনীঃ প্ৰধানমন্ত্ৰী
प्रविष्टि तिथि:
15 AUG 2026 3:26PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ ২০২৬ চনৰ স্বাধীনতা দিৱসৰ সম্বোধনত ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত গঢ়ি তোলাৰ মূল চাবিকাঠি হিচাপে উল্লেখ কৰা শক্তিৰ সাতটা ধাৰাৰ ভিতৰত 'ৰক্ষা শক্তি' অন্যতম। ২০২৬ চনৰ ১৫ আগষ্টত দিল্লীৰ লালকিল্লাৰ প্ৰাচীৰৰ পৰা প্ৰধানমন্ত্ৰীয়ে প্ৰতিৰক্ষা খণ্ডত আত্মনিৰ্ভৰতাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি ভাৰতক পৰৱৰ্তী প্ৰজন্মৰ প্ৰতিৰক্ষা প্ৰযুক্তিৰ এক আন্তৰ্জাতিক যোগানকাৰী হিচাপে আত্মপ্ৰকাশ কৰিবলৈ আহ্বান জনায়।

"প্ৰতিৰক্ষা খণ্ডত আত্মনিৰ্ভৰশীল হোৱাৰ কোনো বিকল্প নাই। সমগ্ৰ বিশ্বৰ দেশসমূহে ক্ৰমান্বয়ে নিজৰ স্বাৰ্থৰ বিষয়ে চিন্তা কৰি থকাৰ সময়ত ভাৰত কেৱল বিশ্বৰ বাবে এখন বজাৰ হৈ থাকিব নোৱাৰে। আমি ড্ৰোন আৰু কাউণ্টাৰ ড্ৰোন প্ৰণালী বিকশিত কৰাৰ লগতে হাইপাৰছনিক প্ৰতিৰক্ষা প্ৰযুক্তিৰ ক্ষেত্ৰত নেতৃত্ব ল’ব লাগিব", প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।
আত্মনিৰ্ভৰ ভাৰতৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাৰ বাবে চৰকাৰৰ সংকল্পৰ পুনৰাবৃত্তি কৰি শ্ৰী নৰেন্দ্ৰ মোদীয়ে দৃঢ়তাৰে কয় যে ৰাষ্ট্ৰই আৰু আন দেশৰ ওপৰত নিৰ্ভৰ কৰি আগবঢ়া উচিত নহয়। "বিশ্বত বহুতো বস্তু দ্ৰুতভাৱে তথা সুলভ মুল্যত উপলব্ধ হ’ব পাৰে । কিন্তু সেইবোৰৰ ওপৰত নিৰ্ভৰ কৰিলে আমাৰ নিজৰ সামৰ্থ্য নিৰ্মাণ নহয় অথবা ই আমাৰ সামৰ্থ্যৰ শক্তিও পৰীক্ষা নকৰে। সেয়েহে, আমি আমাৰ নিজৰ সামৰ্থ্য শক্তিশালী কৰাৰ লগতে নিজৰ স্বাৰ্থ সুৰক্ষিত কৰিব লাগিব। গতিকে আমি ‘আত্মনিৰ্ভৰ ভাৰত’ৰ বাবে দৃঢ় সংকল্প লৈ আগবাঢ়িছো। ভাৰতীয়সকলৰ হৃদয় মেক ইন ইণ্ডিয়া, স্বদেশী, ভোকেল ফৰ লোকেলৰ দৰে পদক্ষেপৰ সৈতে সংযুক্ত হৈ আছে", তেওঁ কয়।

প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে চাইবাৰ সুৰক্ষা হৈছে প্ৰতিৰক্ষাৰ এক ক্ষেত্ৰ য’ত ৰাষ্ট্ৰই দেশ আৰু বিশ্বৰ কল্যাণৰ বাবে যুৱক-যুৱতীসকলৰ সামৰ্থ্য ব্যৱহাৰ কৰিব পাৰে।
শ্ৰী নৰেন্দ্ৰ মোদীয়ে বৰ্তমানৰ পৰিৱৰ্তনশীল পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত প্ৰতিৰক্ষা বাহিনীৰ সামৰ্থ্য বৃদ্ধি কৰাৰ লগতে থলুৱা প্ৰতিৰক্ষা সঁজুলিৰ বিকাশত গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। "আজি যুদ্ধৰ প্ৰকৃতি সলনি হৈছে; সংঘাত দেশৰ সীমাৰ ভিতৰতে সীমাবদ্ধ হৈ থাকিব বুলি কোনো নিশ্চয়তা নাই। আধুনিক যুদ্ধবিমানে শোধনাগাৰ, বেংকিং খণ্ড বা তথ্য কেন্দ্ৰসমূহক লক্ষ্য কৰিব পাৰে, এক অৰ্থত, এক নতুন প্ৰকাৰৰ যুদ্ধ য'ত আন্তঃগাঁথনি আৰু কাৰখানাসমূহ ধ্বংস কৰা হয়। আমি কেইবছৰমান পূৰ্বে 'মিছন সুদৰ্শন চক্ৰ’ ঘোষণা কৰিছিলো আৰু এই দিশত কাম দ্ৰুতগতিত আগবাঢ়িছে", তেওঁ কয়।

যোৱা ১২ বছৰত প্ৰতিৰক্ষা খণ্ডত দেখা পৰিৱৰ্তনৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰতিৰক্ষা উৎপাদন প্ৰায় চাৰিগুণ বৃদ্ধি পাইছে। তেওঁ লগতে কয় যে প্ৰতিৰক্ষা ৰপ্তানি প্ৰায় ৫০ গুণ বৃদ্ধি হোৱাৰ লগতে ভাৰতীয় অস্ত্ৰ-শস্ত্ৰ প্ৰায় ১০০ খন দেশত উপনীত হৈছে। "প্ৰত্যাহ্বান সীমান্তৰ ভিতৰত হওক বা বাহিৰত হওক, ভাৰত যিকোনো পৰিস্থিতিৰ বাবে সাজু। গোলকীয় পৰ্যায়ত ভাৰতৰ সুনাম ক্ৰমান্বয়ে বৃদ্ধি পাইছে", তেওঁ কয়।
এক সুৰক্ষিত ভাৰত নিৰ্মাণ কৰাটো প্ৰতিজন নাগৰিকৰ দায়িত্ব বুলি উল্লেখ কৰি শ্ৰী নৰেন্দ্ৰ মোদীয়ে শেহতীয়া প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰিবলৈ উন্নত প্ৰস্তুতিৰ বাবে আহ্বান জনায়। "যোৱা শতিকাৰ যুদ্ধৰ সৈতে সংগতি ৰাখি আমাৰ দেশত বিকশিত হোৱা অসামৰিক প্ৰতিৰক্ষা ব্যৱস্থা পুৰণি হৈ পৰিছে। আগন্তুক দিনবোৰত, আমি অসামৰিক প্ৰতিৰক্ষাৰ এক প্ৰাণৱন্ত নেটৱৰ্ক সৃষ্টি কৰিম। আমি এইসমূহক আধুনিক ব্যৱস্থাৰ সৈতে পৰিচিত কৰি তুলিম। আমি আধুনিক প্ৰত্যাহ্বানসমূহ অতিক্ৰম কৰিবলৈ অসামৰিক প্ৰতিৰক্ষাৰ এক বিশাল স্বেচ্ছাসেৱী বাহিনী সৃষ্টি কৰিবলৈ গৈ আছো", তেওঁ কয়।
প্ৰধানমন্ত্ৰীয়ে প্ৰতিৰক্ষা বাহিনীকে ধৰি ৰাষ্ট্ৰ নিৰ্মাণত নাৰী শক্তিৰ বৰ্ধিত ভূমিকাৰ ওপৰতো আলোকপাত কৰে। "এন. ডি. এ.-ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা আমাৰ কন্যাসকলে অতি আত্মবিশ্বাস আৰু কৰ্তৃত্বৰ সৈতে দেশৰ সামৰিক বাহিনীক নেতৃত্ব দিয়াৰ সামৰ্থ্য প্ৰদৰ্শন কৰিছে", তেওঁ কয়।
******
VK/Savvy/DD
(रिलीज़ आईडी: 2300411)
आगंतुक पटल : 9