প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
সামাজিক প্ৰগতিৰ বাবে সামূহিক সংকল্প, একতা আৰু পাৰস্পৰিক সহযোগিতাৰ শক্তিৰ ওপৰত আলোকপাত কৰি সংস্কৃত হিতোপদেশ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
17 AUG 2026 9:40AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সামাজিক কল্যাণ আৰু ৰাষ্ট্ৰীয় প্ৰগতি ত্বৰান্বিত কৰাৰ উদ্দেশ্যে সামূহিক সংকল্প আৰু মনৰ একতাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্স-ত লিখিছে;
"সামূহিক সংকল্প আৰু একতাৰ শক্তিৰ জৰিয়তে দেশ প্ৰগতিৰ পথত আগবাঢ়ে। এই মনোভাৱ হৈছে ভাৰতৰ প্ৰগতি আৰু সমৃদ্ধিৰ শক্তিশালী ভেটি।
समानी व आकूतिः समाना हृदयानि वः।
समानमस्तु वो मनो यथा वः सुसहासति॥"
আমাৰ সকলো সংকল্প একে হ’ব লাগে, আমাৰ মন একতাৰ ভাৱনাৰ সৈতে সংযুক্ত হ’ব লাগে, যাতে আমি সকলোৱে পাৰস্পৰিক সহযোগিতা আৰু সমান ব্যৱহাৰৰ জৰিয়তে সমাজৰ প্ৰগতিৰ বাবে নিৰন্তৰ চেষ্টা কৰিব পাৰোঁ।“
***
MJPS/SS/PRK/DD
(रिलीज़ आईडी: 2300317)
आगंतुक पटल : 9
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam