প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষ্যে লালকিল্লাৰ প্ৰাচীৰৰ পৰা প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দিয়া ভাষণৰ মুখ্যাংশ
प्रविष्टि तिथि:
15 AUG 2026 4:44PM by PIB Guwahati
১/ সাধাৰণ
• আজি আমি ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিছো। আজি প্ৰতিজন ভাৰতীয়ৰ হৃদস্পন্দনে বন্দে মাতৰমৰ ধ্বনিৰে অনুৰণন ঘটাইছে।
• আজ ‘হৰ ঘৰ তিৰংগা হায়, হৰ মন তিৰংগা হায়’ (প্ৰতিখন ঘৰতে ত্ৰিৰংগা আৰু প্ৰত্যেক হৃদয়তে ত্ৰিৰংগা)। আজি দেশে উৎসাহ আৰু উত্তেজনাৰে নতুন সংকল্প লৈ আগবাঢ়িছে ।
• দেশৰ স্বাধীনতাৰ বাবে সৰ্বোচ্চ বলিদান দিয়া সেই মাটিৰ মহান পুত্ৰ-কন্যাসকলক আজি দেশে মৰমেৰে স্মৰণ কৰিছে। তেওঁলোকৰ তপস্যা, ত্যাগ আৰু সমৰ্পণৰ জৰিয়তে তেওঁলোকে সমগ্ৰ জীৱন স্বাধীনতা প্ৰাপ্তিৰ একক লক্ষ্যৰ বাবে উৎসৰ্গা কৰিছিল।
• শ্ৰদ্ধাৰ বাপুকে ধৰি সকলো স্বাধীনতা সংগ্ৰামীক আৰু এই উদাৰ ত্যাগৰ পৰম্পৰাক অনুপ্ৰাণিত কৰা মহান বিপ্লৱীসকলক শ্ৰদ্ধাৰে প্ৰণাম জনাইছো।
• স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে ১৫ আগষ্টত লালকিল্লাৰ পৰা প্ৰতিধ্বনিত হৈছে বন্দে মাতৰম। আজি যেতিয়া আমি বন্দে মাতৰমৰ ১৫০ বছৰ উদযাপন কৰিছো, ইয়াতকৈ আৰু শুভ অনুষ্ঠান কি হ’ব পাৰে?
• যোৱা কিছুদিনত দেশৰ কেইবাটাও প্ৰান্তত ভয়াৱহ বানপানী আৰু ভূমিস্খলনৰ ফলত অসংখ্য পৰিয়াল ক্ষতিগ্ৰস্ত হৈছে। তেওঁলোকৰ দুখ-কষ্ট আমি গভীৰভাৱে অনুভৱ কৰিছো। ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক আশ্বস্ত কৰিছো যে আমি আৰু সমগ্ৰ দেশে তেওঁলোকৰ সৈতে দৃঢ়তাৰে থিয় দিছে।
• এখন দেশ তেতিয়া মহান হয় আৰু আকাংক্ষা পূৰণ কৰে যেতিয়া ই নিজৰ সপোন, নিজৰ সংকল্প আৰু নিজৰ সামৰ্থ্যৰ বলত আগবাঢ়ি যায়।
• আমাৰ আকাংক্ষাও উচ্চ হ’ব লাগিব। কাৰণ যেতিয়া আমাৰ সপোন উচ্চ হয় আৰু আমাৰ সংকল্প শক্তিশালী হয়, তেতিয়া আমাৰ সামৰ্থ্যৰ উচ্চতাও বাঢ়ে, আমাৰ প্ৰচেষ্টাৰ পৰিসৰো বিস্তাৰিত হয়, তেতিয়াহে আমি আমাৰ সপোনক বাস্তৱত পৰিণত কৰিব পাৰিম।
• আজি ভাৰতেও এটা অতি ডাঙৰ সপোন দেখিছে। ই দৃঢ় সংকল্পৰে কল্পনা কৰিছে, নতুন উচ্চতাত উপনীত হোৱাৰ লক্ষ্যৰে। আৰু সেই সপোন এয়াই যে যেতিয়া দেশখনে স্বাধীনতাৰ ১০০ বছৰ সম্পূৰ্ণ কৰিব, তেতিয়া আমি ২০৪৭ চনত ‘বিকশিত ভাৰত’ (উন্নত ভাৰত) গঢ়িম।
• আমি ১৪০ কোটি নাগৰিকৰ কঠোৰ পৰিশ্ৰম আৰু দৃঢ়তাৰে এই লক্ষ্যত উপনীত হ’ব লাগিব। যেতিয়া বিশ্বৰ সৰ্বাধিক জনবহুল দেশখনে উন্নত দেশ হোৱাৰ সংকল্প লয়, তেতিয়া ই বিশ্বৰ দৃষ্টিত আমাৰ সাহসৰ প্ৰতিফলন হৈ পৰে। পৃথিৱীখনে আমাক চোৱাৰ ধৰণ সলনি কৰিবলৈ বাধ্য হয়।
• বিগত ১২ বছৰত দেশৰ কোটি কোটি নাগৰিক, দলিত, নিপীড়িত, বঞ্চিত, জনজাতীয়, গাঁও বা চহৰত বসবাস কৰা, দৰিদ্ৰ বা মধ্যবিত্ত শ্ৰেণী, যুৱক-যুৱতী বা বৃদ্ধ, মহিলা বা পুৰুষ, উত্তৰ বা দক্ষিণ, পূব বা পশ্চিমৰ লোক, সকলোৱেই সংকল্প আৰু নিষ্ঠাৰে দেশখনক নতুন উচ্চতালৈ লৈ যোৱাৰ যৎপৰোনাস্তি চেষ্টা কৰিছে।
• তেওঁলোকৰ এই প্ৰচেষ্টাক মই সন্মানেৰে স্বীকাৰ কৰিছো আৰু সন্মান জনাইছো। আৰু এই প্ৰচেষ্টাৰ ফলস্বৰূপে ২৫ কোটি নাগৰিকে দৰিদ্ৰতা জয় কৰি ইমান কম সময়ৰ ভিতৰতে দৰিদ্ৰতাৰ পৰা মুক্ত হ'ব পাৰিছে।
• এই নাগৰিকসকলৰ প্ৰচেষ্টাৰ ফলস্বৰূপে আমাক এসময়ত ভংগুৰ পাঁচখনৰ ভিতৰত ধৰা হৈছিল। তথাপিও মাত্ৰ ১২ বছৰৰ ভিতৰতে আমি বিশ্বৰ প্ৰধান অৰ্থনীতিসমূহৰ ভিতৰত আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা অৰ্থনীতি হিচাপে আত্মপ্ৰকাশ কৰিছো।
• যোৱা ১২ বছৰত প্ৰতিৰক্ষা উৎপাদন প্ৰায় চাৰিগুণ বৃদ্ধি পাইছে। খাদী আৰু গ্ৰামোদ্যোগ খণ্ডত উৎপাদন প্ৰায় পাঁচগুণ বৃদ্ধি পাইছে। ইলেক্ট্ৰনিকছ উৎপাদন প্ৰায় সাতগুণ বৃদ্ধি পাইছে।
• আধুনিক ৰে'লৰ দবাৰ উৎপাদন ২১গুণ বৃদ্ধি পাইছে। ৩৫গুণ বৃদ্ধি পাইছে মোবাইল ফোনৰ উৎপাদন। কেৱল সেয়াই নহয়, আনকি ডিজিটেল প্ৰযুক্তি আৰু উদ্ভাৱনৰ জগতখনতো আমি আধুনিক যুগৰ দাবীৰ সৈতে খোজ মিলাই নিজৰ স্থান নিৰ্ধাৰণ কৰিছো।
• ইণ্টাৰনেট ব্যৱহাৰকাৰী আৰু ইণ্টাৰনেট গ্ৰাহকৰ সংখ্যা প্ৰায় চাৰিগুণ বৃদ্ধি পাইছে। প্ৰদান কৰা পেটেণ্টৰ সংখ্যা চাৰিগুণ বৃদ্ধি পাইছে।
• ডিজিটেল লেনদেন ১০০গুণ বৃদ্ধি পাইছে। একে সময়তে আমি সাধাৰণ নাগৰিকৰ দৈনন্দিন সুবিধা আৰু জীৱনৰ মান উন্নত কৰাৰ দিশত সমান গুৰুত্বৰে কাম কৰিছো।
• প্ৰতি বছৰে আমি পূৰ্বতকৈ ১৫ গুণ বেছি দ্ৰুতগতিত গড় হাৰত টেপ-পানীৰ সংযোগ প্ৰদান কৰিছো।
• প্ৰতি বছৰে গড়ে ছয়গুণ বেছি দ্ৰুত হাৰত গেছ সংযোগৰ ব্যৱস্থা কৰা হৈছে। প্ৰতি বছৰে দৰিদ্ৰ লোকৰ বাবে শৌচাগাৰ নিৰ্মাণৰ কাম চাৰিগুণ দ্ৰুতগতিত আগবাঢ়িছে। প্ৰতি বছৰে দৰিদ্ৰ লোকক ঘৰ যোগান ধৰাৰ গতি তিনিগুণ বৃদ্ধি পাইছে।
• দেশখনে শাসন ব্যৱস্থাতো উল্লেখযোগ্য পৰিৱৰ্তন আনিছে। হাজাৰ হাজাৰ অনুপালন নাইকিয়া কৰা হৈছে। শ শ পুৰণি আইন বাতিল কৰা হৈছে। পূৰ্বৰ শতিকাৰ আইন সাৱটি আমি একবিংশ শতিকালৈ যাত্ৰা কৰিব নোৱাৰো।
• আধুনিক আন্তঃগাঁথনিৰ বাবে আমি মেট্ৰ’ নেটৱৰ্ক সম্প্ৰসাৰণ কৰিছো আৰু ৰাজহুৱা পৰিবহণ শক্তিশালী কৰিছো। আমি যি গতিবেগেৰে কাম কৰিছো আৰু যি পৰিসৰত কাম কৰিছো, এই গতি, এই সম্প্ৰসাৰণ আৰু এই কৃতিত্বসমূহ ভাৰতে স্বাধীনতাৰ পিছত বিগত দশকত প্ৰথমবাৰৰ বাবে প্ৰত্যক্ষ কৰিছে।
• যেতিয়া আমাৰ সন্মুখত ইমানবোৰ কৃতিত্ব থাকে, যেতিয়া ইমান দ্ৰুত অগ্ৰগতি দৃশ্যমান হয় আৰু যেতিয়া আমাৰ নাগৰিকসকলৰ সামৰ্থ্য প্ৰতিটো মুহূৰ্তৰ লগে লগে শক্তিশালী হৈ উঠে, তেতিয়া ২০৪৭ চনৰ ভিতৰত ‘বিকশিত ভাৰত’ৰ বাবে আমাৰ সংকল্প কেতিয়াও অপূৰ্ণ হৈ থাকিব নোৱাৰে।
২/ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়
• আমিও নিজৰ সামৰ্থ্য বৃদ্ধি কৰিব লাগিব আৰু নিজৰ স্বাৰ্থ ৰক্ষা কৰিব লাগিব। সেইবাবেই আমি ‘আত্মনিৰ্ভৰ ভাৰত’ (এখন স্বাৱলম্বী ভাৰত) গঢ়াৰ এক অতি দৃঢ় সংকল্প লৈ আগবাঢ়িছো। আজি প্ৰতিজন ভাৰতীয়ৰ হৃদয় আৰু মন মেক ইন ইণ্ডিয়া, স্বদেশী, ভ’কেল ফৰ লোকেল আদি পদক্ষেপৰ সৈতে সংযুক্ত হৈ পৰিছে।
• ২০১৪ চনৰ পৰা আমি বিশ্বৰ প্ৰায় ৪০খন দেশৰ সৈতে মুক্ত বাণিজ্য চুক্তি (এফটিএ) কৰিছো। ই বহু সুযোগ মুকলি কৰিছে। এই বাণিজ্যিক চুক্তিসমূহে এক অতি উল্লেখযোগ্য সুযোগক প্ৰতিনিধিত্ব কৰে আৰু সেয়েহে, মই বিশেষভাৱে আমাৰ এম এছ এম ইসমূহক ক’ব বিচাৰো যে আমি এই সুযোগক আমাৰ হাতৰ পৰা ওলাই যাবলৈ নিদিব।
• আমি বিশ্বৰ বজাৰত উপনীত হ’ব লাগিব। ভাৰতীয় প্ৰতিটো সামগ্ৰীয়ে বিশ্বৰ বজাৰত নিজৰ স্থান বিচাৰি উলিয়াব লাগিব। আমাৰ বস্ত্ৰই হওক, আমাৰ যন্ত্ৰপাতিয়েই হওক বা আমাৰ ঔষধেই হওক, আমি প্ৰতিটো সুযোগ গ্ৰহণ কৰিব লাগিব। কিন্তু আমি বিশ্বজোৰা মান আৰু পৰিমাপসমূহো পূৰণ তথা অতিক্ৰম কৰিব লাগিব। আমি বিশ্বৰ পৰা যি পাওঁ তাতকৈ ভাল কিবা এটা আগবঢ়াব লাগিব।
• আমি ৰিফৰ্ম এক্সপ্ৰেছত উঠিছো আৰু আগন্তুক দিনবোৰত আমি সংস্কাৰৰ পৰৱৰ্তী পৰ্যায়ৰ দিশে আগবাঢ়িম। গতিকে চৰকাৰ, সমাজ, উদ্যোগ, উৎপাদক, কৃষককে ধৰি সকলোৱে নিজৰ পৰম্পৰাগত ব্যৱস্থাৰ সংস্কাৰ সাধন কৰিব লাগিব। আমি আমাৰ চিন্তাধাৰাৰ সংস্কাৰ আৰু লক্ষ্যৰ সংস্কাৰো কৰিব লাগিব।
• আগন্তুক দিনৰ বাবে যেতিয়া মই ‘সপ্ত ধাৰা’ (শক্তিৰ সাতটা ধাৰা)ৰ কথা কৈছো, তেতিয়া ইয়াৰে প্ৰথমটো হ’ল উৎপাদন শক্তি।
• আমি উৎপাদন খণ্ডক বহুত বেছি উচ্চতালৈ লৈ যাব লাগিব। উৎপাদন বৃদ্ধিৰ লগতে আমি সৰু সৰু উপাদান আৰু ডাঙৰ দুয়োটা সামগ্ৰী নিৰ্মাণ কৰিব লাগিব।
• সমগ্ৰ মূল্য শৃংখলটো আমাৰ হ’ব লাগিব। সেই দৃষ্টিভংগীৰে আমি আগবাঢ়িব লাগিব। আমাক উপাদানবোৰ লাগে আৰু আমাক সম্পূৰ্ণ উৎপাদনৰ প্ৰয়োজন। আমি সম্পূৰ্ণ সামগ্ৰীবিধো উৎপাদন কৰিব লাগিব। ডিজাইনৰ পৰা মেনুফেকচাৰিঙলৈকে ভাৰত বিশ্বৰ যোগান শৃংখলৰ এক বিশ্বাসযোগ্য কেন্দ্ৰ হ’ব লাগিব।
• আমাৰ কাৰখানাসমূহ প্ৰতিযোগিতামূলক হ’ব লাগিব। আমাৰ সামগ্ৰীসমূহ ব্যৱহাৰকাৰী-বন্ধুত্বপূৰ্ণ হ’ব লাগিব। আমাৰ পেকেজিং বিশ্বৰ মানুহৰ বাবে আকৰ্ষণীয় হ’ব লাগিব। শূন্য দোষযুক্ত, নিখুঁত উৎপাদন আমাৰ পৰিচয় হ’ব লাগিব।
• মই প্ৰতিজন নিৰ্মাতা, প্ৰতিজন উদ্যোগী আৰু প্ৰতিটো এম এছ এম ইক ক’ব বিচাৰো যে বিশ্বৰ বজাৰত আমাৰ পৰিচয় নিৰ্ভৰযোগ্যতা আৰু গুণগত মানৰ ধাৰত হ’ব লাগিব। গুণগত মানৰ লগত আপোচ কৰিব নোৱাৰি। সেইবাবে আমাৰ মন্ত্ৰ হ’ব লাগিব: গুণগত মান, গুণগত মান, গুণগত মান। এয়াই হ’ব আমাৰ বিশ্বজোৰা ব্ৰেণ্ড মূল্যৰ ভেটি।
৩/ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়
• চৰকাৰে কান্ধত লৈছে এক বৃহৎ বোজা। বিশ্বৰ বজাৰত আমাৰ ৩০০০ টকা খৰচ হোৱা ইউৰিয়াৰ বেগ এটা মাত্ৰ ৩০০ টকাত আমাৰ কৃষকসকলৰ বাবে উপলব্ধ কৰা হৈছে।
• কেৱল সেয়াই নহয়, বিশ্বৰ বজাৰত ডি এ পিৰ মূল্য এতিয়া ৫,০০০ টকা হৈছেগৈ, কিন্তু আমি এতিয়াও ১,৩৫০ টকাত ডি এ পি প্ৰদান কৰি আছো, যাতে মোৰ দেশৰ কৃষকসকলে কোনো অসুবিধাৰ সন্মুখীন নহয়।
• এই ‘সপ্ত ধাৰা’ৰ শক্তিৰ দ্বিতীয় ধাৰাটো হ’ল কৃষি আৰু খাদ্য উৎপাদন। আমি খাদ্য প্ৰক্ৰিয়াকৰণৰ দিশতো আগবাঢ়িব লাগিব। আমাৰ কৃষকৰ বাবে এতিয়া মুকলি হৈছে বিশ্বৰ বজাৰ।
• এফটিএৰ বাবেই আমি অতি বৃহৎ বজাৰত প্ৰৱেশ লাভ কৰিছো। আমি সেই বজাৰবোৰত উপনীত হ’ব লাগিব; আমি তাত আমাৰ উপস্থিতি প্ৰতিষ্ঠা কৰিব লাগিব। আমি ফাৰ্মৰ পৰা ৰপ্তানি বজাৰলৈকে যাব লাগিব।
• আমাৰ কৃষকসকলে ৰাসায়নিক মুক্ত খেতিৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিয়া উচিত, কিয়নো সমগ্ৰ বিশ্বতে এনেধৰণৰ সামগ্ৰীৰ চাহিদা বৃদ্ধি পাবলৈ গৈ আছে। যেতিয়া আমাৰ কৃষিজাত সামগ্ৰীয়ে সকলো দিশতে বিশ্বজোৰা পৰিমাপ পূৰণ কৰিব , তেতিয়া আমি সহজেই বিশ্বৰ বজাৰত প্ৰৱেশ কৰিবলৈ সক্ষম হ’ম।
৪/ ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়
• মোবাইল ফোন উৎপাদন ৩৫গুণ বৃদ্ধি পাইছে। আৰু কেৱল সেয়াই নহয়, আনকি ডিজিটেল প্ৰযুক্তি আৰু উদ্ভাৱনৰ জগতখনতো আমি আধুনিক যুগৰ দাবীৰ সৈতে খোজ মিলাই নিজৰ বাবে ঠাই উলিয়াই লৈছো।
• ইণ্টাৰনেট ব্যৱহাৰকাৰী আৰু ইণ্টাৰনেট গ্ৰাহকৰ সংখ্যা প্ৰায় চাৰিগুণ বৃদ্ধি পাইছে। প্ৰদান কৰা পেটেণ্টৰ সংখ্যা চাৰিগুণ বৃদ্ধি পাইছে।
• ডিজিটেল লেনদেন ১০০গুণ বৃদ্ধি পাইছে। একে সময়তে আমি সাধাৰণ নাগৰিকৰ সুবিধা আৰু জীৱনৰ মান উন্নত কৰাৰ বাবে সমান গুৰুত্বৰে কাম কৰিছো।
• আজিৰ ডিজিটেল জগতত আৰু আজিৰ প্ৰযুক্তিৰ যুগত আমি চিপৰ তাৎপৰ্য্য বুজি পাওঁ। ইলেক্ট্ৰনিক সামগ্ৰীয়েই হওক, চিকিৎসা সঁজুলিয়েই হওক, আমাৰ পৰিবহণ ব্যৱস্থাই হওক, সকলোতে চিপ অপৰিহাৰ্য।
• আমি এনে এটা পৰ্যায় পাইছো য’ত চিপ অবিহনে সমগ্ৰ বিশ্বই স্তব্ধ হৈ পৰিব পাৰে। সেইবাবেই, ভাৰতে স্বাৱলম্বী হোৱাৰ দিশত অৰ্ধপৰিবাহী নিৰ্মাণৰ ক্ষেত্ৰত বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। ইতিমধ্যে তিনিটা অৰ্ধপৰিবাহী উদ্যোগ আৰম্ভ কৰা হৈছে।
• দেশবাসীক ক’ব বিচাৰিছো যে আগন্তুক সাত-আঠ বছৰত অতি সোনকালে আৰু পাঁচৰ পৰা আঠটা অৰ্ধপৰিবাহী উদ্যোগ স্থাপন হোৱাৰ সম্ভাৱনা আছে। ‘আত্মনিৰ্ভৰ ভাৰত’ৰ এই যাত্ৰাই আমাক ‘বিকশিত ভাৰত’ হোৱাৰ দিশত এক পথৰ সন্ধান দিছে।
• মোৰ ‘সপ্ত ধাৰা’ৰ শক্তিৰ তৃতীয় ধাৰাটো হ’ল প্ৰযুক্তি আৰু উদ্ভাৱন। আজি এআই, কোৱাণ্টাম প্ৰযুক্তি, মহাকাশ, ৰবটিক্স আৰু ডাটা চেণ্টাৰৰ যুগ। আমাৰ সন্মুখত এখন সম্পূৰ্ণ নতুন ক্ষেত্ৰ মুকলি হৈছে।
• উদীয়মান প্ৰযুক্তিয়েও আমাক প্ৰতিটো মুহূৰ্ততে প্ৰত্যাহ্বান জনাইছে। গতিকে আমি কেৱল ভাৰতক বিশ্বৰ বজাৰলৈ পৰিণত কৰিব নালাগে; আমি ভাৰতক উদ্ভাৱনৰ কেন্দ্ৰ হিচাপেও গঢ়ি তুলিব লাগিব।
• আমি ইউপিআই আৰু ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিৰ জৰিয়তে আমাৰ সামৰ্থ্য প্ৰদৰ্শন কৰিছো । এতিয়া ভাৰতে নিজৰ ডিজিটেল পাব্লিক টেকন’লজিক বিশ্বৰ প্ৰতিটো কোণলৈ লৈ যাব লাগিব। পৰৱৰ্তী প্ৰজন্মৰ যোগাযোগ প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰতে আগভাগ ল’ব লাগিব।
• আমাৰ লক্ষ্য হ’ব লাগে যাতে মেড-ইন-ইণ্ডিয়া ৬জিয়ে বিশ্বৰ প্ৰতিটো কোণত প্ৰৱেশ কৰক। আমি এই দিশত আমাৰ প্ৰচেষ্টা ত্বৰান্বিত কৰিব লাগিব আৰু আমাৰ দায়বদ্ধতা তথা প্ৰচেষ্টা হ্ৰাস পাব নালাগিব।
৫/ খনি মন্ত্ৰালয়
• দেশৰ বাবে জটিল খনিজ দ্ৰব্য সুৰক্ষিত কৰাৰ উদ্দেশ্যেৰে আমি ৰাষ্ট্ৰীয় জটিল খনিজ অভিযান আৰম্ভ কৰিছো। আমি বাজেটত ক্ৰিটিকেল মিনাৰেলছ কৰিডৰৰ কথাও ঘোষণা কৰিছো।
• আমি কেইবাখনো দেশৰ সৈতে চুক্তিবদ্ধ হৈছো আৰু বিশ্বৰ বহু দেশে এতিয়া জটিল খনিজ পদাৰ্থৰ ক্ষেত্ৰত ভাৰতৰ ওপৰত আস্থা ৰাখিবলৈ আৰম্ভ কৰিছে।
৬/ শক্তি মন্ত্ৰালয় / নতুন আৰু নবীকৰণযোগ্য শক্তি মন্ত্ৰালয়
• শক্তি অবিহনে নতুন পৃথিৱীখন চলোৱাটো ক্ৰমান্বয়ে কঠিন হৈ পৰিছে। চিপ, এআই বা ডাটা চেণ্টাৰেই হওক, আমাক বিপুল পৰিমাণৰ বিদ্যুতৰ প্ৰয়োজন হ’ব।
• শক্তি সুৰক্ষা আমাৰ সময়ৰ প্ৰয়োজন আৰু সেইবাবেই আমি ইতিমধ্যে এই দিশত এটাৰ পিছত এটাকৈ শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিছো।
• শক্তি সুৰক্ষা নিশ্চিত কৰাৰ এটা প্ৰধান উপায় হ’ল পাৰমাণৱিক শক্তি। সংসদত শান্তি( SHANTI) আইন গৃহীত কৰি আমি এটা নতুন লক্ষ্যৰ পথ প্ৰশস্ত কৰিছো। ২০৪৭ চনৰ ভিতৰত আমি ১০০ গিগাৱাট পাৰমাণৱিক শক্তি ক্ষমতাৰ লক্ষ্যৰ দিশত কাম কৰি আছো।
• ২০১৪ চনৰ আগতে পাইপেৰে যোগান ধৰা গেছ মাত্ৰ ২০-২২ লাখ ঘৰতলৈহে গৈছিল। আজি আমি প্ৰায় ১.৭৫ কোটি পৰিয়ালক পাইপেৰে গেছ যোগান ধৰিছো।
• বাৰ বছৰৰ আগতে দেশখনৰ সৌৰশক্তিৰ ক্ষমতা আছিল মাত্ৰ ২ গিগাৱাট—মাত্ৰ ২ গিগাৱাট। আজি আমি ১৬০ গিগাৱাটৰ ক্ষমতা লাভ কৰিছো।
• আমি প্ৰধানমন্ত্ৰী সূৰ্য্য ঘৰ মুফট বিজলী যোজনা আৰম্ভ কৰিছো আৰু আজি মই আনন্দিত হৈছো যে ইমান কম সময়ৰ ভিতৰতে আমি ইতিমধ্যে ৫০ লাখ পৰিয়ালক সৌৰশক্তি গ্ৰহণ কৰাৰ মাইলৰ খুঁটি অতিক্ৰম কৰিছো। এই কাৰ্যসূচী দ্ৰুতগতিত আগবাঢ়িছে , ফলত হাজাৰ হাজাৰ পৰিয়ালৰ বিদ্যুতৰ বিল শূন্য হৈ পৰিছে।
• হাজাৰ হাজাৰ পৰিয়ালেও নিজৰ প্ৰয়োজনীয়তা পূৰণ কৰি উৎপাদিত উদ্বৃত্ত বিদ্যুৎ বিক্ৰী কৰি উপাৰ্জন কৰি আছে। চৰকাৰে এই পদক্ষেপৰ বাবে প্ৰতিটো পৰিয়ালক ৮০,০০০ টকাৰ সাহায্য আগবঢ়াইছে আৰু এই সহায় সহযোগিতাৰে আমি ইয়াক সম্পূৰ্ণ কৰাৰ দিশত আগবাঢ়িছো।
• আমাৰ সপ্ত ধাৰাত শক্তিৰ ষষ্ঠ ধাৰা হ’ল সেউজ অৰ্থনীতি আৰু নীলা অৰ্থনীতি, যিয়ে চাকৰিৰ সৃষ্টিও কৰিব।
• সেউজ হাইড্ৰজেন, নবীকৰণযোগ্য শক্তি, শক্তি সংৰক্ষণ, সেউজ গতিশীলতা আৰু সেউজ উৎপাদনৰ ক্ষেত্ৰত আমি বিশ্বজুৰি নেতৃত্ব লাভ কৰিব লাগিব। এই সকলোবোৰ ক্ষেত্ৰতে আমি নিজকে বিশ্বৰ নেতা হিচাপে প্ৰতিষ্ঠা কৰিব লাগিব।
৭) পাৰমাণৱিক শক্তি বিভাগ
• শক্তি সুৰক্ষা নিশ্চিত কৰাৰ এটা প্ৰধান উপায় হ’ল পাৰমাণৱিক শক্তি। সংসদত শান্তি (SHANTI) আইন গৃহীত কৰি আমি এটা নতুন লক্ষ্যৰ পথ প্ৰশস্ত কৰিছো। ২০৪৭ চনৰ ভিতৰত আমি ১০০ গিগাৱাট পাৰমাণৱিক শক্তি ক্ষমতাৰ লক্ষ্যৰ দিশত কাম কৰি আছো।
• এই দশকটোৰ ভিতৰতে আমি পাঁচটা নতুন পাৰমাণৱিক ৰিয়েক্টৰ কাৰ্যক্ষম কৰাৰ লক্ষ্যৰ দিশত কাম কৰি আছো। এইবাৰ ভাৰতে ফাষ্ট ব্ৰিডাৰ ৰিয়েক্টৰ প্ৰযুক্তি আয়ত্ত কৰি এক উল্লেখযোগ্য মাইলৰ খুঁটি অতিক্ৰম কৰিছে। ফলত আমি পাৰমাণৱিক ইন্ধনত স্বাৱলম্বী হোৱাৰ দিশত এক বৃহৎ পদক্ষেপ আগবঢ়াইছো।
৮) পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়
• ২০১৪ চনৰ আগতে অৰ্থাৎ ১২ বছৰৰ আগতে দেশৰ মাত্ৰ ৭০খন চহৰতহে পাইপেৰে গেছ বিতৰণৰ ব্যৱস্থা উপলব্ধ আছিল। এই ১২ বছৰত আমি সেই নেটৱৰ্ক ৭০ খন চহৰৰ পৰা ৭০০ খন চহৰলৈ সম্প্ৰসাৰিত কৰিছো। গতি এনেকুৱাই হৈছে। সম্প্ৰসাৰণ এনেকুৱাই হৈছে। প্ৰতি বছৰে গড়ে ছয়গুণ বেছি দ্ৰুত হাৰত গেছ সংযোগৰ ব্যৱস্থা কৰা হৈছে।
• ২০১৪ চনৰ আগতে পাইপেৰে গেছ মাত্ৰ ২০-২২ লাখ পৰিয়াললৈ গৈছিল। আজি আমি ১.৭৫ কোটি ঘৰলৈ পাইপেৰে গেছ যোগান ধৰিছো। বাৰ বছৰৰ আগতে দেশখনৰ সৌৰশক্তিৰ ক্ষমতা আছিল মাত্ৰ ২ গিগাৱাট—মাত্ৰ ২ গিগাৱাট। আজি আমি ১৬০ গিগাৱাট ক্ষমতা লাভ কৰিছো।
৯) ৰে'ল মন্ত্ৰালয়
• আধুনিক ৰে'লৰ দবাৰ উৎপাদন ২১গুণ বৃদ্ধি পাইছে। আমাৰ ৰে'লৱে নেটৱৰ্কৰ বৈদ্যুতিকৰণ ১৯২৫ চনৰ পৰা আৰম্ভ হৈছিল।তথাপিও তাৰ পিছৰ ৯০ বছৰত—১৯২৫ চনৰ পৰা ২০১৫ চনলৈকে—মাত্ৰ প্ৰায় ৩০% ৰে'লৱে নেটৱৰ্কত বিদ্যুৎ সংযোগ হৈছিল।
• আমি বাকী থকা কামবোৰ মাত্ৰ এটা দশকতে সম্পূৰ্ণ কৰিলোঁ, প্ৰায় সম্পূৰ্ণ বৈদ্যুতিকৰণ কৰিলোঁ। ৯০ বছৰত ৩০%, ১০ বছৰত ৭০% আৰু প্ৰগতি এনেদৰে হোৱাই দেখা যায়।
• ফলত আমি বিদেশৰ পৰা আমদানি কৰিবলগীয়া ডিজেলৰ ওপৰত আমাৰ নিৰ্ভৰশীলতা কমি আহিছো। আমাৰ ৰে’লসমূহ ক্ৰমান্বয়ে বিদ্যুৎৰ দ্বাৰা চলিছে, যাৰ ফলত পৰিৱেশৰ বাবে যথেষ্ট লাভ হৈছে।
• দেশত হাইড্ৰজেন চালিত প্ৰথমখন ৰে’লো প্ৰৱৰ্তন কৰা হৈছে। মই আনন্দিত যে ই আটাইতকৈ দীঘল আৰু শক্তিশালী হাইড্ৰজেন চালিত ৰে'ল, আৰু ভাৰতে বিশ্বজুৰি হাইড্ৰজেন ৰে'লৰ ক্ষেত্ৰতো নিজৰ স্থিতি প্ৰতিষ্ঠা কৰিছে।
১০) গৃহ পৰিক্ৰমা মন্ত্ৰালয়
• নক্সালবাদ আৰু মাওবাদে লাখ লাখ যুৱকৰ ভৱিষ্যত ধ্বংস কৰি পেলাইছে। চাৰিটা দীঘলীয়া দশক ধৰি নক্সালবাদে দেশৰ বৃহৎ অংশ আৰু ইয়াৰ জনসাধাৰণৰ এক বিশাল অংশক নিজৰ কবলত ৰাখিছিল, যাৰ ফলত তেওঁলোকক বন্দুকৰ ভাবুকিৰ সন্মুখীন হৈছিল। ই সংবিধানক ছিন্নভিন্ন কৰি পেলালে আৰু দেশৰ সাধাৰণ নাগৰিকক সুৰক্ষা দিবলৈ গৈ আমাৰ ৩৫০০ৰো অধিক আৰক্ষী তথা নিৰাপত্তাৰক্ষীয়ে সৰ্বোচ্চ বলিদান দিলে।
• আজি মই আনন্দিত যে নক্সালবাদী-মাওবাদী হিংসাই হয়তো আৰু শেষ উশাহ ল’বলৈও সক্ষম হোৱা নাই। এসময়ত য’ত নক্সালবাদীয়ে বন্দুক চলাইছিল, য’ত মাটিত এসময়ত তেজৰ দাগ আছিল, সেই ঠাইত আজি, সেই অতি নক্সাল প্ৰভাৱান্বিত অঞ্চলবোৰত উন্নয়ন, বিশ্বাস আৰু প্ৰচেষ্টাৰ ত্ৰিৰংগা উৰিছে, কাৰণ এই অঞ্চলবোৰ নক্সালমুক্ত হৈ পৰিছে।
• সশস্ত্ৰ নক্সালবাদী পৰাজিত হৈছে, কিন্তু নক্সাল মানসিকতা ৰৈ গৈছে। এই শক্তিসমূহে সুযোগ বিচাৰিছে। হিংসা আৰু অৰাজকতাৰ পথ বিচাৰি, বিভিন্ন কৌশল প্ৰয়োগ কৰি সমাজক ভুল পথলৈ টানি নিব বিচাৰিছে।
• আমি এই নক্সাল মানসিকতাক চিনাক্ত কৰিব লাগিব। আমি এনে উপাদান বিচ্ছিন্ন কৰি দেশৰ যুৱ প্ৰজন্মক উন্নত দেশ গঢ়াৰ মূলসুঁতিৰ সৈতে সংযোগ কৰিব লাগিব।
• নিৰাপদ ভাৰত গঢ়া আমাৰ সকলোৰে দায়িত্ব। প্ৰত্যাহ্বান আমাৰ সীমাৰ ভিতৰৰ পৰাই হওক বা সীমান্তৰ সিপাৰৰ পৰাই হওক, ভাৰতে প্ৰতিটো পৰিঘটনাৰ উত্তৰ দিবলৈ বাবে সাজু। যুদ্ধৰ স্বৰূপ আজি সলনি হৈছে। কেৱল যুদ্ধক্ষেত্ৰত বা সীমান্তত যুদ্ধ হ’ব বুলি এতিয়া আৰু কোনো নিশ্চয়তা নাই।
• আজি মই লালকিল্লাৰ পৰা ঘোষণা কৰিছো যে আগন্তুক দিনত আমি এটা সক্ৰিয় অসামৰিক প্ৰতিৰক্ষা নেটৱৰ্ক গঢ়িম। আমি আমাৰ নাগৰিক আৰু অসামৰিক প্ৰতিৰক্ষা কৰ্মীসকলক আধুনিক ব্যৱস্থা আৰু প্ৰযুক্তিৰে সজ্জিত কৰিম আৰু প্ৰস্তুতিৰ সমসাময়িক পদ্ধতিৰ সৈতে পৰিচিত কৰিম।
১১) প্ৰতিৰক্ষা মন্ত্ৰালয়
• সপ্ত ধাৰাৰ আমাৰ পঞ্চম শক্তিৰ ধাৰা হৈছে প্ৰতিৰক্ষা শক্তি। প্ৰতিৰক্ষা শক্তিৰ গুৰুত্ব সকলো দিশতে অনস্বীকাৰ্য। ভাৰতে এতিয়া উপলব্ধি কৰিছে, আৰু বিশ্বয়ো স্বীকাৰ কৰিছে যে প্ৰতিৰক্ষাৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হোৱাৰ কোনো বিকল্প নাই।
• আমি নিজকে পৰৱৰ্তী প্ৰজন্মৰ প্ৰতিৰক্ষা প্ৰযুক্তি বিকশিত কৰাৰ আৰু বিশ্বজুৰি প্ৰতিৰক্ষা যোগানকাৰী হোৱাৰ দিশত আগবাঢ়ি যোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰিব লাগিব। আমি ড্ৰ’ন আৰু কাউণ্টাৰ ড্ৰ’ন ব্যৱস্থা গঢ়ি তুলিব লাগিব আৰু হাইপাৰছ’নিক প্ৰতিৰক্ষা প্ৰযুক্তিৰ ক্ষেত্ৰত আমি আগভাগ ল’ব লাগিব।
• চাইবাৰ সুৰক্ষাও আজি প্ৰতিটো ঘৰৰ বাবে প্ৰত্যাহ্বান হৈ পৰিছে। এয়াও এটা প্ৰতিৰক্ষাৰ ক্ষেত্ৰ , য’ত আমি আমাৰ যুৱ প্ৰজন্মৰ সামৰ্থ্যক ব্যৱহাৰ কৰিব পাৰো আৰু তেওঁলোকৰ প্ৰতিভাক দেশ আৰু বিশ্ব উভয়ৰে সুবিধাৰ বাবে ব্যৱহাৰ কৰিব পাৰো।
• আমি শেহতীয়া বছৰবোৰত মিছন সুদৰ্শন চক্ৰৰ কথা ঘোষণা কৰিছিলোঁ আৰু ইয়াৰ কাম অতি দ্ৰুত গতিত আগবাঢ়িছে। আজি আমাৰ প্ৰতিৰক্ষা ৰপ্তানি প্ৰায় ৫০গুণ বৃদ্ধি পাইছে আৰু আমাৰ অস্ত্ৰ-শস্ত্ৰ আৰু প্ৰতিৰক্ষা সঁজুলি সমগ্ৰ বিশ্বৰ প্ৰায় ১০০খন দেশত উপনীত হৈছে।
১২) পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়
• সপ্ত ধাৰা (সাত ধাৰা)ৰ চতুৰ্থ শক্তি হৈছে গতি শক্তি। গতি শক্তিৰ অধীনত আমি দেশৰ ভিতৰত নিৰৱচ্ছিন্ন আৰু দ্ৰুত সংযোগৰ ওপৰত গুৰুত্ব দিব লাগিব।
• আমি আমাৰ চহৰসমূহক তীব্ৰবেগী ৰে’লৰ জৰিয়তে সংযোগ কৰিব লাগিব। আমাক আধুনিক ঘাইপথ, আভ্যন্তৰীণ জলপথ, বিমানবন্দৰ আৰু মাল্টিম’ডাল লজিষ্টিক ব্যৱস্থাৰ প্ৰয়োজন।
১৩) বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়
• আমি আমাৰ বন্দৰসমূহক কেৱল সামগ্ৰী উঠোৱা আৰু নমোৱা ঠাই হিচাপে চাব নালাগিব, বা কেৱল বিশ্বৰ বিভিন্ন ঠাইৰ পৰা জাহাজ আহি লংগৰ পেলোৱা ঠাই হিচাপে চাব নালাগিব। আমি আমাৰ বন্দৰসমূহক বন্দৰ নেতৃত্বাধীন উন্নয়ন আৰু বৃদ্ধিৰ দিশত আগুৱাই নিব লাগিব।
• নীলা অৰ্থনীতিতো ভাৰতৰ এক বিশেষ সুযোগ আছে। আমাৰ অতি দীঘলীয়া উপকূল আছে আৰু নীলা অৰ্থনীতিত বিশাল সুযোগ আছে।
• মীনপালন, উপকূলীয় পৰ্যটন, সাগৰীয় প্ৰযুক্তি আৰু আন বহুতো ক্ষেত্ৰত আমি আগবাঢ়িব পাৰো।
১৪) মীন, পশুপালন আৰু দুগ্ধ মন্ত্ৰালয়
• কেৰালামৰ পৰা গুজৰাট আৰু তামিলনাডুৰ পৰা বংগলৈকে আমাৰ উপকূলৰ কাষেৰে, এই এফ টি এৰ ফলত আমাৰ মিছামাছ ৰপ্তানিৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি পাইছে। আমাৰ সাগৰীয় খাদ্যৰ সমগ্ৰ বিশ্বৰ বজাৰত প্ৰৱেশৰ সম্ভাৱনাও বৃদ্ধি পাইছে।
• নীলা অৰ্থনীতিতো ভাৰতৰ এক বিশেষ সুযোগ আছে। আমাৰ অতি দীঘলীয়া উপকূল আছে আৰু নীলা অৰ্থনীতিত বিশাল সুযোগ আছে। মীনপালন, উপকূলীয় পৰ্যটন, সাগৰীয় প্ৰযুক্তি আৰু বহুতো ক্ষেত্ৰত আমি আগবাঢ়ি যাব পাৰো।
১৫) পৰ্যটন মন্ত্ৰালয়
• ভাৰতত বিশাল বন্যপ্ৰাণী সম্পদ আছে। আমাৰ ১০০ খনতকৈও অধিক ৰাষ্ট্ৰীয় উদ্যান আছে। সম্ভাৱনা অপৰিসীম যদিও বিদেশী পৰ্যটকক আকৰ্ষণ কৰাৰ ক্ষেত্ৰত আমি পিছ পৰি আছো। আমাৰ কোমল শক্তি ব্যৱহাৰ কৰি সমগ্ৰ বিশ্বৰ পৰ্যটকক ভাৰতলৈ আকৰ্ষণ কৰাৰ সুযোগ আছে। আমি আমাৰ সম্ভাৱনাক বিশ্ববাসীৰ আগত প্ৰদৰ্শন কৰিব লাগিব।
• আজি ক্ৰীড়াও ভাৰতৰ প্ৰতি আকৰ্ষণৰ এক প্ৰধান উৎস। বিশ্বৰ ক্ৰীড়া অনুষ্ঠান ভাৰতত কিয় অনুষ্ঠিত নহয়? কনচাৰ্টৰ অৰ্থনীতি দ্ৰুতগতিত বৃদ্ধি পোৱাৰ লগতে দেশৰ যুৱক-যুৱতীসকলৰ বাবে এয়া এক প্ৰধান আকৰ্ষণ হৈ পৰিছে।
• পৃথিৱীৰ প্ৰতিজন শিল্পীয়ে ভাৰতত অনুষ্ঠান পৰিৱেশন কৰিব বিচাৰে। এইটো এটা বিশেষ সুযোগ আৰু ইয়াক সংগঠিত কৰিবলৈ আমি প্ৰয়োজনীয় আন্তঃগাঁথনি তথা ব্যৱস্থা গঢ় দিব লাগিব।
১৬) সাংস্কৃতিক মন্ত্ৰালয় / বস্ত্ৰ মন্ত্ৰালয়
• আমাৰ সপ্তম ধাৰা হৈছে ভাৰতৰ কোমল শক্তি। এয়াই ভাৰতৰ কোমল শক্তিৰ শক্তি। আজি যোগে সমগ্ৰ বিশ্বক ভাৰতৰ সৈতে সংযোগ কৰি তুলিছে। যোগ ক্ৰমান্বয়ে বিশ্বৰ বাবে শক্তিৰ উৎস হৈ পৰিছে।
• ভাৰতত বিশ্বাসৰ কেন্দ্ৰ, আয়ুৰ্বেদ আৰু সামগ্ৰিক স্বাস্থ্যসেৱা ব্যৱস্থা আছে। হিল ইন ইণ্ডিয়া আন্দোলনৰ জৰিয়তে আমি ভাৰতৰ সামৰ্থ্যক বিশ্বৰ মাজলৈ লৈ যাব পাৰো।
• হস্তশিল্পই হওক, সংস্কৃতিয়েই হওক, আমাৰ ছবিয়েই হওক, আমাৰ সৃষ্টিশীল জগতখনেই হওক, ভিএফএক্সেই হওক, এনিমেচনেই হওক, গেমিঙেই হওক বা ডিজিটেল কন্টেন্টেই হওক, ভাৰতে সৃষ্টিশীল জগতখনত নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰিব পাৰে।
• আজি ভাৰতে ৱেভছ শীৰ্ষ সন্মিলনক শক্তি প্ৰদান কৰিছে। ক্ৰমান্বয়ে বিশ্বই ভাৰতৰ বিশ্ব দৃশ্য শ্ৰাৱ্য আৰু মনোৰঞ্জন সন্মিলনৰ বাবে আগ্ৰহেৰে বাট চাই আছে, য’ত ভাৰতৰ কোমল শক্তি আৰু সৃষ্টিশীল জগতখনক বিশ্ব দৰ্শকৰ মাজত পৰিচয় কৰাই দিয়া হ’ব।
১৭) বিত্ত মন্ত্ৰালয় / বিত্তীয় সেৱা বিভাগ
• আমাৰ নাগৰিকসকলৰ প্ৰচেষ্টাৰ ফল যে এবাৰ ভংগুৰ পাঁচখনৰ ভিতৰত থকা ভাৰতে ১২ বছৰৰ ভিতৰতে এখন ডাঙৰ অৰ্থনীতি আৰু আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা ডাঙৰ অৰ্থনীতি হৈ পৰিছো
• এখন দেশে কেৱল চৰকাৰেৰে গঠিত নহয়; প্ৰতিজন নাগৰিক দেশৰ এক অংশ। অহা দশকৰ ভিতৰত ফৰ্চুন ৫০০ৰ ভিতৰত ৫০টা ভাৰতীয় কোম্পানী থকাৰ আকাংক্ষা কিয় কৰিব নোৱাৰো? এয়া আমাৰ লক্ষ্য কিয় হ’ব নালাগে?
• আমি ইউপিআই আৰু ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিৰ জৰিয়তে আমাৰ সামৰ্থ্য প্ৰদৰ্শন কৰিছো আৰু আমাৰ পৰিচয় গঢ়ি তুলিছো । ডিজিটেল লেনদেন ১০০গুণ বৃদ্ধি পাইছে। এতিয়া ভাৰতে নিজৰ ডিজিটেল পাব্লিক টেকন’লজিক বিশ্বৰ প্ৰতিটো কোণলৈ লৈ যাব লাগিব। পৰৱৰ্তী প্ৰজন্মৰ যোগাযোগ প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰতে আগভাগ ল’ব লাগিব।
• আজি বেংকিং খণ্ডটো উদ্ভাসিত হৈ উঠিছে। বিশ্বৰ শীৰ্ষ বেংকৰ মাজত কিয় ভাৰতীয় বেংকৰ পতাকা উৰিব নালাগে? ভাৰতীয় বেংক এটাও বিশ্বৰ শীৰ্ষ পাঁচটা বেংকৰ ভিতৰত থাকিব লাগে।
• প্ৰায় ৩.২৫ কোটি পৰিয়ালে স্বামীত্ব আঁচনিৰ দ্বাৰা উপকৃত হৈছে, আৰু ফলত প্ৰায় ১৪০ লাখ কোটি টকাৰ পথ মুকলি কৰা হৈছে। ইয়াৰ দ্বাৰা মানুহে বেংকৰ পৰা ঋণ ল’ব পাৰিব আৰু নিজাকৈ ব্যৱসায় আৰম্ভ কৰিব পাৰিব।
১৮) স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
• ভাৰতত বিশ্বাসৰ কেন্দ্ৰ, আয়ুৰ্বেদ আৰু সামগ্ৰিক স্বাস্থ্যসেৱা ব্যৱস্থা আছে। হিল ইন ইণ্ডিয়া আন্দোলনৰ জৰিয়তে আমি ভাৰতৰ সামৰ্থ্যক বিশ্বৰ মাজলৈ লৈ যাব পাৰো।
• আমি ঔষধ খণ্ডত বহু কাম কৰিছো। কিন্তু সময়ৰ প্ৰয়োজনীয়তা হ’ল এটা বা দুটা ভাৰতীয় ঔষধ কোম্পানীয়ে বিশ্বৰ পাঁচটা বৃহৎ ঔষধ কোম্পানীত স্থান লাভ কৰাটো।
• যোৱা পাঁচ-সাত দশকত মাত্ৰ ২৫ কোটি লোককহে সামাজিক সুৰক্ষাৰ আৱৰণত সামৰি লোৱা হৈছিল, আনহাতে এটা দশকৰ ভিতৰত আমি ১০০ কোটি নাগৰিকক সামাজিক সুৰক্ষাৰ আৱৰণ প্ৰদান কৰিছো।
• আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত ৭০ বছৰ আৰু তাৰ ওপৰৰ জ্যেষ্ঠ নাগৰিককো এতিয়া বিনামূলীয়া চিকিৎসা আৰু ৫ লাখ পৰ্যন্ত ঔষধ প্ৰদান কৰা হৈছে।
১৯) শিক্ষা মন্ত্ৰালয়
• আমি মহাকাশ খণ্ড মুকলি কৰি দিছো। আমি ৰাষ্ট্ৰীয় ড্ৰোন নীতি প্ৰণয়ন কৰিছো। আমি খেলো ইণ্ডিয়া নীতি প্ৰৱৰ্তন কৰিছো। ৩৫ বছৰ ধৰি নতুন শিক্ষা নীতি নাছিল; আমি নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি আনিছো আৰু মধ্যবিত্ত পৰিয়ালসমূহে ইয়াৰ পৰা লাভাৱান্বিত হৈছে।
• ২০০৪ চনৰ পৰা ২০১৪ চনৰ ভিতৰত আমাৰ দেশত ৩৫০ খনতকৈও কম বিশ্ববিদ্যালয় আছিল। আজি ১০–১২ বছৰৰ ভিতৰত প্ৰায় ৬৫০খন নতুন বিশ্ববিদ্যালয় সংযোজন কৰা হৈছে। আমি আজি ১০০০ বিশ্ববিদ্যালয়ৰ সংখ্যাৰ কাষ চাপিছো।
• ২০১৪ চনৰ আগতে চিকিৎসাৰ আসন আছিল মাত্ৰ প্ৰায় ৪০০ খন; আজি প্ৰায় ৮৫০ খন চিকিৎসা আসন আছে। কেৱল সেয়াই নহয়, এতিয়া ভাৰতলৈ আহিছে বহিঃদেশৰ বিশ্ববিদ্যালয়। আমাৰ যুৱক-যুৱতীসকলে ভাৰতত পঢ়া-শুনা কৰি বহিঃবিশ্ববিদ্যালয়ৰ পৰা ডিগ্ৰী লাভ কৰিব পৰাকৈ ব্যৱস্থা কৰা হৈছে।
• আমাৰ দেশৰ যুৱ মনবোৰে যাতে সৰুৰে পৰা প্ৰযুক্তিৰ প্ৰতি আগ্ৰহ গঢ়ি তুলিব পাৰে তাৰ বাবে আমি কাম কৰি আছো। সেইবাবেই আমি ১০ হাজাৰৰো অধিক অটল টিংকাৰিং লেব সৰু ল’ৰা-ছোৱালীৰ বাবে ৰাখিছো, যাতে তেওঁলোকে উদ্ভাৱন আৰু প্ৰযুক্তিৰ প্ৰতি আগ্ৰহ গঢ়ি তুলিব পাৰে।
• আমি আমাৰ যুৱক-যুৱতীসকলক বিভিন্ন পৰীক্ষাৰ বাবে বিনামূলীয়া অনলাইন কোচিং প্ৰদান কৰাৰ সিদ্ধান্ত লৈছো। আমাৰ হাতত ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি আৰু উৎকৃষ্ট প্ৰতিভা তথা শিক্ষক আছে। এই সম্পদসমূহ একত্ৰিত কৰি আমি দেশৰ যুৱক-যুৱতীসকলক বিনামূলীয়া প্ৰশিক্ষণ প্ৰদানৰ বাবে এক সম্পূৰ্ণ নেটৱৰ্ক স্থাপন কৰিবলৈ ওলাইছো।
২০) যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়
• ‘বিকশিত ভাৰত’ (উন্নত ভাৰত)ৰ দিশে যাত্ৰাত যুৱক-যুৱতীসকলৰ অতি গুৰুত্বপূৰ্ণ ভূমিকা আছে। কেৱল সেয়াই নহয় মোৰ দেশৰ যুৱক-যুৱতীসকলো উন্নত ভাৰতৰ সৰ্বোচ্চ হিতাধিকাৰী হ’ব।
• গতিকে বিকশিত ভাৰতৰ লক্ষ্য আমাৰ যুৱ প্ৰজন্মৰ সৈতে সংযোগ কৰি আগুৱাই নিব লাগিব। আমাৰ যুৱক-যুৱতীসকলক আমাৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ হিচাপে লৈ আমি আগবাঢ়িব লাগিব।
• যোৱা ১০–১২ বছৰত এই দিশত বহু কথাই ঘটিছে। ষ্টাৰ্টআপ ইণ্ডিয়া অভিযানৰ ফলত এতিয়া সমগ্ৰ দেশতে ২.৫ লাখৰো অধিক পঞ্জীয়নভুক্ত ষ্টাৰ্টআপৰ সৃষ্টি হৈছে।
• আমাৰ দেশৰ যুৱক-যুৱতীসকলে কেৱল নিজৰ বাবেই কৰ্মসংস্থাপন সৃষ্টি কৰাই নহয় আন বহুতোকে কৰ্মসংস্থাপন প্ৰদান কৰিছে।
• চৰকাৰে ১ লাখ কোটি টকাৰ উদ্ভাৱন পুঁজি ঘোষণা কৰিছে। দেশৰ যুৱক-যুৱতীসকলক ক’ব বিচাৰো- আপোনাৰ সপোন আমাৰ ওচৰলৈ লৈ আহক; আমি নিশ্চিত কৰিম যে সম্পদৰ অভাৱ নহয়।
• ডিজিটেল ইণ্ডিয়াৰ জৰিয়তে গৱেষণাৰ নতুন সুযোগ আৰু সুলভ তথ্য লাভৰ সুবিধাই আমাৰ যুৱক-যুৱতীসকলক সবল কৰি তুলিছে।
• গড় বয়স ২৮ বছৰৰ যুৱক-যুৱতীসকলে প্ৰতিষ্ঠা কৰা ভাৰতীয় ব্যক্তিগত ষ্টাৰ্ট-আপসমূহে ইতিমধ্যে প্ৰথমবাৰৰ বাবে পৰীক্ষামূলকভাৱে নিজৰ উপগ্ৰহ আৰু ৰকেট নিক্ষেপ কৰি এক উল্লেখযোগ্য কৃতিত্ব অৰ্জন কৰিছে।
• আজি ২.৫ লাখৰো অধিক পঞ্জীয়নভুক্ত ষ্টাৰ্ট-আপ আছে। শেহতীয়াকৈ আমি এ আই ইমপেক্ট ছামিট অনুষ্ঠিত কৰিছো। এআইৰ সম্প্ৰসাৰণ অতি দ্ৰুত গতিত চলি আছে।
• লালকিল্লাৰ প্ৰাচীৰৰ পৰা দেশৰ যুৱক-যুৱতীসকলৰ বাবে এটা ঘোষণা কৰিব বিচাৰিছো। আমি সিদ্ধান্ত লৈছো যে, অহা এবছৰৰ ভিতৰত আমি ১ কোটি যুৱক-যুৱতীক এআই দক্ষতাৰ প্ৰশিক্ষণ দিম, যাতে আমাৰ দেশৰ যুৱক-যুৱতীসকলে এআইৰ জগতখনতো নেতৃত্ব দিয়াৰ সামৰ্থ্য লাভ কৰে।
• জৈৱ অৰ্থনীতিত দেশৰ যুৱক-যুৱতীসকলে নিজৰ সামৰ্থ্য প্ৰদৰ্শন কৰিছে। ২০১৪ চনৰ আগতে এই খণ্ডৰ ব্যৱসায় আছিল ৬০,০০০ কোটি টকা; আজি আমাৰ জৈৱ অৰ্থনীতি ২০ লাখ কোটি টকা হৈছেগৈ ।
• টপছ আঁচনিখনে প্ৰচণ্ড সফলতা লাভ কৰিছে। খেলো ইণ্ডিয়া গেমছ, ইউনিভাৰ্চিটি গেমছ, শীতকালীন গেমছ, বীচ গেমছ, ক্ৰীড়া আন্তঃগাঁথনি, ক্ৰীড়াৰ বাবে প্ৰশিক্ষণ, ক্ৰীড়া চিকিৎসা আৰু ক্ৰীড়া পুষ্টি — এই সকলোবোৰ ক্ষেত্ৰতে ভাৰতে এতিয়া উৎকৃষ্টতা অৰ্জনৰ দিশত আগবাঢ়িছে।
• ক্ৰীড়া জগতত ভাৰতৰ প্ৰদৰ্শন উন্নত হৈছে আৰু আমি ২০৩৬ চনৰ অলিম্পিকৰ বাবে শক্তিশালী প্ৰতিদ্বন্দ্বী হিচাপে আগবাঢ়িছো। ভাৰতত ২০৩০ চনত কমনৱেলথ গেমছৰো আয়োজন কৰা হৈছে।
• আমি বিচাৰো ২০৩৬ চনৰ অলিম্পিক ভাৰতত অনুষ্ঠিত হওক। কিন্তু ২০৩৬ চনত এনেকুৱা ক্ৰীড়া ইভেণ্ট হ’ব, য’ত ভাৰতে আজি প্ৰতিযোগিতাত অংশগ্ৰহণ নকৰে, বা যোগ্যতা অৰ্জন নকৰে আৰু এনেকুৱা ইভেণ্টৰ পৰা ভাৰত অনুপস্থিত হৈ আছে।
• তিনি চতুৰ্থাংশ সুযোগে এতিয়াও আমাৰ বাবে অপেক্ষা কৰি আছে। ভাৰতে এই ক্ষেত্ৰসমূহত গুৰুত্ব দিব আৰু ইয়াৰ বাবে আমিও প্ৰতিভা সন্ধানী অভিযান আৰম্ভ কৰিব বিচাৰো।
• ৫ৰ পৰা ১৫ বছৰৰ ভিতৰৰ শিশুৰ মাজত ক্ৰীড়া প্ৰতিভা চিনাক্ত কৰিবলৈ গাঁও, চহৰ আৰু বিদ্যালয়ত প্ৰতিভা-সন্ধানী অভিযান চলোৱা হ’ব।তেওঁলোকৰ প্ৰতিভাৰ মূল্যায়ন কৰা হ’ব আৰু তাৰ পিছত তেওঁলোকক দেশক প্ৰতিনিধিত্ব কৰিব পৰা নিপুণ খেলুৱৈ হিচাপে গঢ়ি তুলিবলৈ বিশেষ প্ৰশিক্ষণ দিয়া হ’ব।
• দেশৰ বাবে আৰু দেশৰ যুৱক-যুৱতীসকলৰ বাবে ড্ৰাগছ আসক্তি এটা ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে। এখন ড্ৰাগছ মুক্ত ভাৰত (নিচা মুক্ত ভাৰত) আমাৰ সকলোৰে বাবে এক সামূহিক দায়িত্ব হ’ব লাগে।
২১) মহাকাশ বিভাগ
• মোৰ ‘সপ্ত ধাৰা’ৰ তৃতীয় শক্তি হ’ল প্ৰযুক্তি আৰু উদ্ভাৱন। আজি এআই, কোৱাণ্টাম প্ৰযুক্তি, মহাকাশ, ৰবটিক্স, আৰু ডাটা চেণ্টাৰৰ যুগ; সম্পূৰ্ণ নতুন সীমান্ত মুকলি হৈছে।
• উদীয়মান প্ৰযুক্তিয়ে আমাক অহৰহ প্ৰত্যাহ্বান জনাই আহিছে; গতিকে আমি দেশখনক কেৱল বিশ্বৰ বাবে বজাৰ হ’বলৈ নিদিব নালাগে—আমি উদ্ভাৱনৰ কেন্দ্ৰ হ’ব লাগিব।
• আমি মহাকাশ খণ্ড মুকলি কৰিছো। আমি ৰাষ্ট্ৰীয় ড্ৰোন নীতি আৰু খেলো ইণ্ডিয়া নীতি প্ৰণয়ন কৰিছো। ৩৫ বছৰ ধৰি শিক্ষা নীতি নাছিল যদিও আমি নতুন শিক্ষা নীতি প্ৰৱৰ্তন কৰিলোঁ, আৰু ইয়াৰ দ্বাৰা মধ্যবিত্ত পৰিয়ালসমূহে লাভাৱান্বিত হৈছে।
২২) মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়
• দেশ নিৰ্মাণৰ ক্ষেত্ৰত আমাৰ ভগ্নী আৰু কন্যাসকলৰ অৱদান আজি আমাৰ সকলোৰে বাবে এক বৃহৎ প্ৰেৰণাৰ উৎস হৈ পৰিছে । যুঁজাৰু বিমানতেই হওক বা অসামৰিক বিমান পৰিবহণতেই হওক, আমাৰ কন্যাসকল আগৰণুৱা।
• আমি ৩ কোটি ভগ্নীক ‘লাখপতি দিদি’ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিলোঁ, আৰু আমি সেই লক্ষ্য অতিক্ৰম কৰিছো। এতিয়া আমি ৬ কোটি লাখপতি দিদি সৃষ্টিৰ লক্ষ্য লৈ আগবাঢ়িছো। ৩ কোটি নতুন লাখপতি দিদিৰ সৃষ্টিয়ে মহিলাৰ শক্তিৰ দ্বাৰা পৰিচালিত গ্ৰাম্য অৰ্থনীতিৰ এক বৃহৎ পৰিৱৰ্তনৰ ইংগিত দিয়ে।
• আজি ইয়াত লালকিল্লাৰ প্ৰাচীৰত ত্ৰিৰংগাৰ ছাঁৰ তলত থিয় হৈ দেশৰ সকলো ৰাজনৈতিক দলকে আহ্বান জনাইছো যে নাৰীক সন্মান জনাই আগবাঢ়ি আহি আমাৰ মাতৃ-ভগ্নীসকলে যাতে অতি সোনকালে বিধানসভা আৰু লোকসভাত ৩৩% প্ৰতিনিধিত্ব নিশ্চিত কৰিব পাৰে, যাতে তেওঁলোকে ভাৰতৰ নীতি গঢ় দিয়াত অৰিহণা যোগাব পাৰে সেই ব্যৱস্থা কৰক।
• এয়া সময়ৰ প্ৰয়োজন আৰু মই আকৌ এবাৰ সকলো ৰাজনৈতিক দলকে আহ্বান জনাইছো, নাৰী সংৰক্ষণ কাৰ্যকৰী কৰি নাৰী সন্মানৰ অভিযানত যোগদান কৰক, আপোনালোকেও খ্যাতি অৰ্জন কৰক, কৃতিত্বও আপোনালোকে লওক, কিন্তু মোৰ মাতৃ-ভগ্নীক অধিকাৰ দিয়ক।
২৩) সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়
• এই প্ৰচেষ্টাসমূহ মই সন্মানসহকাৰে স্বীকাৰ কৰিছো; ইয়াৰ ফল এয়াই যে ইমান কম সময়ৰ ভিতৰতে ২৫ কোটি নাগৰিকে দৰিদ্ৰতা অতিক্ৰম কৰি তাৰ পৰা ওলাই আহিছে।
• বিগত ৫–৭ দশকত মাত্ৰ ২৫ কোটি লোকক দৰিদ্ৰতাৰ পৰা মুক্ত কৰাৰ লগতে আমি মাত্ৰ এটা দশকৰ ভিতৰত ১০০ কোটি নাগৰিকক সামাজিক সুৰক্ষাৰ সুৰক্ষামূলক ঢাল প্ৰদান কৰিছো।
• আমি ৩ কোটি ভগ্নীক ‘লাখপতি দিদি’ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিলোঁ, আৰু আমি সেই লক্ষ্য অতিক্ৰম কৰিছো। এতিয়া আমি ৬ কোটি লাখপতি দিদি সৃষ্টিৰ লক্ষ্য লৈ আগবাঢ়িছো।
• ৩ কোটি নতুন লাখপতি দিদি সৃষ্টিয়ে মহিলাৰ শক্তিৰ দ্বাৰা পৰিচালিত গ্ৰাম্য অৰ্থনীতিৰ এক বৃহৎ পৰিৱৰ্তনৰ ইংগিত দিয়ে।
• প্ৰতি বছৰে দৰিদ্ৰ লোকৰ বাবে শৌচাগাৰ নিৰ্মাণৰ কাম চাৰিগুণ বেগেৰে কৰা হৈছিল।
• দৰিদ্ৰ লোকক ঘৰ যোগান ধৰাৰ কাম প্ৰতি বছৰে তিনিগুণ বেগেৰে কৰা হৈছিল।
• আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত ৭০ বছৰ আৰু ততোধিক বয়সৰ বৃদ্ধ নাগৰিককো এতিয়া ৫ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে।
২৪) জনজাতি পৰিক্ৰমা মন্ত্ৰালয়
• যোৱা ১২ বছৰত সমগ্ৰ দেশৰ অগণন নাগৰিক—সেয়া দলিতেই হওক, নিপীড়িত হওক, বঞ্চিত হওক বা জনজাতীয় হওক; গাঁও বা চহৰৰ বাসিন্দা; দুখীয়া বা মধ্যবিত্ত শ্ৰেণী; যুৱক বা বৃদ্ধ; মহিলা বা পুৰুষ; আৰু উত্তৰ, দক্ষিণ, পূব বা পশ্চিমৰ লোকসকলে—এই সকলোৱে দেশক নতুন উচ্চতালৈ লৈ যোৱাৰ বাবে সকলো ধৰণৰ চেষ্টা কৰিছে, এক ভাগ-বাটোৱাৰা কৰা সংকল্প আৰু সমৰ্পণৰ দ্বাৰা পৰিচালিত হৈছে।
২৫) গ্ৰামোন্নয়ন মন্ত্ৰালয়
• আমি পূৰ্বতকৈ ১৫ গুণ বেছি দ্ৰুতগতিত গড় হাৰত টেপৰ পানীৰ সংযোগ প্ৰদান কৰিছো। প্ৰতি বছৰে গড়ে ছয়গুণ বেছি গতিৰে মানুহক গেছৰ সংযোগ দিয়া হৈছে।
• প্ৰতি বছৰে দৰিদ্ৰ লোকৰ বাবে শৌচাগাৰ নিৰ্মাণৰ কাম চাৰিগুণ বেগেৰে কৰা হৈছিল। দৰিদ্ৰ লোকক ঘৰ দিয়াৰ কাম প্ৰতি বছৰে তিনিগুণ বেগেৰে কৰা হৈছে।
• আমি ৩ কোটি ভগ্নীক ‘লাখপতি দিদি’ কৰি সবলীকৰণৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিলোঁ, আৰু আমি সেই লক্ষ্য অতিক্ৰম কৰিছো। এতিয়া আমি ৬ কোটি ‘লাখপতি দিদি’ সৃষ্টিৰ লক্ষ্য লৈ আগবাঢ়িছো।
• ৩ কোটি নতুন ‘লাখপতি দিদি’ৰ সৃষ্টিয়ে নাৰী শক্তিৰ দ্বাৰা পৰিচালিত গ্ৰাম্য অৰ্থনীতিৰ এক বৃহৎ পৰিৱৰ্তনৰ ইংগিত দিয়ে।
২৬) জল শক্তি মন্ত্ৰালয়
• গড়ে আমি প্ৰতি বছৰে ১৫ গুণ বেছি দ্ৰুততাৰে টেপৰ পানীৰ সংযোগ প্ৰদান কৰিছো।
• প্ৰতি বছৰে দৰিদ্ৰ লোকৰ বাবে শৌচাগাৰ নিৰ্মাণৰ কাম চাৰিগুণ বেগেৰে কৰা হৈছিল।
২৭) অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়
• মোৰ যুৱক-যুৱতীসকলৰ বাবে বিমান পৰিবহণ খণ্ডও দ্ৰুতগতিত বৃদ্ধি পাইছে। নতুন বিমানবন্দৰ, নতুন পথ, নতুন নিয়োগৰ পথৰ সৃষ্টি হৈছে।
• ৰক্ষণাবেক্ষণ আৰু অভাৰহ’লিঙৰ সৈতে জড়িত কাৰ্য্যকলাপে সমগ্ৰ দেশতে দক্ষ জনশক্তিৰ এক বিশাল অংশক চাকৰি প্ৰদান কৰিছে।
• আমি ‘মেড ইন ইণ্ডিয়া’ বিমান নিৰ্মাণৰ দিশত সফলতা লাভ কৰিছো।
• ‘মেড ইন ইণ্ডিয়া’ চি২৯৫ ডিফেন্স ট্ৰেন্সপ’ৰ্ট বিমানখনে ইতিমধ্যে সফল উৰণ সম্পূৰ্ণ কৰিছে।
২৮) বিজ্ঞান আৰু প্ৰযুক্তি বিভাগ
• ভাৰত চৰকাৰে এক লাখ কোটি টকাৰ উদ্ভাৱন পুঁজি ঘোষণা কৰিছে। দেশৰ যুৱক-যুৱতীসকলক ক'ব বিচাৰো, আপোনালোকৰ সপোন লৈ আহক, আমি কোনো ধৰণৰ সম্পদৰ অভাৱ হ'বলৈ নিদিওঁ।
• আমাৰ দেশৰ যুৱ মনবোৰে যাতে সৰুৰে পৰা প্ৰযুক্তিৰ প্ৰতি আগ্ৰহ গঢ়ি তুলিব পাৰে তাৰ বাবে আমি কাম কৰি আছো। সেইবাবেই আমি ১০ হাজাৰৰো অধিক অটল টিংকাৰিং লেব সৰু ল’ৰা-ছোৱালীৰ বাবে ৰাখিছো, যাতে তেওঁলোকে উদ্ভাৱন আৰু প্ৰযুক্তিৰ প্ৰতি আগ্ৰহ গঢ়ি তুলিব পাৰে।
• গৱেষণাৰ নতুন সুযোগ আৰু ‘ডিজিটেল ইণ্ডিয়া’ৰ অধীনত সুলভ তথ্যৰ উপলব্ধতাই যুৱক-যুৱতীসকলক সবল কৰি তুলিছে।
২৯) জৈৱ প্ৰযুক্তি বিভাগ
• জৈৱ-অৰ্থনীতিত দেশৰ যুৱ শক্তিয়ে নিজৰ সামৰ্থ্য প্ৰদৰ্শন কৰিছে। বন্ধুসকল, ২০১৪ চনৰ পূৰ্বে ৬০ হাজাৰ কোটি টকাৰ ব্যৱসায়ত থিয় দিয়া জৈৱ অৰ্থনীতি আজি ২০ লাখ কোটি টকা হৈছেগৈ।
৩০) গধুৰ উদ্যোগ মন্ত্ৰালয়
• ২০০৯-১০ চনত মাত্ৰ ১.৫ লাখ বৈদ্যুতিক বাহনহে বিক্ৰী হৈছিল; ২০২৫-২৬ চনত ২৫ লাখ বৈদ্যুতিক বাহন বিক্ৰী হৈছে।
৩১) দক্ষতা বিকাশ আৰু উদ্যোগীকৰণ মন্ত্ৰালয়
• লালকিল্লাৰ পৰা দেশৰ যুৱক-যুৱতীসকলৰ বাবে এটা ঘোষণা কৰিব বিচাৰিছো। আমি সিদ্ধান্ত লৈছো যে আগন্তুক এবছৰত আমি ১ কোটি যুৱক-যুৱতীক এআইৰ দক্ষতাৰ প্ৰশিক্ষণ দিয়াৰ কাম কৰিম যাতে আমাৰ দেশৰ যুৱক-যুৱতীসকলে এআইৰ জগতখনত নেতৃত্ব দিয়াৰ ক্ষমতা লাভ কৰে।
• বিমান পৰিবহণ খণ্ডও দ্ৰুতগতিত সম্প্ৰসাৰণ ঘটিছে, যাৰ ফলত আমাৰ যুৱক-যুৱতীসকলৰ বাবে নতুন সুযোগৰ সৃষ্টি হৈছে। নতুন বিমানবন্দৰ আৰু পথসমূহে নতুন নিয়োগৰ সম্ভাৱনাৰ সৃষ্টি কৰিছে।
• ৰক্ষণাবেক্ষণ আৰু অভাৰহ’লিঙৰ দৰে কাৰ্য্যকলাপে সমগ্ৰ দেশতে বিপুল সংখ্যক দক্ষ জনশক্তিক চাকৰি প্ৰদান কৰিছে।
• আমি ‘মেড ইন ইণ্ডিয়া’ বিমান নিৰ্মাণত সফলতা লাভ কৰিছো; ইতিমধ্যে ‘মেড ইন ইণ্ডিয়া’ চি২৯৫ ডিফেন্স ট্ৰেন্সপ’ৰ্ট বিমানখনে সফল উৰণ সম্পূৰ্ণ কৰিছে।
৩২) আইন আৰু ন্যায় মন্ত্ৰালয়
• দেশখনে শাসন ব্যৱস্থাতো উল্লেখযোগ্য পৰিৱৰ্তন আনিছে। হাজাৰ হাজাৰ অনুপালনৰ প্ৰয়োজনীয়তা নাইকিয়া কৰা হৈছে, আৰু শ শ অচল আইন বাতিল কৰা হৈছে। যোৱা শতিকাৰ আইনসমূহে একবিংশ শতিকাৰ লগত খোজ মিলাব নোৱাৰে।
• এই সন্দৰ্ভত মই ৰাজ্য চৰকাৰ আৰু স্থানীয় স্ব-শাসিত সংস্থাসমূহক ক’ব বিচাৰো—আৰু ই ভাৰত চৰকাৰৰো দায়িত্ব—যে আমি আমাৰ সংস্কাৰৰ গতি ত্বৰান্বিত কৰিব লাগিব।
• ২০৪৭ চনৰ দৃষ্টিভংগী পূৰণ কৰিবলৈ আমি আমাৰ ব্যৱস্থাসমূহ বিকশিত কৰিব লাগিব।আমি অতীতৰ নীতি আৰু নিয়ম অনুসৰি জীয়াই থাকিব নোৱাৰো। আমি ভৱিষ্যতৰ আকাংক্ষা পূৰণ কৰা নীতি আৰু নিয়ম প্ৰণয়ন কৰিব লাগিব।
৩৩) ভাৰতৰ পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ / লোকপিয়ল মন্ত্ৰালয়
• লোকপিয়ল প্ৰক্ৰিয়া চলি আছে, গণনা চলি আছে আৰু গণনা কেৱল সংখ্যাৰ ওপৰত নহয়।
• ইয়াৰ তথ্যৰ সূক্ষ্মতাইহে নীতি আৰু পৰিকল্পনা গঢ় দিয়ে, আৰু দেশখনক অগ্ৰগতিৰ বাবে নিজৰ পৰিকল্পনাৰ খচৰা প্ৰস্তুত কৰিবলৈ সক্ষম কৰে; সেয়েহে সঠিক তথ্য থকাটো অতি গুৰুত্বপূৰ্ণ।
• দেশৰ যুৱক-যুৱতীসকলক তেওঁলোকৰ পৰিয়ালৰ সদস্যৰ সৈতে বহি ফৰ্মখন সম্পূৰ্ণৰূপে বুজিবলৈ আহ্বান জনাইছো।
• আপোনালোকে দেখিছে, দেশে ইমান বৃহৎ কাম সম্পন্ন কৰিব আৰু দেশৰ সময় আৰু শক্তি সঠিক কামৰ বাবে ব্যৱহাৰ কৰা হ’ব আৰু সেয়েহে মোৰ দেশৰ যুৱক-যুৱতীসকলক এই লোকপিয়লৰ কামত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছো।
৩৪) বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয় / ঔষধ বিভাগ
• আমি ঔষধ খণ্ডত বহু কাম কৰিছো। অৱশ্যে সময়ৰ প্ৰয়োজনীয়তা হ’ল এটা বা দুটা ভাৰতীয় ঔষধ কোম্পানীয়ে বিশ্বৰ শীৰ্ষ পাঁচটা ফাৰ্মা কোম্পানীৰ ভিতৰত নিজৰ স্থান দখল কৰা।
• আমাৰ কোনো এটা কনচালটিং ফাৰ্ম, একাউণ্টিং ফাৰ্ম বিশ্বৰ শীৰ্ষস্থানীয় প্ৰতিষ্ঠানৰ ভিতৰত কিয় থাকিব নালাগে? আমাৰ লক্ষ্য হ’ব লাগে ভাৰতীয় প্ৰযুক্তি কোম্পানীসমূহক বিশ্বৰ আগশাৰীৰ হিচাপে গঢ়ি তোলা।
• আমাৰ এনে ব্ৰেণ্ড থাকিব লাগে যিয়ে বিশ্বক আকৰ্ষণ কৰে। আমি আমাৰ ব্ৰেণ্ডসমূহক আমাৰ দেশৰ পৰিচয় আৰু বিশ্বৰ গন্তব্যস্থান হিচাপে গঢ়ি তোলাৰ দিশত কাম কৰিব লাগিব।
৩৫) বিকশিত ভাৰত
• এখন দেশ মানে কেৱল চৰকাৰৰ কথা নহয়; ই প্ৰতিজন নাগৰিকক লৈ গঠিত। আমি কল্পনা কৰিব নোৱাৰোনে যে আমি ফৰ্চুন ৫০০ৰ বিষয়ে বহু কথা শুনিবলৈ পাওঁ, আমি কিয় কল্পনা আৰু লক্ষ্য নিৰ্ধাৰণ কৰা উচিত নহয় যে আগন্তুক দশকৰ ভিতৰত এই ফৰ্চুন ৫০০ কোম্পানীসমূহৰ ভিতৰত ৫০টা ভাৰতৰ থাকিব?
• আমাৰ এনে ব্ৰেণ্ড থাকিব লাগে যিয়ে বিশ্বক আকৰ্ষণ কৰে। আমি আমাৰ ব্ৰেণ্ডসমূহক আমাৰ দেশৰ পৰিচয় আৰু বিশ্বৰ গন্তব্যস্থান হিচাপে গঢ়ি তোলাৰ দিশত কাম কৰিব লাগিব।
• এই সন্দৰ্ভত মই ৰাজ্য চৰকাৰ আৰু স্থানীয় স্ব-শাসিত সংস্থাসমূহক ক’ব বিচাৰো—আৰু ই ভাৰত চৰকাৰৰো দায়িত্ব—যে আমি আমাৰ সংস্কাৰৰ গতি ত্বৰান্বিত কৰিব লাগিব।
• ২০৪৭ চনৰ লক্ষ্য পূৰণৰ বাবে আমি আমাৰ ব্যৱস্থাসমূহ বিকশিত কৰিব লাগিব।আমি অতীতৰ নীতি আৰু নিয়মৰ ওপৰত নিৰ্ভৰ কৰিব নোৱাৰো, বৰঞ্চ আমি ভৱিষ্যতৰ বাবে আমাৰ আকাংক্ষাক প্ৰতিফলিত কৰা নীতি নিৰ্ধাৰণ কৰিব লাগিব।
• মই লালকিল্লাৰ পৰা ‘পঞ্চ প্ৰাণ’ (পাঁচটা প্ৰতিজ্ঞা)ৰ কথা কৈছিলোঁ। এই পাঁচটা প্ৰতিশ্ৰুতিই দেশক অপৰিসীম শক্তি প্ৰদান কৰিছে, আত্মগৌৰৱৰ ভাব আৰু লক্ষ্য অতিক্ৰম কৰাৰ ক্ষমতাৰে আগবাঢ়ি যাবলৈ সক্ষম কৰিছে। আমি প্ৰতি মুহূৰ্ততে দাসত্বৰ মানসিকতাক নিৰ্মূল কৰিব লাগিব।
• দেশৰ স্বাৰ্থ আত্ম স্বাৰ্থৰ ওপৰত হ’ব লাগে। দেশৰ স্বাৰ্থ আমাৰ স্বাৰ্থৰ ওপৰত হ’ব লাগে আৰু কৰ্তব্য আমাৰ পৰিচয় হ’ব লাগে। মই মোৰ সকলো দেশবাসীক কব বিচাৰিছো যে সময় আমাৰ, সুযোগ আমাৰ, সংকল্প আমাৰ, আহক আমি আমাৰ সপোনক সংকল্পলৈ, সংকল্পক শক্তিলৈ আৰু শক্তিক সফলতালৈ ৰূপান্তৰিত কৰোঁ।
• আহক আমি প্ৰতিটো খোজক উন্নয়নৰ এখোজ হিচাপে গঢ়ি তোলোঁ, খোজৰ পিছত খোজ যোগ দিওঁ, হৃদয়ৰ লগত আমাৰ হৃদয় সংযোগ হওঁক, লক্ষ্যৰ লগত সংযুক্ত হৈ থাকক, এটা চাকিৰে হাজাৰ হাজাৰ দীপ জ্বলাই দিব পাৰি, আহক আমি সকলোৱে মিলি এখন বিকশিত ভাৰত গঢ়ি তোলোঁ।
****
MJPS/SS/VJ/DM
(रिलीज़ आईडी: 2300069)
आगंतुक पटल : 6