ৰাষ্ট্ৰপতি সচিবালয়
azadi ka amrit mahotsav

ভাৰতৰ ৰাষ্ট্ৰপতিৰ উপস্থিতিত অমৃত উদ্যানৰ গ্ৰীষ্মকালীন বাৰ্ষিক সংস্কৰণ, ২০২৬-ৰ মুকলি অনুষ্ঠান

১৬ আগষ্টৰ পৰা ১৫ ছেপ্টেম্বৰলৈকে ৰাইজৰ বাবে মুকলি থাকিব অমৃত উদ্যান

পোষ্ট কৰা হৈছে: 14 AUG 2026 3:19PM by PIB Guwahati

ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি (১৪ আগষ্ট, ২০২৬) অমৃত উদ্যানৰ গ্ৰীষ্মকালীন বাৰ্ষিক সংস্কৰণ, ২০২৬-ৰ মুকলি অনুষ্ঠানত উপস্থিত থাকে।

অমৃত উদ্যানৰ গ্ৰীষ্মকালীন বাৰ্ষিক সংস্কৰণ ১৬ আগষ্টৰ পৰা ১৫ ছেপ্টেম্বৰ, ২০২৬ লৈকে ৰাইজৰ বাবে মুকলি থাকিব। সেই সময়ছোৱাত, উদ্যানখন পুৱা ১০:০০ বজাৰ পৰা বিয়লি ৬:০০ বজালৈকে মুকলি থাকিব, য'ত অন্তিম প্ৰৱেশৰ সময় হৈছে বিয়লি ৫:০০ বজা। ৰক্ষণাবেক্ষণৰ বাবে প্ৰতি সোমবাৰে উদ্যানখন বন্ধ থাকিব।

দৰ্শনাৰ্থীসকলৰ প্ৰৱেশ আৰু প্ৰস্থান নৰ্থ এভিনিউ ৰোডৰ ওচৰত অৱস্থিত ৩৫ নং গেটেৰে হ'ব। অমৃত উদ্যানত প্ৰৱেশ বিনামূলীয়া হ'ব। দৰ্শনাৰ্থীসকলে আগতীয়াকৈ visit.rashtrapatibhavan.gov.in ত অনলাইনযোগে তেওঁলোকৰ স্লট বুকিং কৰিব লাগিব। কোনো এটা নিৰ্দিষ্ট দিনৰ বাবে স্লট বুকিং পূৰ্বৱৰ্তী দিনৰ পুৱা ১০:০০ বজাত বন্ধ হ'ব। থিতাতে বা তাৎক্ষণিক বুকিঙৰ কোনো ব্যৱস্থা নাথাকিব।

দৰ্শনাৰ্থীসকলৰ সুবিধাৰ্থে, পৰিদৰ্শনৰ পথছোৱাত খোৱাপানীৰ ষ্টল, প্ৰাথমিক চিকিৎসা কেন্দ্ৰ, বৰষুণৰ পৰা আশ্ৰয় লোৱাৰ স্থান আৰু প্ৰসাধন কক্ষ স্থাপন কৰা হ'ব। পুৱা ৯:৩০ বজাৰ পৰা বিয়লি ৬:০০ বজালৈকে প্ৰতি ৩০ মিনিটৰ ব্যৱধানত চেণ্ট্ৰেল চেক্ৰেটেৰিয়েট মেট্ৰ' ষ্টেচনৰ পৰা অমৃত উদ্যানৰ প্ৰৱেশদ্বাৰলৈকে 'SHUTTLE SERVICE FOR AMRIT UDYAN' বেনাৰ লগোৱা ছাটল বাছ সেৱাও উপলব্ধ হ'ব।

অমৃত উদ্যানৰ বিষয়ে সবিশএষ জানিবৰ বাবে ইয়াত ক্লিক কৰক

***

MJPS/SS/PRK/RD


(ৰিলিজ আই ডি : 2299900) অতিথি কক্ষ : 34
ত এই ৰিলিজটো পঢ়ক: Malayalam , English , Urdu , हिन्दी , Bengali , Gujarati , Tamil