গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

লোকপিয়ল, ২০২৭-ৰ প্ৰস্তুতিমূলক কাৰ্য্যকলাপ

प्रविष्टि तिथि: 12 AUG 2026 4:52PM by PIB Guwahati

ইতিমধ্যে ৩১ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত লোকপিয়ল, ২০২৭-ৰ প্ৰথম পৰ্য্যায় অৰ্থাৎ হাউছলিষ্টিং আৰু হাউছিং লোকপিয়ল সম্পূৰ্ণ হৈছে। বাকী ৰাজ্যসমূহত প্ৰথম পৰ্য্যায়ৰ লোকপিয়লৰ কাম ছেপ্টেম্বৰ, ২০২৬-ৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ কথা। ইয়াৰ উপৰিও গেজেট অৱ ইণ্ডিয়াৰ ৩ আগষ্ট, ২০২৬-ৰ অধিসূচনা অনুসৰি লাডাখ কেন্দ্ৰীয় শাসিত অঞ্চল তথা জম্মু-কাশ্মীৰ কেন্দ্ৰীয় শাসিত অঞ্চলৰ বৰফেৰে-আবৃত অঞ্চলসমূহত জনসংখ্যা গণনাৰ দ্বিতীয় পৰ্য্যায় আৰু হিমাচল প্ৰদেশ তথা উত্তৰাখণ্ডৰ এলেকাসমূহত ১ ছেপ্টেম্বৰ, ২০২৬-ৰ পৰা ৩০ ছেপ্টেম্বৰ, ২০২৬-লৈ ১ অক্টোবৰ, ২০২৬-ৰ পৰা ৫ অক্টোবৰ, ২০২৬-লৈ সংশোধনী ৰাউণ্ডেৰে সম্পন্ন কৰা হ’ব। ইয়াৰ উপৰিও ২০২৬-ৰ ১৭ আগষ্টৰ পৰা ২০২৬-ৰ ৩১ আগষ্টলৈকে স্ব-গণনাৰ বিকল্প উপলব্ধ হ’ব।

লোকপিয়ল, ২০২৭-ৰ প্ৰথম পৰ্য্যায়ৰ পৰিচালনাৰ বাবে লোকপিয়ল ব্যৱস্থাপনা আৰু নিৰীক্ষণ ব্যৱস্থা (CMMS) পৰ্টেলকে প্ৰমুখ্য কৰি তথ্য সংগ্ৰহৰ বাবে ম’বাইল এপ্লিকেচন আৰু আন ডিজিটেল প্লেটফৰ্ম ব্যৱহাৰ কৰা হৈছে। প্ৰথমবাৰৰ বাবে লোকপিয়লত অনলাইন ৱেব পৰ্টেলৰ জৰিয়তে উত্তৰদাতাসকলক স্ব-গণনা কৰাৰ সুবিধাও প্ৰদান কৰা হৈছে। দ্বিতীয় পৰ্য্যায়ৰ লোকপিয়লৰ বাবে ডিজিটেল আহিলা যুগুত কৰা হৈছে।

লোকপিয়ল, ২০২৭-ৰ অধিসূচিত সময়সূচী অনুসৰি ৰাজ্য/ কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰৰ সমন্বয়ত প্ৰথম পৰ্য্যায়ৰ বাবে মাষ্টাৰ প্ৰশিক্ষক, ক্ষেত্ৰ প্ৰশিক্ষক, গণনাকাৰী, তত্বাৱধায়ক আদিৰ প্ৰশিক্ষণ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে/ অব্যাহত আছে।

এতিয়ালৈকে লোকপিয়লৰ কৰ্মকৰ্তাসকলক প্ৰশিক্ষণ প্ৰদান, জনশক্তি সাহায্য, কাৰিকৰী আন্তঃগাঁথনি, লোকপিয়লৰ কৰ্মকৰ্তাসকলক মাননি প্ৰদান আদিৰ বাবে ইতিমধ্যে মুঠ ৪১০২ কোটি টকা ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ মুকলি কৰি দিয়া হৈছে।

ৰাজ্যসভাত এটা প্ৰশ্নৰ লিখিত উত্তৰত গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী নিত্যানন্দ ৰায়ে এই কথা উল্লেখ কৰে।

*****

RK/RR/PR/PS/SKS/SB
 


(रिलीज़ आईडी: 2299065) आगंतुक पटल : 6
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Tamil , English , Urdu , हिन्दी , Marathi , Punjabi , Gujarati