ইলেক্ট্ৰ’নিক্স আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰালয়
চৰকাৰে উমং আৰু ডিজিলকাৰ-ৰ জৰিয়তে নাগৰিক-কেন্দ্ৰিক ডিজিটেল ৰাজহুৱা সেৱা প্ৰদান ব্যৱস্থাক সম্প্ৰসাৰিত কৰিছে
प्रविष्टि तिथि:
12 AUG 2026 1:40PM by PIB Guwahati
মাননীয় প্ৰধানমন্ত্ৰীৰ প্ৰযুক্তিক সাৰ্বজনীনকৰণ আৰু নাগৰিক সবলীকৰণৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি ভাৰত চৰকাৰে ২০১৫-ৰ জুলাইত ডিজিটেল ইণ্ডিয়া কাৰ্য্যক্ৰমৰ শুভাৰম্ভ কৰিছিল। ডিজিটেল ইণ্ডিয়া কাৰ্য্যক্ৰমৰ অধীনত ডিজিটেল প্ৰৱেশৰ অগ্ৰগতি সাধন আৰু নিৰৱচ্ছিন্ন নাগৰিক-কেন্দ্ৰিক সেৱা প্ৰদান ব্যৱস্থা নিশ্চিতকৰণৰ অৰ্থে চৰকাৰে একাধিক পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াত উমং (UMANG-ইউনিফাইড ম’বাইল এপ্লিকেচন ফৰ নিউ-এজ গভৰ্ণেন্স) আৰু ডিজিলকাৰ প্লেটফৰ্মসমূহো অন্তৰ্ভুক্ত।
২০২৬-ৰ ৩১ জুলাইলৈকে সমগ্ৰ ভাৰতত উমং (ইউনিফাইড ম’বাইল এপ্লিকেচন ফৰ নিউ-এজ গভৰ্ণেন্স) প্লেটফৰ্মত প্ৰায় ২,৫৭৫ টা সেৱা [কেন্দ্ৰীয় চৰকাৰঃ ৮৮০; ৰাজ্য চৰকাৰঃ ১৬৯৫] উপলব্ধ আৰু ডিজিলকাৰ প্লেটফৰ্মত ৫,৪৩৭ ডুকুমেন্ট টাইপ/সেৱা [কেন্দ্ৰীয় চৰকাৰঃ ৬৬১; ৰাজ্য চৰকাৰঃ ৪,৭৭৬] উপলব্ধ হৈছে।
উমঙৰ ১১.৬৬ কোটিৰো অধিক পঞ্জীয়নভুক্ত ইউজাৰে যোৱা ৩ বছৰত প্ৰায় ৭৯৮ কোটি লেনদেন সম্পন্ন কৰিছে আৰু ডিজিলকাৰত ৭২.৪৩ কোটিৰো অধিক পঞ্জীয়নভুক্ত ইউজাৰ আছে তথা যোৱা ৩ বছৰত প্ৰায় ৭২.৮৬ কোটি ডুকুমেন্ট একচেছ লেনদেন হৈছে।
চৰকাৰে গ্ৰাম্য আৰু দুৰ্গম অঞ্চল সমূহত ডিজিটেল প্ৰৱেশৰ অগ্ৰগতি সাধনৰ বাবে কমন চাৰ্ভিচ চেন্টাৰৰ (CSC) নেটৱৰ্কক সম্প্ৰসাৰিত কৰিছে। চিএছচি-এ নাগৰি-ককেন্দ্ৰিক ডিজিটেল সেৱা প্ৰদান কৰে। ইয়াৰ ভিতৰত চৰকাৰী, বেংকিং, বিত্তীয়, বীমা, পেঞ্চন আৰু ইউটিলিটি পেমেন্ট সেৱা উল্লেখযোগ্য। ২০২৬-ৰ ৩০ জুনলৈকে গাঁও পঞ্চায়ত পৰ্য্যায়ত ৪,০৭,১২২ টা চিএছচি কাৰ্য্যক্ষম হৈ আছে। ইয়াৰে ৭০,০৬৯ টা চিএছচি মহিলা গাঁও পৰ্য্যায়ৰ উদ্যোগীয়ে পৰিচালনা কৰিছে।
ডিজিটেল সুগমতাৰ অগ্ৰগতি সাধনৰ বাবে আৰু গ্ৰাম্য, প্ৰত্যন্ত তথা অনগ্ৰসৰ অঞ্চল সমূহত নিৰৱচ্ছিন্ন সেৱা প্ৰদান কাৰ্য্য নিশ্চিত কৰাৰ বাবে গ্ৰহণ কৰা আন-আন মূল ব্যৱস্থাসমূহৰ সম্পৰ্কে তলত উল্লেখ কৰা হৈছেঃ
- ম’বাইল আৰু ৱেব-ভিত্তিক প্ৰৱেশঃ উমং আৰু ডিজিলকাৰ উভয় প্লেটফৰ্মেই ম’বাইল এপ্লিকেচন আৰু ৱেব পৰ্টেলৰ জৰিয়তে উপলব্ধ। ইয়াৰ ফলশ্ৰুতিত নাগৰিক সকলে যিকোনো সময়তে আৰু যিকোনো স্থানতে চৰকাৰী সেৱাসমূহৰ সুবিধা গ্ৰহণ কৰিব পাৰে।
- ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিৰ (DPI) সৈতে সংহতিঃ উমং আৰু ডিজিলকাৰ-ক ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিৰ মূল উপাদান যেনেঃ আধাৰ, ইছাইন, এপিআই সেতু আৰু আন-আন প্ৰধান ডিজিটেল প্লেটফৰ্মৰ সৈতে সংহত কৰা হৈছে। ইয়াৰ ফলশ্ৰুতিত নিৰৱচ্ছিন্ন আৰু কাগজবিহীন সেৱা প্ৰদান ব্যৱস্থা প্ৰশস্ত হৈছে।
- সুৰক্ষিত আৰু কাগজবিহীন শাসন ব্যৱস্থাঃ উভয় প্লেটফৰ্মে সুৰক্ষিত প্ৰমাণীকৰণ, ডিজিটেল ডুকুমেন্ট পৰীক্ষণ আৰু সন্মতি-ভিত্তিক শ্বেয়াৰিং প্ৰশস্ত কৰিছে। ইয়াৰ ফলশ্ৰুতিত ফলপ্ৰসূ সেৱা প্ৰদান কাৰ্য্য নিশ্চিত হোৱাৰ সমান্তৰালকৈ ফিজিকেল ভিজিট আৰু কাগজ-ভিত্তিক প্ৰক্ৰিয়াৰ প্ৰয়োজনীয়তা হ্ৰাস পাইছে।
- ডিজিটেল সাক্ষৰতা আৰু সজাগতাঃ চৰকাৰে পিএমজিদিশা (PMGDISHA-প্ৰধানমন্ত্ৰী গ্ৰামীণ ডিজিটেল সাক্ষৰতা অভিযান)-ৰ দৰে পদক্ষেপৰ জৰিয়তে ডিজিটেল সাক্ষৰতাক প্ৰসাৰিত কৰিছে আৰু ডিজিটেল প্লেটফৰ্মৰ ব্যৱহাৰক উৎসাহিত কৰিবলৈ সজাগতা অভিযান অব্যাহত ৰাখিছে।
- বহুভাষিক আৰু সুলভ সেৱাসমূহঃ উমং আৰু ডিজিলকাৰে একাধিক ভাৰতীয় ভাষাত সেৱা আগবঢ়ায় তথা ডিজিটেল সেৱাসমূহ অধিক অন্তৰ্ভুক্ত কৰিবলৈ ইউজাৰ অভিজ্ঞতাৰ অহৰহ অগ্ৰগতি সাধন কৰিছে।
- সেৱাসমূহৰ নিৰন্তৰ সম্প্ৰসাৰণঃ চৰকাৰী বিভাগ আৰু ৰাজ্য চৰকাৰ সমূহক নিয়মিতভাৱে অনবৰ্ড কৰি অধিক নাগৰিক-কেন্দ্ৰিক সেৱাসমূহ আৰু ডিজিটেল ডুকুমেন্ট সমূহক উমং আৰু ডিজিলকাৰত একত্ৰিত কৰা হৈছে।
কেন্দ্ৰীয় ইলেকট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি দপ্তৰৰ মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱে ০৭-০৮-২০২৬ ত ৰাজ্যসভাত এই বিবৃতি আগবঢ়ায়।
****
Vinod Kumar / Kanishk Sharma/SB
(रिलीज़ आईडी: 2298906)
आगंतुक पटल : 5