প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰাক্তন ৰাষ্ট্ৰপতি শ্ৰী ৰামনাথ কোবিন্দ জীৰ আত্মজীৱনী উন্মোচনৰ সময়ত দিয়া ভাষণৰ আভাস শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
12 AUG 2026 2:16PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাক্তন ৰাষ্ট্ৰপতি শ্ৰী ৰামনাথ কোবিন্দৰ আত্মজীৱনী ‘ট্ৰায়াম্ফ অব দা ইণ্ডিয়ান ৰিপাব্লিকঃ মাই লাইফ, মাই ষ্ট্ৰাগলছ’ উন্মোচনৰ সময়ত দিয়া ভাষণৰ কিছু আভাস শ্বেয়াৰ কৰে। গ্ৰন্থখনৰ মূল বিষয়বস্তুৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ কয় যে এই গ্ৰন্থখনে শ্ৰী কোবিন্দ জীৰ অনুপ্ৰেৰণামূলক সংগ্ৰাম, বিভিন্ন ভূমিকাত তেওঁৰ অৱদান আৰু জনসেৱাৰ প্ৰতি তেওঁৰ গভীৰ দায়বদ্ধতাক আলোকপাত কৰে, যি প্ৰতিজন ভাৰতীয়ৰ বাবে অনুপ্ৰেৰণা হ’ব পাৰে আৰু ৰাষ্ট্ৰৰ গণতন্ত্ৰৰ প্ৰকৃত শক্তিক প্ৰতিফলিত কৰে।
এক্সৰ এলানি পোষ্টত প্ৰধানমন্ত্ৰীয়ে শ্বেয়াৰ কৰেঃ
‘প্ৰাক্তন ৰাষ্ট্ৰপতি শ্ৰী ৰামনাথ কোবিন্দ জীৰ আত্মজীৱনী ‘ট্ৰায়াম্ফ অব দা ইণ্ডিয়ান ৰিপাব্লিকঃ মাই লাইফ, মাই ষ্ট্ৰাগলছ’ৰ উন্মোচনৰ অংশ হ’বলৈ পাই আনন্দিত হৈছো। এই গ্ৰন্থখনে ভাৰতীয় গণতন্ত্ৰৰ প্ৰকৃত শক্তি আৰু সম্ভাৱনাসমূহ প্ৰতিফলিত কৰিছে।’
‘প্ৰাক্তন ৰাষ্ট্ৰপতি শ্ৰী ৰামনাথ কোবিন্দ জীৰ গ্ৰন্থখন এক অনুপ্ৰেৰণামূলক পাঠ, যিয়ে সাংসদ, ৰাজ্যপাল আৰু ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে তেওঁৰ সংগ্ৰাম, সেৱা আৰু সমৃদ্ধ অৱদানক বিশেষভাৱে আলোকপাত কৰিছে।’
‘শ্ৰী ৰামনাথ কোবিন্দ জীয়ে জনসেৱাক জীৱনৰ পথ হিচাপে বাছি লৈছিল আৰু সমগ্ৰ সময়ছোৱাত নিজৰ কৰ্তব্যৰ প্ৰতি গভীৰভাৱে দায়বদ্ধ আছিল। তেওঁৰ নিষ্ঠা আৰু সেৱাৰ মনোভাৱ প্ৰতিজন ভাৰতীয়ৰ বাবে এক অনুপ্ৰেৰণা।’
***
MJPS/SS/RPK/NB
(रिलीज़ आईडी: 2298293)
आगंतुक पटल : 9
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam