গৃহ মন্ত্ৰালয়
বিভ্রান্তিকৰ মোবাইল এপ্লিকেচন
प्रविष्टि तिथि:
11 AUG 2026 4:10PM by PIB Guwahati
গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে দেশত সকলো ধৰণৰ চাইবাৰ অপৰাধৰ সৈতে সমন্বিত আৰু ব্যাপকভাৱে মোকাবিলা কৰাৰ বাবে সংযুক্ত কাৰ্যালয় হিচাপে ‘ভাৰতীয় চাইবাৰ ক্ৰাইম সমন্বয় কেন্দ্ৰ’ (I4C) স্থাপন কৰিছে।
মহিলা আৰু শিশুৰ বিৰুদ্ধে চাইবাৰ অপৰাধৰ ওপৰত বিশেষ গুৰুত্ব দি জনসাধাৰণক সকলো ধৰণৰ চাইবাৰ অপৰাধৰ সৈতে জড়িত ঘটনাৰ প্ৰতিবেদন দিবলৈ সক্ষম কৰিবলৈ I4C ৰ অংশ হিচাপে ‘নেচনেল চাইবাৰ ক্ৰাইম ৰিপৰ্টিং প'ৰ্টেল’ (এনচিআৰপি) (https://cybercrime.gov.in) আৰম্ভ কৰা হৈছে।
আইটি আইন, ২০০০ ৰ ধাৰা ৭৯ ৰ উপধাৰা (৩) ৰ দফা (খ) ৰ অধীনত উপযুক্ত চৰকাৰ বা ইয়াৰ সংস্থাৰৰ দ্বাৰা আইটি মধ্যস্থতাকাৰীসকলক জাননী প্ৰেৰণৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰিবলৈ 'সহযোগ' পৰ্টেল আৰম্ভ কৰা হৈছে, যাতে কোনো বেআইনী কাম কৰিবলৈ ব্যৱহাৰ কৰা যিকোনো তথ্য বা যোগাযোগ লিংক আঁতৰোৱা অথবা নিষ্ক্ৰিয় কৰাৰ বাবে সুবিধা হয়। ৩০.০৬.২০২৬ লৈকে আই টি আইন ২০০০ ৰ ধাৰা ৬৯ (এ), ধাৰা ৭৯ (৩) (বি) ৰ অধীনত I4C-ৰ দ্বাৰা জালিয়াতি ঋণ এপকে ধৰি মুঠ ৩৭১৮ টা মোবাইল এপ ব্লক কৰা হৈছে।
বিত্তীয় জালিয়াতিৰ তাৎক্ষণিক প্ৰতিবেদন আৰু জালিয়াতি কৰোঁতাসকলৰ দ্বাৰা পুঁজিৰ অপব্যৱহাৰ বন্ধ কৰাৰ বাবে I4C-ৰ অধীনত 'নাগৰিক বিত্তীয় চাইবাৰ প্ৰৱঞ্চনা প্ৰতিবেদন আৰু ব্যৱস্থাপনা ব্যৱস্থা' (চিএফচিএফআৰএমএছ) ২০২১ চনত আৰম্ভ কৰা হৈছিল। I4C- ৰ দ্বাৰা পৰিচালিত চি এফ চি এফ আৰ এম এছ-ৰ মতে, এতিয়ালৈকে ৩২.৮০ লাখতকৈও অধিক অভিযোগত ১১,১৫৮ কোটি টকাতকৈও অধিক ধন ৰক্ষা কৰা হৈছে।
চাইবাৰ অপৰাধীৰ চিনাক্তকৰণৰ সন্দেহযুক্ত ৰেজিষ্ট্ৰী I4C -ৰ দ্বাৰা বেংক/বিত্তীয় প্ৰতিষ্ঠানসমূহৰ সহযোগিতাত ১০.০৯.২০২৪ ত মুকলি কৰা হৈছে। ৩০.০৬.২০২৬ লৈকে, বেংকৰ পৰা লাভ কৰা ৩০.৪৮ লাখতকৈও অধিক সন্দেহজনক চিনাক্তকৰণ তথ্য আৰু ৩২.০৮ লাখ লেয়াৰ 1 মিউল একাউণ্ট সন্দেহজনক পঞ্জীয়নৰ অংশগ্ৰহণকাৰী সংস্থাসমূহৰ সৈতে শ্বেয়াৰ কৰা হৈছে আৰু ২৫,৬৯৮ কোটি টকাৰ লেনদেন অস্বীকাৰ কৰা হৈছে। ৩০.০৬.২৬ লৈকে, আৰক্ষী কৰ্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি ১৫.৭৫ লাখতকৈও অধিক ছিম কাৰ্ড আৰু ৫.৭৭ লাখ আইএমইআই ভাৰত চৰকাৰৰ দ্বাৰা ব্লক কৰা হৈছে।
কাৰ্য্যকৰী দক্ষতা শক্তিশালী কৰিবলৈ আৰু চাইবাৰ অপৰাধৰ অভিযোগসমূহৰ সন্মুখীন হোৱাৰ ক্ষেত্ৰত একাত্মতা নিশ্চিত কৰিবলৈ মন্ত্ৰালয়ে এনচিআৰপি-চিএফচিএফআৰএমএছ-ৰ বাবে এক ব্যাপক ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিয়ৰ (এছঅ’পি) জাৰি কৰিছে। এছঅ’পি-ত অভিযোগ প্ৰক্ৰিয়াকৰণ, বেংকৰ সমন্বয়, অভিযোগ নিষ্পত্তি আৰু এনচিআৰপি-ৰ জৰিয়তে পোৱা অভিযোগৰ ভিত্তিত সঠিক দাবীদাৰসকলক প্ৰতাৰিত পুঁজি পুনৰুদ্ধাৰৰ বাবে এক প্ৰামাণিক পৰিকাঠামো নিৰ্ধাৰণ কৰা হৈছে। ভুক্তভোগীসকলক প্ৰতাৰিত ধন দ্ৰুতভাৱে পুনৰুদ্ধাৰৰ বাবে ধন পুনৰুদ্ধাৰ মডিউল আৰু বেংক একাউণ্ট বন্ধ কৰা তথা ধনৰাশিৰ লিয়েন মাৰ্কিং সম্পৰ্কীয় অভিযোগসমূহ সময়মতে সমাধানৰ বাবে অভিযোগ নিষ্পত্তি মডিউল ২০২৬ চনৰ এপ্ৰিল মাহৰ পৰা কাৰ্যকৰী কৰা হৈছে।
চাইবাৰ অপৰাধৰ বিৰুদ্ধে অধিক সজাগতাৰ সৃষ্টি কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে, যাৰ ভিতৰত আছে; কলাৰ টিউন অভিযান, এছ এম এছ-ৰ জৰিয়তে বাৰ্তাৰ প্ৰচাৰ, I4C ছ’চিয়েল মিডিয়া একাউণ্ট অৰ্থাৎ এক্স (পূৰ্বতে টুইটাৰ) (@CyberDost), ফেচবুক (চাইবাৰ দোস্ত I4C) ইনষ্টাগ্ৰাম (চাইবাৰ দোস্ত I4C) টেলিগ্ৰাম (চাইবাৰ দোস্ত I4C), এছ এম এছ অভিযান, টিভি অভিযান, ৰেডিঅ’ অভিযান, বিদ্যালয় অভিযান, চিনেমাগৃহত বিজ্ঞাপন, চেলিব্ৰিটিৰ অনুমোদন, আই পি এল অভিযান, একাধিক মাধ্যমত প্ৰচাৰৰ বাবে মাইগভক নিয়োজিত কৰা, ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ সহযোগত চাইবাৰ সুৰক্ষা আৰু সুৰক্ষা সজাগতা সপ্তাহৰ আয়োজন কৰা, কিশোৰ-কিশোৰীসকলৰ বাবে হেণ্ডবুক প্ৰকাশ কৰা।
লোকসভাত এটা প্ৰশ্নৰ লিখিত উত্তৰত গৃহ মন্ত্ৰালয়ৰ ৰাজ্য মন্ত্ৰী শ্ৰী বান্দি সঞ্জয় কুমাৰে এই কথা প্ৰকাশ কৰে।
*****
RK/RR/PR/PS/SC/MK
(रिलीज़ आईडी: 2297944)
आगंतुक पटल : 6