প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ভাৰতৰ কমনৱেলথ গেমছ চেম্পিয়নসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত বিনিময়ৰ মূল পাঠ

পোষ্ট কৰা হৈছে: 10 AUG 2026 1:11PM by PIB Guwahati

প্ৰধানমন্ত্ৰী- মই এই ঘৰটোত প্ৰায় ১২-১৩ বছৰ ধৰি আছোঁ। ইয়াত মই নিয়মিতভাৱে আৰু প্ৰতিবাৰে কাৰোবাক যদি আদৰণি জনাইছো, কাৰোবাক মই লগ পাইছো, তেন্তে সেয়া হৈছে খেলুৱৈসকল। যোৱা ১০-১২ বছৰ মানৰ পৰা, আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ বাবে, ভাৰতক বিজয়ী কৰি তুলিবলৈ আপোনালোকৰ নিৰন্তৰ প্ৰচেষ্টাৰ জৰিয়তে তথা সফলতাৰ নতুন শিখৰত উপনীত হোৱাৰ পৰম্পৰাৰ বলত, সম্ভৱতঃ বিদ্যালয়লৈ গৈ আমি খেলিব লাগে বুলি কোৱাৰ লগতে দিয়া আন উপদেশসমূহতকৈ আপোনালোকৰ পদকে তেওঁলোকক অধিক অনুপ্ৰাণিত কৰে।

প্ৰধানমন্ত্ৰী-আপুনি মোক যোৱা বাৰ প্ৰতিশ্ৰুতি দিছিল যে আপোনাৰ দুয়োগৰাকী কন্যা খেলুৱৈ হ'ব?

খেলুৱৈ-হয়, এতিয়া তেওঁ বয়সত সৰু হৈ আছে, পৰৱৰ্তী কমনৱেলথ গেমছত তেওঁ একেখন ঘৰলৈ তিনিটা পদক কঢ়িয়াই আনিব।

প্ৰধানমন্ত্ৰী-নিশ্চয়।

খেলুৱৈঃ হয় মহাশয়।

খেলুৱৈ-যেতিয়া মই দৌৰিছিলো, ২৯তাৰিখে মোৰ প্ৰতিযোগিতা আছিল, সেই দিনটো আছিল গুৰুপুৰ্ণিমা, সেয়েহে মই সেই দিনটোত মোৰ গুৰুক এটা উপহাৰ দিছিলো।

প্ৰধানমন্ত্ৰী-আপুনি বহুত গৌৰৱ কঢ়িয়াই আনিছে। ইমান চকুলো ওলাইছিল, মোৰ এনেকুৱা লাগিছিল যেন চকুপানীৰ প্ৰতিটো টোপালৰ পৰা সোণৰ পদক সৰিছিল।

খেলুৱৈ-সেই দিনটোতে মই বহুত সুখী, আৱেগিক হৈছিলো। সুখ অধিক আছিল আৰু পেৰিছ অলিম্পিকত মোৰ ১ কেজি শাখাত পদক বাকী থকাৰ বাবে মই কান্দিছিলোঁ। একোগৰাকী খেলুৱৈৰ জীৱনত কিমান ঘাত-প্ৰতিঘাতৰ সন্মুখীন হ'বলগীয়া হয়। গতিকে, এই ৪ বছৰত মই কিমান প্ৰতিবন্ধকতাৰ সন্মুখীন হৈছিলো। বহুবাৰ আঘাতপ্ৰাপ্ত হৈছিলো। লগতে কিছু পাৰিবাৰিক সমস্যাও আছিল। সেয়েহে মই অতি কষ্টেৰে এই ৪ বছৰ কটাবলগীয়া হৈছিল। সেয়েহে যেতিয়া মই মঞ্চত থিয় হৈ আছিলো আৰু যেতিয়া আমাৰ পতাকা উত্তোলন হৈছিল তথা আমাৰ ৰাষ্ট্ৰীয় সংগীত বাজি উঠিছিল, মহাশয়, আমি নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰিলো আৰু আমাৰ চকুপানী ওলাই আহিল।

প্ৰধানমন্ত্ৰী-বৰ ভাল

প্ৰধানমন্ত্ৰী-মই আপোনাৰ এই সাফল্যক যে কেৱল আপোনাৰ কৃতিত্ব বুলি বিবেচনা কৰোঁ, তেনে নহয়, আপোনাৰ এই সাফল্য আগন্তুক প্ৰজন্মৰ বাবে এক মহান অনুপ্ৰেৰণা হৈ উঠিছে।

খেলুৱৈসকল-সকলোৱে আমাক ভয় কৰিছিল যে এইবেলি ভাৰতৰ সৈতে যুঁজ, এতিয়া যে আমি প্ৰথমখন যুঁজতেই পৰাস্ত হ'ম, আমি পদকো নাপাম।

প্ৰধানমন্ত্ৰী-অৰ্থাৎ সম্ভ্ৰম কৰে।

খেলুৱৈঃ হয়, মহাশয়।

প্ৰধানমন্ত্ৰী-কি হ’ল, ৰেষ্টুৰেণ্টৰ কৰ্তৃপক্ষৰ লগত তৰ্ক কৰি আছিল?

খেলুৱৈসকল-আমি ইমান ভাল প্ৰদৰ্শন কৰিছিলো, সেইটো আছিল শেষ দিনটো আৰু সকলোৱে জয় কৰি গৈছিল। তাত সমগ্ৰ ভাৰতৰ পৰা মানুহ আহিছিল। গতিকে মোৰ অলপ বেয়া লাগিছিল। সেয়েহে মই তেওঁলোকক ভালদৰে অনুৰোধ কৰিলো মহাশয়, তাৰ পিছত তেওঁলোক সন্মত হ'ল, এতিয়া পৰিৱৰ্তনো হ'ল মহাশয়।

প্ৰধানমন্ত্ৰী-এই বিজয়ৰ পৰিস্থিতি, নিজৰ সতীৰ্থসকলৰ সৈতে সুখ, আনন্দ আৰু ইতিমধ্যে খেলসমূহৰ অন্ত পৰিছে। সেয়েহে হাঁহি আৰু আমোদ-প্ৰমোদৰ সময়। এনে সময়ত, সেই মানচিত্ৰখনত চকু পৰা আৰু ইয়াত লগে লগে গুৰুত্ব আৰোপ কৰা। কেৱল পদক গ্ৰহণ কৰাৰ সময়তহে যে দেশে সন্মান প্ৰদৰ্শন কৰিব, এনে নহয়, দেশৰ আন্তৰিক অনুভৱ মই সঁচাকৈ কৈছো যে এই ভিডিঅ'টো সাধাৰণ নহয়, মানুহে দীৰ্ঘদিন ধৰি ইয়াক মনত ৰাখিব। বিশ্বৰ খেলুৱৈসকলে এতিয়া এই বক্সাৰসকলকো সম্ভ্ৰম কৰে।

খেলুৱৈ-নিশ্চিতভাৱে, মহাশয়, সকলোৱে সম্ভ্ৰম কৰে। এটাৰ পিছত এটা স্বৰ্ণ পদক জয় কৰা হৈছিল আৰু শেষত গোটেই বিষয়টো অগ্নিশিখাৰ দৰে হৈ পৰিছিল। আমি যি ধৰণে ৰাইজৰ সমৰ্থন লাভ কৰিছো, আমি একেৰাহে প্ৰতিযোগিতাসমূহত ভাগ লোৱা সুযোগ লাভ কৰিছো, এয়া এটা ডাঙৰ কথা। খেলো ইণ্ডিয়া আঁচনিৰ জৰিয়তে আত্মপ্ৰকাশ কৰা সকলকে ধৰি আমাৰ সকলো যুৱ খেলুৱৈয়ে সমগ্ৰ ক্ৰীড়া ক্ষেত্ৰত এক বৃহৎ পৰিৱৰ্তন কঢ়িয়াই আনিছে।

প্ৰধানমন্ত্ৰী-আপোনালোক সকলোৱে যদি খেলো ইণ্ডিয়াৰ মৰ্যাদা বৃদ্ধি কৰে। কেৱল ফিটা কাটি মৰ্যাদা বৃদ্ধি কৰিব নোৱাৰি। আপোনালোক একোজন কনিষ্ঠ ছাত্ৰ, যুৱক বা  খেলুৱৈৰ দৰে খেলিব। ই এক বৃহৎ অৱদান আগবঢ়াব। কিয়নো এতিয়া আমি বহু দূৰ আগুৱাই যাব লাগিব, বহু পদক আনিব লাগিব। কাৰ্গিল বিজয় দিৱসত কাৰ বিজয় হৈছিল?

খেলুৱৈ- যিদিনা মই পাকিস্তানৰ সৈতে যুঁজিছিলোঁ সেই দিনটো কাৰ্গিল দিৱস আছিল। মহাশয়, সেই দিনটোৱেই আছিল। মই এগৰাকী ভাৰতীয় সেনা। সেই দিনটোক লৈ পূৰ্বৰেপৰা মই পাকিস্তানক পৰাস্ত কৰিবলৈ ৰৈ আছিলো। মই পাকিস্তানক ৫-০ ত পৰাস্ত কৰি ভাৰতীয় সেনাৰ কাৰ্গিল নায়কসকলক মোৰ এই বিজয় উৎসৰ্গা কৰিলো।

প্ৰধানমন্ত্ৰী-আপোনাৰ এয়া মনত থাকিব। আপুনি যিহেতু নিজেই সেনাবাহিনীৰ লোক। মই নিশ্চিতভাৱে বিশ্বাস কৰোঁ যে মই মোৰ পদক কাৰ্গিলৰ বিজয়ীসকলক উৎসৰ্গা কৰোঁ বুলি কৈ  দেশৰ সাহসী সৈনিকসকলৰ প্ৰতি আপুনি প্ৰকাশ কৰা অভিব্যক্তিয়ে আপোনাৰ সাফল্যৰ সোণত সুৱগা চৰাইছে। আপুনি যাক পৰাস্ত কৰিব লাগিছিল, তাকেই পৰাস্ত কৰিছে।

খেলুৱৈঃ পাকিস্তানৰ বিষয়ে আলচ কৰাই মোৰ এটা কাহিনী মনত পৰিছে, মহাশয়। ২০১৫  চনৰ বিশ্ব মিলিটেৰী গেমছ আছিল আৰু মই পাকিস্তানৰ সৈতে প্ৰথমবাৰৰ বাবে যুঁজ দিছিলো। বিশ্ব মিলিটেৰী গেমছ আছিল, সেয়েহে মিলিটেৰীৰ পৰা ফোন আহিছিল যে ভাই, পাকিস্তানৰ হাতত হাৰিব নোৱাৰিবা। মই প্ৰথম ৰাউণ্ডত ১-৪ ফলাফলত জয়ী হৈছিলো। দ্বিতীয় ৰাউণ্ডতো ৩-২ ফলাফলত জয়ী হৈছিলো। কিন্তু দুয়োৰে মূৰে ইজনে সিজনক আঘাত কৰিছিল। সেয়েহে দুয়োজনেই আঘাত পাইছিলো কিন্তু মই যুঁজখনত জয়ী হৈছিলো।

প্ৰধানমন্ত্ৰী-হয়

খেলুৱৈ-তাৰ পিছত দুয়োজনেই চিলাই কৰিবলৈ চিকিৎসালয়লৈ গৈছিলো। তাৰ পিছত ২০১৪ চনত আপুনি প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী হৈছিল। আমাৰ লগত যোৱা সেনা প্ৰশিক্ষকগৰাকীৰ নাম আছিল নৰেন্দ্ৰ ৰাণা। তাৰ পিছত খেলুৱৈগৰাকীয়ে বহু সময় ধৰি চিন্তা কৰিছিল আৰু মোক কৈছিল যে ভাইজান এটা কথা কওঁ। মই বোলো কোৱা। তেওঁ ক’লে ভাইজান আপোনাৰ নাম নৰেন্দ্ৰ। আপোনাৰ প্ৰশিক্ষকৰ নাম নৰেন্দ্ৰ। আপোনালোকৰ প্ৰধানমন্ত্ৰীৰ নাম নৰেন্দ্ৰ। সেয়েহে মই নৰেন্দ্ৰ নামটো ঘৃণা কৰোঁ।

প্ৰধানমন্ত্ৰী- কেৱল আপোনালোকে যে পদকৰ সংখ্যা বৃদ্ধি কৰিলে, এনে নহয়। আপোনালোকে এটা প্ৰজন্ম প্ৰস্তুত কৰিলে।

খেলুৱৈ-মোৰো বুকুখন ঢক ঢক কৰিছে।

প্ৰধানমন্ত্ৰী-আপুনি চিন্তা নকৰিব।

খেলুৱৈ-কিন্তু...

প্ৰধানমন্ত্ৰী-যদি আপুনি বিচাৰে, আপুনি কথা কোৱাৰ ক্ষেত্ৰতো পদক পাব।

খেলুৱৈ-মোৰ বন্ধু চক্ৰৰ কোনোবা এজনে কৈছিল যে মই তেওঁলোকক কৈছিলোঁ যে যি ভাল দেখা কৰা। বহুবাৰ তেওঁ মোক সুধিছিল যে তুমি মোদীজীৰ সৈতে সাক্ষাৎ কৰিছা নেকি?

প্ৰধানমন্ত্ৰী-হয়

খেলুৱৈসকল-হাৰিয়ানৱীত তেওঁলোকে কয়, মহাশয়, আমি মোদীজীৰ সৈতে সাক্ষাৎ কৰিছা নেকি, যে তোমাৰ কথা শুনিম। সেয়েহে আজি মই আপোনাক লগ পাইছো, মহাশয়। মই তেওঁক ক’ব পাৰিম যে হয়, মই মোদীজীক লগ পাইছো।

খেলুৱৈসকল-কমনৱেলথ গেমছত মই ৰূপৰ পদক লাভ কৰিছিলো। তাৰ পিছত মই কৃতিত্ব ছাৰক দিছিলো। সপোন আছিল এবাৰ পদক জয় কৰা। ব'ট প্ৰশিক্ষণ কেন্দ্ৰ নাছিল। এছ এ আই-লৈ অহাৰ পিছত, মই বহুত প্ৰশিক্ষণ লৈ পদক জয় কৰিবলৈ সক্ষম হৈছিলো। সেয়েহে অতি আনন্দৰে মই ছাৰক কৃতিত্ব দিছিলো। কাৰণ ই অতি উন্নত আছিল।

প্ৰধানমন্ত্ৰী-এইটো মোৰ বাবে এক ডাঙৰ সন্মানৰ বিষয়। আপুনি কঠোৰ পৰিশ্ৰম কৰিছিল আৰু স্মৰণ মোক কৰিছিল। মই আপোনাৰ ওচৰত বহুত কৃতজ্ঞ বন্ধু।

প্ৰধানমন্ত্ৰী-আপুনি বাৰাণসীত ক্ৰীড়াৰ অনুশীলন কৰি আছিল, নহয়নে?

খেলুৱৈ-হয়, মহাশয়।

প্ৰধানমন্ত্ৰী-ষ্টেডিয়ামখন কেনে হৈছে?

খেলুৱৈ-ছাৰ ভাল হৈছে। তাত মই ১০-১২ দিনৰ বাবে প্ৰশিক্ষণ ল’বলৈ গৈছিলো। কিয়নো মই মন্দিৰলৈ গৈছিলো আৰু তাতেই প্ৰশিক্ষণ লৈছিলো। আৰু মই তাত বসতি স্থাপন কৰিবও বিচাৰো কাৰণ মই কাশী বিশ্বনাথক বহুত ভাল পাওঁ ছাৰ।

প্ৰধানমন্ত্ৰী- ভূপালত প্ৰশিক্ষণ লৈছিল নেকি?

খেলুৱৈ-হয়, মহাশয়।

প্ৰধানমন্ত্ৰী-তেনেহ’লে আপুনি উজ্জয়িনীলৈ গৈছিল নে নাই?

খেলুৱৈ – হয়, মহাশয় । উজ্জয়িনীলৈয়ো গৈছিলো।

प्रधानमंत्री – अच्छा महाकाल के पास भी गई।

প্ৰধানমন্ত্ৰী-ভাল। মহাকালৰ ওচৰতো গৈছিল।

খেলুৱৈ-হয়, মহাশয়।

প্ৰধানমন্ত্ৰী- এবাৰ কাশী বিশ্বনাথলৈয়ো আহিছিল।

খেলুৱৈ-হয়, মহাশয়।

প্ৰধানমন্ত্ৰী- এতিয়া শাওণ মাহ।

খেলুৱৈ-ঘৰলৈ গৈ তাৰ পাছত তালৈ যাম।

প্ৰধানমন্ত্ৰী-ঠিক আছে।

খেলুৱৈ-এছ এ আই-য়েও মোক যথেষ্ট সমৰ্থন কৰিছে, মহাশয়। সেইকাৰণেই মই আজি এই পৰ্যায়ত উপনীত হৈছো। ২০১৮ চনত অনুষ্ঠিত হোৱা প্ৰথম খেলো ইণ্ডিয়াত মই ৰূপৰ পদক পাইছিলো। তাত মই আপোনাক উদ্বোধনী অনুষ্ঠানত দেখিছিলো। মই তাত পদক পাইছিলো। সেয়েহে মই আঁচনিখনৰো লাভ পাইছিলোঁ আৰু মই এই পৰ্যায়ত উপনীত হৈছো।

প্ৰধানমন্ত্ৰী-ক্ৰীড়া ব্যৱস্থা এটা বস্তু, কিন্তু দেশত ক্ৰীড়া সংস্কৃতিৰ সৃষ্টি হ'লেহে দেশখনে পদক লাভ কৰে। বন্ধুসকল, আপোনালোকে বহুত ভাল কাম কৰিছে। দেশৰ নাম আলোকিত হৈছে। মই আপোনালোকক বহুত বহুত অভিনন্দন জনাইছো আৰু আপোনালোকে বিশ্বাস ৰাখক যে ভৱিষ্যতেও আপোনালোক বিজয়ী হ'ব আৰু আমি ইয়াত আকৌ এবাৰ লগ পাম। বহুত বহুত ধন্যবাদ। বহুত বহুত শুভেচ্ছা।

প্ৰধানমন্ত্ৰী-দেশখনে একেৰাহে তৃতীয়বাৰৰ বাবে পদক লাভ কৰিছে।

খেলুৱৈ-ধন্যবাদ মহাশয়।

প্ৰধানমন্ত্ৰী-বহুত আশীৰ্বাদ, পুত্ৰ।

খেলুৱৈ-বহুত ধন্যবাদ মহাশয়। কালি মোৰ জন্মদিন আছিল আৰু আজি মহাশয়ৰ হাতেৰে লাডু খাইছো।

প্ৰধানমন্ত্ৰী-বহুত বহুত অভিনন্দন।

প্ৰধানমন্ত্ৰী-হাঁহি দিয়ক।

প্ৰধানমন্ত্ৰী-যিজনে খেলিব সি উজ্জলিব।

 

****

MJPS/SS/ST/SS/DK/RK/DD


(ৰিলিজ আই ডি : 2297201) অতিথি কক্ষ : 29