গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে পুডুচেৰী আৰক্ষীক ৰাষ্ট্ৰপতিৰ প্ৰতীক (প্ৰেছিডেণ্টছ কলাৰ) উপহাৰ দিয়ে

পুডুচেৰী আৰক্ষীক সন্মানীয় ৰাষ্ট্ৰপতিৰ প্ৰতীক প্ৰদান কৰাটো বাহিনীটোৰ সাহস, কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ প্ৰমাণ

ৰাষ্ট্ৰপতিৰ প্ৰতীক লাভ কৰাটো যিকোনো অনুশাসিত শক্তিৰ বাবে সৰ্বোচ্চ সন্মান, পুডুচেৰী আৰক্ষীয়ে এই সন্মান লাভ কৰাৰ বাবে পুডুচেৰীৰ মুখ্যমন্ত্ৰী, ৰাজ্য চৰকাৰ, আৰক্ষী বাহিনী আৰু পুডুচেৰীৰ জনসাধাৰণলৈ আন্তৰিক অভিনন্দন

পুডুচেৰীৰ ভৌগোলিকভাৱে পৃথক চাৰিটা অঞ্চলত আইন-শৃংখলা বৰ্তাই ৰখাৰ দায়িত্বত থকা পুডুচেৰী আৰক্ষীৰ বীৰত্বৰ প্ৰতীক আজি সগৌৰৱে জিলিকিছে

তুলনামূলকভাৱে কম শক্তি থকাৰ পাছতো পুডুচেৰী আৰক্ষীয়ে নিজৰ বীৰত্ব, সেৱা আৰু নিষ্ঠাৰ জৰিয়তে পুডুচেৰীৰ চহকী আধ্যাত্মিক ঐতিহ্য সংৰক্ষণৰ লগতে ইয়াৰ সুৰক্ষাৰ দায়িত্ব ফলপ্ৰসূভাৱে কান্ধ পাতি লৈছে

পুডুচেৰী ভাৰতৰ আধ্যাত্মিক আৰু সাংস্কৃতিক চেতনাৰ এক জীৱন্ত প্ৰতীক

দীৰ্ঘদিন ধৰি ফৰাচী শাসনৰ অধীনত থাকিলেও পুডুচেৰীয়ে ভাৰতীয় পৰিচয় আৰু আধ্যাত্মিক শক্তি অক্ষুণ্ণ ৰাখিছে

অভূতপূৰ্ব ক’ভিড সংকটৰ সময়ত সন্মুখৰ শাৰীত অটল হৈ থাকি জনসাধাৰণক সেৱা আগবঢ়োৱা পুডুচেৰী আৰক্ষীৰ বীৰত্ব ইয়াৰ ইতিহাসত সোণালী আখৰেৰে খোদিত হৈ থাকিব

পূৰ্বৰ চৰকাৰসমূহে ১৯৫০ চনৰ পৰা ২০১৪ চনলৈকে পুডুচেৰীক মাত্ৰ ৩,৫০০ কোটি টকাহে প্ৰদান কৰাৰ বিপৰীতে মোদী চৰকাৰে ১২ বছৰত চাৰিগুণ অধিক অৰ্থাৎ ১৩,৭৬২ কোটি টকা প্ৰদান কৰিছে

মোদী চৰকাৰ পুডুচেৰীৰ উন্নয়নৰ প্ৰতি দায়বদ্ধ আৰু ২৪ ঘণ্টাই ইয়াৰ জনসাধাৰণৰ সেৱা কৰিবলৈ সাজু

পোষ্ট কৰা হৈছে: 09 AUG 2026 1:14PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি পুডুচেৰী আৰক্ষীক ৰাষ্ট্ৰপতিৰ প্ৰতীক (প্ৰেছিডেন্টছ কলাৰ) প্ৰদান কৰে। এই উপলক্ষে পুডুচেৰীৰ উপ-ৰাজ্যপাল শ্ৰী কে কৈলাশনাথন আৰু  মুখ্যমন্ত্ৰী শ্ৰী এন ৰংগস্বামীৰ লগতে আন কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

ভাষণত কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে পুডুচেৰী দক্ষিণ ভাৰতৰ আধ্যাত্মিক আৰু সাংস্কৃতিক চেতনাৰ জীৱন্ত প্ৰতীক। আজি পুডুচেৰী আৰক্ষীয়ে দেশৰ ৰাষ্ট্ৰপতিৰ প্ৰতীক লাভ কৰা আৰক্ষী বাহিনীৰ শাৰীত যোগদান কৰিবলৈ সক্ষম হৈছে। পুডুচেৰী আৰক্ষীক ৰাষ্ট্ৰপতিৰ প্ৰতীক প্ৰদান কৰাটো বাহিনীটোৰ সাহস, কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ প্ৰমাণ।

শ্ৰী অমিত শ্বাহে কয় যে ৰাষ্ট্ৰপতিৰ প্ৰতীক লাভ কৰাটো যিকোনো আৰক্ষী বাহিনীৰ বাবে অন্যতম গৌৰৱৰ মুহূৰ্ত। পুডুচেৰীৰ সুৰক্ষা, ইয়াৰ আভ্যন্তৰীণ নিৰাপত্তা নিশ্চিত কৰা আৰু ইয়াৰ সন্মান ৰক্ষাৰ বাবে পুডুচেৰী আৰক্ষী প্ৰতিশ্ৰুতিবদ্ধ। পুডুচেৰী আৰক্ষীয়ে কঠোৰ পৰিশ্ৰম, সাহস, সেৱা আৰু নিষ্ঠাৰ স্বীকৃতিস্বৰূপে এই সন্মান লাভ কৰিছে।

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে দীৰ্ঘদিন ধৰি ফ্ৰান্সৰ শাসনৰ অধীনত থাকিলেও পুডুচেৰীয়ে ভাৰতীয় পৰিচয় আৰু আধ্যাত্মিক শক্তি অক্ষুণ্ণ ৰাখিছে। ১৯৬৩ চনৰ ১ অক্টোবৰত পুডুচেৰীত আৰক্ষী সঞ্চালকপ্ৰধান পদৰ সৃষ্টি হয় আৰু তেতিয়াৰ পৰাই পুডুচেৰী আৰক্ষীয়ে সীমান্ত অঞ্চলৰ আভ্যন্তৰীণ নিৰাপত্তা অধিক শক্তিশালী কৰি তুলিছে।

শ্ৰী অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত চৰকাৰে ব্ৰিটিছে প্ৰণয়ন কৰা দণ্ডবিধিৰ ঠাইত তিনিখন নতুন ন্যায়িক সংহিতা ৰূপায়ণ কৰিছে। তেওঁ কয় যে এই নতুন আইনবোৰ কেৱল শাস্তিৰ ওপৰত ভিত্তি কৰি নহয়; বৰঞ্চ ইয়াৰ উদ্দেশ্য হৈছে প্ৰযুক্তি-সক্ষম আৰু সময়োপযোগীভাৱে নাগৰিকসকলৰ বাবে ন্যায় নিশ্চিত কৰা। নতুন ন্যায়িক সংহিতাসমূহ তিনিটা স্তম্ভ- প্ৰযুক্তি, সময়সীমা আৰু বিশ্বাসৰ ওপৰত নিৰ্মিত।

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয়শাসিত অঞ্চলসমূহক শক্তিশালী কৰাৰ বাবে বিগত ১২ বছৰত কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে। পুডুচেৰীক শক্তিশালী কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে পুডুচেৰীৰ জনসাধাৰণৰ বাবে কেইবাটাও উন্নয়নমূলক প্ৰকল্প হাতত লৈছে বুলিও তেওঁ কয়। তেওঁ লগতে কয় যে ২,২০০ কোটি টকা ব্যয়সাপেক্ষে ৰাষ্ট্ৰীয় ঘাইপথ ৩৩২-এক চাৰিলেন কৰাৰ কাম আৰম্ভ হৈছে। তেওঁ কয় যে ইয়াত মোদী চৰকাৰে প্ৰায় ৩৪০০ মিটাৰ দীঘল আৰু ৪৫ মিটাৰ বহল বৰ্ধিত ৰাণৱে নিৰ্মাণ কৰিছে।

শ্ৰী অমিত শ্বাহে কয় যে ১৯৫০ চনৰ পৰা ২০১৪ চনলৈকে ভাৰত চৰকাৰে পুডুচেৰীক উন্নয়নমূলক প্ৰকল্পৰ বাবে মাত্ৰ ৩,৫০০ কোটি টকাহে আগবঢ়াইছিল। মোদী চৰকাৰে ২০১৪ চনৰ পৰা ২০২৬ চনলৈ পুডুচেৰীৰ উন্নয়নৰ বাবে ১৩,৭৬২ কোটি টকা আবণ্টন দিছে, যিটো আগতে প্ৰদান কৰা ধনৰাশিৰ প্ৰায় চাৰিগুণ। তেওঁ কয় যে বিগত ৯ বছৰত ভাৰত চৰকাৰে পুডুচেৰীত ৩৯,০০০ কোটি টকাৰ ঔদ্যোগিক বিনিয়োগৰ সুবিধাও আগবঢ়াইছে। লাখপতি দিদি, জলজীৱন মিছন, আয়ুষ্মান ভাৰত, শৌচাগাৰ নিৰ্মাণ, বিনামূলীয়া খাদ্য আঁচনি, উজ্জ্বলা যোজনা, প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰু প্ৰত্যক্ষ লাভ হস্তান্তৰ (ডি বি টি) আদি পদক্ষেপৰ দ্বাৰা পুডুচেৰীৰ নাগৰিকসকল উপকৃত হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত চৰকাৰ পুডুচেৰীৰ উন্নয়নৰ প্ৰতি দায়বদ্ধ আৰু ২৪ ঘণ্টাই ইয়াৰ জনসাধাৰণৰ সেৱা কৰিবলৈ সাজু।

 

 

******

 

RK/RR/PR/PS/KD


(ৰিলিজ আই ডি : 2296793) অতিথি কক্ষ : 50