মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আই আই টি দিল্লীৰ ৫৭ সংখ্যক সমাৱৰ্তন অনুষ্ঠানত ভাষণ প্ৰদান কৰে
যিসকলৰ প্ৰত্যাহ্বানৰ নতুন সমাধান বিচাৰি উলিওৱাৰ সাহস আছে, তেওঁলোকৰ বাবে প্ৰত্যাহ্বানসমূহ সুযোগলৈ ৰূপান্তৰিত হ'ব: প্ৰধানমন্ত্ৰী
কেন্দ্ৰীয় শিক্ষামন্ত্ৰীয়ে "শিক্ষাৰ্থী-কেন্দ্ৰিক, গৱেষণা-চালিত আৰু ভৱিষ্যতৰ বাবে প্ৰস্তুত" শিক্ষানুষ্ঠানিক পৰিৱেশৰ ওপৰত আলোকপাত কৰে
"ভাৰতৰ যুৱপ্ৰজন্মই এতিয়া কেৱল বিশ্বৰ সৈতে প্ৰতিযোগিতাতেই অৱতীৰ্ণ হোৱা নাই, বৰঞ্চ বিশ্বক নেতৃত্ব দিছে": আই আই টি দিল্লীৰ সমাৱৰ্তন অনুষ্ঠানত শ্ৰী প্ৰহ্লাদ যোশী
পোষ্ট কৰা হৈছে:
08 AUG 2026 4:51PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত আজি ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (আই আই টি) দিল্লীৰ ৫৭ সংখ্যক সমাৱৰ্তন অনুষ্ঠান প্ৰতিষ্ঠানটোৰ চৌহদত অনুষ্ঠিত হয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত ডিগ্ৰী লাভ কৰা শিক্ষাৰ্থীসকলক অভিনন্দন জনায় আৰু ভাৰতৰ বিকাশৰ ধাৰা গঢ় দিয়াৰ ক্ষেত্ৰত উদ্ভাৱন, গৱেষণা আৰু উদীয়মান প্ৰযুক্তিসমূহৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে।
প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ভাৰতে নতুন যুগৰ নতুন দিগন্তত প্ৰৱেশ কৰিছে আৰু দেশৰ যুৱপ্ৰজন্মৰ প্ৰতি গভীৰ দায়িত্ব আৰু প্ৰত্যাশাৰে দৃষ্টি নিবদ্ধ কৰিছে। তেওঁ কৃত্ৰিম বুদ্ধিমত্তা, ডাটা চেণ্টাৰ, গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থ, গভীৰ সাগৰৰ অন্বেষণ আৰু কোৱাণ্টাম কম্পিউটিঙৰ দৰে খণ্ডসমূহক দেশৰ ভৱিষ্যতৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰি ইয়াৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে। তেওঁ যুৱপ্ৰজন্মক ৰাষ্ট্ৰ নিৰ্মাণত অৱদান আগবঢ়াবলৈ আৰু এই অত্যাধুনিক ক্ষেত্ৰসমূহত উপলব্ধ সুযোগসমূহৰ সদ্ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰে।

৫৭ সংখ্যক সমাৱৰ্তন অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় শিক্ষামন্ত্ৰী শ্ৰী প্ৰহ্লাদ যোশীয়ে উল্লেখ কৰে যে ভাৰতৰ শৈক্ষিক পৰিৱেশ বৰ্তমান "শিক্ষাৰ্থী-কেন্দ্ৰিক, গৱেষণা-চালিত আৰু ভৱিষ্যতৰ বাবে প্ৰস্তুত" হৈ পৰিছে। লগতে তেওঁ দৃঢ়তাৰে কয় যে দেশৰ যুৱপ্ৰজন্মই এতিয়া কেৱল বিশ্বৰ সৈতে প্ৰতিযোগিতাতেই অৱতীৰ্ণ হোৱা নাই, বৰঞ্চ বিশ্বক নেতৃত্ব প্ৰদান কৰিছে। শ্ৰী যোশীয়ে লগতে আলোকপাত কৰে যে প্ৰধানমন্ত্ৰীয়ে সদায় ভাৰতৰ যুৱপ্ৰজন্মৰ সম্ভাৱনাৰ ওপৰত গভীৰ বিশ্বাস ৰাখি আহিছে আৰু তেওঁলোকক "বিকশিত ভাৰত ২০৪৭-ৰ প্ৰধান ৰূপকাৰ" হিচাপে গণ্য কৰিছে।

প্ৰধানমন্ত্ৰীয়ে মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক ৰাষ্ট্ৰপতিৰ স্বৰ্ণ পদক, সঞ্চালকৰ স্বৰ্ণ পদক, শংকৰ দয়াল শৰ্মা স্বৰ্ণ পদক আৰু পাৰফেক্ট টেন পদককে ধৰি সন্মানীয় বঁটাসমূহ প্ৰদান কৰে। এই উপলক্ষে তেওঁ আই আই টি দিল্লীত "পৰম প্ৰজ্ঞা" নামৰ এআই-আধাৰিত হাই-পাৰফৰমেন্স ছুপাৰকম্পিউটিং আৰু প্ৰজেক্ট ক্লাষ্টাৰ সুবিধাৰো উদ্বোধন কৰে, যি দেশৰ উন্নত গৱেষণা আন্তঃগাঁথনি শক্তিশালী কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে।

****
RRTN/RD
(ৰিলিজ আই ডি : 2296777)
অতিথি কক্ষ : 32