তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
নতুন আন্তঃৰাষ্ট্ৰীয় অংশীদাৰিত্ব আৰু সহযোগিতাৰ সৈতে সামৰণি পৰিল ব্ৰিকছ ৱেভছ বজাৰ ২০২৬-ৰ
ব্ৰাজিলৰ ৰিঅ’ফিল্ম আৰু ৰাছিয়াৰ গছফিল্মোফণ্ড-ৰ সৈতে দৃশ্য-শ্ৰাব্য সহযোগিতা ঘোষণা কৰিলে এনএফডিচি-য়ে
পোষ্ট কৰা হৈছে:
07 AUG 2026 5:10PM by PIB Guwahati
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগম-ৰ জৰিয়তে আয়োজন কৰা ব্ৰিকছ ৱেভছ বজাৰ ২০২৬-ৰ দুদিনীয়া উচ্চ পৰ্যায়ৰ উদ্যোগ আলোচনা, ব্যৱসায়িক নেটৱৰ্কিং আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ অন্তত আজি মুম্বাইত সফলতাৰে সামৰণি পৰে। এই কাৰ্যক্ৰমত ব্ৰিকছ-ৰ ২০খন সদস্য আৰু অংশীদাৰ দেশৰ প্ৰতিনিধি সন্মিলিত হৈছিল।
বজাৰত ৯০০ৰো অধিক উদ্যোগৰ প্ৰতিনিধিয়ে প্ৰযোজক, ষ্টুডিঅ’, সম্প্ৰচাৰক, চলচ্চিত্ৰ আয়োগ, এভিজিচি, চৰকাৰী প্ৰতিনিধি, বিনিয়োগকাৰী, প্ৰযুক্তি কোম্পানী আৰু সৃষ্টিশীল উদ্যোগৰ মাজত অনুষ্ঠিত ২৭৫টাতকৈও অধিক কিউৰেটেড বি টু বি বৈঠকত অংশগ্ৰহণ কৰে। এই নিয়োজনসমূহে ব্ৰিকছ ৰাষ্ট্ৰ আৰু অংশীদাৰ দেশসমূহৰ মাজত নতুন সহ-প্ৰযোজনা, ব্যৱসায়িক অংশীদাৰিত্ব, প্ৰতিষ্ঠানিক সহযোগিতা আৰু দীৰ্ঘম্যাদী সৃষ্টিশীল ধাৰণা-বিনিময়ৰ আধাৰ স্থাপন কৰে।
বজাৰৰ ফলাফলৰ সন্দৰ্ভত মন্তব্য কৰি ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগম-ৰ পৰিচালন সঞ্চালক প্ৰকাশ মগদুমে কয় যে, ‘ব্ৰিকছ ৱেভছ বজাৰ-য়ে ব্ৰিকছ ৰাষ্ট্ৰ আৰু অংশীদাৰ দেশসমূহৰ মাজত সৃষ্টিশীল সহযোগিতাৰ অপৰিসীম সম্ভাৱনা প্ৰদৰ্শন কৰিছে। ইয়াত আৰম্ভ কৰা অংশীদাৰিত্ব আৰু কথোপকথনে শক্তিশালী সহ-প্ৰযোজনা, ব্যৱসায়িক সহযোগিতা আৰু সৃষ্টিশীল বিনিময়ৰ আৰম্ভণি কৰে। WAVES-ৰ জৰিয়তে ভাৰতে বিশ্বৰ সৃষ্টিশীল অৰ্থনীতিক শক্তিশালী কৰা স্থায়ী দলং নিৰ্মাণৰ প্ৰতি দায়বদ্ধ হৈ আছে।”
মূল ঘোষণা আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতা:
ব্ৰিকছ ৱেভছ বজাৰ-য়ে বি টু বি, লেটাৰ অব ইনটেণ্ট (এল অ’ আই), বুজাবুজিৰ চুক্তি (এম অ’ ইউ) আৰু সীমা অতিক্ৰমী সম্পাদন কৰিব লগা ব্যৱসায়িক ঘোষণাসমূহৰ জৰিয়তে কেইবাটাও উল্লেখযোগ্য আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ বাবে মঞ্চ হিচাপেও কাম কৰিছিল, য’ত অন্তৰ্ভুক্ত আছিল:
• এন এফ ডি চি-ৰ পৰিচালন সঞ্চালক প্ৰকাশ মগডুম ডাঙৰীয়া আৰু আৰু ব্ৰাজিলৰ ৰিঅ’ ফিল্ম কমিছনৰ মুৰব্বী ডেনিয়েল চেলিয়ে এন এফ ডি চি আৰু ৰিঅ’ফিল্মৰ মাজত দৃশ্য-শ্ৰাব্য সহযোগিতা শক্তিশালী কৰাৰ বাবে আৰু ভাৰত–ব্ৰাজিলৰ সৃষ্টিশীল অংশীদাৰিত্বক শক্তিশালী কৰি ৱেভছ ২০২৭-ত ব্ৰাজিলৰ অংশগ্ৰহণৰ সুবিধা প্ৰদানৰ বাবে এখন অভিপ্ৰায় পত্ৰ (এল অ’ আই) বিনিময় কৰে।

এনএফডিচি-ৰ পৰিচালন সঞ্চালক প্ৰকাশ মগডুম আৰু ব্ৰাজিলৰ ৰিঅ' চলচ্চিত্ৰ আয়োগ-ৰ মুৰব্বী ডেনিয়েল চেলিয়ে ব্ৰিকছ ৱেভছ বজাৰ ২০২৬-ৰ কালছোৱাত দুয়োটা সংস্থাৰ মাজত দৃশ্য-শ্ৰাব্য সহযোগিতা শক্তিশালী কৰাৰ বাবে অভিপ্ৰায় পত্ৰ বিনিময় কৰে।
- • এনএফডিচি–এনএফএআই-য়ে ৰাছিয়াৰ গছফিলমোফণ্ড-ৰ সৈতে চলি থকা সহযোগিতা ঘোষণা কৰে, য’ত এফআইএএফ-ৰ দুয়োটা সদস্য আৰ্কাইভে আৰ্কাইভ সহযোগিতাক অধিক আনুষ্ঠানিক কৰাৰ সুযোগসমূহ অন্বেষণ কৰিছে।
- • দক্ষিণ আফ্ৰিকা, ৰাছিয়া, থাইলেণ্ড আৰু কাজাখস্তানৰ উদ্যোগ প্ৰতিনিধিয়ে উদীয়মান সৃষ্টিশীল অৰ্থনীতিসমূহৰ মাজত সাংস্কৃতিক আৰু চলচ্চিত্ৰীয় সহযোগিতা শক্তিশালী কৰাৰ লক্ষ্যৰে প্ৰস্তাৱিত গ্ল’বেল ছাউথ ফিল্ম ফেষ্টিভেল ২০২৭-ৰ ঘোষণা কৰে।
- • ভাৰতীয় মিডিয়া এণ্ড এণ্টাৰটেইনমেণ্ট এছ’চিয়েশ্যন (এমইএআই) আৰু ভিয়েটনাম চৰকাৰৰ সংস্কৃতি, ক্ৰীড়া আৰু পৰ্যটন মন্ত্ৰালয়ৰ চলচ্চিত্ৰ বিভাগে চলচ্চিত্ৰ সহযোগিতা গভীৰ কৰাৰ লগতে আনুষ্ঠানিক দ্বিপাক্ষিক চুক্তিৰ দিশত কাম কৰাৰ বাবে এক ৰেকৰ্ড অব মিটিং ঘোষণা কৰে।
- • ইণ্ডিয়ান ইনষ্টিটিউট অব ক্ৰিয়েটিভ টেকন’লজিছ (আইআইচিটি) আৰু গ্ৰাফিটি মাল্টিমিডিয়া প্ৰাইভেট লিমিটেডৰ উদ্যোগত উদ্যোগ অংশীদাৰিত্ব, বিষয়বস্তু সৃষ্টি, শৈক্ষিক কাৰ্যসূচী, উদ্ভাৱন, মুদ্ৰাকৰণ আৰু প্ৰতিভা বিকাশৰ ক্ষেত্ৰত সহযোগিতা কৰিবলৈ বুজাবুজি চুক্তি স্বাক্ষৰ কৰে।
- • ব্ৰাজিল ভিত্তিক সংবাদ মাধ্যমৰ মঞ্চ দ্য ছাউথ গ্ল’বেল নিউজে সমগ্ৰ ব্ৰিকছ ৰাষ্ট্ৰ আৰু বিস্তৃত গ্ল’বেল ছাউথ-ৰ মাজত যোগাযোগ, সংবাদ মাধ্যমৰ সহযোগিতা আৰু সাংস্কৃতিক বিনিময় শক্তিশালী কৰাৰ বাবে এক নতুন পদক্ষেপ ঘোষণা কৰে।
- • ভাৰত, ব্ৰাজিল, পৰ্তুগাল আৰু ফ্ৰান্সৰ অংশীদাৰ আৰু সহ-প্ৰযোজকসকলক একত্ৰিত কৰি ভাৰত–পৰ্তুগাল বৈশিষ্ট্যপূৰ্ণ ছবি পৰ্তুগীজ মেন ‘অ’ ৱাৰ’ৰ ঘোষণা।
- • কাৰ্তিনা এণ্টাৰটেইনমেণ্ট আৰু ভেগা ফিল্মছ-ৰ দ্বাৰা প্ৰযোজিত ভাৰত–ৰাছিয়াৰ সহযোগী প্ৰযোজনা KOROVA আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয়, যাৰ ফলত দ্বিপাক্ষিক সৃষ্টিশীল সহযোগিতা আৰু অধিক শক্তিশালী হয়।
- • চেক প্ৰডাকশ্যন কোম্পানী Movie s.r.o. আৰু ভাৰতৰ চিনেমা৪গুড-য়ে ভাৰত, চেক গণৰাজ্য, চীন, দক্ষিণ আফ্ৰিকা আৰু ইউ এ ইৰ সহযোগীসকলক একত্ৰিত কৰি টমাছ বাছাৰ সম্পৰ্কীয় এখন আন্তঃৰাষ্ট্ৰীয় ঐতিহাসিক মহাকাব্যিক ছবি নিৰ্মাণৰ কথা ঘোষণা কৰে।
- • দক্ষিণ কোৰিয়াৰ nCORE Inc আৰু ইউ এ ই ভিত্তিক VisionX -য়ে ভাৰতত Calivision AI Studio মুকলি কৰাৰ কথা ঘোষণা কৰে, যিয়ে চিনেমা আৰু নিমজ্জিত গল্প-কথনৰ বাবে AI-প্ৰথম কন্টেন্ট প্ৰডাকশ্যন ষ্টুডিঅ’ৰ প্ৰৱৰ্তন কৰে।
- • উদ্যোগৰ নেতাসকলে ব্ৰিকছ স্বতন্ত্ৰ প্ৰযোজক মিত্ৰতা (বিআইপিএ) উন্মোচন কৰে, যিটোক সহযোগিতা, বিনিয়োগ, শিক্ষা আৰু উদ্ভাৱনৰ জৰিয়তে সমগ্ৰ ব্ৰিকছ দেশসমূহৰ প্ৰযোজকসকলক সংযুক্ত কৰা এক স্থায়ী আন্তঃৰাষ্ট্ৰীয় মঞ্চ হিচাপে কল্পনা কৰা হৈছে।
- • কেএলআইপি, এটা নতুন প্ৰিমিয়াম মাইক্ৰ’-ড্ৰামা প্লেটফৰ্ম-য়ে আনুষ্ঠানিকভাৱে ইয়াৰ সৃষ্টিশীল দৃষ্টিভংগী আৰু আগন্তুক স্লেট উন্মোচন কৰে। ইটিভি-য়ে টেলিভিছন সম্প্ৰচাৰৰ বাবে আগন্তুক ভাৰতীয় এনিমে ছিৰিজ-ৰ পোষ্টাৰ ঘোষণা আৰু উন্মোচন কৰে।
- • অসম এভিজিচি-এক্সআৰ ডেভেলপমেণ্ট এছ’চিয়েশ্যন-য়ে গে’ম ডেভেলপমেণ্ট, কমিক্স, আন্তঃৰাষ্ট্ৰীয় বজাৰ প্ৰৱেশ আৰু আইপি বিতৰণক শক্তিশালী কৰাৰ বাবে ভাৰতীয় গে’ম ডেভেলপাৰ্ছ এছ’চিয়েশ্যন (জিডিএআই), মিডিয়া এণ্ড এণ্টাৰটেইনমেণ্ট এছ’চিয়েশ্যন অব ইণ্ডিয়া (এমইএআই) আৰু ইণ্ডিয়ান কমিক্স এছ’চিয়েশ্যন (আইচিএ)-ৰ সৈতে কৌশলগত বুজাবুজি চুক্তি স্বাক্ষৰ কৰে।
- • বৈভৱী ষ্টুডিঅ’ই ঘোষণা কৰিলে তেওঁলোকৰ আগন্তুক এনিমে ফিচাৰ ছবি TRIO।
- • ইণ্ডিয়ান কমিক্স এছ’চিয়েশ্যন (আইচিএ) আৰু মিডিয়া এণ্ড এণ্টাৰটেইনমেণ্ট এছ’চিয়েশ্যন অব ইণ্ডিয়া (এমইএআই)-ইও আন্তঃৰাষ্ট্ৰীয় সহযোগিতা, প্ৰতিনিধি বিনিময়, বজাৰ প্ৰৱেশ আৰু আইপি বিতৰণ বৃদ্ধিৰ বাবে বুজাবুজি চুক্তি স্বাক্ষৰ কৰে।
-
- ব্ৰিকছ ৱেভছ বজাৰ ২০২৬-ৰ সফল সমাপ্তি ব্ৰিকছ ৰাষ্ট্ৰসমূহৰ মাজত সৃষ্টিশীল অৰ্থনীতিৰ সহযোগিতা শক্তিশালী কৰাৰ ক্ষেত্ৰত আন এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে। চৰকাৰ, উদ্যোগৰ নেতা, নিৰ্মাতা, বিনিয়োগকাৰী আৰু প্ৰতিষ্ঠানসমূহক এক উমৈহতীয়া মঞ্চত সন্মিলিত কৰি বজাৰে ভাৰতৰ বহনক্ষম আন্তঃৰাষ্ট্ৰীয় অংশীদাৰিত্ব গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি আৰু সৃষ্টিশীল উদ্যোগসমূহক সাংস্কৃতিক কূটনীতি আৰু অৰ্থনৈতিক উন্নয়ণৰ মূল স্তম্ভ হিচাপে স্থান দিয়াৰ প্ৰতিশ্ৰুতিক শক্তিশালী কৰিছে।
-
- সৃষ্টিশীল উদ্যোগসমূহৰ বাবে এক নিবেদিত বজাৰ হিচাপে আয়োজিত এই দুদিনীয়া অনুষ্ঠানটোৱে ছবি, টেলিভিছন, এভিজিচি-এক্সআৰ, গেমিং, এনিমেশ্যন, মিডিয়া আৰু ডিজিটেল কন্টেন্ট-ৰ অংশীদাৰসকলৰ বাবে নতুন অংশীদাৰিত্ব গঢ়ি তোলা, সহ-প্ৰযোজনাৰ সুযোগসমূহ অন্বেষণ কৰা, জ্ঞানৰ বিনিময় আৰু সমগ্ৰ ব্ৰিকছ পৰিতন্ত্ৰত সাংস্কৃতিক আৰু সৃষ্টিশীল সহযোগিতা শক্তিশালী কৰাৰ বাবে এক মঞ্চ হিচাপে কাম কৰিছিল।
PIB Mumbai | Sriyanka Chatterjee/Robin Singh/Priti Malandkar/KB
(ৰিলিজ আই ডি : 2296339)
অতিথি কক্ষ : 58