বিত্ত মন্ত্ৰালয়
azadi ka amrit mahotsav

ভাৰতৰ উত্তৰ-পূব সীমান্তত সতৰ্কতা বৃদ্ধি ডি আৰ আইৰ

তিনিটা গুৰুত্বপূৰ্ণ অভিযানত ম্যানমাৰৰ পৰা সৰবৰাহ কৰা ১৫ কিলো মেথামফেটামাইন, ১১ মেট্ৰিক টন বিদেশী মূলৰ আফু গুটি আৰু ১০ মেট্ৰিক টন চুপাৰি জব্দ ডি আৰ আইৰ; তিনিজনক গ্ৰেপ্তাৰ

प्रविष्टि तिथि: 07 AUG 2026 3:06PM by PIB Guwahati

ভাৰতৰ উত্তৰ-পূব সীমান্তত সীমান্তৰে চলা চোৰাং কাৰবাৰ আৰু মাদক দ্ৰব্যৰ অবৈধ সৰবৰাহৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে কঠোৰ অভিযান অব্যাহত ৰাখি ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ে (ডি আৰ আই) মিজোৰাম আৰু অসমত চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত কেইবাটাও অভিযান চলাই ১৫ কিলো মেথামফেটামাইন টেবলেট, প্ৰায় ১১ মেট্ৰিক টন বিদেশী মূলৰ আফু গুটি আৰু ১০ মেট্ৰিক টন বিদেশী মূলৰ চোৰাংকৈ সৰবৰাহ কৰা চুপাৰি জব্দ কৰে।

চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত কালি এক গুৰুত্বপূৰ্ণ অভিযানত ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ৰ বিষয়াসকলে জৰুৰীকালীন চিকিৎসাৰ ছদ্মবেশেৰে নিচাযুক্ত দ্ৰব্য সৰবৰাহ কৰাৰ সন্দেহত আইজলৰ পৰা প্ৰায় ৪০ কিলোমিটাৰ দূৰৈত আইজল-চামফাই পথৰ ছাকেই বাংলাৰ ওচৰত এখন এম্বুলেন্স আগচি ধৰে। এম্বুলেন্সখনত তালাচী চলাওতেই ভুৱা ৰোগী এজন শুই অহা বিছনাখনৰ ওচৰত ১৫ টা ইটাৰ আকাৰৰ পেকেটত ১৫ কিলো গোলাপী-কমলা ৰঙৰ নিচাযুক্ত মেথামফেটামাইন টেবলেট লুকুৱাই ৰখা মোনা এখন উদ্ধাৰ হয়। প্ৰাথমিক অনুসন্ধানত প্ৰকাশ পাইছে যে এই নিষিদ্ধ সামগ্ৰীখিনি ম্যানমাৰৰ পৰা চামফাই-জোখাৱথাৰ খণ্ডৰে মিজোৰামলৈ চোৰাংকৈ সৰবৰাহ কৰা হৈছিল আৰু সেইখিনি অসমলৈ সৰবৰাহ কৰিবলগীয়া আছিল। উদ্ধাৰ হোৱা মেথামফেটামাইনৰ লগতে পৰিবহণৰ বাবে ব্যৱহৃত এম্বুলেন্সখন এন ডি পি এছ আইন, ১৯৮৫ৰ অধীনত জব্দ কৰা হৈছে। এম্বুলেন্সখনৰ চালক আৰু তেওঁৰ দুজন সহযোগীক গ্ৰেপ্তাৰ কৰা হৈছে।

সাধাৰণতে ‘য়াবা’ নামেৰে জনাজাত মেথামফেটামাইন টেবলেট হৈছে এক অত্যধিক আসক্তি সৃষ্টিকাৰী সংশ্লেষিত উদ্দীপক, যি কেন্দ্ৰীয় স্নায়ুতন্ত্ৰক প্ৰভাৱিত কৰে। অবৈধভাৱে প্ৰস্তুত কৰা মেথামফেটামাইন টেবলেট ম্যানমাৰৰ পৰা চোৰাংকৈ সৰবৰাহ কৰা হয় আৰু ই আসক্তি, আক্ৰমণ, উন্মাদ আৰু দীৰ্ঘম্যাদী স্নায়ৱিক ক্ষতিকে ধৰি গুৰুতৰ শাৰীৰিক আৰু মানসিক ক্ষতি কৰে। ইয়াৰ অত্যধিক অপব্যৱহাৰৰ সম্ভাৱনাৰ বাবে মেথামফেটামাইন নামৰ সামগ্ৰীবিধৰ ব্যৱহাৰ এন ডি পি এছ আইন, ১৯৮৫ৰ অধীনত নিয়ন্ত্ৰণ কৰা হয় আৰু বিশ্বজুৰি মাদক দ্ৰব্য সম্পৰ্কীয় আইন বলৱৎকাৰী সংস্থাসমূহৰ বাবে ই এক মুখ্য বিষয় হৈ আহিছে।

২০২৬ চনৰ ৫ আৰু ৬ আগষ্টৰ মাজনিশা চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত চলোৱা আন এক অভিযানত অসম ৰাইফলছৰ সহায়ত ডি আৰ আইৰ বিষয়াসকলে অসমৰ কৰিমগঞ্জ জিলাৰ বদৰপুৰৰ এটা গুদামত তালাচী চলায়। এই অভিযানত বাণিজ্যিক চাহৰ চালান হিচাপে চিহ্নিত এইচ ডি পি ই বেগৰ ভিতৰত লুকুৱাই ৰখা, কাৰ্টনত বান্ধি থোৱা তথা খোলা অৱস্থাত প্ৰায় ১১ মেট্ৰিক টন বিদেশী মূলৰ আফু গুটি উদ্ধাৰ হয়। প্ৰাথমিক অনুসন্ধানত দেশৰ বিভিন্ন অংশলৈ প্ৰেৰণৰ বাবে ভাৰত-ম্যানমাৰ সীমান্তৰে সামগ্ৰীখিনি ভাৰতলৈ চোৰাংভাৱে সৰবৰাহ কৰা হৈছিল বুলি তথ্য পোৱা গৈছে। প্ৰায় ১.৬৭ কোটি টকা মূল্যৰ আফু গুটিখিনি ১৯৬২ চনৰ শুল্ক আইনৰ অধীনত জব্দ কৰা হৈছে।

আফু গুটি কেইবাটাও ৰন্ধন প্ৰণালীত খাদ্যৰ উপাদান আৰু মচলা হিচাপে ব্যাপকভাৱে ব্যৱহাৰ কৰা হয়, অৱশ্যে ভাৰতলৈ সেইবোৰৰ আমদানি কঠোৰ নিয়ন্ত্ৰণৰ অধীন। ভাৰতৰ বৈদেশিক বাণিজ্য নীতিৰ অধীনত আফু গুটি কেৱল নিৰ্ধাৰিত দেশসমূহৰ পৰা আৰু চেণ্ট্ৰেল ব্যুৰ’ অব নাৰ্ক’টিকছৰ দ্বাৰা পৰিচালিত পঞ্জীয়ন ব্যৱস্থাৰ জৰিয়তে আমদানি কৰিব পাৰি। এই সুৰক্ষা ব্যৱস্থাসমূহৰ উদ্দেশ্য হৈছে সন্ধানযোগ্যতা নিশ্চিত কৰা আৰু বৈধ যোগান শৃংখলাত প্ৰৱেশ কৰা অবৈধভাৱে কৰা খেতিৰ উৎপাদিত সামগ্ৰীৰ অপব্যৱহাৰ প্ৰতিৰোধ কৰা। অনিয়ন্ত্ৰিত বিদেশী মূলৰ আফু গুটিৰ চোৰাং সৰবৰাহে কেৱল এই নিয়ন্ত্ৰণবোৰক প্ৰতিহত কৰাই নহয়, আইনী বাণিজ্য আৰু নিয়ন্ত্ৰণকাৰী নিৰীক্ষণৰ ওপৰতো বিৰূপ প্ৰভাৱ পেলায়।

ইয়াৰ পূৰ্বে ০৫.০৮.২০২৬ত ডি আৰ আইৰ বিষয়াসকলে ৰঙিয়া ৰে’লৱে ষ্টেচনত ট্ৰেইন নম্বৰ ২২৪১১ৰ পৰা এটা চালান জব্দ কৰি ৰে’লখনৰ পাৰ্চেল ভেনৰ পৰা ১০ মেট্ৰিক টন বিদেশী মূলৰ চুপাৰি থকা ১২০ খন মোনা উদ্ধাৰ কৰে। প্ৰাথমিক অনুসন্ধানত প্ৰকাশ পাইছে যে এই সামগ্ৰীখিনি ম্যানমাৰৰ পৰা ভাৰতলৈ চোৰাংভাৱে অনা হৈছিল আৰু উত্তৰ-পূব অঞ্চলৰ বাহিৰৰ বজাৰলৈ প্ৰেৰণ কৰা হৈছিল। প্ৰায় ১ কোটি টকা মূল্যৰ চুপাৰিখিনি ১৯৬২ চনৰ শুল্ক আইনৰ অধীনত জব্দ কৰা হৈছে।

চুপাৰি হৈছে ভাৰতৰ উত্তৰ-পূব সীমান্তৰে সৰ্বাধিক চোৰাংকৈ সৰবৰাহ কৰা সামগ্ৰীসমূহৰ ভিতৰত অন্যতম। বিদেশী মূলৰ চুপাৰিৰ বৃহৎ চোৰাং ব্যৱসায়ৰ ফলত চৰকাৰী ৰাজহৰ যথেষ্ট ক্ষতি হয় আৰু ঘৰুৱা কৃষকৰ জীৱিকাৰ ওপৰত বিৰূপ প্ৰভাৱ পৰে। সীমান্ত অঞ্চলত চলি থকা সংগঠিত চোৰাং ব্যৱসায়ৰ নেটৱৰ্কৰ সৈতে ইয়াৰ সম্পৰ্কৰ বাবে বাৰে বাৰে হৈ থকা চুপাৰিৰ অবৈধ ব্যৱসায় এক উদ্বেগ হিচাপে পৰিগণিত হৈছে।

বিস্তৃত আন্তঃৰাষ্ট্ৰীয় সীমান্ত আৰু প্ৰত্যাহ্বানপূৰ্ণ ভূখণ্ডৰ বাবে উত্তৰ-পূব অঞ্চলটো সীমান্তৰে হোৱা চোৰাং ব্যৱসায় প্ৰতিৰোধৰ বাবে অসুৰক্ষিত হৈ আছে। ড্ৰাগছ সৰবৰাহৰ ছিণ্ডিকেট আৰু চোৰাং ব্যৱসায়ৰ নেটৱৰ্কে দেশখনলৈ নিষিদ্ধ সামগ্ৰী সৰবৰাহ কৰিবলৈ সঘনাই সুৰুঙাযুক্ত সীমান্ত পথ ব্যৱহাৰ কৰে। শেহতীয়া জব্দসমূহে ভাৰত-ম্যানমাৰ সীমান্তৰ সিপাৰে চলি থকা মাদক দ্ৰব্য সৰবৰাহ আৰু সংগঠিত চোৰাং ব্যৱসায়ৰ নেটৱৰ্কৰ বৰ্ধিত সম্পৰ্ককে দাঙি ধৰিছে।

****

SR/KMN/HS


(रिलीज़ आईडी: 2296078) आगंतुक पटल : 6
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Gujarati , Tamil , Telugu