পোষ্ট কৰা হৈছে:
06 AUG 2026 12:36PM by PIB Guwahati
প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত ২০২৬ চনৰ ৬ আগষ্টত নতুন দিল্লীত প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সংসদীয় পৰামৰ্শদাতা সমিতিৰ বৈঠকত ‘টেৰিট’ৰিয়েল আৰ্মী’ৰ বিষয়ত আলোচনা কৰা হয়। বৈঠকত জ্যেষ্ঠ বিষয়াসকলে কমিটীৰ সদস্যসকলৰ আগত টেৰিটৰিয়েল আৰ্মীৰ কাৰ্য, ভূমিকা আৰু মূল কৃতিত্বৰ বিষয়ে বিশদভাৱে উল্লেখ কৰে। বৈঠকত উপস্থিত থকাসকলে বাহিনীটোক আৰু অধিক শক্তিশালী কৰাৰ বাবে তথা ইয়াৰ সামগ্ৰিক ফলপ্ৰসূতা বৃদ্ধিৰ বাবে মূল্যৱান পৰামৰ্শ আগবঢ়ায়। ভাষণ প্ৰসংগত প্ৰতিৰক্ষা মন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰৰ ‘বিকশিত ভাৰত’ৰ দৃষ্টিভংগীক আগুৱাই নিয়াত টেৰিটৰিয়েল আৰ্মীৰ অৱদানক “উল্লেখযোগ্য” অৱদান বুলি অভিহিত কৰে। তেওঁ কয় যে প্ৰতিৰক্ষা বাহিনীৰ ভূমিকা মূলতঃ নিৰাপত্তা সম্পৰ্কীয় দিশৰ সৈতে জড়িত যদিও টেৰিটৰিয়েল আৰ্মীয়ে পৰিৱেশ সংৰক্ষণ আৰু আন সামাজিক কামৰ দৰে অন্যান্য ক্ষেত্ৰতো অৰিহণা যোগাই আহিছে। তেওঁ কয়, ‘টেৰিটৰিয়েল আৰ্মী ‘নাগৰিক-সৈনিক’ ধাৰণাটোৰ জীৱন্ত প্ৰতীক।ইয়াৰ সদস্যসকলে সামাজিক কামত জড়িত হোৱাৰ সমান্তৰালভাবে একেসময়তে সীমান্ত সুৰক্ষিত কৰি ৰাখিবলৈ তথা আভ্যন্তৰীণ নিৰাপত্তা বজাই ৰাখিবলৈ তেওঁলোকে ইউনিফৰ্ম পিন্ধে।’
শ্ৰী ৰাজনাথ সিঙে দৃঢ়তাৰে কয় যে টেৰিটৰিয়েল আৰ্মীয়ে প্ৰশিক্ষিত তথা সংৰক্ষিত কৰি ৰখা সৈনিকৰে প্ৰতিৰক্ষা বাহিনীৰ বাবে ক্ষমতা বৃদ্ধি কৰে , যিসকলক প্ৰয়োজন হ’লে তৎক্ষণাত নিয়োগ কৰিব পাৰি। তেওঁ লগতে কয় যে যেতিয়া কৰ্মীসকলে নিজৰ কাৰ্যকাল সম্পূৰ্ণ কৰি অসামৰিক জীৱনলৈ ঘূৰি আহে তেতিয়া তেওঁলোকে সমাজ আৰু সামৰিক বাহিনীৰ মাজত এক সজীৱ সেতু হিচাপে কাম কৰি জনসাধাৰণক বিশেষকৈ যুৱক-যুৱতীসকলক প্ৰতিৰক্ষা বাহিনীত যোগদান কৰিবলৈ অনুপ্ৰাণিত কৰে।
টেৰিটৰিয়েল আৰ্মী প্ৰশিক্ষিত, অনুপ্ৰাণিত আৰু শক্তিশালী বাহিনী হিচাপে থিয় দিছে, য'ত প্ৰায় ৪৪,৪০০ জন জোৱান আৰু ৫৯টা বৈচিত্ৰ্যময় ইউনিট আছে। বৈঠকত প্ৰতিৰক্ষা মন্ত্ৰীয়ে এই বাহিনীক প্ৰথম সঁহাৰিদাতা বুলি অভিহিত কৰে, যিয়ে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত তাৎক্ষণিক সকাহ আৰু সহায় আগবঢ়াই আহিছে। তেওঁ সাহায্য আৰু উদ্ধাৰ অভিযানত সহায় কৰি আহিছে। কেৰেলাৰ বানপানী, ওড়িশা ঘূৰ্ণীবতাহ তথা অসমৰ শেহতীয়া বানপানীৰ সময়ত আৰ্তজনক চিকিৎসা সাহায্য প্ৰদান কৰাত বাহিনীটোৰ ভূমিকাৰ কথাও প্ৰতিৰক্ষা মন্ত্ৰীয়ে স্বীকাৰ কৰে।
পৰিৱেশ ব্যৱস্থাপনা আৰু জলবায়ু পৰিৱৰ্তন প্ৰশমনৰ ক্ষেত্ৰত বাহিনীটোৰ অৱদানৰ প্ৰশংসা কৰি শ্ৰী ৰাজনাথ সিঙে কয় যে টেৰিটৰিয়েল আৰ্মীৰ ইক’লজিকেল টাস্ক ফ’ৰ্চে আজিলৈকে প্ৰায় ১০ কোটি গছপুলি ৰোপণ কৰিছে, যিবোৰ গছপুলিৰ জীয়াই থকাৰ হাৰ ৮০-৮৫ শতাংশৰ ভিতৰত। এই সেউজ পদক্ষেপে প্ৰধানমন্ত্ৰীৰ ‘মিছন লাইফ’ আৰু ‘পঞ্চামৃত’ লক্ষ্যক বাস্তৱত ৰূপান্তৰিত কৰিছে বুলিও তেওঁ কয়। ‘হৰ ঘৰ তিৰংগা’ অভিযানক অধিক উচ্চতালৈ লৈ যোৱাৰ বাবে জম্মু-কাশ্মীৰত নিয়োজিত টেৰিটৰিয়েল আৰ্মীৰ জোৱানসকলৰ প্ৰচেষ্টাৰো তেওঁ শলাগ লয়।

বৈঠকত প্ৰতিৰক্ষা ৰাজ্যমন্ত্ৰী শ্ৰী সঞ্জয় ছেঠ, প্ৰতিৰক্ষা মুৰব্বী জেনেৰেল এন এছ ৰাজা সুব্ৰমণি, সেনা বাহিনীৰ মুৰব্বী জেনেৰেল ধীৰাজ ছেঠ, প্ৰতিৰক্ষা সচিব শ্ৰী ৰাজেশ কুমাৰ সিং, সচিব (প্ৰতিৰক্ষা উৎপাদন) শ্ৰী সঞ্জীৱ কুমাৰ, সচিব (প্ৰতিৰক্ষা বিত্ত) শ্ৰী বিশ্বজিৎ সাহায়কে ধৰি অন্যান্য জ্যেষ্ঠ বিষয়াসকলে অংশগ্ৰহণ কৰে।
****
VK/Savvy/DM