শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়
ৰাষ্ট্ৰীয় কেৰিয়াৰ সেৱা পৰ্টেলে আৰম্ভণিৰ পৰাই ১০.০৫ কোটিতকৈ অধিক খালী পদৰ তথ্য একত্ৰিত কৰিছে
আৰম্ভণিৰে পৰা ৰাষ্ট্ৰীয় কেৰিয়াৰ সেৱা পৰ্টেলত পঞ্জীয়ন কৰিছে ৬.৬৪ কোটিতকৈও অধিক চাকৰি প্ৰত্যাশীয়ে
২০২৬ চনৰ ১৫ জুলাইলৈকে ৰাষ্ট্ৰীয় কেৰিয়াৰ সেৱা পৰ্টেলত ১৭.৬৮ লাখতকৈও অধিক সক্ৰিয় খালী পদ উপলব্ধ হৈছে
এনচিএছ আৰু ব্যক্তিগত অংশীদাৰৰ মাজত আজিলৈকে ৪০খনতকৈয়ো অধিক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছে
পোষ্ট কৰা হৈছে:
05 AUG 2026 8:58AM by PIB Guwahati
শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় নিয়োগ সেৱা ৰূপায়ণ কৰি চাকৰি প্ৰত্যাশী আৰু নিয়োগকৰ্তাসকলক সুবিধা প্ৰদান কৰাৰ লগতে চাকৰি প্ৰত্যাশীৰ পঞ্জীয়ন, উদ্যোগৰ পৰা খালী পদৰ তথ্য সংগ্ৰহ, বৃত্তিমূলক আৰু পৰামৰ্শভিত্তিক নিৰ্দেশনা আদিৰ দৰে বহু নিয়োগ সহায়ক সেৱা আগবঢ়াইছে।ৰাষ্ট্ৰীয় নিয়োগ সেৱাক ৰাষ্ট্ৰীয় কেৰিয়াৰ সেৱা (এনচিএছ)লৈ ৰূপান্তৰিত কৰা হৈছে। এনচিএছ পৰ্টেল হৈছে ব্যক্তিগত আৰু চৰকাৰী খণ্ডৰ চাকৰি, অনলাইন আৰু অফলাইন চাকৰি মেলাৰ তথ্য,কেৰিয়াৰ পৰামৰ্শ, বৃত্তিমূলক নিৰ্দেশনা, দক্ষতা বিকাশৰ পাঠ্যক্ৰম, দক্ষতা/প্ৰশিক্ষণ কাৰ্যসূচী আদিৰ তথ্য ডিজিটেল প্লেটফৰ্ম [www.ncs.gov.in]ৰ জৰিয়তে কেৰিয়াৰ সম্পৰ্কীয় সেৱা প্ৰদান কৰা এক বিশেষ সমাধান।আৰম্ভণিৰ পৰাই এনচিএছ পৰ্টেলত ৬.৬৪ কোটিতকৈ অধিক চাকৰি প্ৰাৰ্থীয়ে পঞ্জীয়ন কৰিছে, ইয়াৰে ১৫.০৭.২০২৬ তাৰিখলৈকে ২.৮৯ কোটি হৈছে সক্ৰিয় চাকৰি প্ৰাৰ্থী । লগতে আৰম্ভণিৰে পৰাই পৰ্টেলটোত ১০.০৫ কোটিতকৈ অধিক খালী পদ সংগঠিত কৰা হৈছে, ইয়াৰে ১৫.০৭.২০২৬ তাৰিখলৈকে ১৭.৬৮ লাখ হৈছে সক্ৰিয় খালী পদ। ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল অনুসৰি পঞ্জীয়ন কৰা চাকৰিসন্ধানী আৰু নিয়োগকৰ্তাৰ বিৱৰণ তথা সমগ্ৰ দেশতে এনচিএছ পৰ্টেলত একত্ৰিত কৰা খালী পদৰ সংখ্যা https://www.ncs.gov.in/_layouts/15/ncsp/ViewStaticReport.aspx ত চাব পাৰিব।
প্ৰয়োজন অনুসৰি শেহতীয়া উপলব্ধ প্ৰযুক্তি ব্যৱহাৰ কৰি সময়ৰ প্ৰয়োজন অনুসৰি প্ৰয়োজনীয় পৰিৱৰ্তন/উন্নীতকৰণৰ পৰিকল্পনা কৰা হৈছে।এনচিএছ পৰ্টেলক ক্লাউড-ভিত্তিক, মুক্ত প্লেটফৰ্মলৈ উন্নীত কৰা হৈছে আৰু ইয়াৰ উন্নীতকৰণ এটা নিৰন্তৰ তথা গতিশীল প্ৰক্ৰিয়া হৈ পৰিছে। শেহতীয়াকৈ উপলব্ধ প্ৰযুক্তিসমূহৰ সহায় লৈ শেহতীয়া প্ৰয়োজনীয়তাৰ সৈতে সংগতি ৰাখি উন্নয়ন তথা উন্নীতকৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই উন্নীতকৰণসমূহৰ ভিতৰত আছে বিভিন্ন ৰাজহুৱা আৰু ব্যক্তিগত চাকৰি তথা দক্ষতা পৰ্টেলৰ সৈতে সংহতি স্থাপন, বৰ্ধিত এআই-চালিত বৈশিষ্ট্য (এআই দক্ষতা ব্যৱধান বিশ্লেষণ, ব্যক্তিগত চাকৰিৰ পৰামৰ্শ, এআই সাক্ষাৎকাৰ প্ৰশিক্ষক, ভাষিনীৰ জৰিয়তে বহুভাষিক সমৰ্থন আদি) সংযোজন কৰা হৈছে। চাকৰি প্ৰাৰ্থী আৰু নিয়োগকৰ্তাৰ বাবে ক্লাউড-ভিত্তিক এপ্লিকেচন, শক্তিশালী পৰীক্ষণ ব্যৱস্থা আৰু অভিগম্যতা তথা ব্যৱহাৰকাৰীৰ অভিজ্ঞতা উন্নত কৰিবলৈ এটা মোবাইল এপ্লিকেচন আৰম্ভ কৰা হৈছে।চৰকাৰে প্ৰতিটো বিত্ত আয়োগৰ চক্ৰ আৰম্ভ হোৱাৰ পূৰ্বে সকলো আঁচনি আৰু কাৰ্যসূচীৰ পদ্ধতিগত পৰ্যালোচনা তথা মূল্যায়ন কৰে , যাতে ইয়াৰ অবিৰত প্ৰাসংগিকতা, ফলপ্ৰসূতা আৰু বিকশিত অগ্ৰাধিকাৰৰ সৈতে বিষয়সমূহৰ সংগতি ৰাখিব পাৰি। ইয়াৰ উপৰি মন্ত্ৰালয়ে ব্যক্তিগত তথা চৰকাৰী নিয়োগকৰ্তা/ পৰ্টেল/ প্লেটফৰ্মৰ সৈতে কেইবাখনো বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছে, যাতে সকলো চাকৰি প্ৰত্যাশীৰ বাবে নিয়োগৰ সুযোগ বৃদ্ধিৰ বাবে চৰকাৰী -ব্যক্তিগত অংশীদাৰিত্ব শক্তিশালী কৰা হৈছে। আজিলৈকে এনচিএছ পৰ্টেলত উপলব্ধ চাকৰি মেলাৰ তালিকাভুক্তকৰণ, দক্ষতা বিকাশৰ কাৰ্যসূচী, কেৰিয়াৰ পৰামৰ্শ আদিৰ দৰে সুবিধা প্ৰদান কৰা ব্যক্তিগত অংশীদাৰ যেনে এপিএনএ, ছুইগি, ৰেপিডো, জোমাটো, এমাজন, টিচিএছ আইঅ’এন, কুইক্ৰ, ফাউণ্ডইট (মনষ্টাৰ) আদিৰ সৈতে বুজাবুজিৰ বুজাবুজিকে ধৰি ৪০খনতকৈও অধিক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছে। এন চি এছ পৰ্টেলটোও বিভিন্ন চৰকাৰী পৰ্টেল যেনে উদ্যাম, ই-শ্ৰম, স্কিল ইণ্ডিয়া ডিজিটেল হাব, ই পি এফ অ’, ই এছ আই চি, এম এইচ আৰ ডি, ডিজিলকাৰ আদিৰ সৈতে সংযুক্ত হৈ আছে আৰু চৰকাৰী নিযুক্তি সংস্থা যেনে কেন্দ্ৰীয় লোকসেৱা আয়োগ, কৰ্মচাৰী বাছনি আয়োগ, কৃষি বিজ্ঞানী নিযুক্তি ব’ৰ্ড, ৰে’লৱে নিযুক্তি ব’ৰ্ড আদিৰ সৈতেও সংযুক্ত হৈ আছে।
এনচিএছ প্ৰকল্পটোৱে অন্যান্য বিষয়ৰ লগতে দেশত নিয়োগ ক্ষেত্ৰৰ পৰিৱৰ্তনৰ জৰিয়তে মডেল কেৰিয়াৰ চেণ্টাৰ (এমচিচি) স্থাপন কৰি কেৰিয়াৰ সম্পৰ্কীয় সেৱা যেনে- অনলাইন/অফলাইন চাকৰি মেলাৰ আয়োজন, নিয়োগকৰ্তাসকলক সংগঠিত কৰা, স্থানীয় পৰ্যায়ত অনলাইন/অফলাইন কেৰিয়াৰ পৰামৰ্শ প্ৰদান আদিৰ বাবে ৰাজ্য তথা অন্যান্য প্ৰতিষ্ঠানৰ সহযোগত চাকৰি প্ৰত্যাশী আৰু নিয়োগকৰ্তাসকলক সজাগতামূলক কাৰ্য্যকলাপৰ জৰিয়তে মডেল কেৰিয়াৰ চেণ্টাৰ (এমচিচি) স্থাপনৰ কথাও চিন্তা কৰিছে। আজিলৈকে চৰকাৰে ৪০৭টা মডেল কেৰিয়াৰ চেণ্টাৰ(এমচিচি) ত অনুমোদন জনাইছে, য’ত ৩৭০টা নিয়োগ বিনিময় কেন্দ্ৰও অন্তৰ্ভুক্ত কৰা হৈছে, যিবোৰক এমচিচি হিচাপে উন্নীত কৰা হৈছে।
তদুপৰি, আজিলৈকে ৩১খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলক এনচিএছ পৰ্টেলৰ সৈতে সংযুক্ত কৰা হৈছে, ৮খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলে প্ৰত্যক্ষভাৱে এনচিএছ পৰ্টেল ব্যৱহাৰ কৰি আছে।
কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্ৰী ড° মনসুখ মাণ্ডবিয়াই ২০২৬ চনৰ ৩ আগষ্টত লোকসভাত এক প্ৰশ্নৰ লিখিত উত্তৰত এই তথ্য প্ৰদান কৰে।
*****
Rini Choudhury/Anjelina Alexander/DM
(ৰিলিজ আই ডি : 2295941)
অতিথি কক্ষ : 48