কেবিনেট কমিটি - বিত্তীয় পৰিক্ৰমা
অসমৰ ৰাষ্ট্ৰীয় ঘাইপথ-১৫ৰ সমীপত মঙলদৈ বাইপাছ (১৫.১১ কিলোমিটাৰ) এৰি গুৱাহাটীৰ সমীপৰ বাইহাটা চাৰিআলিৰ পৰা তেজপুৰলৈ ৮৯৭০.২০ কোটি টকা ব্যয়সাপেক্ষ মুঠ ১৩৫.৮৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ চাৰিশৰীয়া ঘাইপথ নিৰ্মাণত কেবিনেটৰ অনুমোদন
प्रविष्टि तिथि:
06 AUG 2026 4:12PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অৰ্থনৈতিক পৰিক্ৰমা সম্পৰ্কীয় কেবিনেট কমিটীয়ে আজি অসমৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ১৩৫.৮৭১কিলোমিটাৰ দৈৰ্ঘ্যৰ চাৰিশৰীয়া গুৱাহাটী-তেজপুৰ কৰিডৰৰ উন্নয়নত অনুমোদন জনাইছে। এই প্ৰকল্পটো ৰাষ্ট্ৰীয় ঘাইপথ (অ’) ৰ অধীনত মুঠ ৮৯৭০.২০ কোটি টকাৰ মূলধনী ব্যয়েৰে বিল্ট-অপাৰেট-ট্ৰেন্সফাৰ (বি অ’ টি) টোল মোডত বিকশিত কৰা হ’ব।
এই প্ৰকল্পটোত ভাৰতীয় বায়ুসেনাৰ সৈতে সমন্বয় কৰি তেজপুৰ বাইপাছত এটা জৰুৰীকালীন অৱতৰণ সুবিধা (ইএলএফ) (৪.৯ কিলোমিটাৰ) নিৰ্মাণৰ পৰিকল্পনা চূড়ান্ত কৰা হৈছে আৰু ই ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ দিশত থকা বৰ্তমানৰ ৰাষ্ট্ৰীয় ঘাইপথ-২৭ (পূব-পশ্চিম কৰিডৰ) ৰ ভিৰ হ্ৰাস কৰিব। এই প্ৰকল্পটোত ৫৮.৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৫টা প্ৰধান বাইপাছ নিৰ্মাণ কৰাৰ জৰিয়তে বাইহাটা চাৰিআলিৰ, ছিপাঝাৰ, খাৰুপেটিয়া, ঢেকীয়াজুলী, তেজপুৰৰ দৰে ঘন জনবসতিপূৰ্ণ অঞ্চলৰ মাজেৰে পাৰ হৈ যোৱা অঞ্চলসমূহত যানজঁট হ্ৰাস পাব।
ইয়াৰ উপৰি, এই প্ৰকল্পটোত ১৫খন ডাঙৰ দলং, ৩০খন সৰু দলং, ১৯খন উৰণ সেঁতু, ১টা এলিফেণ্ট আণ্ডাৰ পাছ (তেজপুৰ বাইপাছত)ৰ ব্যৱস্থা আছে। ট্ৰেফিকৰ সকলো দিশে চলাচল বজাই ৰাখিবলৈ প্ৰকল্পটোৰ অংশ হিচাপে ২১০ কিলোমিটাৰ চাৰ্ভিচ ৰোডৰ সৈতে ৪৬টা আণ্ডাৰপাছ আৰু ১৯খন উৰণ সেঁতুও নিৰ্মাণ কৰা হ'ব কিয়নো প্ৰকল্পটো প্ৰৱেশাধিকাৰ নিয়ন্ত্ৰিত হিচাপে বিকশিত কৰাৰ প্ৰস্তাৱ দিয়া হৈছে।
এই প্ৰকল্পটোৱে গড় ভ্ৰমণৰ গতি ১০০শতাংশ বৃদ্ধি কৰি ভ্ৰমণৰ সময় আধালৈ হ্ৰাস কৰাৰ লগতে সামগ্ৰিক পথ সুৰক্ষা উন্নত কৰাৰ উপৰি ইন্ধনৰ দক্ষতা বৃদ্ধি কৰিব আৰু বাহন পৰিচালনাৰ ব্যয় হ্ৰাস কৰাৰ জৰিয়তে আঞ্চলিক গতিশীলতা আৰু আৰ্থ-সামাজিক বিকাশ বৃদ্ধি পাব।
এই প্ৰকল্পটোৱে অসম আৰু অৰুণাচল প্ৰদেশৰ মূল অৰ্থনৈতিক, সামাজিক আৰু ৰচদপাতি কেন্দ্ৰসমূহলৈ নিৰবিচ্ছিন্ন সংযোগ প্ৰদান কৰিব। ইয়াৰ উপৰি, উন্নত কৰিডৰটোৱে ৮ খন পি এম গতি-শক্তি অৰ্থনৈতিক সংযোগীস্থল (৮খন ঔদ্যোগিক উদ্যান),২খন সামাজিক সংযোগীস্থল (দৰং আৰু ওদালগুৰিৰ ২খন অভিলাষী জিলা),৩খন পৰ্যটক সংযোগীস্থল (মা কামাখ্যা মন্দিৰ, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, ওৰাং ৰাষ্ট্ৰীয় উদ্যান)আৰু ৭খন লজিষ্টিক সংযোগীস্থল (৩টা মুখ্য ৰে'লৱে ষ্টেচন, ২টা বিমানবন্দৰ, ২টা জলপথ টাৰ্মিনেল)লৈ সংযোগ বৃদ্ধি কৰিব, যাৰ ফলত সমগ্ৰ অঞ্চলটোত সামগ্ৰী আৰু যাত্ৰীসকলৰ দ্ৰুত চলাচলৰ সুবিধা হ'ব।

****
MJPS/DD
(रिलीज़ आईडी: 2295525)
आगंतुक पटल : 40
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam