গৃহ মন্ত্ৰালয়
ৰেপকো বেংকৰ পৰা ২২.৯০ কোটি টকাৰ লভ্যাংশৰ চেক গ্ৰহণ কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰী অমিত শ্বাহে
২০২৫–২৬ বিত্তীয় বৰ্ষত বেংকৰ ইতিহাসত সৰ্বাধিক ১৬৯ কোটি টকাৰ নিকা লাভ অৰ্জন কৰি সমবায় বেংকিঙৰ ক্ষেত্ৰত আদৰ্শ দাঙি ধৰাৰ বাবে ৰেপকো বেংক পৰিচালনা কৰ্তৃপক্ষক অভিনন্দন জনায় শ্ৰী অমিত শ্বাহে
গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনস্থ বেংকটোৰ সফলতা ইয়াৰ পেছাদাৰিত্ব আৰু উৎকৃষ্টতাৰ প্ৰমাণ হিচাবে পৰিগণিত হৈছে
পোষ্ট কৰা হৈছে:
05 AUG 2026 8:06PM by PIB Guwahati
কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে আজি নতুন দিল্লীৰ ৰেপকো বেংকৰ পৰা ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে ভাৰত চৰকাৰৰ হাতত থকা ৭৬.৩২ কোটিৰ শ্বেয়াৰ কেপিটেলৰ ওপৰত ৩০% হাৰত ২২.৯০ কোটি টকাৰ লভ্যাংশ লভ্যাংশৰ চেক গ্ৰহণ কৰে। শ্ৰী অমিত শ্বাহক চেকখন প্ৰদান কৰে বেংকটোৰ অধ্যক্ষ অধ্যক্ষ শ্ৰী ই.সান্থানম, বেংকটোৰ সঞ্চালক তথা ৰেপকো হোম ফাইনেন্স লিমিটেডৰ অধ্যক্ষ শ্ৰী চি থাংগাৰাজু আৰু পৰিচালন সঞ্চালক শ্ৰী অ এম গকুলে ।
এক্স প্লেটফৰ্মত দিয়া এটা পোষ্টত শ্ৰী অমিত শ্বাহে কয় যে, “বেংকৰ ইতিহাসত সৰ্বাধিক ১৬৯ কোটি টকাৰ নিকা লাভ অৰ্জন কৰি সমবায় বেংকিঙৰ ক্ষেত্ৰত আদৰ্শ দাঙি ধৰাৰ বাবে ৰেপকো বেংক পৰিচালনা কৰ্তৃপক্ষক অভিনন্দন, যিটো বেংকৰ ইতিহাসত সৰ্বাধিক। আজি গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ হৈ ৰেপকো বেংকৰ অধ্যক্ষ শ্ৰী ই. সান্থানম, সঞ্চালক শ্ৰী থাংগাৰাজু আৰু পৰিচালন সঞ্চালক শ্ৰী অ.এম. গোকুলকলৈ গঠিত এটা প্ৰতিনিধি দলৰ পৰা ২২.৯০ কোটি টকাৰ লভ্যাংশৰ চেক গ্ৰহণ কৰিলো।
গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনস্থ বেংকটোৰ সফলতাই ইয়াৰ পেছাদাৰিত্ব আৰু উৎকৃষ্টতাৰ প্ৰমাণ, ৰেপকো বেংকৰ পৰিচালনা কৰ্তৃপক্ষ আৰু কৰ্মচাৰীসকললৈ মোৰ শুভেচ্ছা।”
এই অনুষ্ঠানত কেন্দ্ৰীয় গৃহ সচিব শ্ৰী গোবিন্দ মোহন, সচিব (সীমা ব্যৱস্থাপনা আৰু এফ এফ আৰ) ড° ৰাজেন্দ্ৰ কুমাৰ, যুটীয়া সচিব (এফ এফ আৰ সংমণ্ডল) শ্ৰী গয়া প্ৰসাদ আৰু যুটীয়া সচিব (আৰ এইচ এছ) শ্ৰী মাখন লাল মীনা উপস্থিত থাকে। ২০২৫-২৬ বিত্তীয় বৰ্ষত বেংকটোৱে ১৬৯ কোটি টকাৰ নিকা লাভ অৰ্জন , যিটো ৰেপকো বেংকৰ ইতিহাসত সৰ্বাধিক। তিনি দশকৰো অধিক কাল ধৰি বেংকটোৱে অহৰহ লাভ অৰ্জন কৰাৰ লগতে অংশীদাৰসকলক লভ্যাংশ প্ৰদান কৰি আহিছে। বেংকটোৱে ৩০.০৬.২০২৬ তাৰিখলৈকে ২৬০০০ কোটি টকাৰ ব্যৱসায় অতিক্ৰম কৰিছে।
***
RK / RR / PS/DM
(ৰিলিজ আই ডি : 2295329)
অতিথি কক্ষ : 34