যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শুভাৰম্ভ কৰিলে 'বিকশিত ভাৰত সংকল্প অভিযানৰ বাবে নিচা মুক্ত যুৱ' অভিযান; প্ৰতিগৰাকী নাগৰিকক এই আন্দোলনত যোগদান কৰিবলৈ আহ্বান
১০০ সপ্তাহৰ 'বিকশিত ভাৰত সংকল্প অভিযানৰ বাবে নিচা মুক্ত যুৱ' অভিযান আৰম্ভ হোৱাৰ লগে লগে ড্ৰাগছমুক্ত ভাৰতৰ বাবে প্ৰধানমন্ত্ৰীয়ে জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই অভিযানত ১ কোটিৰো অধিক যুৱক-যুৱতীৰ যোগদান
'আগন্তুক ১০০টা দেওবাৰে হ'ব ড্ৰাগছমুক্ত ভাৰতৰ দিশত ১০০টা শক্তিশালী পদক্ষেপ'ঃ প্ৰধানমন্ত্ৰী
প্ৰধানমন্ত্ৰীৰ নেতৃত্বত 'বিকশিত ভাৰত সংকল্প অভিযানৰ বাবে নিচা মুক্ত যুৱ' অভিযান হ'ব দেশজোৰা জন ভাগীদাৰী অভিযানঃ ড° মনসুখ মাণ্ডবিয়া
प्रविष्टि तिथि:
02 AUG 2026 7:13PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি 'বিকশিত ভাৰত সংকল্প অভিযানৰ বাবে নিচা মুক্ত যুৱ' অভিযান উদ্বোধন কৰে। দেশবাসীক উদ্দেশ্যি ভিডিঅ’ কনফাৰেন্সত জডিয়তে ভাষণ আগবঢ়াই প্ৰধানমন্ত্ৰীয়ে ২৮ হাজাৰতকৈ অধিক স্থানৰ পৰা সংযুক্ত এক কোটিৰো অধিক যুৱ নাগৰিককে ধৰি বৈচিত্ৰ্যময় ক্ষেত্ৰৰ বিভিনজনক আনুষ্ঠানিকভাৱে সম্ভাষণ জনায়।
সেই মুহূৰ্তৰ সামূহিক গুৰুত্বৰ বিষয়ত আলোকপাত কৰি তেওঁ এই সমাৱেশক এক গভীৰ জাতীয় প্ৰতিশ্ৰুতি হিচাপে অভিহিত কৰে।। শ্ৰী মোদীয়ে কয় যে আজি আমি সকলো দেশবাসীয়ে এক মহান আৰু গুৰুত্বপূৰ্ণ সংকল্পৰ বাবে একত্ৰিত হৈছো। এই পদক্ষেপৰ ব্যাপক প্ৰকৃতিৰ বিষয়ত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে ব্যাখ্যা কৰে যে এই অভিযানে ব্যক্তিগত সুস্থতাক অতিক্ৰম কৰি একেসময়তে পৰিয়াল, সমাজ, আৰু সমগ্ৰ দেশৰ স্বাৰ্থত সেৱা আগবঢ়াব। 'বিকশিত ভাৰত সংকল্প অভিযানৰ বাবে নিচা মুক্ত যুৱ' অভিযানৰ আঁৰৰ মূল উদ্দেশ্যৰ ৰূপৰেখা দাঙি ধৰি তেওঁ কয় যে বিকশিত ভাৰত লাভ কৰিবলৈ শাৰীৰিকভাৱে সুস্থ, মানসিকভাৱে সবল আৰু অতি আত্মবিশ্বাসী নৱপ্ৰজন্মই আত্মবিনাশকাৰী বদঅভ্যাসৰ পৰা মুক্ত হোৱাৰ প্ৰয়োজন।
''আজি দেশখনে বিকশিত ভাৰতৰ লক্ষ্য নিৰ্ধাৰণ কৰাৰ লগে লগে দেশৰ যুৱক-যুৱতীসকল আত্মবিশ্বাসেৰে পূৰ্ণ হোৱাৰ লগতে শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হৈ থকাটো অতি প্ৰয়োজনীয়। লগতে তেওঁলোকে ড্ৰাগছৰ দৰে ধ্বংসাত্মক অভ্যাসৰ পৰা স্থায়ীভাৱে আঁতৰি থকাটো অতি প্ৰয়োজনীয়।'' শ্ৰী মোদীয়ে কয়।
এই অভিযানৰ আৰম্ভনিৰ বিষয়ত মন্তব্য কৰি প্ৰধানমন্ত্ৰীয়ে এই বিষয়ত গভীৰ সন্তুষ্টি প্ৰকাশ কৰে যে এই পদক্ষেপ প্ৰথমতে কাশীৰ পৱিত্ৰ ভূমিৰ পৰা বিগত বছৰত পাইলট প্ৰজেক্ট হিচাপে আৰম্ভ কৰা হৈছিল । বৈজ্ঞানিক স্পষ্টতা, আধ্যাত্মিক শক্তি আৰু গভীৰ সাংস্কৃতিক নিষ্ঠাৰ অনন্য মিশ্ৰণৰ বিষয়ত আলোকপাত কৰি তেওঁ ইয়াৰ ব্যাপক সম্প্ৰসাৰণৰ কথাও উল্লেখ কৰে। শ্ৰী মোদীয়ে পৰ্যবেক্ষণ কৰে যে কাশী ঘোষণাপত্ৰৰ অধীনত ১২৫টাতকৈও অধিক আধ্যাত্মিক সংগঠন আৰু অসংখ্য বেচৰকাৰী সংস্থাৰ সমৰ্থনত সেই কল্যাণচালিত ধাৰণাটো এতিয়া সফলতাৰে এক ৰাষ্ট্ৰীয় প্ৰকল্পত পৰিণত হৈছে।

প্ৰধানমন্ত্ৰীক আদৰণি জনাই কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া তথা শ্ৰম , নিয়োগ দপ্তৰৰ মন্ত্ৰী ড° মনসুখ মাণ্ডবিয়াই কয় যে 'বিকশিত ভাৰত সংকল্প অভিযানৰ বাবে নিচা মুক্ত যুৱ' অভিযান মুকলিয়ে প্ৰধানমন্ত্ৰীৰ বিক্ষিত ভাৰত @২০৪৭ৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাৰ দিশত আন এক উল্লেখযোগ্য মাইলৰ খুঁটি নিৰ্ধাৰণ কৰিছে।
তেওঁ উল্লেখ কৰে যে মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ে ভাৰতৰ যুৱক-যুৱতীসকলক অমৃতকালৰ চালিকা শক্তি হিচাপে কল্পনা কৰি তেওঁলোকক ধাৰাবাহিকভাৱে ৰাষ্ট্ৰ নিৰ্মাণৰ কেন্দ্ৰবিন্দুত ৰাখিছে। এই দৃষ্টিভংগীৰ দ্বাৰা পৰিচালিত হৈ চৰকাৰে সমগ্ৰ দেশৰ ২.৩ কোটিৰো অধিক যুৱক-যুৱতীক সংযোগ কৰি যুৱক-যুৱতীসকলক স্বেচ্ছাসেৱী, নেতৃত্ব, মেণ্টৰশ্বিপ আৰু ৰাষ্ট্ৰীয় সেৱাৰ সুযোগ প্ৰদানৰ বাবে একক সমাধান হিচাপে মাই ভাৰত (MY Bharat) প্ৰতিষ্ঠা কৰিছে।
ড্ৰাগছমুক্ত ভাৰতৰ বাবে লালকিল্লাৰ পৰা প্ৰধানমন্ত্ৰীয়ে জনোৱা আহ্বানৰ কথা স্মৰণ কৰি ড০ মাণ্ডবিয়াই কয় যে মাই ভাৰতে যুৱক-যুৱতীসকলৰ মাজত স্থায়ী সংযোগৰ জৰিয়তে এই অভিযানক সক্ৰিয়ভাৱে আগুৱাই লৈ গৈছে। তেওঁ লগতে আলোকপাত কৰে যে আগশাৰীৰ আধ্যাত্মিক সংগঠনসমূহৰ সৈতে আলোচনাৰ জৰিয়তে বিকশিত কৰা ১০০ সপ্তাহৰ কাৰ্য্য পৰিকল্পনা আৰু কাশী ঘোষণাপত্ৰই নিচাযুক্ত দ্ৰব্য সেৱনৰ বিৰুদ্ধে দেশজুৰি জনসাধাৰণৰ মাজত আন্দোলনৰ ভেটি স্থাপন কৰিছে।
এই অভিযানৰ প্ৰতি আস্থা প্ৰকাশ কৰি তেওঁ কয় যে প্ৰধানমন্ত্ৰীৰ নেতৃত্বত জন ভাগীদাৰীয়ে যিদৰে স্বচ্ছ ভাৰত, ফিট ইণ্ডিয়া আৰু আন কেইবাটাও জাতীয় আন্দোলনৰ দৰে পদক্ষেপক গণ সফলতালৈ ৰূপান্তৰিত কৰিছে, ঠিক তেনেদৰে 'বিকশিত ভাৰত সংকল্প অভিযানৰ বাবে নিচা মুক্ত যুৱ' অভিযানেও একেদৰেই লাখ লাখ যুৱ ভাৰতীয়ক এক সুস্থ, ড্ৰাগছমুক্ত আৰু উন্নত ভাৰত গঢ়াৰ দিশত অৰিহণা যোগাবলৈ অনুপ্ৰাণিত কৰিব।
কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া দপ্তৰৰ ৰাজ্য মন্ত্ৰী শ্ৰীমতী ৰক্ষা নিখিল খাদছে, ২৬ খন ৰাজ্যৰ ৰাজ্যপাল আৰু ১১ খন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়েও এই দেশজোৰা অভিযানত যোগদান কৰে।
ড্ৰাগছ বিৰোধী শপত গ্ৰহণ কৰা লাখ লাখ যুৱক-যুৱতীক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ বিদ্যালয়, মহাবিদ্যালয়, সমাজত ড্ৰাগছমুক্ত জীৱনৰ বাৰ্তা সক্ৰিয়ভাৱে প্ৰচাৰ কৰাৰ লগতে ব্যক্তিগত সংযম বজাই ৰখাৰ গম্ভীৰ প্ৰতিশ্ৰুতিৰো প্ৰশংসা কৰে।
অভিযানৰ অভিলাষী ১০০ সপ্তাহৰ ৰোডমেপৰ ৰূপৰেখা দাঙি ধৰি তেওঁ কয় যে কেনেকৈ প্ৰতিটো দেওবাৰত শিল্প, সংস্কৃতি, ক্ৰীড়া, আৰু ধ্যান-ধাৰণা সামৰি নতুন অংশগ্ৰহণকাৰীসকলক নিৰন্তৰভাৱে জড়িত কৰিবলৈ কাৰ্যসূচীসমূহ ৰূপায়ণ কৰা হ’ব। শ্ৰী মোদীয়ে দৃঢ়তাৰে কয় যে আগন্তুক ১০০টা দেওবাৰ সম্পূৰ্ণ ড্ৰাগছমুক্ত ভাৰতৰ দিশত ১০০টা শক্তিশালী পদক্ষেপ হৈ পৰিব।
ছাত্ৰ-ছাত্ৰী, এন এছ এছৰ সদস্য আৰু মাই ভাৰতৰ স্বেচ্ছাসেৱকসকলৰ বিশাল অনলাইন সমাৱেশত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে দেশৰ যুৱক-যুৱতীসকলে প্ৰদৰ্শন কৰা সজাগতা, সংবেদনশীলতা আৰু নিষ্ঠাৰ বাবে অপৰিসীম গৌৰৱ প্ৰকাশ কৰে। নৱ জনগাঁথনিক ভাৰতৰ ‘অমৃত প্ৰজন্ম’ বুলি অভিহিত কৰি তেওঁ তেওঁলোকক সোঁৱৰাই দিয়ে যে দেশখনক ২০৪৭ চনৰ বিকশিত ভাৰতৰ লক্ষ্যৰ দিশত পথ প্ৰদৰ্শনৰ বাবে তেওঁলোকৰ শক্তি, কল্পনা, আৰু প্ৰতিভা অতি প্ৰয়োজনীয়।শ্ৰী মোদীয়ে দৃঢ়তাৰে কয় যে দেশৰ চূড়ান্ত ভৱিষ্যতৰ বাবে আৰু নিজৰ জীৱনৰ বাবে নিজকে নিচাৰ পৰা মুক্ত কৰি ৰখাটো নিতান্তই প্ৰয়োজনীয়।

ষ্টাৰ্টআপ, কৃত্ৰিম বুদ্ধিমত্তা, ক্ৰীড়া আৰু মহাকাশ অন্বেষণৰ ক্ষেত্ৰত আজিৰ যুৱক-যুৱতীসকলৰ কৃতিত্বৰ সময়তে নিচাযুক্তদ্ৰব্যৰ অপব্যৱহাৰৰ বিধ্বংসী প্ৰভাৱৰ বিষয়ত প্ৰধানমন্ত্ৰীয়ে নিচাই কেনেকৈ মনোনিৱেশক পথভ্ৰষ্ট কৰি তেওঁলোকৰ সপোনক ধ্বংস কৰিছে সেই সম্পৰ্কে মন্তব্য কৰে । তেওঁ সেয়ে এই বিষয়ত সতৰ্ক হ'বলৈও আহ্বান জনায়। পিতৃ-মাতৃৰ সপোন ধ্বংস কৰাৰ পৰা আৰম্ভ কৰি বয়োজ্যেষ্ঠসকলৰ বাবে দৈনন্দিন যন্ত্ৰণাৰ পৰিবেশ সৃষ্টি কৰালৈকে পৰিয়ালৰ ওপৰত পৰা গভীৰ ক্ষতিৰ উদাহৰণ দি নিচাযুক্ত দ্ৰব্যৰ ব্যৱহাৰৰ ফলত হোৱা সমাজৰ ক্ষতিৰ বিষয়ত আলোকপাত কৰে। শ্ৰী মোদীয়ে লক্ষ্য কৰে যে যেতিয়া কোনো পৰিয়াল বা সমাজত এই ধ্বংসলীলা ঘটে, তেতিয়া সমগ্ৰ দেশৰ সামগ্ৰিক শক্তিও দুৰ্বল হৈ পৰে।
নিচাযুক্ত দ্ৰব্যৰ ধ্বংসাত্মক প্ৰকৃতিৰ বিৰুদ্ধে যুৱক-যুৱতীসকলক সকীয়াই দি প্ৰধানমন্ত্ৰীয়ে কয় যে ড্ৰাগছে প্ৰদান কৰা অস্থায়ী সুখৰ ফলত শেষত তেওঁলোকৰ কেৰিয়াৰ আৰু পাৰিবাৰিক জীৱনৰ সুখ বিনষ্ট হয়। শ্ৰী গুৰু গ্ৰন্থ চাহেবৰ নিৰ্দিষ্ট শিক্ষাকে ধৰি ভাৰতীয় সংস্কৃতি তথা আধ্যাত্মিক নেতাসকলৰ গভীৰ জ্ঞানৰ আধাৰত তেওঁ মন পৰিৱৰ্তনকাৰী এনে নিচাযুক্ত পদাৰ্থ প্ৰত্যাখ্যান কৰাৰ বিষয়তো আলোকপাত কৰে। শ্ৰী মোদীয়ে দৃঢ়তাৰে কয় যে আমি কোনো পৰিস্থিতিত নিচাযুক্ত দ্ৰব্যৰ ব্যৱহাৰক কোনো ধৰণৰ সামাজিক গ্ৰহণযোগ্যতা দিব নালাগে। নিচাৰ আসক্তিৰ পৰা আৰোগ্য লাভৰ বাবে উপলব্ধ ব্যাপক সহায়ক ব্যৱস্থাৰ বিষয়ত বিৱৰণ দাঙি ধৰি প্ৰধানমন্ত্ৰীয়ে নিচা দূৰ কৰাৰ ক্ষেত্ৰত সমাজৰ সহযোগিতা, যোগাসন, ধ্যান, আৰু আধুনিক পুনৰ্বাসন কেন্দ্ৰৰ ফলপ্ৰসূতাৰ বিষয়ত আলোকপাত কৰে। সামাজিক প্ৰতিপত্তিনষ্ট হোৱাৰ উদ্বেগতকৈ পৰিয়ালসমূহক নিচা আসক্তসকলৰ চিকিৎসাৰ বিষয়ত অগ্ৰাধিকাৰ দিবলৈ আহ্বান জনাই তেওঁ যুৱক-যুৱতীসকলক নিচাৰ ফান্দত পৰাৰ পৰা ৰক্ষা কৰিবলৈ মুকলিকৈ ঘৰুৱা যোগাযোগৰ সংস্কৃতি গঢ় দিয়াৰ পোষকতা কৰে। শ্ৰী মোদীয়ে দৃঢ়তাৰে কয় যে যদি কোনো যুৱক-যুৱতী ভুলতে নিচাৰ ফান্দত পৰিছে, তেন্তে ইয়াৰ অৰ্থ এয়া নহয় যে তেওঁলোকৰ সকলো পথ স্থায়ীভাৱে বন্ধ হৈ পৰিছে।
শৈক্ষিক পেছাদাৰীসকলৰ প্ৰতি এক নিৰ্দিষ্ট আবেদন জনাই প্ৰধানমন্ত্ৰীয়ে মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ অধ্যাপকসকলক ড্ৰাগছৰ বিপদ সম্পৰ্কীয় আলোচনাক তেওঁলোকৰ নিয়মীয়া পাঠ্যক্ৰমত সক্ৰিয়ভাৱে সংযুক্ত কৰি নিজৰ শৈক্ষিক প্ৰতিষ্ঠানৰ চৌহদত নিচা বিৰোধী আন্দোলন আৰম্ভ কৰিবলৈ আহ্বান জনায়। নিচাৰ পৰা সুস্থ হৈ উঠাসকলৰ বিষয়ত গুৰুত্ব আৰোপ কৰি তেওঁ এই ব্যক্তিসকলৰ প্ৰতি সমাজৰ সন্মান আৰু তেওঁলোকক দ্বিতীয় সুযোগ প্ৰদানৰ আহ্বান জনায়। তেওঁ লগতে কয় যে যাতে তেওঁলোকৰ অতীতৰ সৈতে জড়িত কলংকক সম্পূৰ্ণৰূপে পাহৰি যোৱা হয়। শ্ৰী মোদীয়ে মন্তব্য কৰে যে নিচাৰ বিৰুদ্ধে যুঁজি ওলাই অহা যুৱক-যুৱতীসকল দুৰ্বল নহয়; তেওঁলোক প্ৰকৃত যোদ্ধা যাৰ অবিশ্বাস্য সাহসেই তেওঁলোকৰ প্ৰকৃত পৰিচয়।
ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰীয়ে যুৱক-যুৱতীসকলক আশ্বাস দিয়ে যে এই গুৰুত্বপূৰ্ণ যুদ্ধত চৰকাৰে তেওঁলোকৰ কাষত দৃঢ়তাৰে থিয় দিছে। নৱ প্ৰজন্মৰ দৃঢ় স্থিতিৰ বিষয়ত অদম্য বিশ্বাস প্ৰকাশ কৰি তেওঁ এই ৰাষ্ট্ৰীয় পদক্ষেপে এক অতি সফল ফলাফল দিব বুলি ভৱিষ্যদ্বাণী কৰে। শ্ৰী মোদীয়ে দৃঢ়তাৰে কয়- আমাৰ যুৱক-যুৱতীসকলে নিচাৰ পৰা মুক্ত হৈ নিজৰ শক্তিক ৰক্ষা কৰিব আৰু বিকশিত ভাৰতৰ সংকল্পসমূহ আগুৱাই নিব বুলি মই নিশ্চিত।
***
Pawan Singh Faujdar/DM
(रिलीज़ आईडी: 2293739)
आगंतुक पटल : 19