প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে ‘বিকশিত ভাৰত সংকল্প অভিযানৰ বাবে নিচামুক্ত যুৱ’ মুকলি অনুষ্ঠানত দিয়া ভাষণৰ কিছু অংশ শ্বেয়াৰ কৰিলে প্ৰধানমন্ত্ৰীয়ে

प्रविष्टि तिथि: 02 AUG 2026 8:41PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে ‘বিকশিত ভাৰত সংকল্প অভিযানৰ বাবে নিচামুক্ত যুৱ’ মুকলি অনুষ্ঠানত আগবঢ়োৱা ভাষণৰ কিছু অংশ শ্বেয়াৰ কৰিছে।

X-ৰ এলানি পোষ্টত শ্ৰী মোদীয়ে কয়;

“কাশীৰ পবিত্ৰ ভূমিৰ পৰা গঢ় লৈ উঠা জনকল্যাণমূলক চিন্তাধাৰা এতিয়া এক ৰাষ্ট্ৰীয় প্ৰকল্পলৈ ৰূপান্তৰিত হৈছে। মোৰ পূৰ্ণ বিশ্বাস যে 'নিচামুক্ত যুৱ-বিকশিত ভাৰত সংকল্প অভিযান'-এ সামূহিক শক্তিৰে প্ৰতিজন যুৱক-যুৱতীৰ মন স্পৰ্শ কৰিব।”

“ড্ৰাগছে কিছু সময়ৰ বাবে ‘উচ্চ’ অনুভৱ কৰায়, কিন্তু কেৰিয়াৰ আৰু পৰিয়ালৰ জীৱন ‘নিম্ন’ কৰি দিয়ে। সেয়েহে, নিচামুক্ত হৈ আমাৰ যুৱ প্ৰজন্মই নিজৰ সামৰ্থ্যক সুৰক্ষিত কৰিব লাগিব!”

“নিচামুক্তিৰ দিশত সমগ্ৰ দেশৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহৰ আমাৰ অধ্যাপকসকললৈ মোৰ এই বিশেষ আহ্বান...”

****

MJPS/SS/ST/DB


(रिलीज़ आईडी: 2293599) आगंतुक पटल : 8
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Telugu , English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Malayalam