প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
আমি প্ৰতিগৰাকী যুৱক-যুৱতীক আসক্তি বা নিচাগ্ৰস্ত হোৱাৰ পৰা ৰক্ষা কৰিবই লাগিবঃ প্ৰধানমন্ত্ৰী
সমাজৰ সমৰ্থন, যোগ আৰু ধ্যানৰ শক্তিয়ে নিচাৰ বিৰুদ্ধে আমাৰ অন্তৰাত্মাক শক্তি প্ৰদান কৰে। আজি আমাৰ ওচৰত নিচামুক্তিৰ বাবে পুনৰ্সংস্থাপন কেন্দ্ৰৰ দৰে সুবিধাও আছেঃ প্ৰধানমন্ত্ৰী
যদি কোনো যুৱক ভুলবশতঃ নিচাৰ ফান্দত পৰিছে, তাৰ মানে এইটো নহয় যে তেওঁলোকৰ বাবে সকলো পথ চিৰদিনৰ বাবে বন্ধ হৈ গৈছেঃ প্ৰধানমন্ত্ৰী
আমি সদায় মনত ৰখা উচিত ঘৰৰ কোনো সন্তান যদি নিচাৰ চিকাৰ হয়, সামাজিক প্ৰতিষ্ঠা বা সন্মান হেৰুওৱাৰ ভয়ত তাক লুকুৱাই নাৰাখিব। যাৰ প্ৰয়োজন তেওঁৰ সহায় লওক; চিকিৎসাৰ সহায়ত আপোনাৰ সন্তানক নিচামুক্ত কৰিবলৈ চেষ্টা কৰকঃ প্ৰধানমন্ত্ৰী
পৰিয়ালত সন্তানৰ সৈতে খোলাখুলিকৈ কথা পতাৰ এটা সংস্কৃতি গঢ়ি তোলা উচিত, যাতে তেওঁলোক এনে অন্ধকাৰত পৰাৰ আগতেই আপুনি তেওঁলোকৰ হাত ধৰিব পাৰেঃ প্ৰধানমন্ত্ৰী
মই মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ অধ্যাপকসকললৈও এক আহ্বান জনাব বিচাৰোঁ; নিয়মীয়া পাঠদানৰ সমান্তৰালভাৱে শিক্ষাৰ্থীসকলৰ সৈতে নিচাজাতীয় দ্ৰব্য ব্যৱহাৰৰ ভয়াবহতা সম্পৰ্কে আলোচনা কৰক, আপোনালোকৰ চৌহদত নিচামুক্তিৰ বিৰুদ্ধে এক আন্দোলনৰ নেতৃত্ব লওক। আপোনালোকৰ প্ৰচেষ্টাই উল্লেখনীয় ফলাফল দিব পাৰেঃ প্ৰধানমন্ত্ৰী
प्रविष्टि तिथि:
02 AUG 2026 1:48PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘বিকশিত ভাৰতৰ বাবে নিচামুক্ত যুৱ সংকল্প অভিযান’ৰ শুভাৰম্ভ কৰে। এক বৃহৎ দেশজোৰা ভিডিঅ’ কনফাৰেঞ্চিং যোগে ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে ২৮,০০০তকৈও অধিক স্থানৰ পৰা সম্প্ৰচাৰিত এক কোটিৰো অধিক যুৱক-যুৱতীসহ উপস্থিতি ৰাইজক আনুষ্ঠানিকভাৱে সম্ভাষণ জনায়। এই মুহূৰ্তটোৰ গুৰুত্ব প্ৰকাশ কৰি তেওঁ এই সমাৱেশক এক গভীৰ ৰাষ্ট্ৰীয় সংকল্প বুলি অভিহিত কৰে।
“আজি আমি সকলো দেশবাসী এক মহান আৰু গুৰুত্বপূৰ্ণ সংকল্পৰ বাবে একত্ৰিত হৈছোঁ,” শ্ৰী মোদীয়ে উল্লেখ কৰে।
এই পদক্ষেপৰ ব্যাপকতাৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই অভিযানে কেৱল ব্যক্তিগত স্বাস্থ্য সুৰক্ষিত কৰাই নহয়, সমান্তৰালভাৱে পৰিয়াল, সমাজ আৰু সমগ্ৰ দেশৰ বৃহত্তৰ স্বাৰ্থত কাম কৰিব। 'বিকশিত ভাৰতৰ বাবে নিচামুক্ত যুৱ সংকল্প অভিযান'ৰ মূল উদ্দেশ্য দাঙি ধৰি তেওঁ জোৰ দি কয় যে ‘বিকশিত ভাৰত’ৰ সপোন বাস্তৱায়িত কৰিবলৈ শাৰীৰিকভাৱে সুস্থ, মানসিকভাৱে শক্তিশালী আৰু ধ্বংসাত্মক অভ্যাসৰ পৰা সম্পূৰ্ণ মুক্ত এচাম আত্মবিশ্বাসী যুৱ প্ৰজন্মৰ অতিকে প্ৰয়োজন। “আজি যেতিয়া দেশে ‘বিকশিত ভাৰত’ৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে, তেতিয়া দেশৰ যুৱ প্ৰজন্ম শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হৈ থকাটো, আত্মবিশ্বাসেৰে ভৰি থকাটো আৰু নিচাজাতীয় দ্ৰব্যৰ দৰে ধ্বংসাত্মক অভ্যাসৰ পৰা চিৰদিনৰ বাবে আঁতৰি থকাটো অতিকে জৰুৰী,” শ্ৰী মোদীয়ে দৃঢ়তাৰে কয়।
এই অভিযানৰ আৰম্ভণিৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে গভীৰ সন্তোষ প্ৰকাশ কৰে যে এই পদক্ষেপ যোৱা বছৰ পবিত্ৰ কাশী ধামৰ পৰা এক পাইলট প্ৰজেক্ট হিচাপে আৰম্ভ কৰা হৈছিল। বৈজ্ঞানিক দৃষ্টিভংগী, আধ্যাত্মিক শক্তি আৰু সাংস্কৃতিক সমৰ্পণেৰে চালিত এই আন্দোলনে লাভ কৰা ব্যাপক সম্প্ৰসাৰণৰ কথা উল্লেখ কৰি তেওঁ কয়, “কাশী ঘোষণাৰ অধীনত ১২৫টাতকৈও অধিক আধ্যাত্মিক সংগঠন আৰু বহু বেচৰকাৰী সংগঠনৰ সমৰ্থনত কল্যাণকামী ধাৰণাটোৱে এতিয়া সফলতাৰে এক ৰাষ্ট্ৰীয় প্ৰকল্পৰ ৰূপ লৈছে।”
নিচাবিৰোধী শপত গ্ৰহণ কৰা লাখ লাখ যুৱক-যুৱতীক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে নিজকে নিচামুক্ত ৰখাৰ লগতে নিজৰ বিদ্যালয়, মহাবিদ্যালয় আৰু সমাজত নিচামুক্ত জীৱনৰ বাৰ্তা বিয়পাই দিয়াৰ অংগীকাৰক আদৰণি জানায়। অভিযানৰ ১০০ সপ্তাহৰ বিশেষ পথনক্সা দাঙি ধৰি তেওঁ কয় যে অহা প্ৰতিটো দেওবাৰে কলা, সংস্কৃতি, ক্ৰীড়া আৰু ধ্যান সম্পৰ্কীয় কাৰ্যসূচীৰে নতুন প্ৰজন্মক কাৰ্যক্ষম কৰি ৰখা হ’ব। “আহিবলগীয়া ১০০টা দেওবাৰ সম্পূৰ্ণ নিচামুক্ত ভাৰত গঠনৰ দিশত ১০০টা শক্তিশালী পদক্ষেপ হৈ পৰিব,” শ্ৰী মোদীয়ে নিশ্চিত কৰি কয়।
অনলাইনত যুক্ত হোৱা শিক্ষাৰ্থী, এনএছএছ সদস্য আৰু 'মাই ভাৰত'ৰ স্বেচ্ছাসেৱকসকলক উদ্দেশ্যি প্ৰধানমন্ত্ৰীয়ে দেশৰ যুৱ শক্তিয়ে দেখুওৱা সচেতনতা আৰু গুৰুত্বপূৰ্ণ নিষ্ঠাক লৈ গৌৰৱ প্ৰকাশ কৰে। যুৱ প্ৰজন্মক ভাৰতৰ 'অমৃত প্ৰজন্ম' হিচাপে অভিহিত কৰি তেওঁ সোঁৱৰাই দিয়ে যে ২০৪৭ চনৰ উন্নয়নমূলক লক্ষ্যৰ দিশত দেশক আগুৱাই নিবলৈ তেওঁলোকৰ শক্তি, কল্পনা আৰু প্ৰতিভা অপৰিহাৰ্য। “দেশৰ ভৱিষ্যতৰ বাবে আৰু আপোনালোকৰ নিজৰ জীৱনৰ বাবে নিজকে নিচামুক্ত কৰি ৰখাটো অতিকে প্ৰয়োজনীয়,” শ্ৰী মোদীয়ে উল্লেখ কৰে।
ষ্টাৰ্টআপ, কৃত্ৰিম বুদ্ধিমত্তা, ক্ৰীড়া আৰু মহাকাশ গৱেষণাত আজিৰ যুৱক-যুৱতীৰ সফলতাৰ বিপৰীতে মাদকদ্ৰৱ্যৰ ভয়াৱহতাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে সকীয়াই দিয়ে যে নিচাই কেনেকৈ লক্ষ্যভ্ৰষ্ট কৰে আৰু সপোন ধ্বংস কৰে। পৰিয়ালৰ ওপৰত পৰা ইয়াৰ কুপ্ৰভাৱৰ কথা স্পষ্ট কৰি তেওঁ কয়, “যেতিয়া কোনো পৰিয়াল বা সমাজত এনে ধ্বংসলীলাৰ সূচনা হয়, তেতিয়া সমগ্ৰ দেশৰ মূল শক্তিও দুৰ্বল হৈ পৰে।”
নিচাজাতীয় দ্ৰব্যৰ বিপদেৰে ভৰা স্বভাৱ সম্পৰ্কে যুৱক-যুৱতীক সতৰ্ক কৰি দি প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়াৰ সাময়িক মিছা সুখে কেৰিয়াৰ আৰু পৰিয়ালৰ জীৱন চিৰদিনৰ বাবে ধ্বংস কৰে। শ্ৰী গুৰু গ্ৰন্থ চাহেবৰ শিক্ষা আৰু ভাৰতীয় সংস্কৃতিৰ কথা উল্লেখ কৰি তেওঁ কয়, “আমি কোনো পৰিস্থিতিতে নিচাগ্ৰস্ততাক কোনো ধৰণৰ সামাজিক স্বীকৃতি দিয়া উচিত নহয়।”
আৰোগ্যৰ বাবে উপলব্ধ সহায়ক ব্যৱস্থাসমূহৰ বিষয়ে বুজাই দি প্ৰধানমন্ত্ৰীয়ে কয় যে সামাজিক সহযোগিতা, যোগ, ধ্যান আৰু আধুনিক পুনৰ সংস্থাপন কেন্দ্ৰসমূহ নিচামুক্তিৰ বাবে অতি ফলপ্ৰসূ। সামাজিক মৰ্যাদাৰ চিন্তাতকৈ চিকিৎসাক অগ্ৰাধিকাৰ দিবলৈ পৰিয়ালসমূহক আহ্বান জনাই তেওঁ ঘৰুৱা পৰিৱেশত মুকলি কথা-বাৰ্তাৰ সংস্কৃতি গঢ়ি তোলাৰ পৰামৰ্শ দিয়ে। “যদি কোনো যুৱক ভুলবশতঃ নিচাৰ ফান্দত পৰিও গৈছে, তাৰ মানে এইটো নহয় যে তেওঁলোকৰ বাবে সকলো পথ চিৰদিনৰ বাবে বন্ধ হৈ গৈছে,” শ্ৰী মোদীয়ে বিশ্বাস প্ৰকাশ কৰে।
শিক্ষাবিদসকললৈ বিশেষ আহ্বান জনাই প্ৰধানমন্ত্ৰীয়ে মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ অধ্যাপকসকলক তেওঁলোকৰ পাঠ্যক্ৰমৰ সৈতে নিচাজাতীয় দ্ৰব্যৰ বিপদ সম্পৰ্কে আলোচনা অন্তৰ্ভুক্ত কৰিবলৈ আৰু চৌহদসমূহত নিচাবিৰোধী অভিযান চলাবলৈ অনুৰোধ জনায়। ইফালে, নিচামুক্ত হৈ ঘূৰি অহা লোকসকলক সমাজত সন্মান আৰু দ্বিতীয় সুযোগ দিয়াৰ আহ্বান জনাই তেওঁ কয়, “যিসকল যুৱকে নিচাৰ বিৰুদ্ধে যুঁজি ওলাই আহিছে, তেওঁলোক দুৰ্বল নহয়; তেওঁলোক প্ৰকৃত যোদ্ধা, যাৰ অসাধাৰণ সাহসেই তেওঁলোকৰ প্ৰকৃত চিনাকি।”
ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰীয়ে যুৱক-যুৱতীসকলক আশ্বাস দিয়ে যে চৰকাৰ এই যুঁজত তেওঁলোকৰ সৈতে দৃঢ়ভাৱে থিয় দিছে। ড্ৰাগছ সৰবৰাহকাৰী আৰু ব্যৱসায়ীসকলৰ বিৰুদ্ধে চৰকাৰে অভূতপূৰ্ব অভিযান চলাই হাজাৰ হাজাৰ কোটি টকাৰ ড্ৰাগছ জব্দ কৰাৰ লগতে গ্ৰেপ্তাৰৰ হাৰ বৃদ্ধি কৰা বুলি তেওঁ উল্লেখ কৰে। যুৱ প্ৰজন্মৰ দৃঢ়তাৰ ওপৰত অগাধ বিশ্বাস প্ৰকাশ কৰি তেওঁ কয়, “মই নিশ্চিত যে আমাৰ যুৱ শক্তিয়ে নিজকে নিচামুক্ত ৰাখি নিজৰ শক্তিক সুৰক্ষিত কৰিব আৰু ‘বিকশিত ভাৰত’ৰ সংকল্পসমূহক আগুৱাই লৈ যাব।”
***
MJPS/SS/PRK/DB
(रिलीज़ आईडी: 2293412)
आगंतुक पटल : 13