প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

মহিলাৰ ৬০ কেজি বক্সিং প্ৰতিযোগিতাত স্বৰ্ণ পদক জয়ৰ বাবে প্ৰিয়া ঘাংগাছক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 02 AUG 2026 12:56AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গ্লাছগো কমনৱেলথ গেমছ, ২০২৬ৰ মহিলাৰ ৬০ কেজি বক্সিং প্ৰতিযোগিতাত স্বৰ্ণ পদক অৰ্জন কৰাৰ বাবে প্ৰিয়া ঘাংগাছক অভিনন্দন জনায়।

প্ৰধানমন্ত্ৰীয়ে কয় যে এই বিজয়ে প্ৰিয়া ঘাংগাছৰ ব্যতিক্ৰমী দক্ষতা আৰু মানসিক শক্তিকে প্ৰতিফলিত কৰিছে।

শ্ৰী মোদীয়ে তেওঁৰ ভৱিষ্যতৰ যাত্ৰাৰ বাবে শুভকামনা জনায়।

'X' ৰ এটা পোষ্টত শ্ৰী মোদীয়ে লিখিছে;

“মহিলাৰ ৬০ কেজি বক্সিং প্ৰতিযোগিতাত প্ৰিয়া ঘাংগাছে এক গৌৰৱোজ্জ্বল স্বৰ্ণ পদক কঢ়িয়াই আনিছে! এই বিজয়ে তেওঁৰ অসাধাৰণ দক্ষতা আৰু মানসিক শক্তিক প্ৰতিফলিত কৰিছে। তেওঁলৈ বহুত বহুত অভিনন্দন। তেওঁৰ আগন্তুক দিনবোৰৰ বাবে মোৰ শুভকামনা জনালোঁ।”


#CWG2026”

 



***************


MJPS/SS/ST/DB


(रिलीज़ आईडी: 2293381) आगंतुक पटल : 4
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Gujarati , Tamil , Telugu , Kannada , Malayalam