প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
মহীশূৰত ‘স্বামী বিবেকানন্দ সাংস্কৃতিক যুৱ কেন্দ্ৰ-বিবেক স্মাৰক’ৰ উদ্বোধনী অনুষ্ঠানত আগবঢ়োৱা ভাষণৰ কিছু মুহূৰ্ত শ্বেয়াৰ কৰিলে প্ৰধানমন্ত্ৰীয়ে
प्रविष्टि तिथि:
02 AUG 2026 12:38AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কৰ্ণাটকৰ মহীশূৰত ‘স্বামী বিবেকানন্দ সাংস্কৃতিক যুৱ কেন্দ্ৰ-বিবেক স্মাৰক’ৰ উদ্বোধনী অনুষ্ঠানত আগবঢ়োৱা ভাষণৰ কেইটামান বিশেষ মুহূৰ্ত শ্বেয়াৰ কৰে।
‘X’ৰ এলানি পোষ্টত শ্ৰী মোদীয়ে কয়;
“স্বামী বিবেকানন্দৰ জীৱনত মহীশূৰে এক গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰিছিল।
মই নিশ্চিত যে এই ‘বিবেক স্মাৰক’ এখন উন্নত সমাজ গঠনৰ বাবে যুৱক-যুৱতীসকলক অৰিহণা যোগাবলৈ অনুপ্ৰাণিত কৰা এক সজীৱ কেন্দ্ৰ হৈ পৰিব।”
“আমাৰ যুৱ প্ৰজন্মৰ শক্তিৰে বলীয়ান হৈ ভাৰতে বিভিন্ন খণ্ডত ক্ষিপ্ৰ গতিৰে অগ্ৰগতি লাভ কৰিছে। আমাৰ যুৱসকলৰ এই শক্তিয়েই হৈছে ‘আত্মনিৰ্ভৰ ভাৰত’ আৰু ‘মেক ইন ইণ্ডিয়া’ৰ দৰে পদক্ষেপসমূহৰ সফলতাৰ মূল চালিকা শক্তি।”
“মই আনন্দিত যে ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে একবিংশ শতিকাৰ প্ৰয়োজনীয়তা আৰু আকাংক্ষাসমূহ পূৰণ কৰিব পৰাকৈ আমাৰ দেশৰ যুৱ প্ৰজন্মক সাজু কৰি তুলিছে।”
“এক বিশেষ আহ্বান…”
*********
MJPS/SS/ST/DB
(रिलीज़ आईडी: 2293365)
आगंतुक पटल : 4