প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ছহিদ উধম সিঙৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি প্ৰধানমন্ত্ৰীৰ সংস্কৃত সুভাশিতম শ্বেয়াৰ
পোষ্ট কৰা হৈছে:
31 JUL 2026 9:12AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহান বিপ্লৱী ছহিদ উধম সিঙক বলিদান দিৱসত আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ কয় যে উধম সিঙৰ সাহস আৰু বীৰত্বৰ কাহিনীয়ে দেশৰ প্ৰতিটো প্ৰজন্মক মাতৃভূমিৰ মান আৰু আত্মসন্মান বৰ্তাই ৰাখিবলৈ অনুপ্ৰাণিত কৰি থাকিব।
প্ৰধানমন্ত্ৰীয়ে এটা সংস্কৃত সুভাশিতম শ্বেয়াৰ কৰে-
“न जातु शौर्यं पुरुषस्य भानुरस्तं गतो भवति कदापि शश्वत्।
यथा पुनस्तपति दिवाकरोऽयं तथा पुनर्विक्रमते स वीरः॥”
সুভাশিতমত এইবুলি কোৱা হৈছে যে বীৰত্বৰ সূৰ্য কেতিয়াও স্থায়ীভাৱে অস্ত নাযায়। ঠিক যেনেকৈ সূৰ্য উদয় হয় আৰু পুনৰ উজ্জ্বলভাৱে জিলিকি উঠে, ঠিক তেনেদৰেই এগৰাকী সাহসী ব্যক্তিয়ে নিজৰ বীৰত্বৰে প্ৰতিটো প্ৰতিকূল পৰিস্থিতিতত জয়লাভ কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্সত লিখিছে;
‘মহান বিপ্লৱী ছহিদ উধম সিঙক বলিদান দিৱসত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। সাহস আৰু দৃঢ়তাৰে পৰিপূৰ্ণ তেওঁৰ জীৱন কাহিনীয়ে দেশৰ প্ৰতিটো প্ৰজন্মক মাতৃভূমিৰ আত্মসন্মান ৰক্ষা কৰিবলৈ অনুপ্ৰাণিত কৰি থাকিব।
न जातु शौर्यं पुरुषस्य भानुरस्तं गतो भवति कदापि शश्वत्।
यथा पुनस्तपति दिवाकरोऽयं तथा पुनर्विक्रमते स वीरः॥’
******
MJPS/SS/ST/NB
(ৰিলিজ আই ডি : 2292212)
অতিথি কক্ষ : 40
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam