গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

এনএফআইইএছলৈ পূঁজি আবণ্টন

प्रविष्टि तिथि: 28 JUL 2026 3:26PM by PIB Guwahati

ভাৰত চৰকাৰে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ পৰা ২০২৮-২৯ চনলৈকে মুঠ ২২৫৪.৪৩ কোটি টকা বিত্তীয় ব্যয়ৰে ৰাষ্ট্ৰীয় ফৰেনছিক আন্তঃগাঁথনি বৃদ্ধি আঁচনি (এনএফআইইএছ)ত অনুমোদন জনাইছে। এই আঁচনিৰ অধীনত ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয় (এন এফ এছ ইউ)ৰ ৯টা কেম্পাছ স্থাপনৰ বাবে ১৩০৯.১৩ কোটি আৰু ০৭টা কেন্দ্ৰীয় ফৰেনছিক বিজ্ঞান পৰীক্ষাগাৰ (চি এফ এছ এল) স্থাপনৰ বাবে ৮৬০.৩ কোটি টকা আবণ্টন দিয়া হৈছে। এন এফ এছ ইউ কেম্পাছ আৰু চি এফ এছ এলৰ বাবে আঁচনিৰ অধীনত ১১৯.০৯ কোটি টকাৰ ধন মুকলি কৰি ব্যৱহাৰ কৰা হৈছে। চিনাক্তকৃত স্থানত ফৰেনছিক আন্তঃগাঁথনি সৃষ্টি আৰু শক্তিশালী কৰাৰ বাবে এই আঁচনিখন কেন্দ্ৰীয়ভাৱে ৰূপায়ণ কৰা হৈছে।

এই আঁচনিৰ অধীনত নাগপুৰ (মহাৰাষ্ট্ৰ), ৰায়পুৰ (চত্তীশগড়), খোৰ্ধা (ওড়িশা), চেংগালপট্টু (তামিলনাডু), ৰাজস্থান, বিহাৰ, উত্তৰ প্ৰদেশ, অন্ধ্ৰপ্ৰদেশ, আৰু পশ্চিম বংগত ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয়ৰ ০৯টা কেম্পাছ স্থাপনৰ অনুমোদন লাভ কৰিছে। ইয়াৰ উপৰিও ৰায়পুৰ (ছত্তীশগড়), খোৰ্ধা (ওড়িশা), চেংগালপট্টু (তামিলনাডু), ৰাজস্থান, বিহাৰ, উত্তৰ প্ৰদেশ, আৰু কেৰালাতো ০৭টা কেন্দ্ৰীয় ফৰেনছিক বিজ্ঞান পৰীক্ষাগাৰ (চিএফএছএল) স্থাপনৰ অনুমোদন লাভ কৰা হৈছে। ছত্তীশগড়, ওড়িশা, ৰাজস্থান, তামিলনাডু, উত্তৰ প্ৰদেশ, আৰু বিহাৰৰ ০৬টা চিএফএছএল এনএফএছইউ কেম্পাছৰ সৈতে সহ-অৱস্থিত হ’ব। এতিয়ালৈকে এন এফ এছ ইউ কেম্পাছ / চি এফ এছ এলৰ বাবে নাগপুৰ (মহাৰাষ্ট্ৰ), ৰায়পুৰ (চত্তীশগড়), খোৰ্ধা (উড়িশা), চেংগালপট্টু (তামিলনাডু) আৰু বাৰাণসী (উত্তৰ প্ৰদেশ)ত মাটি আবণ্টন দিয়া হৈছে।বৰ্তমান এন এফ এছ ইউৰ চৌহদসমূহ নাগপুৰ (মহাৰাষ্ট্ৰ), ৰায়পুৰ (চত্তীশগড়), খোৰ্ধা (ওড়িশা), চেংগালপট্টু (তামিলনাডু), আৰু জয়পুৰ (ৰাজস্থান)ত আবণ্টিত ট্ৰেনজিট বিল্ডিঙৰ পৰা কাৰ্যক্ষম হৈ আছে। অন্ধ্ৰ প্ৰদেশত চি এফ এছ এল স্থাপনৰ কোনো প্ৰস্তাৱ নাই।এই কথা কয় গৃহ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰীযুত বন্দি সঞ্জয় কুমাৰে লোকসভাত এক প্ৰশ্নৰ লিখিত উত্তৰত উল্লেখ কৰে।

*****

RK/PR/PS/SC/DM


(रिलीज़ आईडी: 2291533) आगंतुक पटल : 9
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Telugu