গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

লোকসভাত ‘ৰাজহুৱা পৰীক্ষা (অসাধু উপায় প্ৰতিৰোধ) সংশোধনী বিধেয়ক, ২০২৬’ গৃহীত হোৱাত ছাত্ৰ-ছাত্ৰীসকলক শুভেচ্ছা কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ

বিধেয়কখনে অতি কঠোৰ ব্যৱস্থা প্ৰণয়ন কৰি আমাৰ যুৱ প্ৰজন্মৰ স্বপ্ন আৰু আকাংক্ষাক সুৰক্ষা প্ৰদান কৰিছে

ৰাজহুৱা পৰীক্ষাৰ পৱিত্ৰতা ভংগ কৰিবলৈ সাহস কৰাসকলক ই অতি কঠোৰ শাস্তিৰ ব্যৱস্থা কৰিছে

আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যত বিপন্ন কৰিবলৈ চেষ্টা কৰা কোনো এজনক মোদী চৰকাৰে ৰেহাই নিদিয়ে; তেওঁলোক যাতে আইনৰ কঠোৰতম শাস্তিৰ মুখামুখি হয়, তাৰ বাবে চৰকাৰে কোনোধৰণৰ ত্ৰুটি বাকী নাৰাখে

प्रविष्टि तिथि: 29 JUL 2026 6:00PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি লোকসভাত ‘ৰাজহুৱা পৰীক্ষা (অসাধু উপায় প্ৰতিৰোধ) সংশোধনী বিধেয়ক, ২০২৬’ গৃহীত হোৱাৰ বাবে ভাৰতৰ প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীক শুভেচ্ছা জ্ঞাপন কৰে।

এক্সৰ এটা পোষ্টত শ্ৰী অমিত শ্বাহে কয়, "আজি লোকসভাত ‘ৰাজহুৱা পৰীক্ষা (অসাধু উপায় প্ৰতিৰোধ) সংশোধনী বিধেয়ক, ২০২৬’ গৃহীত হোৱাৰ বাবে ভাৰতৰ প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীক অভিনন্দন জনাইছোঁ। ৰাজহুৱা পৰীক্ষাৰ পৱিত্ৰতা ভংগ কৰিবলৈ সাহস কৰাসকলৰ ওপৰত অতি কঠোৰ শাস্তি আৰোপ কৰাৰ লগতে অতি শক্তিশালী ব্যৱস্থা প্ৰণয়ন কৰি এই বিধেয়কখনে আমাৰ যুৱপ্ৰজন্মৰ সপোন আৰু আকাংক্ষাক সুৰক্ষা প্ৰদান কৰিব। আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যত বিপন্ন কৰিবলৈ চেষ্টা কৰা কোনো এজন লোকক মোদী চৰকাৰে ৰেহাই নিদিয়ে আৰু তেওঁলোকে যাতে আইনৰ কঠোৰতম শাস্তিৰ মুখামুখি হয়, তাৰ বাবে চৰকাৰে কোনোধৰণৰ ত্ৰুটি বাকী নাৰাখে।"

***

RK/PR/PS/AG/DB


(रिलीज़ आईडी: 2291416) आगंतुक पटल : 5
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Gujarati , Tamil , Malayalam