ৰাষ্ট্ৰপতি সচিবালয়
azadi ka amrit mahotsav

ৰোমানিয়াত ভাৰতৰ ৰাষ্ট্ৰপতি; ৰোমানিয়াৰ ৰাষ্ট্ৰপতিৰ সৈতে দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত কৰাৰ লগতে প্ৰতিনিধি দল পৰ্যায়ৰ আলোচনাৰ নেতৃত্ব দিয়ে

ইউৰোপীয় সংঘৰ ভিতৰত ভাৰতৰ বাবে ৰোমানিয়া এক গুৰুত্বপূৰ্ণ অংশীদাৰ; ভাৰত–ইউৰোপীয় ইউনিয়নৰ মুক্ত বাণিজ্য চুক্তিয়ে আমাৰ উদ্যোগ তথা দক্ষ পেছাদাৰীসকলৰ বাবে অভূতপূৰ্ব সুযোগ মুকলি কৰিব: ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু

পোষ্ট কৰা হৈছে: 23 JUL 2026 11:25PM by PIB Guwahati

মলদোভা, উত্তৰ মেচিডোনিয়া আৰু ৰোমানিয়াত চৰকাৰী ভ্ৰমণৰ অন্তিম পৰ্যায়ত আজি (২৩ জুলাই, ২০২৬) ৰোমানিয়াৰ বুখাৰেষ্টত উপস্থিত হয় ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে। বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে তেওঁক উষ্ম আদৰণি জনায় ৰোমানিয়াৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী  অৱানা চিলভিয়া টৌউৱে।

প্ৰায় তিনি দশকৰ মূৰত  ভাৰতীয় ৰাষ্ট্ৰপতিয়ে ৰোমানিয়ালৈ কৰা এয়া প্ৰথম চৰকাৰী  ভ্ৰমণ। গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ ৰাজ্যিক মন্ত্ৰী শ্ৰীমতী নিমুবেন জয়ন্তীভাই বাম্ভানিয়া, আৰু সংসদ সদস্য ড° দীনেশ শৰ্মা আৰু শ্ৰী বিজয় বাঘেলে এই ভ্ৰমণত ৰাষ্ট্ৰপতিৰ সৈতে গৈছে।

ৰাষ্ট্ৰপতিগৰাকীয়ে ৰোমানিয়াৰ ৰাষ্ট্ৰপতিৰ চৰকাৰী বাসগৃহ তথা কাৰ্যালয় কট্ৰ’চেনি পেলেচ পৰিদৰ্শন কৰে। তেওঁক উষ্ম আদৰণি জনায় ৰোমানিয়া ৰিপাব্লিকৰ ৰাষ্ট্ৰপতি মহামহিম নিকুছৰ ডেনে।লগতে তেওঁক গাৰ্ড অৱ অনাৰো প্ৰদৰ্শন কৰা হয়।  প্ৰতিনিধি পৰ্যায়ৰ আলোচনাৰ সময়ত দুয়োগৰাকী নেতাই ভাৰত-ৰোমানিয়া দ্বিপাক্ষিক অংশীদাৰিত্বৰ সকলো দিশ সামৰি ইতিবাচক দৃষ্টিভংগীৰে আলোচনা কৰে। দুয়োখন দেশৰ বাবে অগ্ৰাধিকাৰৰ ক্ষেত্ৰত সহযোগিতা আৰু অধিক গভীৰ কৰাৰ বাবে তেওঁলোকে সন্মতি প্ৰকাশ কৰে।

ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ভাৰত আৰু ৰোমানিয়াই সাত দশকৰো অধিক সময় ধৰি এক উষ্ণ তথা  চিৰস্থায়ী বন্ধুত্বৰ অংশীদাৰ হৈ আহিছে, যিটো পাৰস্পৰিক বিশ্বাস, সন্মান আৰু জনসাধাৰণৰ মাজত শক্তিশালী সম্পৰ্কৰ ওপৰত প্ৰতিষ্ঠিত। বছৰ বছৰ ধৰি আমাৰ অংশীদাৰিত্ব ক্ৰমাগতভাৱে শক্তিশালী হৈ আহিছে আৰু এতিয়া অধিক উচ্চাকাংক্ষা, শক্তিশালী সহযোগিতা আৰু ভৱিষ্যতৰ বাবে ভাগ-বাটোৱাৰা কৰা  দৃষ্টিভংগীৰে পৰিচালিত  এক নতুন পৰ্যায়ত প্ৰৱেশ কৰিছে।

ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে অৰ্থনৈতিক সহযোগিতা ভাৰত-ৰোমানিয়া অংশীদাৰিত্বৰ এক গুৰুত্বপূৰ্ণ স্তম্ভ হৈয়েই আছে। দুয়োগৰাকী নেতাই বাণিজ্য আৰু বিনিয়োগক প্ৰসাৰিত কৰা, স্থিতিস্থাপক যোগান শৃংখল শক্তিশালী কৰা, আৰু আমাৰ দুয়োখন দেশৰ ব্যৱসায়িক সম্প্ৰদায়ৰ মাজত ঘনিষ্ঠ সহযোগিতাক উৎসাহিত কৰাত সন্মত হয়। অহা তিনি বছৰত আমাৰ দ্বিপাক্ষিক বাণিজ্য দুগুণ কৰাৰ দিশত কাম কৰিবলৈও তেওঁলোক সন্মত হয়৷ৰাষ্ট্ৰপতি মুৰ্মুৱে কয় যে ইউৰোপীয় সংঘৰ ভিতৰত ৰোমানিয়া ভাৰতৰ বাবে এক গুৰুত্বপূৰ্ণ অংশীদাৰ। ভাৰত–ইউৰোপীয় ইউনিয়নৰ মুক্ত বাণিজ্য চুক্তিয়ে দুয়োখন দেশৰ উদ্যোগ আৰু দক্ষ পেছাদাৰীসকলৰ বাবে অভূতপূৰ্ব সুযোগ মুকলি কৰিব বুলিও তেওঁ  উল্লেখ কৰে।

ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে শিক্ষা, সংস্কৃতি আৰু জনসাধাৰণৰ যোগাযোগ ভাৰত–ৰোমানিয়া সম্পৰ্কৰ ভেটি হৈয়েই আছে। আজি এই ক্ষেত্ৰসমূহৰ তিনিটা গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰিত হোৱাটো লক্ষ্য কৰি তেওঁ  সন্তুষ্টি প্ৰকাশ কৰে।

ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ভাৰত আৰু ৰোমানিয়াই বিজ্ঞান আৰু প্ৰযুক্তিৰ সহযোগিতা কাৰ্যসূচীৰ অধীনত যৌথ গৱেষণা আৰু উন্নয়ন সম্প্ৰসাৰণ কৰিব। ভাৰতীয় সাংস্কৃতিক সম্পৰ্ক পৰিষদৰ সহযোগত বুখাৰেষ্ট বিশ্ববিদ্যালয়ত ভাৰতীয় অধ্যয়নৰ অধ্যক্ষ প্ৰতিষ্ঠা কৰা হৈছে। ভাৰত চৰকাৰে ভাৰতীয় কাৰিকৰী আৰু অৰ্থনৈতিক সহযোগিতা (আই টি ই চি) কাৰ্যসূচীৰ অধীনত ৰোমানিয়াৰ বাবে প্ৰশিক্ষণৰ সুযোগ দুগুণ কৰাৰ সিদ্ধান্ত লৈছে।

ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ভাৰত আৰু ৰোমানিয়াই ২০২৮ চনত কূটনৈতিক সম্পৰ্ক স্থাপনৰ ৮০ বছৰীয়া জয়ন্তী উদযাপনৰ বাবে প্ৰস্তুতি চলোৱাৰ সময়তে দুয়োপক্ষই এই অনুষ্ঠানটোক “ভাৰত–ৰোমানিয়া উদ্ভাৱন বছৰ” হিচাপে স্মৰণ কৰিবলৈ সন্মত হৈছে।

দুয়োগৰাকী ৰাষ্ট্ৰপতিয়ে সংবাদ মাধ্যমৰ আগত বিবৃতি প্ৰকাশ কৰে। (ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ প্ৰেছ বিবৃতিৰ পাঠ সংলগ্ন কৰা হৈছে)।

কাইলৈ ​​(২৪ জুলাই, ২০২৬) ৰাষ্ট্ৰপতিয়ে ভাৰত-ৰোমানিয়া ব্যৱসায়িক মঞ্চত ভাষণ দি ৰোমানিয়াৰ সংসদ আৰু বুচাৰেষ্ট অৰ্থনৈতিক অধ্যয়ন বিশ্ববিদ্যালয় ভ্ৰমণ কৰিব।

*****

MJPS/SS/PRK/DM


(ৰিলিজ আই ডি : 2289534) অতিথি কক্ষ : 25
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Bengali , Punjabi , Telugu , Malayalam