সাংস্কৃতিক মন্ত্ৰালয়
ইউনেস্কোৰ বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত “সাৰনাথৰ প্ৰাচীন বৌদ্ধ স্থান”
प्रविष्टि तिथि:
25 JUL 2026 6:04PM by PIB Guwahati
দক্ষিণ কোৰিয়াৰ বুছানত অনুষ্ঠিত বিশ্ব ঐতিহ্য সমিতিৰ ৪৮তম অধিৱেশনত এক ঐতিহাসিক সিদ্ধান্ত মৰ্মে, ২০২৫-২৬ বৰ্ষৰ বাবে ভাৰতৰ আনুষ্ঠানিক মনোনয়ন “সাৰনাথৰ প্ৰাচীন বৌদ্ধ স্থান” ইউনেস্কোৰ বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ লগে লগে এই স্বীকৃতি লাভ কৰা সাৰনাথ ভাৰতৰ ৪৫তম স্থান হৈ পৰিল। এই বিশ্বজনীন অভিজ্ঞানে ভাৰতৰ চিৰন্তন সাংস্কৃতিক ঐতিহ্যক উদযাপন কৰাৰ লগতে ইয়াৰ স্থাপত্যশৈলীৰ পাৰদৰ্শিতা, আঞ্চলিক পৰিচয় আৰু ঐতিহাসিক নিৰৱচ্ছিন্নতাক বিশ্ববাসীৰ সমুখত তুলি ধৰিছে।



প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় সংস্কৃতি মন্ত্ৰী শ্ৰী গজেন্দ্ৰ সিং শ্বেখাৱাট আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথে এই ঐতিহাসিক কৃতিত্বক ভূয়সী প্ৰশংসা কৰে আৰু ভাৰতবাসীক অভিনন্দন জ্ঞাপন কৰে।
বুছানত অনুষ্ঠিত ৪৮তম বিশ্ব ঐতিহ্য সমিতিত ধন্যবাদ জ্ঞাপনসূচক ভাষণ প্ৰদান ভাৰতীয় প্ৰতিনিধি দলৰ

সাৰনাথৰ প্ৰাচীন বৌদ্ধ স্থান
বিশ্ব ঐতিহ্য ক্ষেত্ৰত অন্তৰ্ভুক্ত এই স্থানটো উত্তৰপ্ৰদেশৰ বাৰাণসীৰ অন্তৰ্গত দুটা মূল অংশৰে গঠিত– চৌখণ্ডী স্তূপ আৰু সাৰনাথৰ প্ৰত্নতাত্ত্বিক ধ্বংসাৱশেষ (ধামেখ স্তূপ, ধৰ্মৰাজিকা স্তূপ, মূলগন্ধকুটি বিহাৰ, অশোক স্তম্ভ ইত্যাদি)। এই দুয়োটা অংশই একত্ৰিত হৈ প্ৰাচীন সাৰনাথৰ স্থাপত্য আৰু প্ৰত্নতাত্ত্বিক ধ্বংসাৱশেষ সংৰক্ষিত কৰি ৰাখিছে। বৌদ্ধ পৰম্পৰাত এই স্থানক ঋষি পতন, ঋষিপতন বা মৃগদাব আদি বিভিন্ন নামেৰে জনা গৈছিল। এই সকলো নামেই এক পবিত্ৰ ভূখণ্ডক সূচায়, য’ত খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতিকাত ভগৱান বুদ্ধই ভ্ৰমণ কৰিছিল আৰু তেওঁৰ প্ৰথম ধৰ্মোপদেশ “ধৰ্মচক্ৰ প্ৰৱৰ্তন” প্ৰদান কৰিছিল। এই ঘটনাই বৌদ্ধ সংঘৰ সূচনা কৰাৰ লগতে অৰ্য অষ্টাংগিক মাৰ্গৰ নীতিসমূহ প্ৰতিষ্ঠা কৰিছিল।
বুদ্ধই নিজেই বৌদ্ধ ধৰ্মালম্বীসকলৰ চাৰিটা মূল তীৰ্থস্থানৰ এটা বুলি উল্লেখ কৰা সাৰনাথ পৰৱৰ্তী শতিকাসমূহত ৰাজকীয়, মঠীয় আৰু সাধাৰণ উপাসকসকলৰ পৃষ্ঠপোষকতাত বিকশিত হৈ উঠিছিল। গৌতম বুদ্ধই যি স্থানত প্ৰথম ধৰ্মোপদেশ দিছিল আৰু তেওঁৰ প্ৰথম শিষ্যসকলক লগ পাইছিল বুলি বিশ্বাস কৰা হয়, তাৰ চৌপাশে বহুতো স্তূপ, মন্দিৰ আৰু বিহাৰ নিৰ্মাণ কৰা হৈছিল। দ্বাদশ শতিকাত অৱক্ষয় আৰু পৰৱৰ্তী সময়ত ধবংসলীলাৰ মুখামুখি হোৱাৰ পিছত ১৮ শতিকাত পুনৰ আৱিষ্কাৰ নোহোৱালৈকে এই স্থান পাহৰণিৰ গৰ্ভত বিলীন হৈ পৰিছিল।
এই স্থানত প্ৰাক-মৌৰ্য কালৰ পৰা (খ্ৰীষ্টপূৰ্ব পঞ্চম-চতুৰ্থ শতিকাৰ পৰা খ্ৰীষ্টপূৰ্ব তৃতীয় শতিকা) দ্বাদশ শতিকাত সাৰনাথ ধ্বংস হোৱালৈকে (আৰু পিছৰ কিছু সংযোজনসহ) নিৰ্মিত প্ৰাচীন কীৰ্তিচিহ্নসমূহৰ এক অপূৰ্ব সংমিশ্ৰণ আছে।

সাৰনাথ হ’ল ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপ দ্বাৰা আটাইতকৈ ব্যাপকভাৱে খনন কৰা স্থানসমূহৰ ভিতৰত অন্যতম, যাৰ ফলত ১৬টা শতিকা ধৰি (খ্ৰীষ্টপূৰ্ব পঞ্চম-চতুৰ্থ শতিকাৰ পৰা দ্বাদশ শতিকালৈ) বিস্তাৰিত এক সুসংগঠিত সভ্যতার স্তৰসমূহ পোহৰলৈ আহে।
সাৰনাথৰ প্ৰত্নতাত্ত্বিক ধ্বংশাৱশেষ খনন কাৰ্য, ১৯০৭-১৯০৮
(উৎস-ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপ)
সাৰনাথক বিশ্ব ঐতিহ্য স্থান হিচাপে ঘোষণা কৰাৰ পিছত, বৌদ্ধ ধৰ্মৰ চাৰিটা অতি গুৰুত্বপূৰ্ণ তীৰ্থস্থানৰ তিনিটা; অৰ্থাৎ লুম্বিনী (নেপাল), মহাবোধি মন্দিৰ, বুদ্ধগয়া (বিহাৰ) আৰু এতিয়া সাৰনাথ (উত্তৰপ্ৰদেশ) বিশ্ব ঐতিহ্যৰ তালিকাত অন্তৰ্ভুক্ত হ’ল। ইয়াৰ বাহিৰেও সংচী, নালন্দা, অজন্তা (তিনিওখন ভাৰতত), অনুৰাধাপুৰ (শ্ৰীলংকা), পাহাৰপুৰ (বাংলাদেশ), তক্ষশীলা আৰু তখত-ই-বাহী (দুয়োখন বৰ্তমানৰ পাকিস্তানত) আদি বহুতো গুৰুত্বপূৰ্ণ বৌদ্ধ স্থান ইতিমধ্যে এই তালিকাত আছে।
ইউনেস্কোৰ বিশ্ব ঐতিহ্য স্থান হিচাপে সাৰনাথ
সাৰনাথৰ প্ৰাচীন স্থানটোক ১৯৯৮ চনতে বিশ্ব ঐতিহ্যৰ খচৰা তালিকাত অন্তৰ্ভুক্ত কৰা হৈছিল। এই স্থানটোক বিশ্ব ঐতিহ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱ ২০২৫ চনৰ জানুৱাৰী মাহত বিশ্ব ঐতিহ্য সমিতিৰ বিবেচনাৰ বাবে প্ৰেৰণ কৰা হৈছিল। পৰামৰ্শদাতা সংস্থাসমূহৰ সৈতে কেইবাখনো কাৰিকৰী বৈঠক আৰু স্থান পৰিদৰ্শনৰ বাবে আইচিঅ’এমঅ’এছৰ দলৰ ভ্ৰমণকে ধৰি ১৮ মাহজোৰা এক দীঘলীয়া প্ৰক্ৰিয়াৰ অন্তত আজি বিয়লি দক্ষিণ কোৰিয়াৰ বুছানত বিশ্ব ঐতিহ্য সমিতিৰ সদস্যসকলে এই ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰে।
২০২৫ চনৰ ২৪ ৰ পৰা ২৯ ছেপ্টেম্বৰৰ ভিতৰত সাৰনাথত খনন কৰা চিৰি পৰীক্ষা কৰিছে আইচিঅ’এমঅ’এছৰ কাৰিকৰী মূল্যায়ন দলে
সাৰনাথৰ খনন কৰা ধ্বংসাৱশেষৰ বিহংগম দৃশ্য
(উৎস-ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপ)
সমিতিৰ বৈঠকত বিশ্ব ঐতিহ্য সমিতিৰ ২১ জন সদস্য, সদস্য ৰাষ্ট্ৰসমূহ, ইউনেস্কো সচিবালয়, বিশ্ব ঐতিহ্য কেন্দ্ৰ আৰু ইউনেস্কোৰ পৰামৰ্শদাতা সংস্থাসমূহে (ICOMOS, IUCN, ICCROM) এই সাফল্যৰ বাবে ভাৰতীয় প্ৰতিনিধি দলক অভিনন্দন জনায়।
“সাৰনাথৰ প্ৰাচীন বৌদ্ধ স্থান”ক ধাৰা (iii) আৰু (vi)ৰ অধীনত মনোনীত কৰা হৈছে। ধাৰা (iii) অনুযায়ী সাৰনাথৰ চিৰস্থায়ী আধ্যাত্মিক গুৰুত্ব আৰু বৌদ্ধ তীৰ্থযাত্ৰাৰ চাৰিটা মুখ্য স্থানৰ অন্যতম হিচাপে ইয়াৰ স্বীকৃতি দিয়া হৈছে, যিটো শতিকা শতিকা ধৰি নিৰ্মিত আৰু পুনৰ নিৰ্মিত অসংখ্য ধৰ্মীয় ভৱন আৰু কীৰ্তিচিহ্নৰ দ্বাৰা প্ৰমাণিত হয়। আনহাতে ধাৰা (vi)ৰ অধীনত বুদ্ধৰ জীৱনৰ গুৰুত্বপূৰ্ণ ঘটনা– তেওঁৰ প্ৰথম ধৰ্মোপদেশ আৰু প্ৰথম শিষ্যসকলৰ সৈতে মুখামুখি হোৱাৰ দৰে পবিত্ৰ স্মৃতিসমূহ প্ৰত্যক্ষ আৰু মূৰ্ত ৰূপত প্ৰতিফলিত হৈছে। বুদ্ধৰ বাৰ্তা, তেওঁৰ শিক্ষা আৰু ‘ত্ৰিৰত্ন’ৰ ধাৰণাৰ প্ৰতি সঁহাৰি জনাই শতিকা শতিকা ধৰি সাৰনাথত নিৰ্মিত বহুসংখ্যক নিৰ্মাণকাৰ্যই এই ঘটনাবোৰৰ গুৰুত্ব বহন কৰি আহিছে।
১৯০৪-০৬ চনত মূলগন্ধকুটি বিহাৰৰ সৈতে খনন কৰা অশোক স্তম্ভ আৰু সিংহ স্তম্ভশীৰ্ষৰ দৃশ্য (উৎস-ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপ)
খননকৃত অশোকৰ সিংহ স্তম্ভশীৰ্ষ (১৯০৪-০৬), যাক পৰৱৰ্তী সময়ত ভাৰতৰ জাতীয় প্ৰতীক হিচাপে গ্ৰহণ কৰা হয় (উৎস-ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপ)
ইউনেস্কোৰ তালিকাত এনে ঐতিহাসিক স্থানসমূহ অন্তৰ্ভুক্ত কৰাৰ মূল উদ্দেশ্য হৈছে ১৯৬ খন দেশজুৰি থকা সাংস্কৃতিক, প্ৰাকৃতিক আৰু মিশ্ৰিত স্থানসমূহৰ অসাধাৰণ সৰ্বজনীন মূল্য ৰক্ষা কৰা আৰু সংবৰ্ধন কৰা। ভাৰতে ২০২১-২৫ বৰ্ষৰ বাবে বিশ্ব ঐতিহ্য সমিতিৰ সদস্য পদ লাভ কৰিছিল আৰু ২০২৪ চনৰ জুলাই মাহত নতুন দিল্লীত প্ৰথমবাৰৰ বাবে বিশ্ব ঐতিহ্য সমিতিৰ বৈঠকৰ আয়োজক হৈছিল।
সাৰনাথৰ ইটাৰে নিৰ্মিত মানত স্তূপসমূহত চলি থকা বৈজ্ঞানিক সংৰক্ষণ কাৰ্যসূচী
এই বিশ্ব স্বীকৃতিয়ে বিশ্ব মঞ্চত ভাৰতৰ ঐতিহ্যক মহীয়ান কৰাৰ ক্ষেত্ৰত 'নতুন ভাৰত'ৰ অবিৰত প্ৰচেষ্টাক প্ৰমাণ কৰে। এই স্থানৰ সংৰক্ষণ আৰু পৰিচালনাৰ ক্ষেত্ৰত ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপৰ প্ৰচেষ্টাকো এই স্বীকৃতিয়ে প্ৰশংসা কৰে।
১৫০ বছৰতকৈও অধিক সময় ধৰি ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপে সাৰনাথৰ প্ৰাচীন বৌদ্ধ স্থানটোক খনন আৰু সংৰক্ষণ কৰি আহিছে, যাৰ ফলত সাৰনাথতেই শাক্যমুনি বুদ্ধই তেওঁৰ প্ৰথম ধৰ্মোপদেশ প্ৰদান কৰিছিল বুলি চিনাক্ত আৰু প্ৰমাণ কৰা সম্ভৱ হৈছিল।
বিখ্যাত মৌৰ্য বংশৰ সিংহ স্তম্ভ (যি পিছলৈ ভাৰতৰ জাতীয় প্ৰতীক হৈ পৰে) আৰু গুপ্ত শিল্পৰ ধৰ্মচক্ৰপ্ৰৱৰ্তন বুদ্ধৰ মূৰ্তি এই খনন কাৰ্যতে পোৱা গৈছিল, যিবোৰ বৰ্তমান ১৯০৪ চনতে প্ৰতিষ্ঠা কৰা ভাৰতৰ প্ৰথমটো চাইট মিউজিয়ামত প্ৰদৰ্শিত হৈ আছে।
বিশ্ব ঐতিহ্যৰ মৰ্যাদাই বৌদ্ধ ধৰ্মৰ জন্মস্থান হিচাপে ভাৰতৰ পৰিচয়ক অধিক মজবুত কৰিব আৰু জাপান, থাইলেণ্ড, শ্ৰীলংকা, ম্যানমাৰ, কম্বোডিয়া, ভিয়েটনাম, দক্ষিণ কোৰিয়া, মংগোলিয়া আদি দেশৰ সৈতে সাংস্কৃতিক কূটনৈতিক সম্পৰ্ক বৃদ্ধি কৰিব।
এই স্বীকৃতিয়ে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ সেতু হিচাপে বৌদ্ধ ঐতিহ্যক প্ৰচাৰ কৰাৰ লগতে ঐতিহ্য সংৰক্ষণত ভাৰতৰ দক্ষতা আৰু মনোনয়ন প্ৰক্ৰিয়াত ভাৰতৰ প্ৰস্তুতিক বিশ্বৰ সমুখত তুলি ধৰাত সহায় কৰিব।
যোৱা বছৰ পেৰিছৰ ইউনেস্কো মুখ্য কাৰ্যালয়ত অনুষ্ঠিত ৪৭তম বিশ্ব ঐতিহ্য সমিতিৰ অধিৱেশনত 'ভাৰতৰ মাৰাঠা সামৰিক প্ৰেক্ষাপট' বিশ্ব ঐতিহ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছিল।
তালিকাত ৪৫টা স্থান অন্তৰ্ভুক্ত হোৱাৰ লগে লগে ভাৰত বিশ্বৰ ভিতৰত ষষ্ঠ আৰু এছিয়া প্ৰশান্ত মহাসাগৰীয় অঞ্চলত দ্বিতীয় স্থানত উপনীত হৈছে। ১৯৭২ চনৰ বিশ্ব ঐতিহ্য সন্মিলনখন ১৯৬ খন দেশে অনুমোদন জনাইছে।
ভাৰতৰ আন ৬৯ টা স্থান বিশ্ব ঐতিহ্যৰ খচৰা তালিকাত আছে, যিটো ভৱিষ্যতে যিকোনো স্থান বিশ্ব ঐতিহ্য সম্পত্তি হিচাপে বিবেচনা কৰাৰ বাবে এক প্ৰাৰম্ভিক নিয়ম। প্ৰতি বছৰে, প্ৰতিখন সদস্য ৰাষ্ট্ৰই বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত কৰাৰ বাবে বিশ্ব ঐতিহ্য সমিতিৰ বিবেচনাৰ অৰ্থে মাত্ৰ এটা স্থানৰ প্ৰস্তাৱ দিব পাৰে।
ভাৰত চৰকাৰৰ হৈ ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপ হৈছে দেশৰ সকলো বিশ্ব ঐতিহ্য সম্পৰ্কীয় বিষয়ৰ সমন্বয়ৰক্ষী সংস্থা।
এই গোলকীয় স্বীকৃতিৰ লগে লগে ভাৰতে সাৰনাথৰ স্থানটোৰ মৌলিকতা আৰু সংহতি ৰক্ষা কৰিবলৈ বহনক্ষম পৰ্যটন পৰিচালনা কৰা আৰু সুৰক্ষিত অঞ্চলত অনিয়ন্ত্ৰিত উন্নয়ন ৰোধ কৰাৰ জৰিয়তে ইয়াৰ অসাধাৰণ সৰ্বজনীন মূল্য সুৰক্ষিত কৰাৰ প্ৰতিশ্ৰুতি পুনৰ ব্যক্ত কৰিছে।
***
M Annadurai/DB
(रिलीज़ आईडी: 2289529)
आगंतुक पटल : 16