প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত সাৰনাথ অন্তৰ্ভুক্ত হোৱাত প্ৰধানমন্ত্ৰীৰ আনন্দ

प्रविष्टि तिथि: 25 JUL 2026 7:05PM by PIB Guwahati

উত্তৰ প্ৰদেশৰ সাৰনাথ ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্ত হোৱাত প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদীয়ে আজি সন্তোষ প্ৰকাশ কৰাৰ লগতে কয় যে এয়া প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে অত্যন্ত গৌৰৱৰ ক্ষণ।

তেওঁ উল্লেখ কৰে যে সাৰনাথৰ সৈতে ভগৱান বুদ্ধৰ গভীৰ সম্পৰ্ক আছে, যাৰ জ্ঞান, কৰুণা আৰু সমন্বয়ৰ চিৰন্তন বাৰ্তাই সমগ্ৰ বিশ্বকে অনুপ্ৰাণিত কৰে।

শ্ৰীমোদীয়ে আলোকপাত কৰে যে এই স্বীকৃতিয়ে ভাৰতৰ গভীৰ সভ্যতাগত আৰু আধ্যাত্মিক ঐতিহ্যক উদযাপন কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে আশা প্রকাশ কৰে যে এই সংবৰ্ধনাই বিশ্বজুৰি আৰু অধিক লোকক সাৰনাথলৈ আহি ভগৱান বুদ্ধৰ আদৰ্শৰ সৈতে যুক্ত হ’বলৈ অনুপ্ৰাণিত কৰিব।

এক্সৰ (X) এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে এনেদৰে কয়:

"প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে এয়া এক গৌৰৱৰ ক্ষণ!

উত্তৰপ্ৰদেশৰ সাৰনাথ ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্ত হোৱাত আনন্দিত হৈছোঁ।

সাৰনাথৰ সৈতে ভগৱান বুদ্ধৰ গভীৰ সম্পৰ্ক আছে, যাৰ জ্ঞান, কৰুণা আৰু সমন্বয়ৰ চিৰন্তন বাৰ্তাই সমগ্ৰ বিশ্বক অনুপ্ৰাণিত কৰে।

এই স্বীকৃতিয়ে ভাৰতৰ প্ৰধান সভ্যতাগত আৰু আধ্যাত্মিক ঐতিহ্যক উদযাপন কৰিছে। ই সমগ্ৰ বিশ্বৰে অধিক সংখ্যক লোকক সাৰনাথলৈ আহিবলৈ আৰু ভগৱান বুদ্ধৰ আদৰ্শৰ সৈতে সংযোগ স্থাপন কৰিবলৈ অনুপ্ৰাণিত কৰিব।

@UNESCO"

***

MJPS/SS/PRK/DB


(रिलीज़ आईडी: 2289528) आगंतुक पटल : 6
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam , Malayalam