প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ছিকিমৰ নামচিত সুৰংগ ভাঙি পৰাৰ ফলত প্ৰাণ হেৰুওৱাসকলৰ বাবে শোক প্ৰকাশ প্ৰধানমন্ত্ৰী মোদীৰ
পিএমএনআৰএফৰ পৰা সাহায্য ঘোষণা কৰিলে প্ৰধানমন্ত্ৰীয়ে
प्रविष्टि तिथि:
21 JUL 2026 1:01PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ছিকিমৰ নামচিত নিৰ্মাণাৰত সুৰংগ এটা ভাঙি পৰাৰ ফলত প্ৰাণ হেৰুওৱাসকলৰ বাবে শোক প্ৰকাশ কৰে। তেওঁ শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলে শীঘ্ৰে আশু আৰোগ্য লাভ কৰাৰ বাবে প্ৰাৰ্থনা জনায়।
প্ৰধানমন্ত্ৰীয়ে পিএমএনআৰএফৰ পৰা প্ৰতিজন মৃতকৰ ওচৰৰ আত্মীয়ক ২ লাখ টকা আৰু আহতসকলক ৫০ হাজাৰকৈ টকাৰ সাহায্য দিয়া হ’ব বুলি ঘোষণা কৰে।
এক্সত দিয়া এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয় :
"ছিকিমৰ নামচিত নিৰ্মাণাৰত সুৰংগ ভাঙি প্ৰাণ হেৰুওৱাসকলৰ বাবে মৰ্মাহত। শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো। আহতসকলে সোনকালে আৰোগ্য লাভ কৰিবলৈ প্ৰাৰ্থনা জনাইছো।"
পিএমএনআৰএফৰ পৰা প্ৰতিজন মৃতকৰ ওচৰৰ আত্মীয়ক ২ লাখ টকা আৰু আহতসকলক ৫০ হাজাৰকৈ টকাৰ সাহায্য দিয়া হ’ব।
@narendramodi"
***
MJPS/SS/PRK/DM
(रिलीज़ आईडी: 2287496)
आगंतुक पटल : 6
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Nepali
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali-TR
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam