ৰাষ্ট্ৰপতি সচিবালয়
ভাৰতৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰিলে ভাৰতীয় বন সেৱাৰ প্ৰবেচনাৰসকলে
অৰণ্য ৰক্ষাত যেতিয়া সমুদায়সমূহ অংশীদাৰ হয়, তেতিয়া সংৰক্ষণৰ প্ৰচেষ্টা অধিক ফলপ্ৰসূ আৰু দীৰ্ঘস্থায়ী হ'ব: ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু
प्रविष्टि तिथि:
17 JUL 2026 2:16PM by PIB Guwahati
আজি (১৭ জুলাই, ২০২৬) ভাৰতীয় বন সেৱাৰ প্ৰবেচনাৰসকলে ৰাষ্ট্ৰপতি ভৱন সাংস্কৃতিক কেন্দ্ৰত ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰে।

বিষয়াসকলক উদ্দেশ্যি ভাষণ দি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে তেওঁলোক কেৱল অৰণ্যৰ প্ৰশাসকেই নহয়। তেওঁলোক ভাৰতৰ প্ৰাকৃতিক ঐতিহ্যৰো ৰক্ষক। আজিৰ দিনত তেওঁলোকৰ ভূমিকা অধিক গুৰুত্বপূৰ্ণ হৈ পৰিছে। সমগ্ৰ বিশ্বই এতিয়া জলবায়ু পৰিৱৰ্তন আৰু জৈৱ বৈচিত্ৰ্য হ্ৰাসৰ দৰে প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। এই প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰাৰ ক্ষেত্ৰত অৰণ্যৰ ভূমিকা মুখ্য। সেয়েহে, ভাৰতীয় বন সেৱাৰ বিষয়াসকলৰ কাৰ্যই কেৱল ভাৰতৰ পৰিৱেশগত নিৰাপত্তাতেই নহয়, বৰঞ্চ বহনক্ষম উন্নয়নৰ দিশত চলি থকা গোলকীয় প্ৰচেষ্টাতো অৱদান আগবঢ়াব। তেওঁ যুৱ বিষয়াসকলক বনাঞ্চল বৃদ্ধিৰ ওপৰত গুৰুত্ব দিবলৈ পৰামৰ্শ দিয়ে, কিয়নো অৰণ্যই হৈছে পৃথিৱীত জীৱনৰ আধাৰ।
ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে পৰিৱেশ তন্ত্ৰৰ সুৰক্ষাক অৰণ্য আৰু ইয়াৰ আশে-পাশে বসবাস কৰা লোকসকলৰ ন্যায্য আকাংক্ষাৰ সৈতে সামঞ্জস্যপূৰ্ণ কৰি তুলিব লাগিব। উন্নয়ন আৰু সংৰক্ষণক পৰস্পৰবিৰোধী লক্ষ্য হিচাপে গণ্য কৰা উচিত নহয়। তেওঁ যুৱ বিষয়াসকলক এনে সমাধানৰ দিশত কাম কৰিবলৈ পৰামৰ্শ দিয়ে য'ত প্ৰকৃতি আৰু সম্প্ৰদায় উভয়ে একেলগে বিকাশ লাভ কৰিব পাৰে। তেওঁ বিষয়াসকলক সংৰক্ষণ, পুনৰুদ্ধাৰ আৰু বহনক্ষম জীৱিকাৰ পদক্ষেপসমূহত জনসাধাৰণৰ অংশগ্ৰহণক উৎসাহিত কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে জনজাতীয় সম্প্ৰদায়, বনবাসী, মহিলা, কৃষক আৰু স্থানীয় প্ৰতিষ্ঠানসমূহৰ মতামত আৰু উদ্বেগসমূহ বুজি পালে তেওঁলোকে মূল্যৱান অন্তৰ্দৃষ্টি লাভ কৰিবলৈ সক্ষম হ'ব। অৰণ্য ৰক্ষাত যেতিয়া সম্প্ৰদায়সমূহ অংশীদাৰ হয়, তেতিয়া সংৰক্ষণৰ প্ৰচেষ্টা অধিক ফলপ্ৰসূ আৰু দীৰ্ঘস্থায়ী হ'ব।
ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ৰাজহুৱা সেৱা হৈছে জনসাধাৰণৰ জীৱনধাৰণৰ মান উন্নত কৰা আৰু দেশৰ প্ৰগতিত অৱদান আগবঢ়োৱা। ২০৪৭ চনৰ ভিতৰত 'বিকশিত ভাৰত'ৰ ৰাষ্ট্ৰীয় লক্ষ্যৰ বাবে পাৰিস্থিতিক নিৰাপত্তা হৈছে এক অবিচ্ছেদ্য অংগ। তেওঁ বিশ্বাস ব্যক্ত কৰে যে ভাৰতীয় বন সেৱাৰ বিষয়া হিচাপে যুৱ বিষয়াসকলে ভাৰতৰ প্ৰগতি সেউজ, সৰ্বব্যাপী আৰু বহনক্ষম হৈ থকাটো নিশ্চিত কৰাত নিৰ্ণায়ক ভূমিকা পালন কৰিব।
ভাৰতীয় বন সেৱাৰ দুটা বেটচৰ প্ৰবেচনাৰসকলে বৰ্তমান ডেৰাডুনৰ ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় বন একাডেমীত তেওঁলোকৰ পেছাদাৰী প্ৰশিক্ষণ গ্ৰহণ কৰি আছে। ২০২৪ চনৰ বেটচত ১১১ গৰাকী প্ৰশিক্ষাৰ্থী বিষয়া থকাৰ বিপৰীতে ২০২৫ চনৰ বেটচত ১৩১ গৰাকী প্ৰশিক্ষাৰ্থী বিষয়া আছে, য'ত প্ৰতিটো বেটচতে ভূটানৰ দুগৰাকীকৈ প্ৰশিক্ষাৰ্থী বিষয়াও অন্তৰ্ভুক্ত আছে।

ৰাষ্ট্ৰপতিৰ ভাষণটো চাবলৈ ইয়াত ক্লিক কৰক
***
MJPS/SS/PRK/RD
(रिलीज़ आईडी: 2286222)
आगंतुक पटल : 13