নৌ-পৰিবহন মন্ত্ৰালয়
গুজৰাটৰ পোৰবন্দৰত স্থাপন কৰা হ’ব গ্ৰীণফিল্ড জাহাজ নিৰ্মাণ ক্লাষ্টাৰ
ভাদিনাৰত ১,৫৭০ কোটি টকীয়া জাহাজ মেৰামতি প্ৰকল্পলৈ চৰকাৰৰ বিত্তীয় সাহায্য অনুমোদন, লক্ষ্য বিদেশৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰা
জাহাজ নিৰ্মাণ উন্নয়ন আঁচনি (SbDS)ৰ অধীনত দুয়োটা প্ৰকল্পলৈ নীতিগত অনুমোদন
পোৰবন্দৰৰ গ্ৰীণফিল্ড ক্লাষ্টাৰ আৰু ভাদিনাৰত কোচিন শ্বিপয়াৰ্ড লিমিটেডৰ ব্ৰাউনফিল্ড সম্প্ৰসাৰণে আত্মনিৰ্ভৰ ভাৰতৰ দিশত থলুৱা জাহাজ নিৰ্মাণ আৰু জাহাজ মেৰামতি খণ্ডক শক্তিশালী কৰিব বুলি আশা কৰা হৈছে: সৰ্বানন্দ সোণোৱাল
प्रविष्टि तिथि:
15 JUL 2026 3:39PM by PIB Guwahati
বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ে (MoPSW) জাহাজ নিৰ্মাণ উন্নয়ন আঁচনি (SbDS)ৰ অধীনত দুটা গুৰুত্বপূৰ্ণ কৌশলগত সাগৰীয় আন্তঃগাঁথনি প্ৰকল্প ক্ৰমে গুজৰাটৰ পোৰবন্দৰ জিলাত এটা গ্ৰীণফিল্ড জাহাজ নিৰ্মাণ ক্লাষ্টাৰ আৰু কচ্ছৰ উপসাগৰৰ ভাদিনাৰত এটা অত্যাধুনিক জাহাজ মেৰামতি প্ৰকল্পলৈ নীতিগত অনুমোদন জনাইছে। ই ভাৰতক বিশ্বজুৰি জাহাজ নিৰ্মাণৰ এক অন্যতম কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ।
‘মেৰিটাইম অমৃত কাল ভিজন ২০৪৭’ৰ অধীনত থলুৱা জাহাজ নিৰ্মাণ আৰু জাহাজ মেৰামতিৰ ক্ষমতা সুদৃঢ় কৰাৰ বাবে ভাৰত চৰকাৰৰ কৌশলৰ এক গুৰুত্বপূৰ্ণ অংশ জাহাজ নিৰ্মাণ উন্নয়ন আঁচনি (SbDS)ৰ অধীনত এই দুয়োটা প্ৰকল্পক নীতিগত অনুমোদন প্ৰদান কৰা হৈছে।
কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, "বিগত ১২ বছৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত ভাৰতৰ সাগৰীয় খণ্ডই যুগান্তকাৰী সংস্কাৰ, বিশ্বমানৰ আন্তঃগাঁথনি আৰু অভূতপূৰ্ব নীতিগত সমৰ্থনৰ জৰিয়তে এক ঐতিহাসিক পৰিৱৰ্তনৰ মাজেৰে গতি কৰিছে। আমি এক শক্তিশালী ভেটি স্থাপন কৰিছোঁ। পৰৱৰ্তী পৰ্যায় হৈছে সৰ্বনিম্ন শাসন, বৰ্ধিত প্ৰতিযোগিতা আৰু অধিক दक्षताৰ জৰিয়তে ভাৰতৰ সাগৰীয় উদ্যোগৰ সম্পূৰ্ণ সম্ভাৱনাক মুকলি কৰা, যাতে এই খণ্ডটো ‘বিকশিত ভাৰত’ৰ এক অন্যতম চালিকা শক্তি হৈ পৰে।"
এই অনুমোদনসমূহৰ ভিতৰত পশ্চিম উপকূলত গ্ৰীণফিল্ড জাহাজ নিৰ্মাণ ক্লাষ্টাৰ স্থাপন আৰু দেশৰ অন্যতম বৃহৎ জাহাজ মেৰামতি প্ৰকল্পৰ নিৰ্মাণৰ বাবে বিত্তীয় সাহায্য প্ৰদান অন্তৰ্ভুক্ত আছে। বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয় আৰু গুজৰাট মেৰিটাইম বোৰ্ডৰ যৌথ উদ্যোগত প্ৰতিষ্ঠিত এক বিশেষ উদ্দেশ্যধৰ্মী সংস্থা ‘নেচনেল শ্বিপবিল্ডিং এণ্ড হেভী ইণ্ডাষ্ট্ৰীজ পাৰ্ক-গুজৰাট’ (NSHIP-Gujarat)ৰ জৰিয়তে এই গ্ৰীণফিল্ড জাহাজ নিৰ্মাণ ক্লাষ্টাৰটো বিকশিত কৰা হ’ব।
গুজৰাটৰ পোৰবন্দৰ জিলাৰ কুচ্ছডীত প্ৰায় ২,০০০ একৰ ভূমি সামৰি গঢ়ি উঠিবলগীয়া এই সংহত সাগৰীয় উৎপাদন ক্লাষ্টাৰটোত আধুনিক জাহাজ নিৰ্মাণ কাৰখানা, আনুষংগিক উৎপাদন গোট, উমৈহতীয়া আন্তঃগাঁথনি আৰু দক্ষতা বিকাশ কেন্দ্ৰসমূহ অন্তৰ্ভুক্ত থাকিব। এই প্ৰকল্পটো বাৰ্ষিক ১.২ ৰ পৰা ১.৫ নিযুত গ্ৰছ টনেজ (GT) উৎপাদন ক্ষমতাৰে বৃহৎ বাণিজ্যিক জাহাজ নিৰ্মাণ কৰাকৈ সজোৱা হৈছে, যাৰ ফলত ভাৰতৰ ঘৰুৱা জাহাজ নিৰ্মাণ ক্ষমতা যথেষ্ট বৃদ্ধি পাব আৰু গুজৰাট গধুৰ জাহাজ নিৰ্মাণৰ এক অন্যতম প্ৰধান কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠিত হ’ব।
এই আঁচনিৰ অধীনত অনুমোদিত দ্বিতীয়টো প্ৰকল্প হৈছে ভাদিনাৰত ১,৫৭০ কোটি টকীয়া এটা জাহাজ মেৰামতি প্ৰকল্প, যিটো কচিন শ্বিপয়াৰ্ড লিমিটেড(CSL) আৰু দীনদয়াল বন্দৰ প্ৰাধিকৰণ (DPA)ৰ যৌথ উদ্যোগত নিৰ্মাণ কৰা হ’ব। এই প্ৰকল্পটোৱে ইয়াৰ পূৰ্বে ২০২৬ চনৰ ৫ মে’ত কেবিনেটৰ অৰ্থনৈতিক পৰিক্ৰমা সমিতিয়ে (CCEA) অনুমোদন জনাইছিল আৰু এতিয়া জাহাজ নিৰ্মাণ উন্নয়ন আঁচনিৰ অধীনত যোগ্য মূলধনী আন্তঃগাঁথনিৰ বাবে ২৫ শতাংশ বিত্তীয় সাহায্যৰ নীতিগত অনুমোদন লাভ কৰিছে। এই ব্ৰাউনফিল্ড সম্প্ৰসাৰণত এখন ৬৫০ মিটাৰ দৈৰ্ঘ্যৰ জেটী, দুটা ডাঙৰ ভাসমান ড্ৰাই ডক, কৰ্মশালা আৰু সহায়ক সাগৰীয় আন্তঃগাঁথনি অন্তৰ্ভুক্ত থাকিব।
ভাদিনাৰৰ প্ৰাকৃতিক গভীৰ ড্ৰাফট, প্ৰধান আন্তঃৰাষ্ট্ৰীয় জাহাজ পথৰ কাষৰ কৌশলগত অৱস্থান আৰু মুন্দ্ৰা তথা দীনদয়াল বন্দৰৰ দৰে বন্দৰসমূহৰ সান্নিধ্যৰ সুযোগ গ্ৰহণ কৰি এই প্ৰকল্পটো ভাৰতৰ অন্যতম প্ৰধান জাহাজ মেৰামতি কেন্দ্ৰ হিচাপে গঢ়ি উঠিব বুলি আশা কৰা হৈছে। কাৰ্যক্ষম হোৱাৰ পিছত, ই ৩০০ মিটাৰ পৰ্যন্ত দৈৰ্ঘ্যৰ জাহাজসমূহৰ থলুৱা মেৰামতি নিশ্চিত কৰিব, যাৰ ফলত ভাৰতৰ জাহাজ মেৰামতি ক্ষমতা যথেষ্ট সম্প্ৰসাৰিত হ’ব আৰু বৃহৎ বাণিজ্যিক জাহাজসমূহৰ বাবে বিদেশী মেৰামতি কাৰখানাৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস পাব। জাহাজ নিৰ্মাণ উন্নয়ন আঁচনিৰ অধীনত পোৱা বিত্তীয় সাহায্যই এই প্ৰকল্পৰ বিত্তীয় উপযোগিতা বৃদ্ধি কৰিব।
সৰ্বানন্দ সোণোৱালে লগতে কয়, "এই দুয়োটা প্ৰকল্পই ভাৰতৰ সাগৰীয় খণ্ডৰ প্ৰতিযোগিতামূলক মনোভাৱ যথেষ্ট বৃদ্ধি কৰিব। আমি বিশ্বমানৰ ক্ষমতা গঢ়ি তোলা আৰু ‘আত্মনিৰ্ভৰ ভাৰত’ৰ দৃষ্টিভংগীক আগুৱাই নিয়াৰ লগে লগে, আমি এক আধুনিক, দক্ষ আৰু ভৱিষ্যতৰ বাবে সাজু ভাৰতীয় জাহাজ নিৰ্মাণ আৰু জাহাজ মেৰামতি উদ্যোগৰ ভেটি সৃষ্টি কৰিছোঁ, যি বিশ্বজুৰি প্ৰতিযোগিতামূলক, সুস্থিৰ আৰু বাণিজ্য-অনুকূল হ’ব। বৃহৎ পৰিমাণৰ সংস্থাপন সৃষ্টি কৰা, ভাৰতৰ সাগৰীয় উৎপাদন ব্যৱস্থাক অধিক গভীৰ কৰা, থলুৱা যোগান শৃংখল শক্তিশালী কৰা আৰু দেশৰ প্ৰতিযোগিতামূলক ক্ষমতা বৃদ্ধি কৰাৰ আশা থকা এই দুয়োটা প্ৰকল্পই আমাৰ সাগৰীয় পৰিৱেশ তন্ত্ৰক সবল আৰু সক্ষম কৰি তোলাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগীক প্ৰতিফলিত কৰিছে, যাতে আত্মনিৰ্ভৰশীল আৰু বিকশিত ভাৰতৰ দিশত ভাৰতৰ উত্তৰণত ই এক অনুঘটক হিচাপে ভূমিকা পালন কৰিব পাৰে।"
জাহাজ নিৰ্মাণ উন্নয়ন আঁচনি হৈছে চৰকাৰৰ বৃহৎ জাহাজ নিৰ্মাণ নীতিৰ এক কেন্দ্ৰীয় স্তম্ভ, যাৰ লক্ষ্য হৈছে ক্ষমতা বৃদ্ধি ত্বৰান্বিত কৰা, বিনিয়োগ আকৰ্ষণ কৰা, থলুৱা উৎপাদনক প্ৰসাৰিত কৰা আৰু ব্যক্তিগত খণ্ডৰ অংশগ্ৰহণ বৃদ্ধি কৰা।
***
MI/Indu/DB
(रिलीज़ आईडी: 2285223)
आगंतुक पटल : 7