তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
azadi ka amrit mahotsav

পিআইবি-ৰ উদ্যোগত "ভাৰতৰ সৃষ্টিশীল অৰ্থনীতিৰ বাবে ভৱিষ্যত-প্ৰস্তুত কৰ্মবাহিনী সৃষ্টি" সম্পৰ্কীয় ‘বাৰ্তা’ শীৰ্ষক সংবাদ মাধ্যমৰ এদিনীয়া কৰ্মশালা

সমৃদ্ধ গল্প-কথন পৰম্পৰাৰ সহায় লৈ কমলা অৰ্থনীতি-ৰ বিশ্ব-নেতা হিচাপে নিজকে প্ৰতিষ্ঠা কৰাৰ লক্ষ্য গ্ৰহণ কৰিছে ভাৰতে: আইআইচিটি, মুম্বাই-ৰ সঞ্চালকমণ্ডলীৰ সদস্য ড° আশীষ কুলকাৰ্ণী

प्रविष्टि तिथि: 14 JUL 2026 5:44PM by PIB Guwahati

"চলচ্চিত্ৰ নিৰ্মাতা, ডিজিটেল কন্টেন্ট ক্ৰিয়েটৰ আৰু অন্যান্য সৃষ্টিশীল পেছাদাৰীসকলে অত্যাধুনিক কন্টেন্ট প্ৰস্তুত কৰি আছে, যিয়ে বিশ্বৰ কমলা অৰ্থনীতি-ৰ প্ৰধান স্থানত ভাৰতক স্থলাভিষিক্ত কৰাৰ বাবে উল্লেখযোগ্য ভূমিকা পালন কৰি আছে। বৰ্তমান ভাৰতে বিশ্ব কমলা অৰ্থনীতিত প্ৰায় ৩ শতাংশ অৰিহণা যোগাইছে, আৰু অহা দশকটোত এই অংশ ১২–১৫ শতাংশলৈ বৃদ্ধি কৰাৰ লক্ষ্য গ্ৰহণ কৰিছে দেশখনে। ইণ্ডিয়ান ইনষ্টিটিউট অব ক্ৰিয়েটিভ টেকন'লজী (আই আই চি টি)-য়ে এই লক্ষ্যত উপনীত হোৱাৰ বাবে প্ৰয়াস অব্যাহত ৰাখিছে।"  আজি নাগপুৰত আই আই চি টি-ৰ সঞ্চালক মণ্ডলীৰ সদস্য ড° আশীষ কুলকাৰ্ণীয়ে এই অভিমত ব্যক্ত কৰে।

এই উপলক্ষে শ্ৰীমতী স্মিতা বত্স শৰ্মাই অংশগ্ৰহণকাৰীসকলক তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ বিভিন্ন পদক্ষেপৰ বিষয়ে অৱগত কৰে।

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ‘প্ৰেছ ইনফৰ্মেশ্যন ব্যুৰো’ (পি আই বি)-ৰ উদ্যোগত নাগপুৰৰ ‘চিতনৱিশ চেণ্টাৰ’-ত আয়োজিত "ভাৰতৰ সৃষ্টিশীল অৰ্থনীতিৰ বাবে ভৱিষ্যত-প্ৰস্তুত কৰ্মবাহিনী সৃষ্টি" শীৰ্ষক এদিনীয়া সংবাদ মাধ্যমৰ কৰ্মশালা 'বাৰ্তা'ত এই মন্তব্য কৰে ড° কুলকাৰ্ণীয়ে। সঞ্চালক প্ৰধান (পশ্চিম মণ্ডল)শ্ৰীমতী স্মিতা বত্স শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত এই কৰ্মশালাত বিভিন্ন সংবাদ মাধ্যমৰ জ্যেষ্ঠ সম্পাদক তথা প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে।

ড° কুলকাৰ্ণীয়ে জনাই যে আই আই চি টি-য়ে ৰাষ্ট্ৰীয় শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ-ৰ সহযোগত "কৌশল বোধ" পাঠ্যক্ৰমৰ প্ৰৱৰ্তন কৰি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সৃষ্টিশীলতাক প্ৰতিপালন কৰা আৰু সৰুৰে পৰা দক্ষতা বিকাশৰ ব্যৱস্থা কৰিব। লগতে দেশৰ ৫০০ মহাবিদ্যালয় আৰু ১৫ হাজাৰ বিদ্যালয়ত এভিজিচি কন্টেন্ট ক্ৰিয়েটৰ লেব স্থাপনৰ প্ৰস্তাৱ আছে বুলিও তেওঁ লগতে উল্লেখ কৰে।

তেওঁ আৰু কয় যে আইআইচিটি-য়ে ২০২৫ চনৰ জুলাই মাহৰ পৰা মুম্বাইৰ নেশ্যনেল ফিল্ম ডেভেলপমেণ্ট কৰ্প’ৰেশ্যন (এনএফডিচি) চৌহদৰ পৰা এভিজিচি-এক্সআৰ (এনিমেশ্যন, ভিজুৱেল ইফেক্টছ, গেমিং, কমিক্স আৰু এক্সটেণ্ডেড ৰিয়েলিটী) খণ্ডৰ বাবে ৰাষ্ট্ৰীয় উৎকৰ্ষ কেন্দ্ৰ হিচাপে কাম কৰি আহিছে। প্ৰতিষ্ঠানটোৱে হাব-এণ্ড-স্পক মডেল-ৰ জৰিয়তে এনিমেশ্যন, ভিজুৱেল ইফেক্ট, গেমিং, কমিক্স আৰু এক্সটেণ্ডেড ৰিয়েলিটী-ৰ দক্ষতাভিত্তিক পাঠ্যক্ৰম আগবঢ়াব, যাৰ ফলত এই কাৰ্যসূচীসমূহ কেৱল মুম্বাই মুখ্য কাৰ্যালয়তে নহয়, আঞ্চলিক আৰু উপনগৰীয়া কেন্দ্ৰসমূহৰ জৰিয়তেও উপলব্ধ হ’ব।

ভাৰতৰ গল্প কথন আৰু থলুৱা জ্ঞান ব্যৱস্থাৰ চহকী পৰম্পৰাত আলোকপাত কৰি ড০ কুলকাৰ্ণীয়ে কয় যে এই জ্ঞান এতিয়া একাধিক মঞ্চত ডিজিটেল বিষয়বস্তুৰ জৰিয়তে বিশ্বজুৰি প্ৰদৰ্শন কৰা হৈছে। ভাৰত চৰকাৰৰ বিভিন্ন মন্ত্ৰালয়ে চলচ্চিত্ৰ আৰু সৃষ্টিশীল প্ৰতিষ্ঠানসমূহৰ লগতে সৃষ্টিশীল খণ্ডৰ বিকাশশীল প্ৰয়োজনীয়তা পূৰণৰ বাবে নিজৰ ইচ্ছানুযায়ী পাঠ্যক্ৰম প্ৰস্তুত কৰি আছে, যাৰ ফলত দক্ষতা বিকাশ আৰু সামৰ্থ্য বিকাশৰ নতুন সুযোগ সৃষ্টি হৈছে।

আদৰণি ভাষণ প্ৰদান কৰে প্ৰেছ ইনফৰ্মেশ্যন ব্যুৰো, মুম্বাইৰ উপ সঞ্চালক শ্ৰীমতী ড০ জয়দেৱী পূজাৰী স্বামীয়ে। অনুষ্ঠানটো পৰিচালনা কৰে প্ৰেছ ইনফৰ্মেশ্যন ব্যুৰোৰ সংবাদ মাধ্যম আৰু যোগাযোগ বিষয়া শ্ৰী সৌৰভ খেকাড়েৰ লগতে শলাগৰ শৰাই আগবঢ়ায় প্ৰেছ ইনফৰ্মেশ্যন ব্যুৰোৰ সংবাদ মাধ্যম আৰু যোগাযোগ বিষয়া(অতিৰিক্ত দায়িত্ব) শ্ৰী ধনঞ্জয় ৱানখেড়েই।

 

* * *

PIB Nagpur | Jaydevi Pujari Swami/Dhananjay Wankhede/Saurabh Khekde/Darshana Rane/KB


(रिलीज़ आईडी: 2284700) आगंतुक पटल : 10
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Telugu , English , Urdu , हिन्दी , Marathi , Punjabi