প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
নিউজিলেণ্ডত প্ৰব্ৰজিত ভাৰতীয়সকলক সম্বোধন প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
11 JUL 2026 3:09PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অকলেণ্ডত ‘কিয়া অ’ৰা মোদী’ অনুষ্ঠানত নিউজিলেণ্ডৰ প্ৰবাসী ভাৰতীয়সকলৰ এক বিশাল সমাৱেশক সম্বোধন কৰে। এই বিশেষ অনুষ্ঠালত নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্ৰিষ্টোফাৰ লাক্সনে অংশগ্ৰহণ কৰে। সমাৱেশটো ভাৰতীয় প্ৰবাসীৰ ১০,০০০ ৰো অধিক সদস্যৰ উষ্ণতা, শক্তি আৰু উৎসাহেৰে ভৰি পৰিছিল।
প্ৰধানমন্ত্ৰীয়ে মোদীয়ো প্ৰধানমন্ত্ৰী লাক্সনক তেওঁৰ অনুগ্ৰহপূৰ্ণ উপস্থিতি আৰু কিউি ভাৰতীয় সম্প্ৰদায়ৰ কল্যাণকে ধৰি দ্বিপাক্ষিক অংশীদাৰিত্বৰ বাবে তেওঁৰ সমৰ্থনৰক ধন্যবাদ জনাই তেওঁৰ ভাষণ আৰম্ভ কৰে। সংকল্প, কঠোৰ পৰিশ্ৰম আৰু অধ্যৱসায়ৰ জৰিয়তে তেওঁক আগবঢ়োৱা বিশেষ আদৰণিৰ প্ৰশংসা কৰে।
নিউজিলেণ্ডত জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা কিউি ভাৰতীয় সম্প্ৰদায় এক গতিশীল শক্তি হিচাপে আত্মপ্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীয়ে নিউজিলেণ্ডৰ বহুসাংস্কৃতিক গাঁথনি সমৃদ্ধ কৰাৰ লগতে তেওঁলোকৰ সংস্কৃতি, উৎসৱ আৰু পৰম্পৰা ৰক্ষা কৰাৰ বাবে সম্প্ৰদায়টোক প্ৰশংসা কৰে। তেওঁ বিশেষকৈ সম্প্ৰদায়টোৰ সেৱা (নিঃস্বাৰ্থ সেৱা) ৰ মনোভাৱক প্ৰশংসা কৰি ইয়াৰ স্বেচ্ছাসেৱিকতা, সম্প্ৰদায়ৰ কল্যাণৰ দৃষ্টান্তমূলক অভিলেখৰ কথা উল্লেখ কৰে।
প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এই সমাৱেশ ভাৰতীয় প্ৰবাসীৰ হ’ব পাৰে, কিন্তু ই প্ৰকৃততে ভাৰত-নিউজিলেণ্ডৰ বন্ধুত্ব, ক্ৰীড়া সম্পৰ্ক আৰু তেওঁলোকৰ অৰ্থনৈতিক অংশীদাৰিত্বৰ উদযাপন আছিল। ২০২৬ চনত ক্ৰীড়া সহযোগিতাৰ ১০০ বছৰ সম্পূৰ্ণ হোৱাৰ কথা উল্লেখ কৰি তেওঁ কয় যে দুয়োখন দেশে তেওঁলোকৰ ক্ৰীড়া সম্পৰ্ক অধিক গভীৰ কৰিবলৈ আগ্ৰহী। স্থানীয় মাওৰি সংস্কৃতিক তেওঁলোকৰ অন্তৰ্ভুক্তিমূলক আৰু বহনক্ষম দৃষ্টিভংগীৰ বাবে প্ৰশংসা কৰি তেওঁ উল্লেখ কৰে যে ভাৰতেও এনে এক উন্নয়নৰ পথ অনুসৰণ কৰি আছে যি ঐতিহ্য আৰু বিকাশক একত্ৰিত কৰে।
প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় সম্প্ৰদায়ক ভাৰত আৰু নিউজিলেণ্ডৰ মাজত বন্ধুত্ব, বিশ্বাস আৰু সহযোগিতাৰ এক সেতু হিচাপে সেৱা আগবঢ়াই যাবলৈ আহ্বান জনায়, যিয়ে দুয়োখন ৰাষ্ট্ৰৰ লাভালাভৰ বাবে কৌশলগত অংশীদাৰিত্বৰ সম্পূৰ্ণ সম্ভাৱনা উপলব্ধি কৰাত সহায় কৰে।
*****
MJPS/SS/ST/MK
(रिलीज़ आईडी: 2283626)
आगंतुक पटल : 9