গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰী অমিত শ্বাহ আৰু কেন্দ্ৰীয় বন্দৰ, জাহাজ তথা জলপথ দপ্তৰৰ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে ব্যুৰো অৱ প’ৰ্ট ছিকিউৰিটি (BoPS) স্থাপনৰ ক্ষেত্ৰত লাভ কৰা অগ্ৰগতিৰ বিষয়ে পৰ্যালোচনা কৰে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশৰ উপকূলীয় নিৰাপত্তা অভেদ্য কৰি তোলাৰ বাবে চৰকাৰ দৃঢ়ভাৱে প্ৰতিশ্ৰুতিবদ্ধ

ব্যুৰো অৱ প’ৰ্ট ছিকিউৰিটি (BoPS)ৰ অধীনত নিয়োজিত হ’বলগীয়া নিৰাপত্তাৰক্ষীৰ তথ্য সংৰক্ষণৰ ব্যৱস্থা গঢ়ি তুলিব লাগে

কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে মীন বিভাগৰ বিষয়াসকলক মীন বন্দৰ আৰু মাছ নমোৱা কেন্দ্ৰত শক্তিশালী সুৰক্ষা ব্যৱস্থা নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে

ইছৰোৰ দ্বাৰা প্ৰস্তুত কৰা ‘নভমিত্ৰ’ এপটোৰ বিষয়ে অধিক ব্যাপকভাৱে প্ৰচাৰ কৰা উচিত, যাতে অধিক সংখ্যক মাছমৰীয়াই মোবাইলত ইয়াক ডাউনলোড কৰিব পাৰে

কেৱল অনুজ্ঞাপত্ৰপ্ৰাপ্ত ব্যক্তিগত সুৰক্ষা সংস্থাসমূহকহে বন্দৰ সুৰক্ষাৰ দায়িত্ব অৰ্পণ কৰিব লাগে, আৰু কেৱল চিআইএছএফৰ দ্বাৰা প্ৰশিক্ষিত ব্যক্তিগত সুৰক্ষা কৰ্মীসকলক নিয়োগ কৰিব লাগে

সকলো মাছ নমোৱা কেন্দ্ৰতে পৰ্যাপ্ত নিৰাপত্তাৰ ব্যৱস্থা নিশ্চিত কৰিব লাগে আৰু এই কেন্দ্ৰসমূহত কেৱল স্থায়ী আৰক্ষী কৰ্মীকহে নিয়োগ কৰিব লাগে

प्रविष्टि तिथि: 10 JUL 2026 7:43PM by PIB Guwahati

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহ আৰু কেন্দ্ৰীয় বন্দৰ, জাহাজ তথা জলপথ দপ্তৰৰ  মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে আজি  ব্যুৰো অৱ প’ৰ্ট ছিকিউৰিটি (BoPS) স্থাপনৰ ক্ষেত্ৰত হোৱা অগ্ৰগতিৰ বিষয়ে পৰ্যালোচনা কৰে। বৈঠকত  কেন্দ্ৰীয় গৃহ সচিব; চোৰাংচোৱা ব্যুৰোৰ সঞ্চালক; সীমান্ত ব্যৱস্থাপনাৰ সচিব; বন্দৰ, জাহাজ আৰু জলপথ দপ্তৰৰ সচিব; মীন বিভাগৰ সচিব; কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনী (চিআইএছএফ)ৰ সঞ্চালক প্ৰধান আৰু অন্যান্য উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে।

শ্ৰী অমিত শ্বাহে কয় যে কেৱল অনুজ্ঞাপত্ৰপ্ৰাপ্ত ব্যক্তিগত নিৰাপত্তা সংস্থাসমূহকহে বন্দৰৰ নিৰাপত্তাৰ দায়িত্ব অৰ্পণ কৰিব লাগে আৰু কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনী (চিআইএছএফ)ৰ পৰা প্ৰশিক্ষণ লোৱা ব্যক্তিগত নিৰাপত্তা কৰ্মীসকলকহে নিয়োগ কৰিব লাগে। তেওঁ  কয় যে বন্দৰ নিৰাপত্তা প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ বাবে নিৰাপত্তাৰক্ষীৰ প্ৰশিক্ষণ প্ৰতিষ্ঠানটোৰ বাবে উপলব্ধ বৰ্তমানৰ আন্তঃগাঁথনি ব্যৱহাৰ কৰি অতি সোনকালে আৰম্ভ কৰিব লাগে।

তেওঁ লগতে নিৰ্দেশ দিয়ে যে ব্যুৰো অৱ প’ৰ্ট ছিকিউৰিটিৰ অধীনত নিয়োজিত হ’বলগীয়া সকলো নিৰাপত্তাৰক্ষীৰ তথ্যৰ সংগ্ৰহৰ ব্যৱস্থা গঢ়ি তুলিব লাগে। তেওঁ লগতে কয় যে  ব্যুৰো অৱ প’ৰ্ট ছিকিউৰিটি  নিৰাপত্তা কাঠামোৰ অধীনত সামৰি লোৱা সকলো বন্দৰতে কণ্টেইনাৰ স্কেনিঙৰ সুবিধা থাকিব লাগে। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে  ব্যুৰো অৱ প’ৰ্ট ছিকিউৰিটিক গতাই দিবলগীয়া   বিশাখাপট্টনম বন্দৰ, জৱাহৰলাল নেহৰু বন্দৰ, মুন্দ্ৰা বন্দৰকে ধৰি দেশৰ প্ৰধান বন্দৰসমূহত প্ৰস্তাৱিত নিৰাপত্তা ব্যৱস্থাৰ  পৰীক্ষামূলক প্ৰয়োগ কৰিবলৈ চিআইএছএফক নিৰ্দেশ দিয়ে ।

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰে দেশৰ উপকূলীয় নিৰাপত্তা অভেদ্য কৰি তোলাৰ বাবে দৃঢ়তাৰে প্ৰতিশ্ৰুতিবদ্ধ। মাৰ্চেণ্ট শ্বিপিং এক্ট, ২০২৫ৰ ১৩ নং ধাৰাত বিধিগত সংস্থা হিচাপে প্ৰতিষ্ঠা কৰা  ব্যুৰো অৱ প’ৰ্ট ছিকিউৰিটিৰ নেতৃত্বত এজন সঞ্চালক প্ৰধান আছে আৰু এই ব্যুৰোই বন্দৰ, জাহাজ তথা জলপথ মন্ত্ৰালয়ৰ অধীনত কাম কৰিব। জাহাজ আৰু বন্দৰৰ সুবিধাসমূহৰ সুৰক্ষাৰ সৈতে জড়িত নিয়ন্ত্ৰণ তথা  পৰিদৰ্শন কাৰ্য্যসমূহৰ বাবে  ব্যুৰো অৱ প’ৰ্ট ছিকিউৰিটি  দায়বদ্ধ হৈ থাকিব। ই চাইবাৰ সুৰক্ষাৰ বিষয়ত  বিশেষ গুৰুত্ব আৰোপ কৰি সুৰক্ষা সম্পৰ্কীয় তথ্যৰ সময়মতে বিশ্লেষণ, সংগ্ৰহ আৰু ভাগ-বাটোৱাৰা কৰাটো নিশ্চিত কৰিব। ডিজিটেল ভাবুকিৰ পৰা আৰম্ভ কৰি বন্দৰৰ আই টি আন্তঃগাঁথনি সুৰক্ষিত কৰাৰ বাবেও ব্যুৰোৰ এটা বিশেষ বিভাগ থাকিব।

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে মীন বিভাগৰ বিষয়াসকলৰ সৈতেও বৈঠকত মিলিত হয় আৰু  মাছ ধৰা বন্দৰ তথা মাছ নমোৱা  কেন্দ্ৰৰ সুৰক্ষা শক্তিশালী কৰাৰ বাবে প্ৰয়োজনীয় নিৰ্দেশনা জাৰি কৰে। তেওঁ নিৰ্দেশ দিয়ে যে ইছৰোৰ দ্বাৰা নিৰ্মিত ‘নভমিত্ৰ’ এপটোৰ বিষয়ে  অধিক ব্যাপকভাৱে প্ৰচাৰ কৰা উচিত,  যাতে বৃহৎ সংখ্যক মাছমৰীয়াই মোবাইল ফোনত ইয়াক ডাউনলোড কৰিব পাৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে  মীন বিভাগৰ বিষয়াসকলক সকলো জিলাৰ জিলা দণ্ডাধীশ (ডি এম) আৰু আৰক্ষী অধীক্ষক (এছ পি)লৈ পত্ৰ লিখি নিজ নিজ জিলাত অৱস্থিত সকলো মাছ নমোৱা কেন্দ্ৰৰ তালিকা কেন্দ্ৰীয় চৰকাৰক দাখিল কৰিবলৈ  নিৰ্দেশ দিবলৈ কয়।  লগতে তেওঁ কয় যে মাছমৰীয়াৰ পঞ্জীয়ন প্ৰক্ৰিয়া সহজ আৰু সুলভ কৰি তুলিব লাগে। শ্ৰী অমিত শ্বাহে লগতে  নিৰ্দেশ দিয়ে যে জিলা আৰক্ষী অধীক্ষকসকলে মাছ নমোৱা কেন্দ্ৰসমূহত পৰ্যাপ্ত সুৰক্ষা ব্যৱস্থা সুনিশ্চিত কৰিব লাগে আৰু এই সুবিধাসমূহত কেৱল স্থায়ীভাবে নিযুক্তি লাভ কৰা আৰক্ষী জোৱানহে নিয়োজিত কৰিব লাগে।

***

RK/PR/PS/DM


(रिलीज़ आईडी: 2283573) आगंतुक पटल : 9
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada