PIB Backgrounder
azadi ka amrit mahotsav

POSHAN ট্ৰেকাৰ

ভাৰতৰ বাস্তৱ-সময়ৰ পুষ্টি নিৰীক্ষণ মঞ্চ

प्रविष्टि तिथि: 08 JUL 2026 3:18PM by PIB Guwahati

POSHAN ট্ৰেকাৰপ্ৰযুক্তি-চালিত পুষ্টি শাসন ব্যৱস্থা সক্ষম কৰা

POSHAN (Prime Minister’s Overarching Scheme for Holistic Nourishment) অভিযান হৈছে ভাৰতৰ মুখ্য ৰাষ্ট্ৰীয় পুষ্টি অভিযান, যি সমন্বয়, প্ৰযুক্তি আৰু সামূহিক জন-সংগঠনৰ জৰিয়তে পুষ্টিৰ ফলাফল উন্নত কৰাৰ ওপৰত কেন্দ্ৰিত। ২০১৮ চনৰ ৮ মাৰ্চত আৰম্ভ কৰা এইটো ভাৰত চৰকাৰৰ মুখ্য বহু-মন্ত্ৰালয়ভিত্তিক অভিযান, যিয়ে সময়-নিৰ্ধাৰিত লক্ষ্য, ডিজিটেল নিৰীক্ষণ আৰু জন আন্দোলন পদ্ধতিৰ সৈতে এক ঐক্যবদ্ধ কাঠামোৰ অধীনত কাম কৰে। মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয় (MoWCD)-ৰ অধীনত পৰিচালিত এই অভিযানে পুষ্টিক এক কল্যাণমূলক বিষয়ৰ পৰা এক ৰাষ্ট্ৰীয় উন্নয়নৰ অগ্ৰাধিকাৰত ৰূপান্তৰিত কৰিছে।

পিছত, ২০২১–২২ বৰ্ষৰ বাজেটৰ অধীনত পুষ্টিৰ সৈতে জড়িত তিনিখন আঁচনি—POSHAN অভিযান, অংগনৱাড়ী সেৱা আৰু কিশোৰী-ছোৱালীৰ বাবে আঁচনি—মিছন POSHAN ২.০ (মিছন সক্ষম অংগনৱাড়ী আৰু POSHAN 2.0)-ৰ অধীনত একত্ৰিত কৰা হয়।

POSHAN ট্ৰেকাৰ হৈছে এক মোবাইল-ভিত্তিক শাসন ব্যৱস্থা এপ্লিকেচন, যিয়ে POSHAN অভিযানৰ ডিজিটেল মেৰুদণ্ড হিচাপে কাম কৰে। ই অভিযানৰ অধীনত ডিজিটেল নিৰীক্ষণ শক্তিশালী কৰাৰ বাবে প্ৰাথমিক শাসন সঁজুলি হিচাপে সেৱা আগবঢ়ায়। ইয়াক ২০২১ চনৰ মাৰ্চ মাহত মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয় (MoWCD) আৰু ৰাষ্ট্ৰীয় ই-শাসন বিভাগ (NeGD)-এ, সক্ষম অংগনৱাড়ী আৰু POSHAN 2.0-ৰ অধীনত মুকলি কৰে। ই এক ঐক্যবদ্ধ ডিজিটেল মঞ্চৰ জৰিয়তে অংগনৱাড়ী সেৱাৰ অধীনত পুষ্টি আৰু সেৱা প্ৰদানৰ প্ৰায় বাস্তৱ-সময়ভিত্তিক নিৰীক্ষণ সক্ষম কৰে।

POSHAN ট্ৰেকাৰ-এ অংগনৱাড়ীৰ আন্তঃগাঁথনি, সেৱা প্ৰদান, হিতাধিকাৰী আৱৰণ আৰু বৃদ্ধি নিৰীক্ষণৰ তথ্য সংগ্ৰহ কৰে। স্মাৰ্টফোন আৰু ইণ্টাৰনেট সংযোগে অংগনৱাড়ী কৰ্মীসকলৰ দ্বাৰা বাধাহীন তথ্য অন্তৰ্ভুক্তি নিশ্চিত কৰে। বাস্তৱ-সময়ৰ ডেশ্বব’ৰ্ডে জিলা, ৰাজ্য আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত স্বচ্ছ আৰু প্ৰমাণ-ভিত্তিক সিদ্ধান্ত গ্ৰহণত সহায় কৰে। POSHAN ট্ৰেকাৰ-এ অংগনৱাড়ী কৰ্মীসকলৰ সহায়ক হিচাপে কাম কৰি আছে আৰু শিশুসকলৰ মাজত খৰ্বাকৃতি, ক্ষীণতা আৰু ওজন-স্বল্পতাৰ প্ৰাদুৰ্ভাৱৰ গতিশীল চিনাক্তকৰণ আৰু পুষ্টি সেৱা প্ৰদানৰ অন্তিম পৰ্যায়লৈ অনুসৰণৰ বাবে ব্যৱহাৰ কৰা হৈছে।

আপুনি জানেনে?

 

ভাৰত চৰকাৰৰ সক্ষম অংগনৱাড়ী আৰু POSHAN 2.0 সমন্বিত কাৰ্যসূচীয়ে অপুষ্টিৰ মোকাবিলা কৰে আৰু স্বাস্থ্য, সুস্থতা আৰু ৰোগ-প্ৰতিৰোধ ক্ষমতা উন্নীত কৰে। পুনৰ্গঠিত এই মিছনে শিশু, গৰ্ভৱতী মহিলা, স্তন্যপান কৰোৱা মাতৃ আৰু কিশোৰী ছোৱালীৰ বাবে পুষ্টি সহায়; প্ৰাৰম্ভিক শৈশৱ যত্ন আৰু শিক্ষা (ECCE) (৩–৬ বছৰ) আৰু (০–৩ বছৰ)-ৰ বাবে প্ৰাৰম্ভিক উদ্দীপনা; লগতে অংগনৱাড়ী কেন্দ্ৰসমূহক সক্ষম অংগনৱাড়ীলৈ উন্নীতকৰণসহ অংগনৱাড়ী আন্তঃগাঁথনি একত্ৰিত কৰে। সক্ষম অংগনৱাড়ী পদক্ষেপটো এলইডি স্ক্ৰীণ, পানী বিশুদ্ধকৰণ যন্ত্ৰ, স্মাৰ্ট শিক্ষণ সঁজুলি আৰু POSHAN ভাতিকা আদি আধুনিক সুবিধাৰে বিদ্যমান অংগনৱাড়ী কেন্দ্ৰসমূহ উন্নীত কৰি সেৱাৰ মানদণ্ড উন্নত কৰাৰ সৈতে জড়িত

POSHAN ট্ৰেকাৰৰ উন্নত বৈশিষ্ট্যসমূহ

POSHAN ট্ৰেকাৰৰ পূৰ্বে অংগনৱাড়ী কৰ্মীসকলে ১১খন হাতে লিখা পঞ্জী সংৰক্ষণ কৰিবলগীয়া হৈছিল। ইয়াৰ ফলত সিদ্ধান্ত গ্ৰহণত পলম হৈছিল আৰু সেৱা প্ৰদানত ব্যৱধানৰ সৃষ্টি হৈছিল। গৃহ পৰিদৰ্শন মূলতঃ ব্যক্তিগত জ্ঞান আৰু অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰশীল আছিল, যাৰ ফলত মূল্যায়নত অসামঞ্জস্যতা দেখা গৈছিল। লগতে, কোনো হিতাধিকাৰী প্ৰমাণীকৰণ ব্যৱস্থা বা ৰাজ্য আৰু কেন্দ্ৰীয় আঁচনিৰ সৈতে সংহতি নাছিল, যাৰ ফলত অপুষ্টি দূৰীকৰণত কাৰ্যক্ষমতা হ্ৰাস পাইছিল।

POSHAN ট্ৰেকাৰ-এ প্ৰযুক্তি-সক্ষম কেইবাটাও বৈশিষ্ট্যৰ জৰিয়তে এই সীমাবদ্ধতাসমূহ দূৰ কৰিছে—

  • আধাৰ-ভিত্তিক প্ৰমাণীকৰণ: অপচয় ৰোধ কৰে, ভুৱা নামভৰ্তি দূৰ কৰে আৰু কেৱল পঞ্জীয়নভুক্ত হিতাধিকাৰীসকললৈহে সুবিধা প্ৰদান নিশ্চিত কৰে।
  • মুখমণ্ডল চিনাক্তকৰণ প্ৰণালী: অন্তিম পৰ্যায়ৰ অনুসৰণ আৰু সেৱা প্ৰদানৰ প্ৰামাণিকতা নিশ্চিত কৰাৰ বাবে সংহত কৰা হৈছে।
  • তথ্য-প্ৰযুক্তি সক্ষম গৃহ পৰিদৰ্শন সূচীকৰণ ব্যৱস্থা: ২৩টা সু-সংগঠিত গৃহ পৰিদৰ্শনক সহায় কৰে, য'ত স্বয়ংক্ৰিয় সূচীকৰণ আৰু বয়স-উপযোগী পৰামৰ্শৰ সংকেত থাকে। ইয়াৰ ভিতৰত গৰ্ভাৱস্থাত ৪টা পৰিদৰ্শন, সন্তান জন্মৰ পিছৰ প্ৰথম মাহত ৪টা, ২ মাহৰ পৰা ১ বছৰলৈ ৭টা, ১–২ বছৰৰ ভিতৰত ৫টা আৰু ২–৩ বছৰৰ ভিতৰত ৩টা পৰিদৰ্শন অন্তৰ্ভুক্ত।
  • প্ৰাৰম্ভিক শৈশৱ যত্ন আৰু শিক্ষা বিষয়বস্তু বিতৰণ: ৩–৬ বছৰ বয়সৰ শিশুৰ বাবে আধাৰশিলাৰ ওপৰত ভিত্তি কৰি ২৪৯টা ভিডিঅ', ১৯০টা কণ্ঠ বাৰ্তা আৰু ১৫৯খন প্ৰাৰম্ভিক শৈশৱ যত্ন আৰু শিক্ষা বিষয়বস্তু কাৰ্যকলাপৰ পি.ডি.এফ. প্ৰদান কৰে।

আপুনি জানেনে?

আধাৰশিলা, ২০২৪ চনৰ মাৰ্চ মাহত আৰম্ভ কৰা হৈছিল, যি ৩–৬ বছৰ বয়সৰ শিশুৰ বাবে প্ৰাৰম্ভিক শৈশৱ যত্ন আৰু শিক্ষা (ECCE)-ৰ ৰাষ্ট্ৰীয় পাঠ্যক্ৰম। অংগনৱাড়ী কেন্দ্ৰসমূহৰ জৰিয়তে ৰূপায়ণ কৰা এই পাঠ্যক্ৰমে খেল-ভিত্তিক শিক্ষণক খেলনা, শিল্প, সংগীত আৰু গল্প কোৱাৰ জৰিয়তে উৎসাহিত কৰে। “আধাৰশিলা”ই শিশুসকলৰ জ্ঞানীয়, সামাজিক, আৱেগিক আৰু শাৰীৰিক বিকাশত সহায় কৰে আৰু তেওঁলোকক প্ৰথম শ্ৰেণীত প্ৰৱেশৰ বাবে প্ৰস্তুত কৰি তোলে

  • POSHAN কেলকুলেটৰ: বিশ্ব স্বাস্থ্য সংস্থাৰ শিশু বৃদ্ধি মানদণ্ড ব্যৱহাৰ কৰি উচ্চতা, ওজন, বয়স আৰু লিংগৰ মূল্যায়ন কৰে আৰু শিশুসকলক খৰ্বাকৃতি, ওজন-স্বল্পতা, ক্ষীণতা, গুৰুতৰ তীব্ৰ অপুষ্টি /মধ্যম তীব্ৰ অপুষ্টি আৰু অতিৰিক্ত ওজন/স্থূলতা শ্ৰেণীত বিভাজিত কৰে, যাতে মানসম্মত আৰু সঠিক বৃদ্ধি নিৰীক্ষণ নিশ্চিত হয়।
  • POSHAN হেল্পলাইন: অভিযোগ পঞ্জীয়নৰ বাবে ১৫১৫ ট'ল-ফ্ৰী নম্বৰ (নৱেম্বৰ ২০২৫ৰ পৰা)।
  • স্মাৰ্টফোন আৰু সংযোগ ব্যৱস্থা: সকলো অংগনৱাড়ী কৰ্মীক স্মাৰ্টফোন প্ৰদান কৰা হৈছে; প্ৰতিজন অংগনৱাড়ী কৰ্মীৰ বাবে বছৰি ২,০০০ টকা ইণ্টাৰনেট সংযোগ ব্যয় প্ৰদান কৰা হয়। প্ৰতিটো অংগনৱাড়ী কেন্দ্ৰত বৃদ্ধি নিৰীক্ষণ সঁজুলি প্ৰদান কৰা হৈছে।

এই উন্নত বৈশিষ্ট্যসমূহে তৃণমূল পৰ্যায়ত পুষ্টি হস্তক্ষেপৰ কাৰ্যক্ষমতা, সামঞ্জস্যতা আৰু সঁহাৰি প্ৰদান ক্ষমতা বৃদ্ধি কৰিছে।

সু-পুষ্ট ভাৰতৰ দিশত অগ্ৰগতিৰ অনুসৰণ

POSHAN ট্ৰেকাৰ পৰ্যায়ক্ৰমে ৰূপায়ণ কৰা হৈছিল, যাৰ আৰম্ভণি পাইলট প্ৰকল্পৰ জৰিয়তে হৈছিল আৰু পিছত সমগ্ৰ দেশলৈ সম্প্ৰসাৰিত কৰা হয়। ক্লাউড আন্তঃগাঁথনি ব্যৱহাৰ কৰি, এই প্লেটফৰ্মে বৃহৎ পৰিমাণৰ তথ্য আৰু একে সময়তে বহু ব্যৱহাৰকাৰীক দক্ষতাৰে পৰিচালনা কৰে, যাৰ ফলত ইয়াৰ সম্প্ৰসাৰণযোগ্যতা নিশ্চিত হয়। উন্নত ডেশ্বব’ৰ্ডসমূহে বাস্তৱ-সময়ৰ দৃশ্যমান তথ্য প্ৰদান কৰে, যাৰ ফলত অংশীদাৰসকলে সময়মতে পুষ্টিৰ ঘাটতি চিনাক্ত কৰি সমাধান কৰিব পাৰে। ৰাজ্যিক পৰ্যায়ৰ সমন্বয়ক আৰু নিয়মীয়া ভাৰ্চুৱেল মত-বিনিময়ৰ সহায়ত “প্ৰশিক্ষকক প্ৰশিক্ষণ” (Train the Trainer) মডেলে ধাৰাবাহিক প্ৰশিক্ষণ নিশ্চিত কৰে। অবিৰত তদাৰক আৰু সময়-নিৰ্ধাৰিত নিৰ্দেশনাই নিয়ম পালন নিশ্চিত কৰে।

  • ২০২৬ চনৰ মে' মাহলৈকে, ভাৰত চৰকাৰে ২৮খন ৰাজ্য আৰু ৮খন কেন্দ্ৰীয় শাসিত অঞ্চলত POSHAN ট্ৰেকাৰৰ ৰাষ্ট্ৰব্যাপী আৱৰণ সফলতাৰে সম্পন্ন কৰিছে।
  • ২০২৬ চনৰ মে' মাহলৈকে, POSHAN ট্ৰেকাৰত ৮.৯৩ কোটিতকৈ অধিক হিতাধিকাৰী পঞ্জীয়নভুক্ত হৈছে। এই প্লেটফৰ্মে জীৱনচক্ৰৰ ছটা হিতাধিকাৰী শ্ৰেণী সামৰি লয়, য'ত প্ৰাৰম্ভিক শৈশৱ আৰু কৈশোৰৰ পৰা গৰ্ভাৱস্থা আৰু মাতৃত্বলৈকে অন্তৰ্ভুক্ত, যিয়ে POSHAN অভিযানৰ বিস্তৃত আৰু অন্তৰ্ভুক্তিমূলক দৃষ্টিভংগীক প্ৰতিফলিত কৰে।

  • POSHAN ট্ৰেকাৰ-এ অংগনৱাড়ী সেৱাৰ অধীনত পৰিপূৰক পুষ্টি কাৰ্যসূচী (Supplementary Nutrition Programme – SNP)-ৰ গতিশীল নিৰীক্ষণ সক্ষম কৰে। ২০২৬ চনৰ মে' মাহৰ তথ্য অনুসৰি, ৫.৫ কোটিতকৈ অধিক হিতাধিকাৰীয়ে কমেও ১৫ দিনৰ বাবে SNP লাভ কৰিছে, আনহাতে ৫.১৭ কোটি হিতাধিকাৰীয়ে কমেও ২১ দিনৰ বাবে SNP লাভ কৰিছে।

আপুনি জানেনে?

মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ে সংহত শিশু উন্নয়ন সেৱা (Integrated Child Development Services – ICDS) আঁচনিৰ অধীনত পৰিপূৰক পুষ্টি কাৰ্যসূচী (SNP) ৰূপায়ণ কৰে, যাতে মহিলা আৰু শিশুৰ পুষ্টিগত অৱস্থা উন্নত হয়। এই কাৰ্যসূচীয়ে ৬ মাহৰ পৰা ৬ বছৰ বয়সৰ শিশু, গৰ্ভৱতী মহিলা, স্তন্যপান কৰোৱা মাতৃ, আৰু ১১–১৪ বছৰ বয়সৰ বিদ্যালয়ৰ বাহিৰত থকা কিশোৰী ছোৱালীসকলক সামৰি লয়।

  • ২০২৬ চনৰ জুলাই মাহলৈকে, POSHAN ট্ৰেকাৰ-এ আধাৰ-প্ৰমাণীকৃত তথ্যৰ জৰিয়তে ৭.৭ কোটিতকৈ অধিক শিশুৰ পুষ্টি সূচকসমূহ অনুসৰণ কৰা এক লাইভ মাহিলী তথ্যভাণ্ডাৰ বজাই ৰাখিছে। এই প্লেটফৰ্মে বাস্তৱ-সময়ৰ ডেশ্বব’ৰ্ড, হিট মেপ আৰু প্ৰমাণ-ভিত্তিক নীতি-নিৰ্ণয় সক্ষম কৰে।
  • এই ট্ৰেকাৰে ২০২৬ চনৰ মে' মাহলৈকে ০–৫ বছৰ বয়সৰ ৬.৩ কোটিতকৈ অধিক শিশুৰ বৃদ্ধি নিৰীক্ষণো সক্ষম কৰিছে, যিয়ে পঞ্জীয়নভুক্ত হিতাধিকাৰীৰ প্ৰায় ৯৪% সামৰি লৈছে। এপ্লিকেচনটোৱে খৰ্বাকৃতি, ওজন-স্বল্পতা, ক্ষীণতা আৰু অতিৰিক্ত ওজন/স্থূলতা সূচকসমূহ অনুসৰণ কৰে।

POSHAN ট্ৰেকাৰডিজিটেল ভাৰতৰ এক সফলতাৰ কাহিনী

POSHAN ট্ৰেকাৰে বৃহৎ পৰিসৰৰ জনসেৱা প্ৰদানৰ বাবে প্ৰযুক্তিৰ সফল ব্যৱহাৰৰ ক্ষেত্ৰত চৰকাৰৰ এক উজ্জ্বল উদাহৰণ দাঙি ধৰিছে। ই কাগজ-ভিত্তিক প্ৰতিবেদন ব্যৱস্থাক বাস্তৱ-সময়ৰ, প্ৰমাণ-ভিত্তিক পুষ্টি শাসন ব্যৱস্থালৈ ৰূপান্তৰিত কৰিছে। এই প্লেটফৰ্মে সময়োপযোগী, তৃণমূল পৰ্যায়ৰ তথ্যৰ জৰিয়তে স্বচ্ছ আৰু জবাবদিহিমূলক সিদ্ধান্ত গ্ৰহণ ব্যৱস্থা শক্তিশালী কৰে। বিশ্ব স্বাস্থ্য সংস্থায়ে ইয়াক এক আদৰ্শ পুষ্টি তথ্য পৰিৱেশতন্ত্ৰ হিচাপে উল্লেখ কৰিছে। UNICEF-এ অংগনৱাড়ী কৰ্মীসকলৰ বাবে ইয়াৰ সৰলতা আৰু হিতাধিকাৰী অনুসৰণ বৈশিষ্ট্যৰ শলাগ লৈছে। ২০২৩ চনত, POSHAN ট্ৰেকাৰক জি-২০ মহিলা সবলীকৰণ মন্ত্ৰী সন্মিলনত উপস্থাপন কৰা হৈছিল। সন্মিলনৰ সভাপতিৰ বিবৃতিত পুষ্টি নিৰীক্ষণ আৰু প্ৰাৰম্ভিক শৈশৱ যত্ন আৰু শিক্ষা প্ৰদানত ইয়াৰ ভূমিকাৰ স্বীকৃতি দিয়া হৈছিল। ২০২৪ চনত, মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ে লোক প্ৰশাসনত উৎকৰ্ষতাৰ বাবে প্ৰধানমন্ত্ৰীৰ বঁটা লাভ কৰে। POSHAN ট্ৰেকাৰে ডিজিটেল ভাৰত দৃষ্টিভংগীৰ অধীনত ভাৰতৰ বৰ্ধিত ডিজিটেল সক্ষমতাৰ প্ৰতিফলন ঘটায় আৰু এক সু-পুষ্ট বিকশিত ভাৰত গঢ়ি তোলাৰ ক্ষেত্ৰত কেন্দ্ৰীয় ভূমিকা পালন কৰি থাকিব।

তথ্যসূত্ৰ:

মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2226343&reg=48&lang=2

https://www.pib.gov.in/Pressreleaseshare.aspx?PRID=1910097&reg=48&lang=2

https://www.pib.gov.in/PressReleaseDetail.aspx?PRID=2251769&reg=1&lang=1

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2241721&reg=3&lang=1

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2266600&reg=3&lang=1

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2182173&reg=48&lang=2

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2123133&reg=48&lang=2

https://www.pib.gov.in/Pressreleaseshare.aspx?PRID=1847548&reg=48&lang=2

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2224434&reg=48&lang=2

Poshan ট্ৰেকাৰ

https://www.poshantracker.in/statistics

ডিজিটেল ইণ্ডিয়া কৰ্পৰেশ্যন

https://www.instagram.com/p/DXdoQS-Dwk6/

ডি ডি নিউজ

https://ddnews.gov.in/en/all-anganwadi-centres-now-on-poshan-tracker-over-10-12-crore-beneficiaries-registered/

pdf চাবলৈ ইয়াত ক্লিক কৰক

***

পিআইবি গৱেষণা


(रिलीज़ आईडी: 2283154) आगंतुक पटल : 6
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Bengali , Punjabi , Gujarati , Tamil