প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
তৃতীয় ভাৰত-অষ্ট্ৰেলিয়া বাৰ্ষিক সন্মিলনত অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
09 JUL 2026 12:29PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৯ জুলাই, ২০২৬ত মেলবৰ্ণত অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এন্থনী আলবানিজৰ আতিথ্যত অনুষ্ঠিত তৃতীয় ভাৰত-অষ্ট্ৰেলিয়া বাৰ্ষিক সন্মিলনত অংশগ্ৰহণ কৰে। গৱৰ্ণমেণ্ট হাউচত উপস্থিত হোৱাৰ পিছত প্ৰধানমন্ত্ৰী মোদীক প্ৰধানমন্ত্ৰী আলবানিজে উষ্ম আদৰণি জনায় আৰু আনুষ্ঠানিকভাৱে আদৰণি জনোৱা হয়।
দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে প্ৰথমে একান্ত আলোচনাত মিলিত হোৱাৰ পিছতে প্ৰতিনিধি পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। তেওঁলোকে ভাৰত-অষ্ট্ৰেলিয়া ব্যাপক কৌশলগত অংশীদাৰিত্বৰ সফল ছবছৰ সম্পূৰ্ণ হোৱাটোক আদৰণি জনায়। দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পৰ্কৰ সকলো দিশতে লাভ কৰা গুৰুত্বপূৰ্ণ প্ৰগতিৰ পৰ্যালোচনা কৰাৰ লগতে বাণিজ্য আৰু বিনিয়োগ, প্ৰতিৰক্ষা আৰু নিৰাপত্তা, গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থ, চাইবাৰ আৰু উদীয়মান প্ৰযুক্তি, মহাকাশ, অসামৰিক পাৰমাণৱিক শক্তি, স্বচ্ছ শক্তি, শিক্ষা আৰু জনসাধাৰণৰ মাজৰ পাৰস্পৰিক সম্পৰ্ককে ধৰি অগ্ৰাধিকাৰমূলক ক্ষেত্ৰসমূহৰ সহযোগিতা অধিক গভীৰ কৰাৰ উপায় সন্দৰ্ভত আলোচনা কৰে।
দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে ক্ৰমবৰ্ধমান অৰ্থনৈতিক অংশীদাৰিত্বৰ কথা উল্লেখ কৰাৰ লগতে এখন অভিলাষী, সন্তুলিত তথা পাৰস্পৰিকভাৱে লাভজনক ব্যাপক অৰ্থনৈতিক সহযোগিতা চুক্তি চমুকৈ চিকা অতি সোনকালে চূড়ান্ত কৰাৰ বাবে নিজৰ প্ৰতিশ্ৰুতি পুনৰবাৰ ব্যক্ত কৰে। তেওঁলোকে অষ্ট্ৰেলিয়া-ভাৰত মুখ্য কাৰ্যবাহী বিষয়াৰ ফ’ৰামৰ ফলাফল আৰু দিনটোৰ আৰম্ভণিতে অনুষ্ঠিত অৰ্থনৈতিক ব্যৱসায়িক ৰোডমেপ অনুষ্ঠানৰ আলোচনাক আদৰণি জনায়। লগতে দুয়োখন দেশৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহক অগ্ৰাধিকাৰ প্ৰাপ্ত খণ্ডসমূহত বিনিয়োগৰ নতুন সুযোগসমূহ অন্বেষণ কৰিবলৈ উৎসাহিত কৰে। তেওঁলোকে দুয়োখন দেশৰ মাজত শিক্ষা খণ্ডৰ সহযোগিতাৰ ক্ৰমাগত সম্প্ৰসাৰণৰ ওপৰতো আলোকপাত কৰে। এনে প্ৰেক্ষাপটত, ভাৰতত অষ্ট্ৰেলিয়াৰ বিশ্ববিদ্যালয়সমূহৰ ক্ৰমবৰ্ধমান উপস্থিতি আৰু ভৱিষ্যতৰ বাবে সষ্টম কৰ্মবাহিনী গঢ়ি তোলা, উদ্ভাৱনক উদগনি দিয়া তথা জনসাধাৰণৰ মাজৰ সম্পৰ্ক শক্তিশালী কৰাৰ দিশত শৈক্ষিক অংশীদাৰিত্বৰ অৱদানক তেওঁলোকে সন্তোষেৰে উল্লেখ কৰে।
নেতাদ্বয়ে অষ্ট্ৰেলিয়াত থকা প্ৰবাসী ভাৰতীয়সকলক অষ্ট্ৰেলিয়াৰ আৰ্থসামাজিক দিশলৈ আগবঢ়োৱা উল্লেখনীয় অৱদান আৰু দুয়োখন দেশৰ মাজত এক জীৱন্ত সেতু হিচাপে কাম কৰাৰ বাবে প্ৰশংসা কৰে। তেওঁলোকে ক্ৰমবৰ্ধমান সাংস্কৃতিক আদান-প্ৰদানৰ কথাও উল্লেখ কৰে, যিয়ে পাৰস্পৰিক বুজাবুজি অধিক গভীৰ কৰি তুলিছে। ইয়াৰ লগতে অষ্ট্ৰেলিয়াৰ বিভিন্ন প্ৰতিষ্ঠানত থকা কেইবাটাও সাংস্কৃতিক শিল্পাকৃতি স্বেচ্ছামূলকভাৱে ভাৰতলৈ ঘূৰাই দিয়াৰ সিদ্ধান্তক আদৰণি জনায়। তামিলনাডুৰ মূলৰ এই শিল্পাকৃতিসমূহৰ ভিতৰত আছে পৱিত্ৰ নন্দীৰ এটা শিলৰ ভাস্কৰ্য, ভদ্ৰকালীৰ ছবি থকা ধাতুৰ ত্ৰিশূল আৰু শিলৰ এটা ছয়মূখীয়া কাৰ্তিকৰ মূৰ্তি। এইসমূহ যথাসময়ত ভাৰতলৈ ঘূৰাই অনা হ’ব।
দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে বহুমুখী ভাৰত-অষ্ট্ৰেলিয়া ব্যাপক কৌশলগত অংশীদাৰিত্বক অধিক গভীৰ কৰাৰ বাবে নিজৰ প্ৰতিশ্ৰুতি পুনৰবাৰ ব্যক্ত কৰে। তেওঁলোকে আঞ্চলিক তথা গোলকীয় পৰিস্থিতিৰ ওপৰতো মতামত বিনিময় কৰে আৰু এখন মুক্ত, মুকলি তথা সমৃদ্ধিশালী ইণ্ডো-পেচিফিক অঞ্চলৰ বাবে নিজৰ প্ৰতিশ্ৰুতি দোঁহাৰে।
ভ্ৰমণকালত দুয়োপক্ষই সামুদ্ৰিক নিৰাপত্তা, অসামৰিক পাৰমাণৱিক শক্তি, দক্ষতা বিকাশ, উদীয়মান প্ৰযুক্তি, বিজ্ঞান আৰু প্ৰযুক্তি আৰু চলচ্চিত্ৰ নিৰ্মাণৰ ক্ষেত্ৰত বুজাবুজিৰ চুক্তি তথা চুক্তিসমূহ চূড়ান্ত কৰে। তদুপৰি তেওঁলোকে প্ৰতিৰক্ষা আৰু নিৰাপত্তা, শক্তি নিৰাপত্তা, শিক্ষা, সাংস্কৃতিক সম্পত্তিৰ প্ৰত্যাৱৰ্তন, সৌৰ শক্তি আৰু পৰম্পৰাগত জ্ঞানৰ ক্ষেত্ৰতো দ্বিপাক্ষিক নথিপত্ৰসমূহ সম্পন্ন কৰে।
প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁক আৰু তেওঁৰ প্ৰতিনিধি দলক জনোৱা উষ্ম আতিথ্যৰ বাবে প্ৰধানমন্ত্ৰী আলবানিজক ধন্যবাদ জ্ঞাপন কৰে।
***
MJPS/SS/ST/DB
(रिलीज़ आईडी: 2283107)
आगंतुक पटल : 9
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Kannada
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam