ভাৰতীয় নিৰ্বাচন আয়োগ
ভাৰতীয় নিৰ্বাচন আয়োগৰ উদ্যোগত মিডিয়া আৰু যোগাযোগ বিষয়াসকলৰ বাবে তৃতীয়খন এদিনীয়া সন্মিলন অনুষ্ঠিত
प्रविष्टि तिथि:
08 JUL 2026 7:08PM by PIB Guwahati
১. ভাৰতীয় নিৰ্বাচন আয়োগে মিডিয়া আৰু যোগাযোগ বিষয়াসকলৰ বাবে তৃতীয়খন এদিনীয়া সন্মিলনৰ আয়োজন কৰে। ইয়াত অংশগ্ৰহণকাৰী ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ বিভিন্ন জিলাৰ মিডিয়া নোডেল বিষয়া, ছচিয়েল মিডিয়া নোডেল বিষয়া আৰু ৰাজ্যিক জনসংযোগ বিভাগৰ জ্যেষ্ঠ বিষয়াসকল একত্ৰিত হয়।
২. এই সন্মিলনত ১০ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰায় ২০০ গৰাকী মিডিয়া আৰু যোগাযোগ বিষয়া উপস্থিত থাকে, যাৰ ভিতৰত মিডিয়া নোডেল বিষয়া আৰু ছচিয়েল মিডিয়া নোডেল বিষয়াৰ লগতে জিলা মিডিয়া নোডেল বিষয়া/জিলা জনসংযোগ বিষয়া আৰু সংশ্লিষ্ট ৰাজ্যিক জনসংযোগ বিভাগৰ জ্যেষ্ঠ বিষয়াসকল অন্তৰ্ভুক্ত আছিল।
৩. সন্মিলনৰ সময়ত মুখ্য নিৰ্বাচন আয়ুক্ত শ্ৰী জ্ঞানেশ কুমাৰ আৰু নিৰ্বাচন আয়ুক্ত ড° বিবেক যোশীয়ে অংশগ্ৰহণকাৰীসকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰে।
৪. মুখ্য নিৰ্বাচন আয়ুক্ত শ্ৰী জ্ঞানেশ কুমাৰে গুৰুত্ব আৰোপ কৰি কয় যে আয়োগৰ প্ৰতিটো পদক্ষেপ ভাৰতৰ সংবিধান, নিৰ্বাচনী আইন আৰু সময়ৰ সৈতে স্বচ্ছতাৰে জাৰি কৰা লিখিত নিৰ্দেশনাৱলীৰ ওপৰত প্ৰতিষ্ঠিত। ছচিয়েল মিডিয়াত প্ৰচাৰিত উৰাবাতৰি বা ভুৱা খবৰৰ সন্দৰ্ভত বিষয়াসকলক সতৰ্ক কৰি দি মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে কয় যে বিপথগামী তথ্যৰ বিস্তাৰ ৰোধ কৰিবলৈ বিষয়াসকলে সক্ৰিয়ভাৱে কাম কৰিব লাগিব। তেওঁ লগতে কয় যে শেহতীয়া বিধানসভা নিৰ্বাচনসমূহত হোৱা অভিলেখ সংখ্যক ভোটদানৰ হাৰেই হৈছে দেশৰ নিৰ্বাচনী ব্যৱস্থাৰ প্ৰতি ভাৰতীয় ভোটাৰৰ থকা আস্থাৰ প্ৰমাণ।
৫. অংশগ্ৰহণকাৰীসকলক সম্বোধন কৰি নিৰ্বাচন আয়ুক্ত ড° বিবেক যোশীয়ে কয় যে বৰ্তমানৰ ডিজিটেল বিশ্বত প্ৰতিষ্ঠানসমূহৰ প্ৰতি আস্থা হ্ৰাস কৰাৰ উদ্দেশ্যেৰে কিছুমান স্বাৰ্থান্বেষী মহলে এআই (AI), ডিপফেক, বিপথগামী কৰিব পৰা কৃত্ৰিম সমল, আনকি দুষ্টতাপূৰ্ণ সমলো বিয়পাই দিয়ে। ড° যোশীয়ে মিডিয়া আৰু যোগাযোগ বিষয়াসকলক আয়োগৰ নিয়ম, নিৰ্দেশনা আৰু নীতি-নিৰ্দেশনাৰ আধাৰত এনে প্ৰচেষ্টাৰ প্ৰতিহত কৰিবলৈ আহ্বান জনায়।
৬. নিৰ্বাচনী চক্ৰৰ সময়ছোৱাত— ভোটাৰ তালিকা প্ৰস্তুত কৰাৰ পৰা ভোটদান প্ৰক্ৰিয়ালৈকে যোগাযোগ ৰণনীতি, ইচিনেট (ECINET), গুৰুত্বপূৰ্ণ সাংবিধানিক ব্যৱস্থা আৰু মিডিয়া সম্পৰ্কীয় বিষয়ৰ সৈতে জৰিত আইনসমূহৰ এক বিস্তৃত পৰ্যালোচনাৰে সন্মিলনৰ শুভাৰম্ভ কৰা হয়।
৭. প্ৰেছ নোট প্ৰস্তুত কৰা আৰু মিডিয়া তথা ছচিয়েল মিডিয়াৰ জৰিয়তে সেইবোৰ ব্যাপকভাৱে প্ৰচাৰ কৰা, ভুৱা তথ্য আৰু উৰাবাতৰিৰ মোকাবিলা কৰা, নিৰ্বাচনী সাক্ষৰতা ক্লাবৰ জৰিয়তে যুৱ ভোটাৰসকলক সংযোগ কৰা আৰু নিৰ্বাচন আয়োগৰ পদক্ষেপসমূহ জনসাধাৰণৰ ওচৰলৈ লৈ যোৱাৰ পৰিকল্পনা সম্পৰ্কে কিছুমান ব্যৱহাৰিক অধিৱেশনৰো আয়োজন কৰা হয়।
৮. কাৰ্যসূচীৰ অংশ হিচাপে অংশগ্ৰহণকাৰীসকলক গোটত বিভক্ত কৰি ভোটাৰ তালিকা প্ৰস্তুতকৰণ, ভোটদান প্ৰক্ৰিয়া আৰু ভোটগণনা প্ৰক্ৰিয়াৰ এক প্ৰদৰ্শনী দেখুওৱা হয়, যাৰ পিছত প্ৰদৰ্শনী আৰু মিডিয়া কৰ্নাৰটো পৰিদৰ্শন কৰোৱা হয়।
৯. এই অধিৱেশনসমূহৰ অন্তত অংশগ্ৰহণকাৰী আৰু আয়োগৰ মাজত এটা প্ৰশ্নোত্তৰ শিতানো অনুষ্ঠিত হয়।
*****
PK/GDH/RP/RD
(रिलीज़ आईडी: 2282903)
आगंतुक पटल : 8