PIB Backgrounder
azadi ka amrit mahotsav

কৃষি যান্ত্ৰিকীকৰণ উপ-অভিযান (SMAM)

কৃষি যান্ত্ৰিকীকৰণৰ জৰিয়তে উৎপাদনশীলতা বৃদ্ধি

प्रविष्टि तिथि: 09 JUL 2026 11:28AM by PIB Guwahati

 

কৃষি যান্ত্ৰিকীকৰণ উপ-অভিযান (Sub-Mission on Agricultural Mechanization- SMAM)-এ সমগ্ৰ দেশজুৰি লক্ষ্যভিত্তিক যান্ত্ৰিকীকৰণ সহায়তাৰ জৰিয়তে ক্ষুদ্ৰ কৃষক, মহিলা আৰু বঞ্চিত গোটসমূহৰ বাবে কৃষি যান্ত্ৰিকীকৰণৰ সুবিধালৈ অধিক প্ৰৱেশাধিকাৰ সম্প্ৰসাৰিত কৰিছে। কৃষি যন্ত্ৰপাতি আৰু প্ৰযুক্তিৰ সুবিধালৈ আঞ্চলিক বৈষম্য দূৰ কৰাৰ লক্ষ্যৰে সেৱাৰ আওতাৰ বাহিৰত থকা ৰাজ্যসমূহ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। এই উপ-অভিযান আৰম্ভ হোৱাৰ পিছৰে পৰা সমগ্ৰ ভাৰতৰ ব্যক্তিগত কৃষকসকলক ২১.৬১ লাখ কৃষি যন্ত্ৰ বিতৰণৰ বাবে ৯,৪০৪.৪৭ কোটি টকা সমৰ্থন আগবঢ়োৱা হৈছে। ৫২.৫ কোটি টকাৰ আৰ্থিক সহায়ত ৪০,৯১৮ হেক্টৰ এলেকা সামৰি ৪০,৯২৮টা ড্ৰ'ন প্ৰদৰ্শনী অনুষ্ঠিত কৰা হৈছে, যাৰ জৰিয়তে সমগ্ৰ দেশজুৰি নিখুঁত কৃষি গ্ৰহণৰ প্ৰচাৰ কৰা হৈছে।

কৃষি যান্ত্ৰিকীকৰণৰ জৰিয়তে কৃষিখণ্ড শক্তিশালীকৰণ

কৃষি যান্ত্ৰিকীকৰণে ভাৰতত কৃষি উৎপাদনশীলতা বৃদ্ধিত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ইয়াৰ অন্তৰ্গত হৈছে শস্য উৎপাদনৰ সমগ্ৰ চক্ৰজুৰি কৃষিকাৰ্যৰ বাবে যন্ত্ৰ, সঁজুলি আৰু আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ। এই কাৰ্যসমূহৰ ভিতৰত কৃষিভূমিৰ প্ৰস্তুতি, বীজ সিঁচা, জলসিঞ্চন, উদ্ভিদ সুৰক্ষা, শস্য চপোৱা আৰু শস্য চপোৱাৰ পিছৰ ব্যৱস্থাপনা অন্তৰ্ভুক্ত। হাতৰ শ্ৰম আৰু পশুধনৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰি যান্ত্ৰিকীকৰণে সময়মতে আৰু দক্ষতাৰে কৃষিকাৰ্য সম্পাদন কৰাত সহায় কৰে। ইয়াৰ ফলত উৎপাদন ব্যয় হ্ৰাস পায় আৰু কৃষি পদ্ধতিৰ গুণগত মান উন্নত হয়।

ভাৰতত কৃষি যান্ত্ৰিকীকৰণক উৎসাহিত কৰাৰ উদ্দেশ্যে ২০১৪–১৫ বৰ্ষত কৃষি যান্ত্ৰিকীকৰণ উপ-অভিযান (SMAM) আৰম্ভ কৰা হয়। ই ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা (Rashtriya Krishi Vikas Yojana- RKVY)-ৰ অধীনস্থ এক কেন্দ্ৰীয় পৃষ্ঠপোষকতাপ্ৰাপ্ত আঁচনি। SMAM-ৰ উদ্দেশ্য হৈছে “অপ্ৰাপ্তসকলৰ ওচৰলৈ যোৱা” (Reach the Unreached), অৰ্থাৎ যিসকল এতিয়াও কৃষি যান্ত্ৰিকীকৰণৰ সুবিধাৰ পৰা বঞ্চিত, তেওঁলোকলৈ ইয়াৰ লাভালাভ সম্প্ৰসাৰিত কৰা। ইয়াৰ অন্তৰ্গত ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষক, মহিলা, অনুসূচিত জাতি (SC), অনুসূচিত জনজাতি (ST), কৃষক উৎপাদক সংস্থা (FPO), আত্মসহায়ক গোট (SHG) আৰু গ্ৰাম্য উদ্যোগীসকল অন্তৰ্ভুক্ত।

এই আঁচনিখনে কাষ্টম হায়াৰিং কেন্দ্ৰ (Custom Hiring Centres- CHCs) স্থাপনক উৎসাহিত কৰে। এই কেন্দ্ৰসমূহত কৃষকসকলে ভাড়াত ব্যৱহাৰ কৰিব পৰাকৈ কৃষি যন্ত্ৰপাতি, কৃষি সঁজুলি আৰু অন্যান্য উপকৰণৰ এক সমষ্টি উপলব্ধ থাকে। ইয়াৰ উপৰিও, উচ্চ প্ৰযুক্তি আৰু উচ্চ-মূল্যৰ কৃষি সঁজুলিৰ কেন্দ্ৰ (Hi-tech and High-value Agricultural Equipment Hubs) গঢ়ি তোলা আৰু কৃষি যন্ত্ৰপাতি বিতৰণৰো সহায়তা আগবঢ়োৱা হয়। প্ৰদৰ্শনী আৰু সক্ষমতা বিকাশমূলক কাৰ্যসূচীৰ জৰিয়তে সজাগতা বৃদ্ধিৰ ব্যৱস্থাও কৰা হয়। কৃষি শক্তিৰ উপলব্ধতা কম থকা অঞ্চলসমূহত আৰু সৰু ভূমিখণ্ড আৰু অধিক মূলধনী ব্যয়ৰ দৰে গাঁথনিগত সমস্যাসমূহ কাষ্টম হায়াৰিং কেন্দ্ৰৰ জৰিয়তে সুলভ ভাড়াত সেৱা প্ৰদান কৰি সমাধানৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। ইয়াৰ উপৰিও, SMAM-এ কৃষি যন্ত্ৰপাতিৰ কাৰ্যক্ষমতা পৰীক্ষণ আৰু প্ৰমাণীকৰণৰ ব্যৱস্থাক সমৰ্থন আগবঢ়ায়। অংশীদাৰসকলৰ মাজত গ্ৰহণযোগ্যতা বৃদ্ধি কৰাৰ উদ্দেশ্যে লক্ষ্যভিত্তিক তথ্য, শিক্ষা আৰু যোগাযোগ (Information, Education and Communication- IEC) সম্পৰ্কীয় কাৰ্যসূচীও ৰূপায়ণ কৰা হয়।

ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা (RKVY)

ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা (Rashtriya Krishi Vikas Yojana- RKVY) ২০০৭ চনত আৰম্ভ কৰা হৈছিল। ই এক মুখ্য আঁচনি, যিয়ে ৰাজ্যসমূহক কৃষি আৰু সংশ্লিষ্ট খণ্ডসমূহত ৰাজহুৱা বিনিয়োগ বৃদ্ধি কৰিবলৈ উৎসাহিত কৰে। এই আঁচনিয়ে ৰাজ্যসমূহক স্থানীয় প্ৰয়োজন অনুসৰি প্ৰকল্প প্ৰস্তুত আৰু ৰূপায়ণ কৰাৰ ক্ষেত্ৰত নমনীয়তা আৰু স্বায়ত্তশাসন প্ৰদান কৰে। এই আঁচনিসমূহৰ অন্তৰ্গত শস্য উৎপাদন, আন্তঃগাঁথনি উন্নয়ন, যান্ত্ৰিকীকৰণ আৰু মূল্য সংযোজনকে ধৰি বিস্তৃত পৰিসৰৰ হস্তক্ষেপ অন্তৰ্ভুক্ত। ২০১৭-১৮ বৰ্ষত এই আঁচনিখন RKVY-RAFTAR (Remunerative Approaches for Agriculture and Allied Sector Rejuvenation) হিচাপে পুনৰ্গঠন কৰা হয়, য'ত শস্য চপোৱাৰ পূৰ্বৰ আৰু পিছৰ আন্তঃগাঁথনি অধিক শক্তিশালী কৰাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়।

কৃষি উৎপাদনশীলতা বৃদ্ধিৰ বাবে SMAM-ৰ কৌশলগত স্তম্ভসমূহ

কৃষি যান্ত্ৰিকীকৰণ উপ-অভিযান (SMAM) আধুনিক কৃষি সঁজুলিলৈ সহজ প্ৰৱেশাধিকাৰ বৃদ্ধি, শাৰীৰিক কষ্ট হ্ৰাস আৰু কৃষি উৎপাদনশীলতা উন্নত কৰাৰ জৰিয়তে অন্তৰ্ভুক্তিমূলক আৰু দক্ষ কৃষি যান্ত্ৰিকীকৰণক উৎসাহিত কৰাৰ উদ্দেশ্যে প্ৰস্তুত কৰা হৈছে।

  • প্ৰশিক্ষণ, পৰীক্ষণ, প্ৰদৰ্শন আৰু শস্য চপোৱাৰ পিছৰ যান্ত্ৰিকীকৰণৰ জৰিয়তে কৃষি যান্ত্ৰিকীকৰণৰ প্ৰচাৰ: আধুনিক কৃষি প্ৰযুক্তিলৈ প্ৰৱেশাধিকাৰ উন্নত কৰি কৃষি উৎপাদনশীলতা আৰু কাৰ্যদক্ষতা বৃদ্ধি কৰে। ইয়াৰ উপৰিও কৃষি যান্ত্ৰিকীকৰণক উৎসাহিত কৰি প্ৰক্ৰিয়াকৰণ, সংৰক্ষণ, মূল্য সংযোজন আৰু শস্যৰ অৱশিষ্ট ব্যৱস্থাপনাৰ বাবে শস্য চপোৱাৰ পিছৰ আন্তঃগাঁথনি শক্তিশালী কৰে।
  • কৃষি যন্ত্ৰপাতি আৰু সঁজুলি ক্ৰয়ৰ বাবে আৰ্থিক সহায়: প্ৰত্যক্ষ লাভ হস্তান্তৰ (Direct Benefit Transfer- DBT) ব্যৱস্থাৰ জৰিয়তে ব্যক্তিগতভাৱে কৃষি যন্ত্ৰপাতি ক্ৰয়ৰ বাবে ৰাজসাহাৰ্য প্ৰদান কৰা হয়। সাধাৰণ হিতাধিকাৰীৰ বাবে যন্ত্ৰৰ মূল্যৰ ৪০ শতাংশ আৰু অনুসূচিত জাতি/অনুসূচিত জনজাতি কৃষক, ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষক, লগতে উত্তৰ-পূৰ্বাঞ্চলীয় ৰাজ্যসমূহৰ হিতাধিকাৰীৰ বাবে ৫০ শতাংশ ৰাজসাহায্য প্ৰদান কৰা হয়। ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষকসকলে কাষ্টম হায়াৰিং কেন্দ্ৰ (CHCs), আত্মসহায়ক গোট (SHGs) আৰু কৃষক উৎপাদক সংস্থা (FPOs)-সমূহৰ জৰিয়তে ড্ৰ'নকে ধৰি যান্ত্ৰীকৃত কৃষি সেৱাৰ বাবে প্ৰতি হেক্টৰত ২,০০০ টকা লাভ কৰে।
  • কাষ্টম হায়াৰিংৰ বাবে কৃষি যন্ত্ৰপাতি বেংক (Farm Machinery Banks- FMBs) স্থাপন: আত্মসহায়ক গোট (SHGs), কৃষক উৎপাদক সংস্থা (FPOs) আৰু স্থানীয় প্ৰতিষ্ঠানসমূহক কৃষি যন্ত্ৰপাতি ক্ৰয়ৰ বাবে ৮০–৯০ শতাংশ আৰ্থিক সহায় প্ৰদান কৰি কৃষি যান্ত্ৰিকীকৰণ শক্তিশালী কৰা হয়। কাষ্টম হায়াৰিং কেন্দ্ৰ (CHCs) স্থাপনৰ বাবে সৰ্বাধিক ২৫০ লাখ টকা ব্যয়ৰ প্ৰকল্পত ৪০ শতাংশ আৰ্থিক সহায় উপলব্ধ, আনহাতে কৃষি যন্ত্ৰপাতি বেংক (FMBs)-ক সৰ্বাধিক ৩০ লাখ টকা ব্যয়ৰ প্ৰকল্পৰ বাবে ৮০ শতাংশ সহায়তা প্ৰদান কৰা হয়।
  • উচ্চ প্ৰযুক্তি আৰু উচ্চ উৎপাদনশীলতাসম্পন্ন সঁজুলি কেন্দ্ৰ (Hi-Tech and High-Productivity Equipment Hubs) স্থাপন: শস্যভিত্তিক কাৰ্যসমূহ অধিক দক্ষতাৰে সম্পাদন আৰু উচ্চ-মূল্যৰ সঁজুলিলৈ সহজ প্ৰৱেশাধিকাৰ নিশ্চিত কৰাৰ উদ্দেশ্যে উন্নত আৰু অধিক ক্ষমতাসম্পন্ন যন্ত্ৰপাতিৰে সজ্জিত কেন্দ্ৰ স্থাপন কৰা হয়।
  • উত্তৰ-পূৰ্বাঞ্চলত কৃষি যান্ত্ৰিকীকৰণৰ প্ৰচাৰ: উত্তৰ-পূৰ্বাঞ্চলীয় ৰাজ্যসমূহত অঞ্চলভিত্তিক বিশেষ পদক্ষেপৰ জৰিয়তে অধিক সহায়তা আগবঢ়োৱা হয়। ইয়াৰ অন্তৰ্গত ক্ষুদ্ৰ কৃষি যন্ত্ৰপাতিৰ বাবে ১০০ শতাংশ পৰ্যন্ত ৰাজসাহায্য আৰু কৃষি যন্ত্ৰপাতি বেংকৰ বাবে ৯৫ শতাংশ আৰ্থিক সহায় প্ৰদান অন্তৰ্ভুক্ত।

কৃষি যান্ত্ৰিকীকৰণক শক্তিশালী কৰা: SMAM-ৰ আৰ্থিক ভেটি

কৃষি যান্ত্ৰিকীকৰণ উপ-অভিযান (SMAM)-ৰ অধীনত ২০১৪–১৫ৰ পৰা ২০২৫–২৬ সময়ছোৱাত ৯,৪০৪.৪৭ কোটি টকাৰ কেন্দ্ৰীয় সহায়ত ব্যক্তিগত কৃষকসকলৰ মাজত ২১.৬১ লাখ কৃষি যন্ত্ৰ বিতৰণত সহায় কৰা হৈছে। ইয়াৰ উপৰিও ২৭,৫৫৪টা কাষ্টম হায়াৰিং কেন্দ্ৰ (Custom Hiring Centres), ৬৪৬টা উচ্চ প্ৰযুক্তিসম্পন্ন কেন্দ্ৰ (Hi-tech Hubs) আৰু ২৫,৬০৮টা কৃষি যন্ত্ৰপাতি বেংক (Farm Machinery Banks) স্থাপনত সমৰ্থন আগবঢ়োৱা হৈছে। SMAM-ৰ অধীনত ব্যক্তিগতভাৱে কৃষি যন্ত্ৰপাতিৰ মালিকানা লাভ কৰা হিতাধিকাৰীৰ সংখ্যা ২০২০–২১ বৰ্ষৰ ২.০৭ লাখৰ পৰা ২০২৪–২৫ বৰ্ষত ২.৩২ লাখলৈ বৃদ্ধি পাইছে, যিয়ে আঁচনিখনৰ আওতা সামগ্ৰিকভাৱে সম্প্ৰসাৰিত হোৱাৰ প্ৰতিফলন ঘটায়।

এই আঁচনিখন কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত ব্যয় ভাগ-বতৰা ব্যৱস্থাৰ ভিত্তিত ৰূপায়ণ কৰা হয়। অধিকাংশ ৰাজ্যৰ ক্ষেত্ৰত পুঁজি ভাগ-বতৰা ৬০:৪০, আনহাতে উত্তৰ-পূৰ্বাঞ্চলীয় আৰু হিমালয় অঞ্চলৰ ৰাজ্যসমূহৰ বাবে ৯০:১০। কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ ক্ষেত্ৰত ১০০ শতাংশ কেন্দ্ৰীয় পুঁজিৰ জৰিয়তে সহায়তা প্ৰদান কৰা হয়। এই ভিন্নধৰণৰ পুঁজিৰ গাঁথনিয়ে বিভিন্ন আঞ্চলিক পৰিস্থিতিত কৃষি যান্ত্ৰিকীকৰণৰ অধিক বিস্তৃত গ্ৰহণযোগ্যতা নিশ্চিত কৰাত সহায় কৰে।

উদ্ভাৱনক বাস্তৱায়িতকৰণ: SMAM-এ কেনেদৰে ড্ৰ'নভিত্তিক কৃষিকাৰ্যৰ বিস্তাৰ ঘটাইছে

কৃষি যান্ত্ৰিকীকৰণ উপ-অভিযান (SMAM)-এ কৃষিকাৰ্য উন্নত কৰাৰ লক্ষ্যৰে ড্ৰ'নৰ ব্যৱহাৰক উৎসাহিত কৰে। আঁচনিখনৰ অধীনত ৫২.৫০ কোটি টকাৰ আৰ্থিক সহায়ত ভাৰতীয় কৃষি গৱেষণা পৰিষদ (Indian Council of Agricultural Research- ICAR)-এ সমগ্ৰ দেশজুৰি বৃহৎ পৰিসৰত ক্ষেত্ৰ প্ৰদৰ্শনৰ জৰিয়তে ড্ৰ'ন গ্ৰহণযোগ্যতা বৃদ্ধি কৰিছে।

২০২৩–২৪ৰ পৰা ২০২৫–২৬ সময়ছোৱাত ICAR-এ ৰাজ্যিক কৃষি বিশ্ববিদ্যালয়সমূহ আৰু কৃষি বিজ্ঞান কেন্দ্ৰ (Krishi Vigyan Kendras- KVKs)-ৰ সহযোগত ৪০,৯১৮ হেক্টৰ এলেকা সামৰি ৪০,৯২৮টা কিষাণ ড্ৰ'ন প্ৰদৰ্শনী অনুষ্ঠিত কৰে। এই প্ৰদৰ্শনীসমূহত নিৰ্ধাৰিত মানক কাৰ্যপদ্ধতিৰ সৈতে সামঞ্জস্য ৰাখি পুষ্টি উপাদান, সাৰ আৰু কৃষি-ৰাসায়নিক পদাৰ্থ প্ৰয়োগৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল।

ড্ৰ'নৰ ব্যাপক গ্ৰহণযোগ্যতা নিশ্চিত কৰাৰ উদ্দেশ্যে কৃষি যান্ত্ৰিকীকৰণ উপ-অভিযান (SMAM)-এ ড্ৰ'ন ক্ৰয় আৰু প্ৰদৰ্শনৰ বাবে আৰ্থিক সহায় প্ৰদান কৰে। ভাৰতীয় কৃষি গৱেষণা পৰিষদ (ICAR)-ৰ প্ৰতিষ্ঠানসমূহ, কৃষি বিজ্ঞান কেন্দ্ৰ (KVKs) আৰু ৰাজ্যিক কৃষি বিশ্ববিদ্যালয়সমূহৰ দৰে যোগ্য প্ৰতিষ্ঠানসমূহে এই কাৰ্যসমূহৰ বাবে প্ৰতি ড্ৰ'নত সৰ্বাধিক ১০ লাখ টকা পৰ্যন্ত ১০০ শতাংশ আৰ্থিক সহায় লাভ কৰে। কৃষক উৎপাদক সংস্থাসমূহে ৭৫ শতাংশ পৰ্যন্ত অনুদান লাভ কৰাৰ যোগ্য। ইয়াৰ উপৰিও, সেৱা-ভিত্তিক আৰ্হিৰ জৰিয়তে ড্ৰ'ন ব্যৱহাৰ কৰা সংস্থাসমূহক প্ৰতি হেক্টৰত ৬,০০০ টকা পৰ্যন্ত আনুষংগিক ব্যয় বাবদ সহায়তা প্ৰদান কৰা হয়।

ইয়াৰ লগতে, কৃষি যান্ত্ৰিকীকৰণ উপ-অভিযান (SMAM)-এ অন্তৰ্ভুক্তিকৰণৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি মুঠ পুঁজিৰ ৩০ শতাংশ মহিলা কৃষকসকলৰ বাবে সংৰক্ষিত ৰাখিছে। এই ব্যৱস্থাৰ লক্ষ্য হৈছে কৃষি যন্ত্ৰপাতিলৈ তেওঁলোকৰ প্ৰৱেশাধিকাৰ বৃদ্ধি কৰা আৰু যান্ত্ৰীকৃত কৃষি ব্যৱস্থাত তেওঁলোকৰ অধিক অংশগ্ৰহণ নিশ্চিত কৰা।

ব্যৱধান দূৰ কৰিবিকাশ ত্বৰান্বিত কৰা: SMAM- প্ৰভাৱ

কৃষি যান্ত্ৰিকীকৰণ উপ-অভিযান (SMAM) কৃষি উৎপাদনশীলতা, কাৰ্যদক্ষতা আৰু অন্তৰ্ভুক্তিকৰণ শক্তিশালী কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ হস্তক্ষেপ হিচাপে আত্মপ্ৰকাশ কৰিছে। ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষক, মহিলা, অনুসূচিত জাতি, অনুসূচিত জনজাতি সম্প্ৰদায় আৰু সেৱাৰ আওতাৰ বাহিৰত থকা অঞ্চলসমূহৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি এই আঁচনিখনে ৰাজসাহায্য, কাষ্টম হায়াৰিং কেন্দ্ৰ, কৃষি যন্ত্ৰপাতি বেংক আৰু লক্ষ্যভিত্তিক আঞ্চলিক সহায়তাৰ জৰিয়তে কৃষি যান্ত্ৰিকীকৰণৰ ক্ষেত্ৰত থকা গুৰুত্বপূৰ্ণ ব্যৱধানসমূহ দূৰ কৰাত সহায় কৰিছে।

প্ৰশিক্ষণ, প্ৰদৰ্শন, শস্য চপোৱাৰ পিছৰ ব্যৱস্থাপনা আৰু ড্ৰ'নৰ দৰে উদীয়মান প্ৰযুক্তিৰ ওপৰত ইয়াৰ গুৰুত্বে কৃষিখণ্ড আধুনিকীকৰণৰ ক্ষেত্ৰত এক দূৰদৰ্শী দৃষ্টিভংগীৰ প্ৰতিফলন ঘটায়। প্ৰতিষ্ঠানগত আন্তঃগাঁথনি সৃষ্টি কৰাৰ জৰিয়তে SMAM-এ শাৰীৰিক শ্ৰমৰ কষ্ট হ্ৰাস, সময়মতে কৃষিকাৰ্য সম্পাদন আৰু কৃষি উৎপাদনশীলতা বৃদ্ধিত উল্লেখযোগ্য অৱদান আগবঢ়াইছে।

তথ্যসূত্ৰসমূহঃ

কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়

https://agriportal.cg.nic.in/agridept/CentralScheme/2.3%20smam%20gl.pdf

https://farmech.dac.gov.in/Content/New_Folder/Revised_SMAM_Guidelines_%282025%29_With_Covering.pdf

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2146927&reg=3&lang=2

https://agriwelfare.gov.in/sites/default/files/rkvy_inro.pdf
https://farmech.dac.gov.in/Content/New_Folder/Revised_SMAM_Guidelines_%282025%29_With_Covering.pdf

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2225993&reg=3&lang=1

https://sansad.in/getFile/loksabhaquestions/annex/184/AU1307_PlCuP7.pdf?source=pqals

https://sansad.in/getFile/loksabhaquestions/annex/187/AU2869_rYAp4R.pdf?source=pqals

https://sansad.in/getFile/loksabhaquestions/annex/184/AU4030_u5gVDd.pdf?source=pqals

https://sansad.in/getFile/loksabhaquestions/annex/187/AU2910_hr4mIN.pdf?source=pqals

https://sansad.in/getFile/annex/270/AU1621_FVTLGW.pdf?source=pqars
বিত্ত মন্ত্ৰালয়

https://www.indiabudget.gov.in/economicsurvey/doc/echapter.pdf

গ্ৰামোন্নয়ন মন্ত্ৰালয়

https://sansad.in/getFile/loksabhaquestions/annex/186/AU2540_lhHekv.pdf?source=pqals
পিআইবি বেকগ্ৰাউণ্ডাৰ

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2248987&reg=3&lang=2

pdf চাবলৈ ক্লিক কৰক

***

পিআইবি গৱেষণা


(रिलीज़ आईडी: 2282836) आगंतुक पटल : 10
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Bengali , Bengali-TR , Gujarati , Tamil